Monday, December 14, 2015

বালিচৰৰ বালিয়া বগৰী

বালিচৰৰ বালিয়া বগৰী
-/////----
বৈ বৈ আমনি লাগিছে নেকি তোৰ, বুঢ়ীদিহিং?
তোৰ কোলাতে ডাঙৰ হ’ল চাচনীজনী৷
মাহ হালধি সানি ওলাই যোৱা
মাজুলীৰ বালিচৰত বগৰী খোৱা
তাহানিৰ কলকলনিবোৰ তোৰেই বুকুৱেদি
যেনি তেনি জিলিকিলে মেটেকা ফুলাদি৷

তোৰ পলস পৰা পথাৰৰ হাতীজোক কেইটা
জেবাংকৰিৰ লগত দন লাগি অবশ এতিয়া৷
পথাৰলৈ নাহে তাইহঁত জাকৈ খালৈ লৈ
খেদাখেদি নাই চেঁচু আৰু কেঁহেৰু লৈ
পানীখোৱা ছুটিলৈ আৰু নৰয় কোনো পখিলা
দেওবাৰে নদীত নোধোৱেহি নীলা পাৰি দিয়া মেখেলা৷

নিবিনায় কোনো কেতেকী আজি ৰৈ ৰৈ৷
গুড়ৰ শালৰ কাষেদি কোনো নদৌৰেগৈ৷
ঔ টেঙাৰ বীজে জিলিকোৱা মনত আছেনে চুলিকোচা?
একঁকাল সামৰি চিলনীৰ জীহঁতে বাতিছিলে নতুন গামোচা৷
আমনি লাগিছে নেকি তোৰ বাৰু বৈ বৈ?
সাঁজ লগা বেলা কোনেনো তোক চাব ৰৈ ৰৈ? 

Thursday, December 10, 2015

উত্তৰাউঁসীৰ কোনো এটি আবেলি

•উত্তৰাউঁসীৰ কোনো এটি আবেলি•

কিমান দূৰলৈ চালে মোৰ দৃষ্টিয়ে তোক ঢুকি পাব?
সিমান পৰলৈ কালে মোক অস্থিৰে জানো ধৰি ৰাখিব?

সন্ধিয়া দাবানল গোন্ধোৱাৰ দিনা নজ্বলা চাকিৰ কথা
এতিয়া কোনেও নোগোৱা অচিন পখীৰ বিষাদ-গাথা

কাল-স্ৰোতস্বিনীৰ বুকুত তই যেন শিহুৰ ভুমুকি
মাজুলী বিচাৰি পুনৰ দিশহাৰা হ’ল মোৰ আধাশৰীয়া পংক্তি

হেৰালো, হেৰুৱালো, চা কত কাতিবিহুৰ আবেলি
ভালে থাক, ৰৈ আছো দে ঘাটত পৰদি নিৰিবিলি

এদিন, এনেকৈয়ে কিজানি শুনো অহৰহ তোৰ বিননি
শীতে বলে নোৱাৰা দেশলৈ নাজানো কিয় গুচি গ’লি!

Monday, October 19, 2015

দুজনী কণমানিৰ দুটি সৰু কাহিনী



(১) পাৰু্ল নামৰ এজনী আঠবছৰীয়া ছোৱালী৷ পৰীৰ দেশৰ সাধুকথা পঢ়ি ভাল পায়৷ ভাল পায় দাবা খেলি৷ ভাল পায় গীটাৰ বজাবলৈ শিকি আৰু ভাল পায় অংক কৰিও! ৰূপাঞ্জেলৰ দৰেই দীঘল চুলি একোছাৰ সপোন দেখিছিল তাই সৰুৰে পৰাই৷ জন্মতেই কিছু চুলি গজি অহা, ক্ৰমে পিঠি ঢাক খাই পৰা ডাঠ চুলিকোছালৈ তাই বৰ গৰ্ব অনুভব কৰে৷ লগৰ ছোৱালী বোৰেও ঈৰ্ষাৰে চায় তাইৰ চুলি কোছালৈ৷ কিন্তু স্কুললৈ যাওঁতে, বা সাঁতোৰৰ প্ৰশিক্ষণলৈ যাওঁতে যেতিয়া চুলিকোছা আঁচুৰি থাকোতে বহুত সময় লাগে কেতিয়াবা ঘৰৰ কোনোবা এজনে প্ৰায়ে কয় – ‘এইৰ চুলিকোছা কাটি দিব লাগে দেই ইমান গণ্ডগোলখন লগাই থাকে এই জঁটসোপাই৷’ বা ‘গান্ধীজীৰ চুলিকাটটোৱেই ভাল, কোনো আহুকাল নাই৷’ দেউতাকে আকৌ বুজায় তাইক কেতিয়াবা, ‘চুলি নিজে যেতিয়া চম্ভালিব পাৰিবা তেতিয়া ৰাখিবা৷ এতিয়া ৰাখি কিনো লাভ হ’ব কিমান সময় নষ্ট হৈছে সদায় সদায় দেখিছাই!’ তাই মুখেৰে একো নকয়, চকুলো ওলাই আহে মাত্ৰ৷
সেইজনী ছোৱালীয়ে তাইৰ আঠবছৰৰ জন্মদিনত মাকক ৰাতিপুৱাই ক’লে তাই চুলিখিনি কটোৱাব বিচাৰে, আৰু আন একো জন্মদিনৰ উপহাৰ তাইক এইবাৰ নেলাগে৷ ঘৰৰ সকলো আচৰিত হ’ল যদিও সকলোৱে ভাবিলে হয় তাইৰ চুলিখিনি চম্ভালি আমনি লাগিছে নহ’লে ঘৰত কৈ থকাৰ কাৰণে দুখতেই কটোৱাই পেলাব বিচাৰিছে৷ ৰাতিপুৱাই ভালদৰে শ্বেম্পু কৰি চুলিখনি তাই ধুলে আৰু নিজেই জঁটবোৰ ভাঙিলে৷ বিউটি পাৰ্লাৰলৈ যোৱাৰ পিছত চুলিখিনি প্ৰথমে দীঘল বেণী এডাল গাঠি জুখি লৈহে যেতিয়া তাই কাটিবলৈ দিলে, নাপিতগৰাকীৰ মুখত এটি মিচিকি হাঁহি খেলি গ’ল....কাৰণ খুব কমসংখ্যকে কৰে যদিও তেওঁ জানে এনেকৈ চুলি কটোৱাৰ অৰ্থ কি৷ কাৰণ তাইৰ চুলিখিনি বেণী গুঠাৰ পিছতো প্ৰায় দেৰফুট দীঘল আছিল, এডালো পকা চুলি বা কৃত্ৰিম ৰসায়ন আদিৰ প্ৰভাব তাত নাছিল৷ চুলিখিনি কটাৰ পিছত এটা বিশেষ দীঘল লেফাফাত তাই নিজেই ভৰালে৷ আৰু ওপৰৰ ঠিকনাত লিখিলে লিউকেমিয়া চচাইটিৰ এটি বিশেষ ঠিকনা৷ মাত্ৰ দুদিন আগতে তাই পাইছিল স্থানীয় এখন বাতৰিকাকত এখনত এই বিষয়ে৷
পাৰুলে তাইৰ মৰমৰ দীঘল চুলিখিনি কৰ্কটৰোগত আক্ৰান্ত সেই সকল ৰোগীলৈ বুলি দান কৰিলে যিয়ে কেমোথেৰাপিৰ ফলত মূৰত এদালো চুলি নোহোৱাৰ বাবে হয়তো ক’ৰবালৈ ওলাই যাবলৈ লৈ আইনাত নিজকে চাই এটি হুমুনিয়াহ কাঢ়িছে৷ ডিঙি ওলাই থকা চুটি চুলিখিনিৰে পাৰুলক সেইদিনা আটাইতকৈ সুন্দৰী পৰীগৰাকীৰ দৰেই দেখাইছিল৷ পাৰুলৰ দৰে কোমল অথচ সুন্দৰ মন এটি পৃথিবীৰ সকলোটিয়ে পাওক যেন – মাকে তাকেই প্ৰাৰ্থনা কৰিলে তাইৰ জন্মদিনৰ দিনা!

