Tuesday, May 14, 2013

এনাজৰী - চুটি গল্প

এনাজৰী - চুটি গল্প (ৰচনা কাল - ২০১০)
============
আবেলি হ'ল৷ কালিৰ ভাতখিনিৰ পৰা পঁইতাভাত তৈয়াৰ কৰিছিলে মিনতিয়ে৷ খুচৰি খুচৰি 'ৰবাৰ পৰা শুকান খৰিছা অকনমানো উলিয়ালে৷ তাতে মিঠাতেল এটোপা, নিমখ এজেবা, কেঁচা জলকীয়া এটা দি গৰম পানীৰ গিলাচটোৰ সৈতে কাঁহীখন আগবঢ়াই তাই অকনক মাতিলে৷ "অকন! আহিছনে?"

"কচোন আজি ইচকুলত কি কি কৰিলি?"
"কিনো সদায় একেসোপা কথাকে সুধি থাক৷ আজি গৰৈ মাছৰ পোৰা নাই নেকি?"
"থাকিলে নো নিদিওঁনে? এদিন মাছ নেখালে একো নহয় দে৷ ৰেবতীৰ ৰিজাল্ট টো শুনি বৰ ভাল লাগিছে বুইছনে৷ নাহৰ গুটি  পুৰি চাকি জলাই পঢ়ি ইচতেন কৰিছে৷ মাছ খাবলে পোৱাটো তাইৰ দূৰৰে কথা, অংক পৰীক্ষাৰ অগদিনা বোলে ঘৰত চাউলেই নাছিল, লঘোণীয়া পেটেৰে পৰীক্ষা দিছে৷ আৰু তাৰ পিছত তাই বোলে অসমৰ ভিতৰতে অংকত হায়েচ পাইছে৷ এইবোৰহে আচল সন্তান!"
"'বদে৷ ময়ো পাম নহয় অহাবাৰ৷ তোক কি কি বিষয়ত হায়েষ্ট লাগিব পৰীক্ষাৰ আগদিনা কৈ দিবি৷"
মিনতিৰ খঙো উঠে কেতিয়াবা, 'ৰাটোৰ কিযে হ'ব! দিনে এঘণ্টাও যদি ভালদৰে পঢ়িলেহেঁতেন, তেতিয়াও আছিল আশা অলপ৷ কিন্তু নাই, স্কুলতে যি পঢ়ে আৰু৷ তাইৰ আকৌ পঢ়াত সৰুৰে পৰাই ৰাপ আছিল৷ সপ্তমমানলৈকে পঢ়িছিলেও৷ সদায় তাই শ্ৰেণীত প্ৰথম হৈছিল৷ এই ভোগেশ্বৰে তাইক বিহুমেলাৰ পৰা পলুৱাই ননাহেঁতেন চাগে কলেজলৈ বাপেকে পঠালেহেঁতেন৷ যিহে সি সুৰ লগাই জোকাই জোকাই বাঁহী আৰু পেঁপা বজাইছিল, তাই বিহুকুঁৱৰী প্ৰতিযোগিতালৈ আহি বিহু ননচাকৈ তাৰ লগত গুছিয়ে আহিল৷ এতিয়া সেই ভোগেশ্বৰে বাঁহী-পেঁপা বজোৱাটো দূৰৰ কথা, তাৰ বুকুৰ কামিহাড় কেইৱালো ইডালে সিডালে লাগি বাজি উঠে বুলি ভয়হে কৰে৷ কাহ এটাও হৈছে দুমাহমানৰ পৰা তাৰ, কিন্তু বাঁহী-পেঁপা বজোৱাৰ হেপাঁহ এটা তাৰ আগতে নথকা নহয়৷ এসময়ত সকলোৱে সি অসমৰ ভিতৰতে বিখ্যাত বাঁহীবাদক হ'বগৈ বুলি কোৱাকুৱি কৰিছিল৷ এতিয়া অকনেও বৰ ভাল বাঁহী বজায়৷ বাপেকৰ গুণ পূৰা পাইছে৷ কিন্তু তাই তাক বাঁহী বজোৱা শুনিলেই গালি দিয়ে৷ নিদিবনো কিয়? বাঁহী বজাই আমাৰ অসমত কেইটাই খাইছে? ভোগেশ্বৰকে নেচাওঁ কিয়? তাই মনে মনে ভাৱে আৰু নিজে নিজে বকি থাকে৷ আৰুনো কিডাল কৰিব বেচেৰীয়ে!
সেইকাৰণে তাইৰ অকনক বাপেকৰ দৰে দিনহাজিৰা কৰি খোৱা লোক হ'বলৈ দিবলৈ বৰ এটা মন নাই৷ একো বেয়া কথা নহয় হাজিৰা কৰি খোৱাটো, কিন্তু এই বোলে অসম বন্ধ, এই বোলে দিনটো লঘোণ - যাৰ ঘৰত কাম কৰে কেতিয়াবা পানী এগিলাচো নেযাচে পাই৷ এদিন খাবলে পায় এদিন নেপায়৷ ভৱিষ্যত বুলিবলৈ একো এটা হাতত নাই৷ দুপইচা হাতত নেথাকিলে বেমাৰ আজাৰ দেখুওৱা বা কিবা এটা লাগ বুলিলে লোৱাৰো মুদা মৰিল৷ সেয়ে তাই সপোন দেখে অকনক তাই ডাক্টৰ বনাব..অৱশ্যে কেতিয়াবাতে ভাবিছিলহে, এতিয়া গতি-গোত্ৰ দেখি ওচৰৰ স্কুলতে নহ'লে কিবাকে চৰকাৰী চাকৰি এটাকে যোগাৰ কৰিব পাৰিলেই হ'ব বুলিহে ভাবিছে৷ বাওনা হৈ জোনলৈ হাত মেলিব নেপায় নহয় আকৌ!
