Friday, July 31, 2020

চুটিগল্পঃ অপদাৰ্থ পদাৰ্থ আৰু অলপ পাৰ্থিব অপাৰ্থিব

August 2020 ফটাঢোল আলোচনীত প্ৰকাশিত মোৰ চুটিগল্পটিঃ

https://fotadhol.com/অপদাৰ্থ-পদাৰ্থ-আৰু-অলপ-পা/

~~চুটি গল্প~~
“অপদাৰ্থ পদাৰ্থ আৰু অলপ পাৰ্থিব অপাৰ্থিব“
-----©নীলাঞ্জনা মহন্ত.....ৰচনাঃজুলাই ৩০, ২০২০....
Visit my blog: nila-blue.blogspot.com 
=====
“আহিলে আপুনি?“
“হয়, ক’ত আছে তেখেত?“ 
একো নকৈ জ্যেষ্ঠ চিকিৎসকজনে তেওঁক অনুসৰণ কৰিবলৈ ইংগিত দিলে৷
দৰবৰ গোন্ধ, ৰোগীৰ চেঁপা কেঁকনি গেঙনি পাৰ হৈ দীঘল হলঘৰটোৰে আহি এইবাৰ কেঁচুৱাৰ কান্দোন শুনা ইউনিট এটাৰ মাজেদি তেওঁলোক পাৰ হৈ গ’ল৷ ৰেদিঅলজি পাৰ হৈ এইবাৰ এলিভেটৰেদি উঠি সপ্তম মহলা পালেগৈ৷ তাৰ পৰা দেখোন ওলাই আহিল বাহিৰলৈ- অ’ নহয় ওপৰে ওপৰে এখন আহল বহল কংক্ৰিটৰ দলং আন এটা বিল্দিঙৰ লগত সংযুক্ত৷ সেইপিনে গৈ তেওঁলোক আন্ধাৰ কৰিদৰেদি আগবাঢ়িল৷ যিফালে গৈ থাকে মৃদু পোহৰৰ লাইট এটা নিজে নিজে জ্বলে আৰু পিছত নিজে নিজে নুমাই পুনৰ অন্ধকাৰ কৰে৷ আনটো বিল্দিঙৰ তুলনাত এইটো বিপৰীত৷ পিন এটা পৰিলেও কিজানি শব্দ হ’ব৷ তেওঁলোকৰ খোজৰ শব্দৰ বাদে আন একোয়ে কাণত পৰা নাই৷ চিকিৎসকজনে একো কোৱা নাই মাজে মাজে দুৱাৰবোৰত তেওঁ হাতত পিন্ধা বেজ এটা দেখুৱাইছে আৰু দুৱাৰখন নিজে নিজে খোল খাইছে৷  অত্যন্ত খৰকৈ খোজ কাঢ়িছে তেখেতে৷ সিও পিছে পিছে গৈ থাকিল এটাই ইচ্ছা তাৰ দেউতাকৰ যেন সোনকালে আৰোগ্য হয়৷ এইবাৰ সি তেওঁক লৈ যাব কিবা প্ৰকাৰে মনাব তেখেতক৷ বৰ হেপাহ আছিল তেওঁৰ আমেৰিকাখন চোৱাৰ৷ নায়েগাৰা জলপ্ৰপাত আৰু হোৱাইট হাউচৰ কথা সমাজ অধ্যয়নৰ পাত লুটিয়াই বুজায় আগতে তেওঁ মাৰ্টিন লুথাৰৰ কথা, বেঞ্জামিন ফ্ৰেংকলিনৰ কথাবোৰ, বক্তৃতাবোৰ অভিনয় কৰি কৰি কয় তাৰ আগত৷ 
প্ৰায় পোন্ধৰমিনিটমান আহি আহি তেওঁলোক এটা কোঠাত সোমাল৷ আন্ধাৰ কোঠাটোত এটা ৰঙীন পোহৰ লাহে লাহে উজ্বল হৈ আহিল৷ 
কোঠাটোৰ কোনো খিৰিকি নাই৷ আচৰিত হ’ল সি৷ 
একেবাৰে সমুখলৈ বেৰত লাগি আছে এখন বিচনা৷ কাটি হৈ তাৰ দেউতাক তাত শুই আছিল, এইফালেই মুখ কৰি শুই আছে৷ দেখিয়ে তাৰ দৌৰি ওচৰলৈ যাবলৈ মন গ’ল৷ ছয়বছৰ ঘৰলৈ অহা নাই সি৷ বিদেশত চাকৰি কৰিবলৈ আহি বিদেশিনী এগৰাকীক সি ঘৰত নজনোৱাকৈ বিয়া পাতিছিল৷ তেনেতে ঘৰৰ পৰা চাই দিয়া ছোৱালী এজনীৰে সৈতে দিনবাৰ ঠিক কৰি দেউতাকহঁতে তালৈ খবৰ দিছিল সি আহিব লাগে আৰু বিয়াখন পাতি থৈ যাব লাগে৷