(২) নিভা, পাৰুলৰ বান্ধবী – দুয়ো একে স্কুললৈকে যায়৷ এদিন সিঁহতক শ্ৰেণীশিক্ষকে কেনেকৈ একোজন সুনাগৰিক হ’ব পাৰি, কেনেকৈ আনৰ কাৰণে ভাবিব লাগে বুজাইছিল৷ আৰু কৈছিল, পিছৰ সপ্তাহত যেন সকলোৱে একোটি উদাহৰণ লৈ আহে সুনাগৰিক হিচাপে জীবনত কৰা কিবা কামৰ৷ নিজে নকৰিলেও চিনি পোৱাতে থকা প্ৰচাৰ নোহোৱা অন্যলোকৰ হ’লেও যিকোনো ভাল কাম৷ হয়তো কোনোৱে ৰাস্তাত পৰি থকা জাবৰ কিছুমানকে সামৰি পেলাই দিছে, কোনোৱে হয়তো গছপুলি ৰুইছে, কোনোৱে হয়তো পুথিভঁৰাললৈ গৈ দুখীয়া ল’ৰাছোৱালী কিছুমানক বিনামূলীয়াকৈ পঢ়া-শুনাকে চাই দিছে ইত্যাদি৷ নিভাৰ মন গ’ল নিজেই কিবা এটা কৰাৰ৷ মাক দেউতাকহঁতে বা তাই চিনি পোৱা সকলোৱেই কিবা নহয় কিবা ভাল কাম কৰিছে বুলি তাইৰ ভাব৷ আনকি দুদিনমানৰ আগতে বান্ধবী ৰিয়াৰ প্ৰথমশ্ৰেণীত পঢ়া ভায়েকে হেনো তাৰ গোটেইবোৰ কিতাপ আৰু সৰু হৈ যোৱা ভাল জোতা কেইজোৰ, কাপোৰ-কানি আৰু খেলনাবোৰ নিজেই আটোমটোকাৰিকৈ বান্ধি দি দেউতাকৰ হাতত দিলে, অলপতে এটি ভূইকঁপত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সৰু ল’ৰা-ছোৱালীবোৰলৈ দি পঠাবৰ কাৰণে৷ সিহঁতৰ স্কুলত আচলতে কেইদিনমানৰ আগতে পৰিয়াল এটিয়ে আৰম্ভ কৰা সাহায্য অনুস্থান এটাৰ খবৰ পাইছিল সিঁহত সকলোৱে৷ স্কুলৰ অফিচৰ সমুখত এটা বৃহৎ বাকচ থৈ দিয়া হৈছিল এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলে দান কৰাৰ বাবে৷ ৰেডক্ৰছৰ সাহায্যত নিৰ্দিষ্ট তাৰিখৰ পিছদিনাই সামগ্ৰীসমূহ বিশেষ উপায়েৰে ক্ষতিগ্ৰস্ত লোক সকললৈ পঠিওৱাৰ দিহা কৰা হৈছিল৷
িভাই যোৱাবছৰ স্কুলতে হোৱা ৰচনা প্ৰতিযোগিতা এটাত প্ৰথম পুৰষ্কাৰহিচাপে পঞ্চাছ ডলাৰ পাইছিল! বহুদিনৰ পৰাই তাইৰ ইচ্ছা আছিল ডাঙৰ লেগ’চেট এটা কিনিবলৈ৷ লেগ’ চেট সমূহৰ বৰ দাম কাৰণে মাকহঁতে মজলীয়া দুই-এটাহে কিনি দিছিল তেতিয়ালৈকে৷ তাকো জন্মদিন বা তেনে পৰবতহে৷ পঞ্চাছ ডলাৰতো ডাঙৰ লেগ’চেট নেপায় কাৰণে তেতিয়াও তাই ভাবি আছিল আৰু অলপ গোট খালে পছন্দমতে লেগ’ চেট টো কিনিবগৈ এদিন৷ কিন্তু শ্ৰেণীশিক্ষকে ‘কিবা এটা ভাল কাম’ৰ উদাহৰণ দিবলৈ কোৱাত তাই চিন্তা কৰিবলৈ ধৰিলে হয়তো সেইখিনি টকাৰে তাই কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে৷ পৃথিবীৰ কিছুমান দুৰ্ভিক্ষৰ কথা শুনিছে সিঁহতে, আৰু শুনিছে কিছুমান কেও কিছু নোহোৱা ল’ৰা-ছোৱালীৰ কথা, অনাথ আশ্ৰমৰ কথা৷ সেইদিনা মাকে যেতিয়া তাইক স্কুলৰ পৰা লৈ আহিছিল, মাকে দিনটো কেনেকুৱা গ’ল সোধাত মনৰ কথাটো ব্যক্ত কৰিলে তাই৷ অত্যন্ত উৎসাহেৰে মাকেও কথাটো মনদি শুনাৰ ওপৰিও সেইদিনাই দেউতাকৰ লগত আলোচনা কৰি এটা উপায়ো দিলে৷ পৃথিবীৰ সকলো ঠাইতে দুখীয়া ল’ৰা ছোৱালীৰ কাৰণে অনেক স্কুল আছে৷ কিন্তু তেওঁলোকৰ খৰচ-পাতি সাধাৰনতে অন্যলোকে কৰা দান-বৰঙণিৰ পৰাই সিংহভাগ মিলোৱা হয়৷ নিভাৰ মাক দেউতাকে তেনে এখন স্কুললৈ বৰঙণি আগবঢ়াবলৈ এটি অনুস্থানৰ জৰিয়তে কথা পাতিলে৷ কথা মতেই কাম৷ পুৰষ্কাৰৰ পঞ্চাছ ডলাৰৰ লগত আৰু এটি অংক মিলাই এটি শিশুক সম্পূৰ্ণ এবছৰৰ বাবে খোৱা বোৱাকে ধৰি শিক্ষাৰ বাবে ভাৰতত নুন্যতম যিমানখিনি খৰচ হয় তাৰ বাবে অৰিহণা যোগোৱাৰ পৰিকল্পনা কৰিলে পৰিয়ালটিয়ে৷ দুদিনমানৰ পিছতে দেউতাকৰ কোম্পেনীয়েও বিশেষ আঁচনিৰ দ্বাৰা এই দানৰ ‘মেটচিং ড’নেচন’ হিচাবে (আঁচনিমতে কৰ্মী এজনে দহ ডলাৰ দান কৰিলে কোম্পেনীয়ে আৰু দহ ডলাৰ যোগ দি মুঠ দানৰ পৰিমাণ দুগুণ অৰ্থাৎ বিশ ডলাৰ কৰি দিয়ে) সমান পৰিমাণৰ ধন মোকলাই দিলে৷ ফলত নিভাৰ যৎসামান্য অৱদানটি গৈ গৈ শেষত প্ৰায় কেইবাগুণো হ’লগৈ৷ তাই এখন চিঠিও লিখিলে নাম নজনা এটি শিশুলৈ কিছু অনুপ্ৰেৰণামূলক কথা আৰু লগ পোৱাৰ তথা যোগাযোগ ৰখাৰ প্ৰস্তাবেৰে, আৰু এটি তীব্ৰ আশাৰে যাক হয়তো তাইৰ ক্ষুদ্ৰ অৱদানে লাভান্বিত কৰিবগৈ৷ সেইবাৰৰ গৰমৰ বন্ধত দেউতাকহঁতৰ ঘৰলৈ যাওঁতে সেই স্কুলখনত সোমাই কণকণ শিশুহঁতৰ লগত এবেলা কটোৱাৰ সৌভাগ্যও হ’ল সিহঁতৰ৷ সুন্দৰ স্কুলখনিৰ দেৱশিশু কেইটিমানক তাইৰ স্কুলত কৰা কিছুমান কামকাজৰ নমুনা দেখুওৱাৰ ওপৰিও সিঁহতৰ নাচগানো উপভোগ কৰি আহিলেগৈ, নিজেও কিবা এটা গান গালে৷ শ্ৰেণীশিক্ষক গৰাকীকহে তাই ‘ভাল কাম’ৰ উদাহৰণ টো সময়মতে দিবলৈ দেৰি হৈ গ’ল যদিও ‘ভাল লগা কাম’ এটিয়ে লাহে লাহে গত লোৱাত তাইৰ মনটো বৰ ভাল লাগিল৷

