Wednesday, February 7, 2018

ফটা যোজনা

ফটা যোজনা--
অচিন কাঠৰ থোৰা নলগাবা: 
ইয়াত বুজোৱা হৈছে প্ৰাচীন কালত অচিন্ত কাকতি বুলি এজন বৰ  শান্তশিষ্ট জীৱ আছিল৷ জন্মৰ পৰাই শান্তস্বভাৱৰ কাৰণে তেখেতৰ মাতৃ দৰাচলতে বৰ চিন্তাত পৰিছিল কাৰণ ল’ৰাবোৰ সাধাৰণতে দুষ্ট হয় বুলি সুবাদ আছে৷ অচিন বেটাক ফটাঢোল এটা কিনি দিয়াৰ লগতে জিএমচিত এজন চিকিৎসকে দীঘে বাণীয়ে কচুৰ থুৰি খুৱাবলৈ উপদেশ দিয়ে৷ ফলত অচিনৰ মাকে কচুৰ থোৰা বিচাৰি হাবি বননি চলাথ কৰিছিল৷ অলপ ডাঙৰ হৈ অচিনে বাপেক মাকৰ কচু থোৰা বিচৰা কষ্ট উপলব্ধি কৰি নিজেই কচুৰ খেতি কৰি ব্যবসায়ৰ মন মেলে৷ অৱশ্যে আচল কচু চিনি নাপাই প্ৰথমে বাঁহ কাঠ জেওঁৰাখুটি ইত্যাদি যি পায় তাকেই আনি ৰুবলৈ ধৰা দেখি বাপেকে সোঁৱৰাই দিব লগাত পৰে, ”অচিন, কাঠৰ থোৰা নলগাবা”৷ তাৰ পাছতো বাৰে বাৰে একেটা ভুলকে কৰাত গাঁৱৰ সকলোৱে অচিনক দেখিলেই কোৱা হ’ল ”অচিন কাঠৰ থোৰা নলগাবা” ৷ মুখ বাগৰি এই আপ্তবাক্যষাৰিয়ে পাছলৈ অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যায় বুলি ফটাশাস্ত্ৰত লিখা আছে৷ আৰু সেই কাকতিয়ে নাম সলাই হেকা বুলি পিছলৈ জনাজাত হয়৷ 
(প্ৰকৃত অৰ্থ:-)
ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।

No comments:

Post a Comment