"ঐ ক'ত যাৱ আকৌ? অলপ কিতাপকে পঢ়চোন আহ৷ পৰহিলৈৰ পৰা ছমহীয়া পৰীক্ষা নাই জানো?" এই ল'ৰাটো গ'লেই নহয় আকৌ ওলাই৷ এক তিল ঘৰত মন নাই তাৰ৷ দুদিনমানৰ পৰা তাই দেখিছে সি নদীৰ সিপাৰলৈ বৰকৈ অহাযোৱা কৰিবলৈ ধৰিছে৷ ক'ত গৈছ বুলি সুধিলে বিশেষ একো নকয়৷ কোনোবাই কোৱাকুৱি কৰিছিলে চাপৰিৰ ফালে বোলে কিছুমান ল'ৰাই তাত বেয়া বস্তু খায় আৰু তাচ খেলে৷ সি সেইবোৰৰ লগ লোৱা নাইতো?? মনটো তাইৰ ভাৰাক্ৰান্ত হৈ উঠিল৷ আজি এটা কাম কৰা যাওক৷ মনে মনে তাৰ পিছে পিছে যোৱাৰ ধাণ্ডা কৰিলে তাই৷ সি পিছলৈ চোৱাই নাই, গতিকে তাইৰ অসুবিধা নহ'ল৷ ৰহ, আজি ওৰহীৰ ওৰ উলিয়াইহে এৰিম বাপ্পেকে! তাকে ভাবি চাদৰখন কঁকালত টানকৈ খুচি তাৰ পিছে পিছে খোজ ল'লে তাই৷
অকন নদীৰ সিপাৰ পায়গৈ মানে তাত আৰু দুটামান ল'ৰা ৰৈ আছিল৷ সেয়া ৰবীন, বিমান আৰু সেইটো কনক নহয়নে বাৰু??ৰবীনে টাউনত থাকে আৰু ভাল গান গায় বুলি তাৰ নাম আছে, পঢ়া-শুনাত হে অলপ 'চেটেপ' টাইপৰ৷ সি হেনো আজিকালি ৰেডিঅ'তো কিবাকিবি প্ৰগ্ৰাম কৰে মাজে মাজে৷ হে হৰি! তাকতো তাই ভাল ল'ৰা বুলিয়েই জানিছিল৷ বিমানৰ হাতত কিবা কাগজ আৰু বহী নে কি জানো সেইখন৷ হাঁয় হাঁয়!! এইটো ল'ৰাও গ'ল দেহি ঐ...কাগজ-বহীবোৰ চাগৈ সেই বেয়া বস্তুবোৰ বান্ধিবলৈ৷ তাইৰ বুকুখন ধান বনাদি বানিবলৈ লাগিল৷ কনকে বেগ এটাৰ পৰা কিবাকিবি উলিয়াইছে৷ তাই ধৰিব নোৱাৰিলে কি সেয়া৷ এডাল মাৰি নে কি বাৰু সেইটো উলিয়াইছে সি? হয়তো মাৰপিট আৰম্ভ কৰিব ঔ এইকেইটাই এতিয়া ইহঁতে! ইমান ভাল ভাল বুলি চেলাই থাকোতে ল'ৰাৰ আচল ৰূপ এয়া ওলাইহে পৰিল আজি! পিছে কাৰ হাতত পৰিল সিহঁতে নেজানে - তাই আৰু চাই থাকিব নোৱাৰিলে৷ আগপিছ নুগুণি "ঐ বোপাইহঁত তহঁতি এইবোৰ কি খেলাখন কৰিছহঁক ঔ" বুলি সিহঁতৰ পিনে চোঁচা ল'লে৷ বেচেৰাহঁতে হঠাতে কি হ'ল ধৰিবই নোৱাৰিলে৷কনকেতো হাতৰ গোটেইবোৰ বস্তু তাতে পেলাই পলাবলৈকে খুজিছিল৷ তেনেকুৱাতে অকনে বুজি পালে - অ'! তাৰ মাকহে দেখোন৷ "মা? ক'ৰপৰা ওলালিহি তই?" "কনকদা, ৰ'বাচোন এয়া মোৰ মা'হে৷" বুলি সি পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰিলে৷ "পেহী কি হ'ল কি হ'ল" বুলি ৰবীনেও আচৰিত হৈ মিনতিৰ ফালে চাই থৰ লাগিল৷ 