দেউতাকৰ বিশ্বাস আছিল তেওঁৰহে পুতেক, তাকো একমাত্ৰ সন্তান৷ তেওঁ বিশ্বাস কৰিছিল তাক৷  
তেতিয়া সি জনাইছিল সি আহিব নোৱাৰিব৷ আৰু লগত পঠাই দিছিল নিলাজৰে দৰে পশ্চিমীয়া সাজত থকা বোৱাৰীয়েকৰ লগত তোলা এখন ফটো৷
সি কোনো উত্তৰ পোৱা নাছিল ঘৰৰ পৰা৷ সি ফোন কৰিছিল যদিও তাৰ লগত সম্বন্ধীয় কোনেও কথা পাতিব নুখুজিছিল আৰু একো সি গমো নেপালে কি হ’ল তাৰ পিছত৷ এবছৰমান পিছত তাৰ কলেজৰে বন্ধু এজনৰ পৰা সি গম পালে তাৰ দেউতাকৰ এটা স্ট্ৰোক হৈ বাওঁফালটো সম্পূৰ্ণ পেৰেলাইজ হৈ গ’ল৷ তেতিয়ালৈ সি একো কৰিব পৰাতো নাছিল তাৰ মূৰ্খামিৰ ফল সি বুজা উঠিল দেৰিকে যেতিয়া দুবছৰৰ পিছতে তাৰ নিজৰ ঘৰ ভাঙিল ঘৈণীয়েকে বেলেগ এজনৰ লগ ল’লেগৈ৷ অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছিল সি, কাৰণ দেউতাকে যে তাক তাজ্য পুত্ৰ কৰিছে আৰু কোনোদিন মুখ নাচাওঁ বুলি হেনো কৈছে! 
একাকীত্বক সাঙুৰিব কিমান, সি ঘৰৰ লগত সম্বন্ধ কৰিবলৈ চেষ্টা নকৰা নহয় কিন্তু দেউতাকে হেনো তাক তাজ্যপুত্ৰ ঘোষণা কৰোতে শৰীৰটোও চিকিৎসাবিজ্ঞানৰ গৱেষণালৈ দান দি থৈ গ’ল৷ 
কম্বল এখন আওঁৰি দেউতাকে চকু মুদি শান্তিৰে শুই আছে৷ তেখেতচোন একেই আছে দেখিবলৈ৷ মাকক সি সৰুতেই হেৰুৱাইছিল, দেউতাকেই তাক পিঠিত তুলি বহুত মৰমৰ মাজত নিজ হাতে ৰান্ধি বাঢ়ি খুৱাই ডাঙৰ কৰিলে৷ তাৰ বহুৰাস্ট্ৰীয় কোম্পেনীটোৰ চাকৰিটোৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে তেৱেঁই কাপোৰ ইস্ট্ৰী কৰি সাজু কৰি দিছিল৷ যিদিনা সি নিউ ইয়ৰ্কলৈ বুলি উৰাজাহাজত উঠিছিল, তেওঁ কৈছিল “যা বোপাই পৃথিৱীখন চাই আহ৷ তোৰ জহতে এদিন ময়ো চাম৷ মোৰ কাৰণে চিন্তা নকৰিবি৷ মই থাকিম৷ তোৰ নিজৰ বাবে কৰ এতিয়া তই মুক্ত নিজৰ বাবে চিন্তা কৰিব পৰা হ’লি গৌৰব কৰো তোক লৈ“৷  হয়তো সি নিজৰ বিষয়ে অলপ বেছিকৈয়ে ভাবিবলৈ আৰম্ভ কৰিলে সেইদিনাৰ পৰাই৷ 
তাৰ মেট্ৰিকৰ ফলাফল ওলোৱাৰ দিনা তাক পিঠিত তুলি দেউতাকে ঘূৰাই লৈ ফুৰিছিল৷ ৰাজ্যৰ ভিতৰতে সি পঞ্চম স্থান লাভ কৰিছিল, সীমাহীন আনন্দ আছিল সিহঁতৰ দুজনীয়া পৰিয়ালটোৰ সেইদিনা৷ ওচৰৰে আতৈ এজনে এখন ক’লা বগা ফটো তুলি দিছিল  সেই বিৰল মূহুৰ্তৰ৷ এইবাৰ দেশলৈ আহোঁতে সি প্ৰত্যেকদিনেই এই ফটোখন জেপত কঢ়িয়াই লৈ ফুৰিছে কিজানি কিবা সম্ভেদ পায়েই দেউতাকৰ!       
