ফ্ৰেচাৰ্চ, কাণগধুৰ বেমাৰ আৰু কিছু ইন্ট্ৰ
----/////-----
আঠ নম্বৰত সোমাইছো মাত্ৰ তেতিয়া৷ কুৱঁলী পৰি থাকোতেই ওলাই যাব লাগে মাৰ্চ পাষ্ট প্ৰেক্টিচলৈ৷ চকুত টোপনিৰ আবেশ থাকেই ক’ত আৰু মনোযোগ দিয়া যায়৷ চিনিয়ৰ বাইদেউ এজনীয়ে সদায় প্ৰথমে চিঞৰএটা মাৰে - ”হস্তিনাপুৰ এক” নে কিবা বুলি৷ তেতিয়াই ঠেং দুটা আগৰজনীক চাই চিধা কৰিব লাগে বুলি জানো৷ পিছৰখিনি টান নহয়৷ আগৰ গৰু যেনি যায় পিছৰবোৰো তেনি যায় মূলমন্ত্ৰৰে ধুনীয়াকে চলি যায়৷ বহুদিন ঢেকী দিয়া টাইপত মাৰ্চ পাষ্ট কৰিলো৷ এদিন বাইদেউ এজনীয়ে কৈয়ে দিলে অ তুমি চিৰা খুন্দিবানেকি হে? ভৰি চিধা কৰা! তাৰ পিছতো বিপদ৷ আন এগৰাকী বাইদেৱে ক’লেহি তুমি ৰাছিয়ান ৰেদগাৰ্ড নেকি অ? আঁঠু আছেনে নাই? পিছত ঠিকহ’ল কিবাকে৷ হস্তিনাপুৰ বুলি কেলৈ কয় কিন্তু বহুদিনলৈ নুবুজিলো৷ আৰু আচৰিত কথা পাইছিলো আন কোনো এজনীয়েও ফিচিঙা ফিচিং কৰা নাই এই চিঞৰটো শুনাৰ লগে লগে৷ মোৰতো পিছলে হাঁহি টিপি থওঁতে অবস্থা কাহিল৷ এদিন বাইদেউগৰাকীক পোনপটীয়াকে গৈ সুধি দিলো- এই হস্তিনাপুৰ আৰু আঠ নম্বৰ হোষ্টেলৰ কানেকচনটো কি! তেখেতে যিটোহে চাৱনি দিলে! তথাপি সেপ ঢুকি আকৌ সুধিলো ৷ এইবাৰ বাইদেৱে ঢেকঢেককৈ হাঁহিলে৷ ”হোষ্টেল নাম্বাৰ এইট” বুলিযে কয় টোপনিৰ জালত সেইটো মই আচলতে সদায় হস্তিনাপুৰ এক বুলিয়ে শুনিলো৷ কাণৰ গণ্ডগোলেই হ’ব৷
কাণ যে ঘূণীয়া তাৰ প্ৰমাণ আৰু আছে৷ চিনিয়ৰ দুজনী বাইদেউৰ লগত তৃতীয় নে চতুর্থ সান্মাষিকত থকাৰ কথা৷ এদিন বিৰাট গৰম পৰিছিল৷ বাইদেউ এগৰাকীয়ে আন এগৰাকীক বুজাই আছে কিমান বেছি গৰম পৰিছে এইবাৰ! মই সাধাৰণতে ৰূমত টোপনিৰ ভাও ধৰি চিনিয়ৰবোৰৰ কথা আৰু আড্ডা যিমান পাৰি শুনো আৰু তলৰ মহলাত পৰিণীতা মৌচুমীহঁতৰ ৰূমত আহি পিছত আমাৰ ”ফাইল”ৰ আড্ডা যেতিয়া বহে ৰহণ সানি তাকে কওঁহি৷ যেনে আমাৰ লগৰ কোনজনীক অমুক বাইদেৱে ধুনীয়া দেখে তমুক কাৰণত ইত্যাদি ইত্যাদি৷ যিকি নহওক গৰম পৰিছিল সিদিনা যথেষ্ট৷ আগৰদৰে টোপনিৰ ভাওত মই৷ এজনী বাইদেৱে কৈ উঠিল ইচ ৰাম ৰাজেশ খান্নাৰ যে কিমান গৰম চাগে৷ মই ভাবি ভাবি ওৰ নাপালো ৰাজেশ খান্নাৰ কেচটো কি? মানুহজনৰ চাগে বিৰাট হাইপ্ৰেচাৰ সেইকাৰণে গৰমটো বেচি লাগে৷ জানিবৰ মন গ’ল এনেয়েও ডি ডি ৱানৰ কৃপাত চোৱা চিনেমা কেইখনৰ সূত্ৰৰ বাদে ৰাজেশ খান্না বা আন যিকোনো অভিনেতাৰ বিষয়ে বৰ বেছি নাজানিছিলো৷ পিছত গম পালো যে বাইদেৱে ৰাজস্থানৰ কথাহে কৈছিল৷
এই কাণৰ বেমাৰটো পিছে মোৰে অকল নাছিল৷ লগৰ এজনীৰো অলপ ভালকৈয়ে আছিল৷ এবাৰ তাইক গৰমপানী আছে নেকি বুলি সুধোতে মুখখন মেলি অলপ দেৰি ভেবা লাগি চাই থাকিল৷ নাচাবনো কিয়! তাই শুনিছিল বয়ফ্ৰেণ্ড আছে নেকি বুলি৷ মোলৈ এই বেমাৰটো তাইৰ পৰাই সোঁচৰিছিলে যেন পাওঁ৷ নামটো নকওঁ নেকি খাব মোক!