Sunday, September 27, 2015

পিলিঙা

(Draft.. To be edited)

ডেকাৰ মন উৰুঙা
”মন আজি ৰিঙা ৰিঙা
লাহৰীৰ শিৰতে ৰঙা
লোকে দিলে এডোঙা
সপোনজৰী দিলে ছিঙা”
তাইৰ বিয়ালে মহঙা
চাইটা খাটি দৈচুঙা
লগত অৰ্জুনে টেঙা
কান্ধতে লৈ জোলোঙা
আমাৰ ডেকা পিলিঙা
ইফালে সিফালে কৰি বেঙা
পেদেলত দিলে দুঠেঙা
টিলিং টালাং টিলিঙা
বাজিল চাইকেলৰ টিলিঙা
ৰাইজেও কৰে ফিচিঙা
জুপি বেৰৰ জলঙা


Tuesday, February 17, 2015

মিচন শৃংগলৈ আৰোহন

আমি থকা ঘৰৰ পৰা মাথো ডেৰমাইল দূৰৈতে আৰম্ভ হয় মিছন শৃংগলৈ যোৱা হাইকিঙৰ ৰাস্তাটো৷ কেলিফৰ্ণিয়ালৈ অহা আমাৰ তিনিবছৰ হৈ গ'ল৷ আগতে মিনিয়াপলিছত আছিলো তাত তেনেকৈ পাহাৰ নাছিল৷ মিনিয়াপলিচ আছিল বছৰটোৰ আধাতকৈ বেছি দিন বৰফেৰে ঢাক খাই থকা এখন সৰু চহৰ৷  চহৰৰ মাজমজিয়াতে মিছিছিপিৰ পাৰে পাৰে আৰম্ভণিতে প্ৰায়ে  চাইকেল চলাইছিলো মই আৰু মোৰ স্বামীয়ে৷ তাৰ পিছত পৰিয়াল বহল হোৱাৰ পিছৰে পৰা মিছিচিপিৰ পাৰলৈ দুনাই আৰু যোৱা নহ'ল৷ কিন্তু চাইকেল চলাই, খোজ কাঢ়ি আমি দুয়ো খুব ভাল পাইছিলো বাবে আশা পুহি ৰাখিছিলো কেতিয়াবা পাহাৰৰ ওচৰত বা নদীৰ কাষত আকৌ বিচৰণ কৰিম৷ ঠিক তেনেতে এখেতে কেলিফৰ্ণিয়াত নতুন চাকৰি এটা পালে৷ আমি আহিছিলো ফেব্ৰুৱাৰী মাহৰ আগভাগত৷ মিনিয়াপলিছৰ মাহ মাহ ধৰি চৌপাশে ঢাকি ৰখা বৰফৰ শুভ্ৰ চাদৰে সেইসময়তে মনবোৰ বিষাদগ্ৰস্ত কৰি ৰখাৰ পৰিবৰ্তে কেলিফৰ্ণিয়াই আমাক আদৰিছিল সেউজ পাহাৰ আৰু ৰ'দৰ জিলিঙনি, প্ৰশান্ত মহাসাগৰৰ নীলাভ জলৰাশিৰ অপৰূপ সৌন্দৰ্যৰে৷ অবশ্যে বতৰৰ দামো আমি ঠিকেই দিব লগীয়া হৈছিল৷ মিনিয়াপলিচৰ তুলনাত কেলিফৰ্ণিয়াত থকা খৰচ আছিল আকাশলংঘা৷ বহুত লোকচান কৰি মিনিয়াপলিচৰ ঘৰটো শেহত বিক্ৰী কৰিব পাৰিছিলো যদিও ইয়াত আহি সৰু ঘৰ এটাৰ বাবে তাৰ পাঁচগুণ দাম ভৰি ঘৰ লৈছিলো৷ কাৰণ পৰিয়াল আছে, সেইবছৰৰ পৰা ডাঙৰ ছোৱালী পঢ়াশালিলৈ যাব৷ প্ৰথমে আহিয়েই যেতিয়া সদায় সেউজীয়া পাহাৰ কেইটাৰ কাষেৰে ইহঁতক বিদ্যালয়লৈ অনা নিয়া কৰিবলৈ ধৰিছিলো, ৰাস্তাৰে আহোঁতে মন্ত্ৰমুগ্ধ হৈ ৰৈ ৰৈ চাই গৈছিলো পাহাৰৰ লানিবোৰ৷ ৰাস্তাৰ কাষতেই পাহাৰৰ লানি নিছিগা শিৰ! তাত পাহাৰৰ তলৰ সমতলকণৰ পৰাই জাকে জাকে হৰিণ, টাৰ্কী (ডাঙৰ আকৃতিৰ কুকুৰাৰ দৰে চৰাই), ক'লা বৰণীয়া গৰু, কিছুমান ঘোঁৰা চৰি ফুৰে মুকলিমেনেৰে৷ চায়েই ভাল লাগিছিল৷ ৰাস্তাৰ পৰাই দেখিছিলো জীৱ জন্তুবোৰৰ যাতে কোনো অসুবিধা নহয়, খোজ কাঢ়িবলৈ পথ  নিৰ্মাণ কৰা আছে আৰু মাজে মাজে ফলক আছে মানুহে ট্ৰেইলৰ পৰা ওলাই নেযাবলৈ৷ নতুন ঠাই্লৈ আহি নতুন বন্ধু বান্ধবীও গোটালো লাহে লাহে৷ তেনেতে আমাৰ কলেজতে পঢ়ি অহা এগৰাকীৰ লগত এঘৰত পৰিচয় হ'লো৷ তাইও মাজে মাজে পাহাৰ বগাবলৈ যায় বুলি শুনি উৎফুল্লিত হৈ উঠিছিলো লগে লগে তাইক সুধিয়েই পেলালো, কোনফালেদিনো যায়, কিমান সময় লাগে, নিয়ম বোৰ কি কি ইত্যাদি৷ তাইৰ এটা গোট আছিল কেইবাগৰাকীও লগ হৈ সপ্তাহটোৰ প্ৰতি শনিবাৰে ৰাতিপুৱা পাঁচ বজাতেই মিচন শৃংগলৈ যায় সিহঁতে৷ শৃংগলৈ উঠা ৰাস্তাটোৰ কাষত পাৰ্কিং পোৱা খুবেই দিগদাৰি, ভীৰ অনুপাতে সিমান খিনি গাড়ী ৰাখিব নোৱাৰি বাবে সিহঁতে একেলগে যায় একেখন গাড়ীতে, পাল পাতি পাতি একোজনীয়ে গাড়ী চলায়৷ এইবাৰ ময়ো লগ ল'লো৷ কথামতেই কাম৷ শনিবাৰৰ ৰাতিপুৱাই কাঁটাই কাঁটাই পাঁচ বজাত সিহঁতে মোৰ ঘৰৰ আগত ৰ'লহি৷ জুলাই মাহৰ ৰাতিপুৱা৷ দিনত গৰম কিন্তু ব্ৰক্ষ্ম ৰাতিপুৱাখন ঠিকেই ঠাণ্ডা লাগিছিল বাবে জেকেট এটা, মূৰত টুপী, চানগ্লাচ, সৰু টাৱেল এখন, পানীৰ দুটা বটল লৈ লৈছিলো৷ তেতিয়াও অলপ আন্ধাৰ হৈ থকা বাবে সৰু ফ্লাচ লাইট এটাও লগত ল'লো৷ আগদিনাখন এখেতে হাইকিং কৰা লাখুটি দুডাল আনি থৈছিল কিন্তু নল'লো কাৰণ লগৰ জনীয়ে কৈছিল তাৰ দৰকাৰ নহ'ব পাৰে৷
