Friday, March 8, 2013

কবিতা - বিদায়ৰ খেলা

বিদায়ৰ খেলা
------------

তই মেলানি মাগিলি
এজাক শগুণৰ খোচত
থকা-সৰকা তোৰ সত্তাই
পাহৰি গ’ল যেন তোৰ প্ৰতিজ্ঞা৷

ভূঁৰখন মজবুত নাছিল
নেজানিছিলি নেকি নৈখনযে পাহাৰীয়া
সাঁকোবিহীন
নিজৰেই জীৱন বৈতৰণীৰ নিচিনা
কাতৰে নেমাতিলি, হাঁহিৰেহে ভুলালি!
শগুণকেইটাকো নিৰ্দোষী বুলি লিখি থৈ গ’লি!!

এন্ধাৰত লুকাই থকা
সৰীসৃপৰ গাঁতত চাকি জ্বলালি!
তোক হেনো নাইটিংগেলৰ দৰেই
ভাগৰুৱা দেখাইছিল৷
তই ইমান সাহসী কেতিয়াৰ পৰা হ’লি অ’?
সৰুতেচোন বিছাৰ নোমলৈকো ভয় কৰিছিলি!

সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ
আঁৰে আঁৰে এন্ধাৰত যুঁজ দিয়া
সৈনিকৰ শিবিৰত
উজলি উঠিছিল তোৰ আভা৷

কোনে আজি মোক সোঁৱৰাব
“গুৰুজনাৰ তিথি, বন্তি এগছি জ্বলাবি”
“তুলসীৰ তলে মৃগ পহু চৰে..”
“কনমানিহঁতক এবাৰ হ’লেও গাই শুনাবি..”

আৰু কেতিয়াবা পামনে পঢ়িবলৈ তোৰ
‘সম্বন্ধ আৰু সময়ে’
শিলাময় হিয়া গলোৱাৰ বিৰল বাতৰি?

সকলোকে ক্ষমা কৰি ভাগৰি নপৰা
তোৰ প্ৰতীকী সত্তাটিক
নিয়তিয়ে জানো ক্ষমা নকৰিব?
নাই কোনো এনে কলম
যি তোৰ ইচ্ছাক কবৰ দিব পাৰে!

বৰ মনত পৰিছে তোলৈ৷
উভটি আহচোন...!
কাৰণ –
সূৰ্যাস্ত তোৰ সপোন নাছিল কেতিয়াও৷
এই ভৰদুপৰীয়াখন ৰৈ আছো, থাকিম সদায়ে এনেকৈ
এবুকু আশা লৈ
তোৰেই বাবে, জাননে তোৰেই বাবে...৷

No comments:

Post a Comment