Thursday, January 6, 2022

কনটিলৌ - অলপমান লিমাৰিকৰ চেষ্টা

৯/২১/২১


কনটিলৌ

=====

(১)

কনটিলৌ বৰ চোকা ল’ৰা,

বহুত শিকিব পাৰি তাৰপৰা,

ৰুইছে আপেল,

ঘটিবই নোবেল,

পোছাকী নাম তাৰ নিউটন বৰা৷


(২)

গাঁৱৰে বদন তাৰ বন্ধু ভাল,

চলায়ো একেখন দৰঙী জাল,

পুৱাতে দিহিং নৈ,

কোবতে পাৰ হৈ,

মাছৰ বেপাৰতো নাই আহুকাল৷


(৩)

বদনৰ বাৰীত এজুপি নাৰিকল,

লমালমে ভৰি আছে য’ত ফল,

তললৈ যোৱা মানা,

পিন্ধি হেলমেট বিনা,

আপেলতকৈ বেছি নাৰিকলৰ বল!!


(৪)

এদিন কনটিলৌ হঠাতে হেৰাল

বদনে লগালে চৌদিশ তালফাল

নাৰিকলৰ তলত

নিউটনৰ শপত

অপদাৰ্থবিজ্ঞানে পেলাইছিলেই জাল৷ 


(৫)

আপেল পৰিলত আহিল মাধ্যাকৰ্ষণ সূত্ৰ,

কনটিলৌয়ে বোলে সি গবেষণাৰ ছাত্ৰ,

কনটিলৌৰ যুক্তি,

নাৰিকলৰ শক্তি,

এইবাৰ আহিব জকাইচুকত নোবেলৰ পত্ৰ৷


(আগলৈ চাগলৈ নাই এনেই মাজে মাজে কিবা কিবি লিখি থাকিব লাগে৷ তেতিয়া আখৰ ভাল হয় বুলি কয় মানুহে৷ তথাপি কনটিলৌয়ে মূৰত নাৰিকল পেলাই নোবেল পালেগৈ নাই জানিবলৈ হ’লে আমি ৰ’ব লাগিব কেইদিনমান৷ ধন্যবাদ)

Hornbrook bookleaf

 Christmas at Hornbrook!2021!!

=== 12/27/21. By Nilanjona Mahanta ====

 a few hours of scenic drive, what time we arrived here? 

It seemed a refreshing morning, and my clock said, call the day, its afternoon!

The music started everywhere as the river relentlessly performing.

I felt like a succulent, pure and nourishing.

Breathing, closing my eyes.

Blue herons waving up high,

Ever mesmerized are those mountain tops,

Lullabies in the air with snow blankets still on.

Peace and peace! Anything I would pay for this!

Addicted souls do not get to use electronics!

A peaceful hike to mountain with only blue, green, and white treats. 

Sunkissed cliffs, swaying river with endless songs;

Heaven opens up as I look over the meadows.

A snowy hill-pillow of love to cuddle, some natural moments to cherish.

What a contrast from the far across my hometown.

Magnetic memories encoded would bring me here again.

It was a wonderful Christmas in Hornbrook this year. 





২০২২ - স্বাগতম (কবিতা)

 


২০২২ - স্বাগতম! 

==========

© নীলাঞ্জনা মহন্ত, ১২/৩১/২০২১

........

কোন নতুনকোন পুৰণা?

বছৰটো হেনো নতুনআৰু আমি পুৰণা হৈ গৈ আছোঁ

হেৰুৱাব বিচাৰোঁ মেদবোৰ

কিন্তু হেৰাই যায় স্মৃতি,

আৰু আত্মীয়আত্মীয়তাবোৰ৷ 

সাঁচিব বিচাৰোঁ সময়

কিন্তু আহে দুঃসময়৷

আশাত বন্দী নতুন পুৱালৈ,

কেলেণ্ডাৰৰ লগতে কিজানি আহেই?

পেনপেনীয়া বৰষুণ এৰিব,

দালিত জিৰাবৰ বৰ মন!

নতুন আশাদিগন্তত পাখি মেলে৷

আইনাত নাচাওঁ মুখচিনি নাপাওঁ তাইক

তাইৰ মনটোক চিনিবলৈ আইনা নালাগে৷

আকাশৰ নীলাতে জিলিকে প্ৰতিবিম্ব৷