বাৰংবাৰতা
আজি দুহেজাৰ বাৰ চনৰ বাৰ মাহৰ বাৰ তাৰিখে মানে এই বুধবাৰে বাৰ বাজি বাৰ
মিনিটত আমাৰ বাৰমুখীয়া গাৱঁৰ ‘বাৰেবঙলুৱা বাঁৰী’ বুলি সকলোৱে হঁহা বাৰুৱতী
আৰু বাৰুকিয়াল বাইদেউ দুগৰাকীয়ে হঠাতে বাৰজন বৰকৈ দুখীয়া লোকক মাতি নিজৰ
বাৰীৰ পৰা তোলা বাৰবিধ শাকেৰে সৈতে ৰন্ধা বাৰখন আঞ্জাসহ বাৰুকৈ বৰভোজ এসাজ
খুওৱাৰ লগতে বাৰেভচহু ৰূপ ধৰি বাৰেবিংকৰা ফুচুৰি কথাখন কৈ কৈ হহুঁৱাই
হহুঁৱাই বাৰমহীয়া সুস্বাদু মধুৰিৰ বাৰটা টোপোলা বান্ধি গাইপতি দি পঠালত
তেওঁলোকক ৰাইজে এইবাৰহে এইবাৰ বুলি বাৰে বাৰে শলাগিলে আৰু বাৰ/বাৰ/বাৰ
তাৰিখটি বাৰে বাৰে নহয় যদিও এনে ঘটনা বাৰে বাৰে হওঁক বুলি দোহাৰিলে৷
- ১২/১২/২০১২
No comments:
Post a Comment