চিনেমাৰ ট্ৰেইলাৰৰ দৰে এটা এটাকৈ তাৰ কথা বোৰ মনত পৰিবলৈ ধৰিলে৷
অনুশোচনাও হয়তো কৰিলে তাৰ কম হ’ব৷ প্ৰায়শ্চিত্তৰ পাৰাপাৰ নাই! 
যোৱা তিনিবছৰ ধৰি দেউতাক নিৰুদ্দেশ হৈ আছিল, কোনেও নাজানে তেখেত ক’ত গুচি গ’ল৷ এফাল নীৰৱ অসুখীয়া দেহটোৰে এজন মানুহ কেনেকৈ হঠাৎ নোহোৱা হৈ যাব পাৰে? খবৰ ৰাখিবলৈ কাৰো আহৰি নাছিল৷ 
তাৰ ঘৈণীয়েকে এৰি যোৱাৰ পিছত এবছৰ সি আধাপাগলৰ দৰেই কটালে৷ কামত আৰু বেছি সময় দিলে৷ তাৰ কামটো স্টেম চেলৰ ওপৰত গৱেষণা, য’ত কামৰ শেষ নাই যদি কোনোবাই গৱেষণা কৰো বুলি ভাবে৷ সৰু ঘৰ এটাত থাকি এইবাৰ সি সকলো উপাৰ্জন অসমৰ NGO এটালৈ নিয়মীয়াকৈ পঠাব ধৰিলে৷ NGO টোয়ে কিছুমান উচ্চশিক্ষিত মেধাবী চিকিৎসকৰ দলে গঢ়ি তোলা এখন গৱেষণামূলক চিকিৎসালয়ক তাৰ অৰ্থখিনি খটোৱাৰ কথা তাক জনাইছিল৷ সি ভালেই পাইছিল৷ নিজলৈ ন্যুনতম খৰচৰ বাবে ৰাখি তাৰ বোনাচ আৰু সকলো উপাৰ্জন সি তালৈ যোৱা কেউবছৰে পঠাই আছে৷ সংগঠনটো আৰু চিকিৎসালয়খন তাৰদৰে “মহান“ লোকৰ প্ৰতি অতি কৃতজ্ঞ৷ তাৰ অনুৰোধত বেচৰকাৰী সংগঠনটোয়ে তাৰ পৰিচয় লুকুৱাই ৰাখিছিল৷
এদিন সংগঠনটোৰ মূৰব্বীজনৰ লগত কি জানো মন গ’ল তাৰ সি কথা পাতিছিল কি ধৰণৰ কাম চিকিৎসালয়খনে কৰি আছে৷ আচৰিত হৈছিল সি - বহুত অত্যাধুনিক সা সৰঞ্জামেৰে সমৃদ্ধ চিকিৎসালয়খনত বাটপথত পৰি থকা নতুবা গৰাকী নোহোৱা বৃদ্ধাশ্ৰমৰ বেমাৰীসকলেই আছিল মূলতঃ চিকিৎসাধীন৷ নিসন্দেহে ভাল কাম৷ ভাল লাগিছিল তাৰ জানি এটা কথাত তাৰ কষ্টোপাৰ্জিত ধন কিবা এটা ভাল কামত লাগিছে আৰু সি পৰাচিত হ’ব নে নাই ক’ব নোৱাৰিলেও এটা আত্মসন্তুষ্টি যেন মনে মনে লাভ কৰিছিল৷ 
সি সিদ্ধান্ত কৰিলে এদিন এই চিকিৎসালয়খনলৈ সি আহিব৷ আৰু চাব কামবোৰ মনৰ শান্তিৰ বাবে৷ পাৰিলে দেউতাকৰ বয়সৰ যিমান ৰোগী আছে সকলোৰে বাবে অলপ সময় উলিয়াই পুত্ৰৰ দৰে পৰিচৰ্যা কৰিব৷
