চেনেহীৰ বিহু:
অ’ অ’ চেনাই
ভাগৰ লাগিছে বিহু মাৰি
ৰাতি টোপনি
খতি গোটেই ৰাতি পিঠা পুৰি
গামোচাও
বৈছিলো বিহুৱানে দিমে বুলি
পেটত একো পৰা
নাই মৰিল কেচুঁ কুমটি৷
পথাৰলৈ যদি যোৱা আনিবা মাছে-পুঠি
বাৰীত আছে লাই, আৰু ছিঙিবা ধনীয়ামুঠি
বিহু আহিছে বুলি আজি ভালদৰে এমুঠি
উৰুকা বুলি পিছত এনেও খামেই দকচি৷
গৰু বিহুৰ কাৰণে আনিলানে চেনাই মাখিয়তি
গোহালিৰ এচুকত আনি থবা দীঘলতি
লাও-বেঙেনা বোৰ ধুই পখালি দিবা কাটি
ঘূৰি আহি পাকঘৰত পাবা জলপান এবাতি৷
কপৌফুলো আনিবা, জেতুকাও পিচিবা
সযতনে আহি হাতত আলফুলে গুজি দিবা
বজাৰলে গ’লে ৰঙা ফোঁট দুটামান আনিবা
বিহু নাচিবৰ পৰত মৰম কৰি লগাই দিবা৷
চেনাইৰ বিহু:
বাৰীৰে ঐ লেৰেলা আনি থৈছো কেৰেলা
তাকেনো খাই চেনেহী তোৰ পেটেনো হ’ল গেৰেলা
পিঠাৰ কথা শুনিছোহে, খাবলেচোন পোৱা নাই
তিল-নাৰিকল আনিছিলো, লাড়ু বনোৱাও দেখা নাই৷
ইমানকৈনো কেৰেলা নেখাবি ঐ গেৰেলী
পথাৰৰ মাছো আছে গৰৈ আৰু ভেচেলী
বোকাপানী খচকি আনি থৈছো ভালক বুলি
বুজিলে বুজিলি নাইবুজা যদিও
নুবুজিলি (যা:)৷
কপৌফুল ঐ নানিলো গছত আছে আমৰলি
মেটেকাৰ ফুল আনিছো খোপাত গুজিমে বুলি
হাততে জেতুকাৰ বোল চেনেহী তই বিয়াকুল
বিহু বুলি জোকাইছোহে কেলেই কৰ হুলস্থূল৷
তাতঁৰ পাতত বহি মাকো মাৰ ঘনাই ঘনাই
চকু হ’লে আলিবাটত মন নকৰাকৈ থকা নাই
গামোচাৰ ফুলে বাচি চকু বেয়া নকৰিবি
মুগা ৰিহা আনি থৈছো বিহু বুলি পিন্ধিবি৷
No comments:
Post a Comment