Wednesday, August 13, 2014

চুটি কবিতা



নিতৌ হাজাৰ কবিয়ে কবিতা ৰচিছিল
আলোচনী-কিতাপত প্ৰকাশো পাইছিল
হয়তো প্ৰথম দুশাৰীও কোনোৱে নপঢ়িছিল
তথাপি কবিয়ে অবিৰাম লিখি গৈছিল৷

তেনেতে এদিন এটি কবিতাই হাঁহিছিল
চাহ খাই খাই কবিয়ে পাঠকলৈ চাইছিল
খন্তেক ৰৈ পাঠকে চাহ আৰু কবিতাৰ জুতিও লৈছিল
বিভোৰ পাঠকে চাহত চেনি কম বুলি গমেই নেপাইছিল৷