ৰাতিপুৱাই পালোগৈ পাহাৰৰ তল য'ৰ পৰাই অভিযান আৰম্ভ কৰিম৷ মিছন শৃংগৰ উচ্চতা ২৫১৭ ফুট আৰু তলৰ পৰা ওপৰলৈ অহা-যোৱা দুইটা মিলালে প্ৰায় ৭ মাইলমান খোজকঢ়া হয়৷ সাধাৰণ গতিত গৈ থাকিলে অহা-যোৱা তিনিঘণ্টাৰ ভিতৰত হৈ যায়৷ ওপৰলৈ উঠা পথটো পূবমুখী বাবে পুৱা মুখতে ৰ'দ পৰে৷ সেইকাৰণেই ৰাতিপুৱা পাঁচবজাতেই উঠি যাত্ৰা আৰম্ভ কৰা হয় কাৰণ পিছত পাৰ্কিং পোৱাৰো দিগদাৰ লগতে ৰ'দটো ওলোৱাৰ আগেয়েই পৰ্বতৰ টিঙত উঠিব পাৰি৷ তেতিয়া ভাগৰ কম লাগে আৰু যাত্ৰাটো বেছি উপভোগ্য হয়৷
প্ৰথমদিন হিচাবে মোৰ যাত্ৰা সেইদিনা ভালেৰেই গ'ল৷ দুখনমান ফটোও তুলিলো চৰি থকা গৰু জাকৰ, টাৰ্কীও দেখিলো দৌৰি আৰু চৰি ফুৰা, নীলা-বেঙুনীয়া বনৰীয়া ফুলো দেখিলো মাজে মাজে দুই এঠাইত৷ নীলা নীলা কিবা এবিধ পৰিভ্ৰমী চৰায়ে জিৰণি লৈ থকা দেখা পাইছিলো মাজতে এডাল গছত৷ হাতত থকা পানীৰ বটল দুয়োটায়ে শেষ হৈ গৈছিল ওপৰলৈ উঠোতে৷ পৰ্বতৰ টিং পোৱালৈকে মাজে মাজে নিয়মীয়া ব্যবধানত একোখনকৈ মুঠ চাৰিখন বেঞ্চ আছে তাতে বহি ভাগৰ মাৰিবৰ কাৰণে৷ বেঞ্চ কেইখনৰ পৰা তলৰ প্ৰাকৃতিক দৃশ্য, দূৰৰ হ্ৰদ, উপসাগৰখন, দলং দুখনমান, ঘৰ-অট্টালিকা, কাষৰীয়া অন্য পাহাৰ-পৰ্বতবোৰ সুন্দৰকৈ উপভোগ কৰিব পাৰি৷ উপসাগৰীয় অঞ্চলটোৰ সোঁৱে বাঁৱে দুইফালেই যথেষ্টখিনি দেখা পোৱা যায়৷ মাজতে দুবাৰমান বহি প্ৰাকৃতিক সুধা পান কৰিলো৷
পৰ্বতৰ টিং পোৱাৰ ঠিক আগে আগে শেষৰ দুটা জাবৰ পেলোৱা বিন দেখা পোৱা যায়৷ এটাত সাধাৰণ জাবৰ-জোথৰ আৰু আনটো ৰিচাইকল বিন- প্লাষ্টিকৰ বটল, টেমা (কেন) কাগজ-পত্ৰ আদি পেলোৱাৰ বাবে৷ গোটেই যাত্ৰাটোত বহুত লোকক পাহৰ বগাবলৈ যোৱা দেখা পালো৷ সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি পৰিয়াল, বন্ধু-বান্ধবৰ দল, ডেকা-ডেকেৰী, বুঢ়া-মেথা, অকলশৰীয়া পৰ্বতাৰোহী সকলোধৰণৰ লোক৷ তাৰ মাজতে এবাৰ দেখিলো  প্ৰকাণ্ড মেটমৰা দুটা জাবৰৰ থৈলা লৈ এজন আদময়সীয়া লোক তললৈ নামি আহি আছে৷ আৰু তেখেতে ৰাস্তাটোত যাৰেই চকুৱে চকুৱে পৰিছে তেওঁকেই হাঁহি মাৰি সুপ্ৰভাত জনাইছে৷ মই পিছৰ আন এটি যাত্ৰাতহে গম পাইছিলো যে পাহাৰৰ ওপৰৰ পৰা জাবৰ তললৈ কঢ়িয়াই অনা পঞ্চাশ-ষাঠি বছৰ বয়সীয়াযেন লগা মানুহ কেইজন আচলতে স্বেচ্ছাসেবীহে আছিল৷ অৰ্থাৎ বিনা পাৰিশ্ৰমিকেৰে তেওঁলোকে পাহাৰটো যাতে পৰিষ্কাৰ হৈ থাকে তাৰ কাৰণে ওপৰৰ পৰা পাল পাতি জাবৰবোৰ তললৈ কঢ়িয়াই আনি উপযুক্ত ঠাইত আনি পেলাইহি৷ গোটেই পাহাৰটোত যিমানদিনেই গৈছো কোনোদিন এটাও কুটা এগছ জাবৰ বা ভঙা বটল আদি পৰি থকা নেদেখিলো৷ কেতিয়াবা ৰেঞ্জাৰ একোজনক লগ পাওঁ বাটত, হুইছেল মাৰি দিয়ে হঠাতে, কোনোবাই যদি চৰ্টকাট মাৰি পূৰ্বতে নিৰ্ণয় কৰি দি থোৱা পথৰ পৰা ওলাই ঘাঁহ বা পাহাৰৰ অন ঠাইত খোজ দিয়ে তেতিয়া সতৰ্ক কৰি দিয়ে৷ মাজে মাজে ফলকত লিখি থোৱা আছে যে নিৰ্ধাৰিত পথৰ পৰা বাহিৰত ওলাই খোজ কাঢ়িলে জৰিমনা ভৰিব লগা হ'ব পাৰে৷
প্ৰথমবাৰ বান্ধবীৰ সৈতে যোৱাৰ পিছত পিছত লাহে লাহে মন গ'লেই অকলেই যাব পৰা হ'লো পাহাৰ বগাবলৈ৷ আনকি আন কেইবাজনী বান্ধবীকো চিনাকি কৰাই দিলো ৰাস্তাটো৷ প্ৰতিবাৰতেই ভাল লাগি গৈ আছিল৷ এবাৰ বসন্তকালৰ কোনোবা এটি পুৱা পাহাৰ বগাবলৈ গৈ অভূতপূৰ্ব অভিজ্ঞতা হৈছীল৷ ডাৱৰে আধা ঢাকি ৰখা পাহাৰৰ কাণে কাণে গৈ থাকোতে এক স্বৰ্গীয় অনুভূতি যেন হৈছিল৷ টিঙৰ পৰা তললৈ সেইদিন একোৱে দেখা পোৱা নাছিলো, এখন বিশাল বগা কম্বলৰ বাদে৷ বেলিৰ পোহৰত কৃত্ৰিম ৰামধেনু সৃষ্টি হৈছিল টিঙৰ ঠিক তলতেই৷ অকণো ভাগৰ লগা নাছিল সেইদিনা৷ মন-প্ৰাণ বৰং বেছিকৈ জীপাল হৈহে উঠিছিল৷