সেই উদ্দেশ্যেৰেই যোৱা সপ্তাহতেই সি ইয়ালৈ আহিল৷ বৃদ্ধ ৰোগীসকলৰ লগত সি সময় কটাইছে, যিমানপাৰে কথা পাতি ভাল পোৱা দুই এটা কিবা কিবা কিনি আনি দি তেওঁলোকৰ আনন্দৰ চকুলোকণ উপভোগ কৰিছে৷ ভৰি চুই সেৱা কৰিছে এৰি আহিবৰ সময়ত৷ তেওঁলোকে জোলোকা জোলোকে আশীৰ্বাদ দিছে সকলো পিতৃয়ে যেন তাৰ দৰেই পুত্ৰসন্তান এটি পাওক! আৰু সেই আশীৰ্বাদ মূৰ পাতি লওঁতে তাৰ আত্মগ্লানিৰ পাহাৰটো যেন বাৰে বাৰে খহি পৰে৷ চকুপানী লুকুৱায় সি৷
আজি ৰাতিপুৱা চিকিৎসালয়ৰ কেন্টিনত ৰাতিপুৱাৰ আহাৰ কৰি থাকোতে জ্যেষ্ঠ চিকিৎসক এজন আহি তাৰ টেবুলৰ সমুখতে বহিলহি৷ খালী চকীখন দেখা পাই৷ 
চিনাকি পৰ্বৰ পিছত কথাৰ মাজতে চিকিৎসকজনে হস্পিটেলখনৰ বিষয়ে বহুত কথাই ক’লে৷ 
তেওঁ কৈছিল ৰাস্তাত পৰি থকা মানুহ কেইবাজনকো তেওঁ নিজেই দাঙি আনিছে হস্পিটেললে অকলে অকলে আৰু যৎপৰোনাস্তি চিকিৎসা কৰিছে৷ আৰু ক’লে কিদৰে তিনিবছৰ আগতে পেৰেলাইচিচ হোৱা এজন মানুহক তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত আধামৃত অৱস্থাত উদ্ধাৰ কৰিছিল আৰু আজি তেওঁৰ যিটো অৱস্থা চিকিৎসাবিজ্ঞানৰ এটা উল্লেখনীয় সফলতা যে তেওঁৰ দৰে এটা “subject” ধৰি ৰাখিব পাৰিছে৷
কিন্তু এই সাফল্য তেওঁ এতিয়াও প্ৰকাশ কৰিব খোজা নাই দুই এটা পৰীক্ষা বাকী আছে তাৰ পিছত হয়তো subject টো preserve বা dispose কৰিব৷ 
“আপোনালোকে এইদৰে যে লৈ আহে ৰোগী সকলক তেওঁলোকৰ সম্বন্ধীয় লোকসকলে আপত্তি নকৰেনে?“
“আমি ৰোগীসকলক যিমান পাৰো চিকিৎসা কৰো আৰু তেওঁলোকৰ মতক সন্মান জনাওঁ৷ যেনে এই ধৰক এইজন ব্যক্তিয়ে সম্পূৰ্ণ দেহটো চিকিৎসাবিজ্ঞানলৈ দান দি থৈ গৈছে, নামটো সুধিয়ে যেতিয়া দাটাবেচত পাই যাওঁ আৰু তেওঁৰ অঙহী বঙহীক খবৰ দি বিপদ চপাই নলওঁ৷“
অমলেটটোৰ শেষৰকণ চোবাই চোবাই চিকিৎসকজনে সুধিলে, “যদিও এইবোৰ কথা হস্পিটেলৰ বাহিৰত কোৱা মানা, মই জ্যেষ্ঠ চিকিৎসক হিচাপে আৰু আপুনি আমাৰ কাৰণে ইমানখিনি কৰিছে বাবে সুধিছো আপুনি তেখেতক চাব খোজে নেকি? Our most successful case so far.”
