- জুন কা ফুল
মানুহ মাত্ৰেই সকলোৱে নিশ্চয়কৈ সৌন্দৰ্যক প্ৰশংসা কৰে৷ লাগিলে সেই সৌন্দৰ্য এপাহ ফুলৰে হওক, এজনী ধুনীয়া ছোৱালীয়ে হওক, এটি আটোমটোকাৰি ঘৰেই হওক বা এটি পখিলা বা এযোৰ পাটৰ কাপোৰেই হওক৷ বহুতেই যেনেদৰে ঐশ্বৰ্য ৰয়ৰ চকুকেইটা ধুনীয়াদেখে তেনেকৈ আন বহুতে এইচিৰ নতুনকৈ অহা ফাৰ্স্ট চেমিস্টাৰৰ কথা কয়৷ টেন্ডুলকাৰৰ বেটিঙ দেখি জপৰা চুলি সাময়িকভাবে ভাললগা হোৱাৰ দৰে মাজতে জুনিয়ৰ ল’ৰা এজন দেখি লগৰ কিজনীক এদিন কিহে পালে জানো কৈছিলো ঐ চা চা ইমান সৰুফুটীয়া ধুনীয়া ল’ৰাজন, যেন এপাহ ফুলহে! ল’ৰাটো ক্ৰিকেট খেলুৱৈ কেন ৰাডাৰফৰ্ডৰ দৰে ৰঙা বগা আছিল৷ হ’লেই নহয় আৰু য’তেই ল’ৰাটো লগৰবোৰে (ইলেক্ট্ৰিকেল) দেখে ঐ জুন কা ফুল আহিছে চা চা বুলি মোক খবৰ দিবই আৰু৷ ভাবিলে হাঁহি উঠে কথাবোৰ এতিয়া, সেইযে সৰু সৰু কথাতে উচ্ছলতাৰে ভৰা ছাত্ৰীজীৱনটো...আৰু ঘূৰি নাহে যে কেতিয়াও৷
No comments:
Post a Comment