আন এদিনৰ কথা৷ অকলে গৈছিলো সেইদিনা৷ অকণমান পোহৰ হৈছে তেতিয়া আৰু মাজে মাজে ৰ'দ পৰে মুখত৷ চানগ্লাচ আনিবলৈও পাহৰিলো সেইদিনা গতিকে মাজে মাজে মূৰ ঘূৰোৱা যেনো লাগিছিল৷ মাজে মাজে এনেকুৱা লাগিছিল আজি ওপৰলৈকে যাব পাৰিম জানো? কিন্তু একেবাৰে ওপৰলৈ যদি নেযাওঁ মোৰ সদায়ে কিবা এটা নিৰাশবোধ হয় মনত৷ গতিকে ঠিক কৰিছিলো যেতিয়াই নাহোঁ কিয় ওপৰলৈ যামেই লাহে ধীৰে হ'লেও৷ পানীৰ বটল ইতিমধ্যে দুটা শেষ হৈছিল৷ তেতিয়াও প্ৰায় এক পঞ্চমাংশ বাকী টিং পাবলৈ৷ তেনেকুৱাতে লগ পাইছিলো এজন বয়সীয়া লোকক৷ প্ৰায় মোৰ সমানে সমানেই আহি আছে৷ তেখেতেই প্ৰথমে সম্ভাষণ জনালে৷ প্ৰতি সম্ভাষণ জনাই সুধিলো আগতে তেখেতে আহিছেনে নাই৷ মোৰ আচৰিত হোৱাৰ পাল পৰিল যেতিয়া তেখেতে ক'লে তেখেতে হেনো এবাৰ ওপৰৰ পৰা আহিলগৈ কাহিলীপুৱাতে৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে  গৈ আছে৷ প্ৰতিদিনেই তেওঁ আহে আৰু এবাৰ ওপৰলৈকে যায়৷ শনিবাৰবোৰত ৰাতিপুৱাই দুবাৰ অহা-যোৱা কৰে৷ "আপুনি ইমান শক্তি ক'ৰপৰা পায়?" এনেই ধেমালিৰ চলেৰে সুধিলো, কাৰণ মোৰ নিজৰ ভাগৰত অৱস্থা নাই সেইদিনা৷ উত্তৰত তেখেতে ক'লে যে বহুবছৰৰ পৰাই তেওঁ এই পাহাৰটোলৈ নিয়মীয়া আহি আছে৷ ব্যতিক্ৰম তেনেকৈ হোৱাই নাই৷ আৰু আচৰিত হ'লো তেতিয়া যেতিয়া তেখেতে ক'লে তেখেতৰ বয়স সত্তৰৰ ওপৰ হৈছে অলপতে৷ মোৰ অৱস্থা দেখি ক'লে,  "একেদিনাই ফলাফলৰ বাবে আশা কৰিব নেলাগে৷ আজি ঘৰলৈ গৈয়ে আইনাত নিজকে চালে হয়তো ভাগৰুৱা, বুৃঢ়ী ৰুগীয়া যেন লগা মানুহজনীকহে দেখিবাগৈ৷ লগৰ বান্ধবীহঁতৰ সৈতে নিজকে আজি ৰিজাই চালে কোনো লাভ নাই৷ কিন্তু এয়াযে অকলে হ'লেও আহিছা, এৰি নিদিবা, আহি থাকিবা যেতিয়াই পাৰা, যিমান নিয়মীয়াকৈ পাৰা৷ তাৰ পাছত দহবছৰৰ পিছত চাবা নিজকে আইনাত, একে বয়সৰ, কোনো শাৰীৰিক ব্যায়াম নকৰা বান্ধবীৰ সৈতে ৰিজাই চাবা নিজকে, তেতিয়া দেখিবা পাৰ্থক্যখিনি৷ আৰু সেইযে দেখিছা ক্ষীণকায় বগা জেকেট পিন্ধালোক জন আমাৰ আগে আগে গৈ আছে? তেওঁৰ বয়স কিমান জানা? মোতকৈ চাৰিবছৰ বেছি৷ সদায়েই তেওঁক মই লগ পাওঁ৷ নামি আহোঁতে তেওঁ সদায় দৌৰি দৌৰি নামে৷ আৰু আজিলৈকে তেখেততকৈ মই বেছি বেগত খোজকাঢ়িব বা তেখেতক চেৰ পেলাব পৰা নাই৷ মই সদায় একেটা সময়তে আহোঁ, আৰু তেখেতক মোতকৈ আগতে গৈ থকাকে লগ পাওঁ৷ বাৰু এতিয়া মই তেখেতে দৌৰি দৌৰি নমাৰ আগতেই টিঙত গৈ লগ পাব লাগে, গতিকে তুমি আহি থাকা৷ লাগি থাকা, এৰি নিদিবা৷ শুভেচ্ছা থাকিল দেই" ৷ এই বুলি তেখেতে বেগ দিলে৷ মই হতভম্ব হৈ পৰিলো৷ কিন্তু তেখেতে যি কেইষাৰ কথা ক'লে কিজানি তাৰ অনুপ্ৰেৰণাতেই কেইবাবাৰো তাৰ পিছত টিঙলৈকে বগাইছো৷ তেখেতক তাৰ পিছতো দুবাৰমান লগ পাইছো তাত৷ তেখেতে সম্ভাষণ জনায়, মোকেই নহয়, সকলোকে, যাৰ যাৰ চকুৱে চকুৱে পৰে৷ শেহতীয়াভাবে অলপ বেমাৰ আজাৰ আৰু আন অসুবিধাৰ কাৰণে এবছৰমান যোৱাই নহ'ল৷ আৰু হঠাৎ এদিন যাবলৈ ওলাই আধালৈকেও যাব নোৱাৰিলো সেইবাৰ৷ ইমান ভাগৰ লাগিল! এৰি দিলে তেনেকুৱাই হয় কিজানি৷ আঠুঁৰ বিষ, মূৰৰ বিষ এইবোৰে উক দিব ধৰিছে আজিকালি সঘনাই৷ অলপতে ভাগৰো লাগে৷ বুঢ়ীয়েই হ'লো৷ তথাপি সত্তৰোৰ্ধ পৰ্বতাৰোহীগৰাকীৰ কথা মনত পৰিলে আকৌ যাবলৈ মন যায়৷ হয়, সোনকালেই আকৌ যাম৷ পাহৰ বগাম৷ আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰো নহয় পাহাৰৰ তলিলৈ য'ৰ পৰা গলিটো আৰম্ভ হৈছে৷ ইহঁতক স্কুললৈ অনা-নিয়া কৰোতে সদায়ে দেখো গহীন পাহাৰলানি৷ শৃংগটোৱে হাত বাউল দি মাতি থাকে৷ অলপ সময় উলিয়াই এদিন আকৌ যাব লাগিব৷ তাৰ পিছত আৰু এদিন, আৰু এদিন.....