"ৰ'বাহে ৰবীন, তোমাকযে কিমান ভাল ল'ৰা বুলি ভাবিছিলো, কিন্তু এই ফুকলীয়া ল'ৰা কেইটাৰ মূৰ খাইছা কেলেই হোঁ? মোৰ আগ পিছ বুলিবলৈ এই অকনেই৷ তুমি যি কৰা কৰা, কিন্তু তাৰ মূৰটো নেখাবা কৈ দিছো মই!" মিনতিৰ ফোঁপনি উঠিছে, তাইৰ এনেকুৱা লাগিল যেন এই কেইটাক দুথাপৰমান দি অকনক চোঁচৰাই ঘৰলৈ লৈহে যাব৷ কিন্তু লোকৰ ল'ৰা, হ'ল বুলিনো হঠাতে থাপৰটো পটকৈ দিয়ে কেনেকৈ! হ'লেও ভাল ল'ৰা বুলি নাম আছে বাবেই বাপেক-মাকে এনেদৰে এৰি দিব নেলাগিছিল দেই! 
"মা মা ৰচোন ৰ তই৷ আমি একো বেয়া কাম কৰা নাই৷ আৰু ৰবীনদাক তই তেনেকৈ নক'বি কৈ দিছো৷"
"তেনেহ'লে তহঁতে ইয়াত কি জ্যোতিসংগীত - ৰাভাসংগীত গাবলৈ আহিছ নেকি? মই কম পঢ়া মানুহ বুলিয়েই একো নুবুজো আৰু গম নেপাওঁ বুলি নেভাবিবি৷ আগতে পঢ়া-শুনা কৰি ভালকে পাছ কৰ তাৰ পিছত যি কৰ কৰি থাকিবি, বিৰি খাৱ, গেলা খাৱ নে হাতী-ঘোঁৰাৰ লাদ খাৱ খাই থাকিবি৷"
"এইজনী মনে মনে থাকচোন৷ সেইকাৰণে তোক একো ক'বলে মন নেযায়৷ খালি সব কথা বেয়াকৈয়ে ভাবি লৱ তই৷"
"বোপাই তই বেয়া কাম নকৰিবি, মাৰে কাৰ মুখলে' চাই জীয়াই থাকিব ক'চোন৷ আজিৰ পৰা শপত খা একো বেয়া বস্তু নেখাওঁ বুলি..." মূৰত চপৰিয়াই চপৰিয়াই হুকহুকাই কান্দিয়েই পেলালে তাই৷
"পেহী আপুনি চিন্তা নকৰিব, অকন বৰ ভাল ল'ৰা৷" ৰবীন আগবাঢ়ি আহিল৷ "আমি ইয়াত গোটেইবোৰ গোট খাইছিলো ৰেডিঅ'ত জ্যোতিদিৱস উপলক্ষে প্ৰচাৰ হ'বলগীয়া এটা দীঘলীয়া অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিবলৈহে৷ অকনে খুব ভাল বাঁহী বজায় আৰু তাৰ মাতটোৱো খুব ভাল৷ তাৰ আগ্ৰহো আছে ভাল বাঁহীবাদক হিচাবে প্ৰতিষ্ঠা হোৱাৰ৷ আমি ইতিমধ্যে পাঁচটামান গান আৰু বিহুগীতৰ কাৰণে তাৰ লগত সকলো ঠিক কৰি পেলাইছো৷ এতিয়া সি ৰেডিঅ' চেণ্টাৰলৈ এদিন ৰেকৰ্ডিঙৰ কাৰণে আমাৰ লগত গ'লেই হ'ল৷ কিন্তু সি বৰ ভয় খাই আছিল আপুনি নিদিব বুলি৷ সেইকাৰণে ইমানদিনে কোৱা নাছিল আপোনাক একোকে৷ আমাৰো ভুল হৈছিল আপোনাক নজনোৱাকৈ অকনক আমাৰ লগত লোৱাৰ বাবে৷ আচলতে আপুনি গম পাব বুলিয়ে আমি ইয়াতে লগ হোৱা কৰিছিলো আৰু জ্যোতিসংগীতৰ আখৰা কৰিছিলো মনে মনে৷ বেয়া নাপাব পেহী আৰু অকনক আমাৰ লগত কাম কৰিবলৈ দিয়ে যেন৷ বৰ আশা কৰি আছো আমিকেইটাই৷ তাৰ নিচিনা গুণী ল'ৰা পাবলৈকে টান৷" একে উশাহতে কথাকেইটা কৈ ৰবীনে বৰ আশাৰে মিনতিৰ মুখৰ পিনে চালে৷ এই যেন সি তাইৰ ভৰিত ঢলিহে পৰিব এতিয়াই!
মিনতিয়ে ঠৰঙা লাগি অথনি মাৰি বুলি ভবা দীঘল বাঁহীটোলৈ ৰ লাগি চাই থাকিল...৷ তাইৰ জীৱনটোৰে সৈতে এক সুদৃঢ় এনাজৰী গঢ়ি তোলাৰ আত্মগৌৰৱত যেন সি উজলি উঠিছে৷৷৷

0000000

No comments:

Post a Comment