“নিশ্চয়৷ তেখেতৰ এনেই নামটো কি বাৰু“
“দীনদয়াল পাঠক“
এক শিহৰণে তাক মূহুৰ্তৰ বাবে জোকাৰি গ’ল৷ দেউতাকৰ পেৰেলাইচিচ আছিল৷ তিনিবছৰ আগতে নিৰুদ্দেশ হৈছিল৷ শৰীৰটো চিকিৎসাবিজ্ঞানক দান দিছিল৷ আৰু নামটোও একে৷
তাৰ মনৰ ভাব জানিব নিদি সি তেখেতৰ লগত লান্সৰ পিছতে এটা এপইন্টমেন্ট ল’লে৷
একাপ কফিৰ বাদে তাৰ আৰু তাৰ পিছত একো খোৱা নহ’ল৷ most successful case... অৰ্থাৎ দেউতাক হয়তো সুস্থ বৰ্তমান৷ মনটো ভাৰাক্ৰান্ত হৈ উঠিল তাক চিনি পাবনে তেওঁ? দিবনে ক্ষমা কৰি বাৰু?

“কি ভাবি আছে?“
চিকিৎসকজনে তালৈ চাই সুধিলে৷
“নাই মানে তেখেত শুই আছে যেন লাগিছে“
ঈষৎ হাঁহিৰে চিকিৎসক জনে তাক এটা চুইচলৈ আঙুলিয়াই দেখুৱালে৷ 
দেউতাকৰ ওচৰলৈ কোনো যাব নোৱাৰাকৈ stop stop বুলি প্ৰিন্ট থকা এদাল ৰঙা ফিটা ইমূৰৰ পৰা সিমূৰলৈ৷ 
অলপ আচৰিত হ’ল সি চুইচ টো চাই৷ সকলোবোৰ কথাই কিবা এটা মায়াবী যেন লাগিছেচোন তাৰ৷ কোঠাটোত বেৰৰ লগত লাগি আছে এসোপামান দায়েলাইচিচ আৰু ভেন্টিলেটৰৰ দৰে যন্ত্ৰ৷ কিন্তু দেউতাকৰ মুখত বা আন ক’তো তেনে কানেকচন লগাই থোৱা নেদেখিলে সি৷ 
চুইচটোৰ ওপৰত সৰু আখৰেৰে লিখা আছিল “2 sec left arm”
লাহেকে সি টিপি দিলে চুইচটো৷
ঠিক দুই চেকেণ্ডৰ নীৰবতা৷
তাৰ পিছতে দেউতাকে যেন লাহেকৈ বাওঁহাতখন কম্বলৰ তলৰ পৰা উলিয়াই চুলিত এবাৰ মোহাৰি পুনৰ আগৰ দৰে সোমোৱাই থ’লে৷
চিকিৎসকজনলৈ চালে সি অবাক হৈ৷
“Continue to next button” 
 “2 sec eye opener” .
ধপধপ কৰি থকা বুকুখনক যিমান পাৰি সংযত কৰি সি এইটো বুটামো টিপিলে৷ 
দেউতাকে দুই চেকেণ্ডৰ পিছত চকু মেলি তালৈ চালে আৰু এক চেকেণ্ডমানৰ বাবে গোটেই কোঠাটো চকু ফুৰাই আকৌ শুই থাকিল৷
সি থাকিব নোৱাৰা হৈছে, দেউতাকে তাক আচলতে দেখিলেনে নাই?? হয়তো দেউতাকৰ আশা হেৰাই গ’ল আৰু সপোনতো ভবা নাই সি যে কেতিয়াবা আহিব বুলি৷
“কেনে পালে? We have more. Try another one. Want to listen to his voice?”
“...”