Tuesday, February 10, 2015

জোনাকী

১) জোনাকী আৰু ভনীয়েক ৰিণিকি৷  সিহঁতৰ আইতাক বহুত দূৰত থাকে৷ আইতাকৰ লগত ফোনত কথা পাতি দুয়ো বৰ ভাল পায়৷ জোনাকীয়ে তৃতীয় মানত পঢ়ে আৰু ভনীয়েক ৰিণিকিয়ে থুনুক থানাক কৈ কথা ক'বলৈ শিকিছেহে৷ নিতৌ গধূলি আইতাকে সাত সাগৰৰ সিপাৰে ৰৈ থাকে সিহঁতৰ মাত শুনিবলৈ৷ কেতিয়াবা সিহঁতে গান গাই শুনায়৷

২) আইতাকৰ বয়স হৈ আহিছে৷ কালি বৰদেউতাই ফোনত ক'লে বোলে আইতাকে হেনো আজিকালি কাণেৰেও কম শুনে৷

৩) এসপ্তাহ হৈ গ'ল, জোনাকী আৰু ৰিণিকিয়ে আইতাকৰ লগত কথাই পাতিব পৰা নাই৷ আইতাকে হেনো সিহঁতৰ কথা  কৈয়ে আছে কিন্তু ফোনত তেখেতে একোৱে শুনা নেপায়৷ এতিয়া জোনাকীহঁতে কেনেকৈ আইতাকৰ লগত যোগাযোগ ৰাখিব?

