Wednesday, February 7, 2018

ফটা পদ্য

#ফটা-পদ্য
————-
লগালো আপেল লাগিল লাও খালো মাছৰ ভাজি
বিচাৰিলো চাৰ্জাৰ, পালো চাবিপাত, লাগিল ফুৰ্তি আজি৷
পুৱাল ৰাতি, গালো বৰগীত, বাজিল পিছে ফটাঢোল
ঘৰৰ সোপাই যোগ-নখাসনত মৌজ, লাগিল হুলস্থূল৷
গুঠিলো মোজা, ওলাল টুপী, পিন্ধিলো একাণ ঢাকি
আহিল বিহু, আহিল নহা আলহী, পিন্ধাই দিলো টুপী ৷
আছে মধুমেহ, কলেজীয়াকালৰ, নামেই আছিল চেনী
চাহৰ কাপত ধৰে লাগি চামুচ তলতযে ডাঠকৈ চেনী৷
বগালো কলেজ, কৰিলো চাকৰি, থাকিলো বৰলা হৈ
কৰালো গহনা, আনিলো পাটেসাঁজ, কাকেনো পিন্ধাম ঐ!
লোকে ঘূৰে গাড়ীত এফালে ঘৈণী, এপাল পিলিপালা লৈ
মিতিৰ খাই আহিলো গাড়ী ৰখাই কয় ফিচিঙাফিচিং কৈ৷
বৰলাৰ বিয়া চিৰিয়েল চোৱা মাই ঘনাই ঘনাই কয়
ককাঁল পৰিলে মাৰৰ ঐ জধলা দেখিছনে নাই তই৷
সাতপাঁচ গুণি পেপাৰত এদিন দি দিলো এজাহাৰ
কোন চেনীমাই নিমখীয়ামাই আছ কৰহি বৰলাক উদ্ধাৰ৷
(আগলৈ)
#নী.ম. ২/৫/১৮

No comments:

Post a Comment