“আচলতে কি জানে এখেতৰ কোনো নাছিল যে এইটো নহয়৷ তেখেতে সকলো কথাই কৈছিলেই আমাক৷ আমি বহুত যত্ন কৰিলো৷ ok try next button please”
“Static voice 2 words”
দুই চেকেণ্ড!
“সোণটো আহিছ?“ চকু দুটা মেলি অলপ হাঁহিমুখেৰে মূৰটো দাঙি দেউতাকে তাৰ ফালে চাই সুধিছে৷ 
সি বাকৰুদ্ধ হৈ বহি পৰিল মজিয়াত.....  ঘূৰিছে পৃথিবীখন যেন তাৰ চাৰিওপিনে আজি৷ আৰু একো বুজিবলৈ আৰু তাৰ বাকী নাথাকিল৷ 
“এখেতৰ এয়া last words আছিল৷ তিনিবছৰ আগতেই তেখেতৰ মৃত্যু হোৱা যেন নালাগে নহয়নে৷ তেখেতৰ লগত কথাও পাতিব পাৰে ইচ্ছা কৰিলে৷ তেখেতে যিবোৰ আমাক কৈ গৈছিল সকলোবোৰ দাটাবেচত ৰাখি প্ৰচেচ কৰা আছে সেইমতে active voice button টো অন কৰি এঘণ্টা পৰ্যন্ত কথাও পাতিব পাৰিব৷ It is not only artificial intelligence or machine learning, but also a lot of real and original human body parts we are using here in this project, তদুপৰি তেখেতৰ নিজা মাতটোকেই ইয়াত ব্যৱহাৰ কৰিছো৷ কিন্তু খোজকঢ়া আৰু তেনে দুই এটা function ত অলপ debugging কৰিবলগা আছে তাৰ পিছতেই এই আৱিষ্কাৰৰ কথা আমি সদৰী কৰিম৷ এইধৰণৰ আৰু দুটামান subjects ৰ লগতো পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে কিন্তু এইজন আমাৰ বাবে lucky বুলিব লাগিব, হস্পিটেলত আহি এমাহমান তেখেত জীয়াই আছিল৷ তেখেতৰ শেষ ইচ্ছা আছিল তোমালোকে মোৰ শৰীৰটোলৈ যি কাটকুট কৰা কৰা কিন্তু মোৰ ল’ৰা আহি এদিন মিউজিয়ামত হ’লেও মোক দেখিব পৰাকৈ এনেকুৱা কৰি ৰাখা যাতে  মই তাৰ চকুত তাৰ ল’ৰাকালৰ দেউতাকজন হৈ থাকো৷ তেওঁ প্ৰায় পোন্ধৰবছৰমান বয়সৰ ল’ৰা এটাক পিঠিত তুলি লৈ ফুৰা এখন ফটো দিছিল আমাক৷ কিন্তু ক’লা বগা ফটোখনেৰে ক’ত তেখেতক বিচাৰি যাম৷ হ’লেও এখেতক আমি প্ৰযুক্তিৰ দ্বাৰা সিমানখিনি জীৱিত যেন কৰি দেখুৱাবলৈ অহৰহ পৰীক্ষা কৰি আছো৷ শুনামতে তেওঁৰ ল’ৰাটো বিদেশত থাকে মৰিলেই নে জী আছে কোনেও গম নাপায়৷ পিছে তেওঁ বোলে এবাৰলৈও খবৰ লোৱা নাই আৰু সেই যি গ’ল গ’লেই আৰু ঘৰলৈ ঘূৰি নাহিল৷ মই নিজেও জাৰ্মেনী আৰু আমেৰিকাত উচ্চশিক্ষা আৰু গৱেষণা কৰি আহিছো মাতৃভূমিত এতিয়া কাম কৰি আছোহি কিন্তু আপোনাক কওঁ মনৰ কথাহে মোৰ এনেকুৱা অপদাৰ্থ আৰু অকৃতজ্ঞ পুতেক হোৱাতকৈ নোহোৱাই ভাল৷ এখেতে কম মানসিক আঘাত লৈ মৃত্যুবৰণ কৰা নাই৷ “
“Any question Sir? কেনে পালে?“
.....🙏🏽....