৪) "মা, আমি আইতাৰ ঘৰলৈ কেতিয়াকৈ যাম?" - জোনাকীয়ে মাকক সদায় সোধে৷ মাকৰ এটাই উত্তৰ - "এতিয়া তোমালোকৰ স্কুল চলি আছে নহয়? গৰমৰ বন্ধত যাম দেই, তেতিয়া ভালকৈ আইতাৰ লগত কেইদিনমান কটাব পাৰিবা৷"

৫) জোনাকীৰ মনটোৱে উগুলথুগুল কৰি আছে, গৰমৰ বন্ধলৈ কেইবামাহো বাকী৷ ইমানদিন সিহঁতে কেনেকৈ আইতাকৰ লগত কথা নপতাকৈ থাকিব?

৬) জোনাকীহঁতৰ স্কুলত সিহঁতৰ প্ৰত্যেকৰে একোজন 'পাল' মানে বেলেগ ক্লাচৰূমত পঢ়া বান্ধৱী আছে৷ সিহঁতে কেতিয়াবা ইজনীয়ে সিজনীলৈ চিঠি লিখে৷ জোনাকীয়ে ভাবিলে তাই দেখোন আইতাকলৈও চিঠি লিখিব পাৰে৷

৭) "মা মা মই আইতালৈ চিঠি লিখিম৷ আইতালৈ তুমি চিঠিখন পঠাই দিব পাৰিবানে?" - জোনাকীয়ে দৌৰ মাৰি গৈ মাকক সুধিলে৷

"কিয় নোৱাৰিবা৷ বৰ ভাল কথা৷ আইতাই চচমা পিন্ধিলে ভালকৈ পঢ়িব পাৰে৷ যোৱা চিঠি লিখাগৈ, মই আজিয়েই ডাকত পঠাই দিম"৷

৮) জোনাকীয়ে মনত বৰ ৰং পালে৷ তাই লিখিলে -
"মৰমৰ আইতা,

মৰম ল'বা৷ আশাকৰো তোমালোকৰ ভাল৷ আমাৰো ভালেই৷ আমি এইবাৰ বিহুত এখন নাটক কৰিম৷ নাটকৰ নাম "কৰতল কমল"৷ গৰমৰ বন্ধত আমি তোমাৰ ওচৰলৈ যাম আৰু বহুত খেলিম দেই৷

মৰমেৰে,
ইতি,
তোমাৰ নাতিনী
জোনাকী আৰু ৰিণিকি৷"

ৰিণিকিৰ হাতত চিঞাহী অলপ লগাই তাইৰ হাতৰ চাপ দুটাও দিলে৷

৯) জোনাকীৰ মনটো বৰ ফাৰকাল লাগিল৷ আজিৰ পৰা তাই আইতালৈ নিতৌ চিঠি লিখিব৷ চিঠিত বহুত কথা লিখিব৷ আইতাই যে চিঠিখন পালে কিমান ভাল পাব!

ভাষা কোৱাৰ লাজ



ভাষা কোৱাৰ লাজ

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি থাকোতে মাতৃভাষাৰ প্ৰতি অন্ধ-প্ৰেম ইমানেই বেছি আছিল যে ইংৰাজী কাকত বা আলোচনী পালেও নপঢ়িছিলো, যেন ভাব হৈছিল ইংৰাজী দেখোন এনেকুৱা এটা ভাষা, যি গোটেই পৃথিৱীয়ে জানে, পঢ়ে, আৰু লিখে৷ সেয়ে আমাৰ অসমীয়া ভাষাটিহে যিমান পাৰি পঢ়িব লাগে, পঢ়ুৱাব লাগে লোককো পাৰিলে৷ মহাবিদ্যালয়লৈ যোৱাৰ পিছত আকৌ দেখিলো কেইজনমান শিক্ষকে ইংৰাজীৰ বাদে অসমীয়াৰ -টোও নকয় তেতিয়াহে নিজৰ অকৰামিখিনি উপলব্ধি কৰিলো৷ পিছে ইংৰাজীত কেঁচা মই অকলে নাছিলো, দেখিছিলো যে লগৰ কেইবাজনীৰো একেই অৱস্থা, আনকি ইংৰাজীত লেটাৰ লৈ অহা দুগৰাকীমানৰো তথৈবচ৷ ঠিক কৰিলো ৰেপিডেক্স ইংলিচ স্পীকিং ৰ্চ কিনি পঢ়িম, ঘৰত চেণ্টিনেলখন উধৰ পৰা মূধলৈকে পঢ়িম পুৱা বা গধূলি যেতিয়াই পাওঁ আৰু আমিকেইজনীমানে মনে মনে ইংৰাজীতে কথা পাতিম৷ এদিনাখনৰ কথা, জুলজীৰ ক্লাচৰ পৰা ফিজিক্সৰ ক্লাচলৈ দৌৰি থাকোতে অসাবধানবশতঃ কিবা এটা সৰু ইংৰাজী বাক্য ইমান ডাঙৰকৈ কৈ পালো যে আগে আগে গৈ থকা ইংৰাজীত ফৰফৰাব পৰা লগৰে দুজনীমানে ৰৈ ঘূৰি চাই দিলে৷ বৰ লাজ পালো৷ ভুল লো যেন লাগিল৷ কিন্তু লগৰ যিগৰাকীক কথাষাৰ কৈ আছিলো তাই আকৌ বুকু ফুলাই লে, দেখিছ, এতিয়া আমিও ইংৰাজী জানো বুলি সিঁহতে গম পাই নহয় এতিয়া কিমান পাট্টা পাবি চাই থাক৷ 
জুলজীৰ পৰীক্ষাত এবাৰ কিবা এটাৰ উদাহৰণ উল্লেখ কৰিব লাগে; উত্তৰটো শামুক বুলি জানো, ইংৰাজী প্ৰতিশব্দটো মনত নপৰেহে নপৰে৷ samook বুলি লিখি থৈ আহিলো৷ বহীবোৰ তেতিয়া ঘূৰাই দিছিল, দেখিলো যে বাইদেৱে সেইটোত  যি নম্বৰ পাব লাগে তাকেই দিলে, কটা নাই৷ তাৰ পিছত সাহস কৰি জুলজীৰ বাইদেউক অকলে লগ কৰি এদিন মোৰ ইংৰাজীৰ অৱস্থা কোৱাত বাইদেউৱে মিহলাই লিখিলেও বুলি লে৷ আৰু লে যে আমি ভাষাৰ পৰীক্ষা নলওঁ নহয়, তোমালোকে বিষয়টো কিমান জানা সেয়াহে চাম৷ আকৌ একেটা কথাকে ফিজিক্সৰ এজন চাৰক সুধি গালি খালোএইকণ ইংৰাজী নেজানিলে কেনেকৈ ?
তাৰ পিছৰ জীৱনত বহুবাৰ ঠেকা খাইছো ইংৰাজীৰ দূৰ্বলতাৰ বাবে৷ এইটো কাৰণতে দুটামান চাকৰিও গ্ৰুপ-দিছকাচনৰ পৰ্যায় পোৱাৰ লগে লগেই শেষ৷ কাৰণ ইংৰাজী নোলায় মুখেৰে৷ এনেকুৱা নহয় যে একেবাৰে নোৱাৰিছিলো, কিন্তু কিবা এটাই জিভাৰ আগত জেওঁৰা দি ৰৈ থাকে যেতিয়াই আকৌ লগা হয়৷ কিয় জানো ইংৰাজী কিতাপো পঢ়ি বেছি ভাল নেপাইছিলো দেখোন৷ আগতে বিদ্যালয়ৰ ইংৰাজী দ্ৰুতপাঠবোৰ বুজিবৰ কাৰণে নিজৰ কাৰণে প্ৰথমেই অভিধান চাই চাই অনুবাদ কৰি লৈছিলো৷ তথাপিও নহৈছিল, আৰু মোৰ এটা ডাঙৰ অসুবিধা বহুদিনলৈ আছিল- ঘৰৰ বা চিনাকী মানুহৰ আগত মুখেদি ইংৰাজী মৰি লেও নোলায়! বেমাৰেই নেকি সেইটো!
এদিন এনেকুৱা সময় আহিল ইংৰাজী শুনিবও লাগে, বও লাগে, টাইপিঙো কৰিব লাগে সকলো সময়তে৷ মাতৃভাষাত এষাৰি মাত শুনিবলৈ, এষাৰ কথা পঢ়িবলৈ কেতিয়া পাম পাম যেন লগা সময়তে ইণ্টাৰনেটত এই সকলোখিনি সুবিধা পাবলৈ ধৰিলো৷ পিছে ভাষা কোৱাৰ লাজটো কিয় হয়? লক্ষ্য কৰিছো আজিৰ দিনৰ ৰা-ছোৱালীবোৰ তেনে নহয় দেখোন, আচলতে আমাৰ দিনতো ইমান নাছিল, মোৰ দৰে দুজনীমানগাৱঁলীয়াছোৱালীৰ বাদে৷ অসমীয়া মাধ্যমত পঢ়িছে বুলি কোনেও ইংৰাজীত অসহজ নহয়৷ এয়া হয়তো ইণ্টাৰ্নেটৰ পৰোক্ষ সুফল৷ কিন্তু হয়তো কুফলো আছে- কিছুমান ৰা-ছোৱালীয়ে হেনো অসমীয়া নকৈ ইংৰাজীহে কয়, অসমীয়াত পঢ়ি অহা বুলিও নকয়, সেইটো পিছে অতিপাত তাঁৰ ছিঙা কথা!
অনুভৱ হয় ভাষা যিমানেই জনা যায়, সিমানেই ভাল৷ এতিয়া মোৰ ছোৱালীহঁতক নিয়মীয়া চেকআপত নিওঁতে চিকিৎসকে প্ৰায়ে সোঁৱৰাই দিয়ে, যাতে ঘৰত মাতৃভাষাহে যাতে কওঁ৷ নহলে সিহঁতে বুজি পালেও কোৱাৰ লাজ এটাৰ কাৰণে কোনোদিনে পুৰাকৈ নিশিকিব৷ এই যে জানিলেও বা বুজিলেও কোৱাৰ লাজ, অসহজ ভাৱটো কিছুমান মানুহৰ কিয় হয় বাৰু? বহুদিনৰ পৰা ভাবি আছো কিয়, কাৰণ এবাৰ আৰম্ভ কৰিলে অভ্যাসটো ৰাখিলে খোকোজা ভাৱবোৰ আতঁৰি যায়৷ যিকোনো ভাষা শিকাৰ আগ্ৰহ, মাতৃভাষাত কথা কোৱাৰ উৎসাহ যাতে বাঢ়ি যায়, হয়তো ঘৰখনতেই হওক বা আৰু ল’ৰা-ছোৱালীৰ পঢ়াশালিতেই হওক, শিক্ষাগুৰু তথা অভিভাৱক হিচাবে আমাৰ দায়িত্ব বহুত! তথাপি কেতিয়াবা হাৰি যাওঁ দেখোন লাগে৷ মোৰ ছোৱালীহঁতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে,  স্বেচ্ছাসেবী দল এটিয়ে ইয়াত কণকণহঁতক অসমীয়া শিকায়, তালৈও পথাওঁ, ঘৰত উধাই মুধাই অসমীয়াই কওঁ, তথাপিও সিহঁতে নিজৰ মাজত ইংৰাজীহে কয়৷ মৰম কৰি সোধো প্ৰায়ে, মই ইংৰাজী ভালকৈ নেজানো, বুজিয়ে নেপাওঁ, কৈ ভালো নেপাওঁ, মোৰ লগত, মোৰ সমুখত সদায় অসমীয়া ক’বাচোন? সিহঁতে কয় সিহঁতৰ হেনো লাজ লাগে, কিজানি ভুল হয় কওঁতে৷ সেয়ে কেতিয়াবা অসমীয়া কয় কেতিয়াবা নকয় দুষ্টকেইজনীয়ে, মনত পেলাই দিব লাগে – অসমীয়াত কোৱাচোন!
মোৰো আছিল এসময়ত, ইংৰাজী কোৱাৰ লাজ, এতিয়া ছোৱালীহঁতৰ অসমীয়া কোৱাৰ লাজ! ভাষা কোৱাৰ লাজ! কিন্তু কিয়?