ঘূৰি পুনৰ মাৰ্চ পাষ্টলৈ যাওঁ৷ আমাৰ বহুতৰে সেই বিশেষ ক’লা জোতাযোৰ নাছিল৷ কোনোবাই যদি বাপেকৰ পুৰণা জোতা পিন্ধিলে, কোনোবাই লগৰ এজনীৰ ভায়েক বা ককায়েকৰ জোতা গোটাই লৈছিল৷ মই পিন্ধাজোৰ আছিল ভাইটিৰ লগৰ ল’ৰাৰ ককায়েকৰ৷ মোৰ কাৰণে ডোনাল্ড ডাকে পিন্ধাৰ দৰে হৈছিল চাইজটো৷ তাৰোপৰি পিন্ধাৰ আগতে মকৰাজাল আৰু ঘূগুলা এগাল গুচাইহে পিন্ধিব পাৰিছিলো৷ যিকি নহওক আমাৰ ফ্ৰেচাৰ্চ চচিয়েল বৰ ভালদৰেই গ’ল৷ নবাগত আদৰণিৰ কথা ওলাওঁতে পিছে হুঁচৰিৰ কথাই মন ভৰাই তুলিছেহি আকৌ! ৰূপমৰ বিহুগীত, অলকেশৰ ঢোল, আৰু পৰিণীতা, দিপানীতা, মৌচুমী আমি বিলাক হ’লো নাচনীৰ চেম্পুল৷ চৌকেনদা, সুজিতদা হঁতে শিকায়হে শিকায় আমি ভাগৰত লেবেজান দি যাওঁ নাচি নাচি৷ অনুষ্ঠানটো হৈ যোৱাৰ পিছত হ’লে অলপ দুখ লাগিছিল- এবাৰেই আহে জীৱনত এনে পৰব! তাৰোপৰি নবাগত আদৰণিৰ লগে লগে ৰেগিং -- উপ্স! ’ইন্ট্ৰডাকচন’ বোৰো শেষ হৈ আহিল৷ সেয়াও আছিল আন একো একোটা অধ্যায়৷ লগৰ এজনীয়ে এবাৰ চিনিয়ৰ দাদা এজনে কিবাকিবি সুধি থাকি মাজতে ’আমাক ভয় কৰিছা নেকি’ বুলি কওঁতে তাই কৈছিল ’কিয় আপোনালোক জন্তু নেকি?’ .... তাৰপিছত কি হ’ল ক’ব নোৱাৰি আৰু ইয়াত!
আকৌ এবাৰ হোষ্টেলত মই জীৱনত প্ৰথমবাৰৰ বাবে টুইস্ট নাচি দেখুৱালো... চবেই বিচনা-চকীৰ পৰা বাগৰি বাগৰি পৰিবলেহে বাকী! আন এবাৰ হ’ল কি গান গাবলৈ দিলে৷ ভাবিলো কিবা এটা ’অথেন্টিক’ পৰিবেশন কৰো৷ যাতে বৰ ভাল ছোৱালী বুলি ভাবে আৰু বাইদেউসকলে৷ বিয়ানাম এফাকি গালো৷ চবেই ক’লে বৰ ভাল গাইছাদেই৷ ফুলি গ’লো৷ এইবাৰ ইংৰাজী গাবলৈ দিলে৷ ক’লো অভ্যাস নাই৷ আচলতে উই ছেল অভাৰকাম বাদ দি আৰু কিবা গানৰ অআকখ জানিলেহে! এইবাৰ দিলে ’সোণৰ খাৰু নেলাগে’ গাবলৈ৷ গালো৷ আকৌ গাবলৈ ক’লে৷ গালো৷ আকৌ এবাৰ, আকৌ গালো৷ হিচাপ নোহোৱা হ’ল কেইবাৰ৷ ভাবিলো মোৰ ইমান টেলেন্ট আছিল বুলি মই নিজেই নাজানো! গৌৰবত ফুলি থাকোতেই এবাৰ মন কৰিলো ফিচিঙা ফিচিঙি আৰু হাঁহি ৰখাব নোৱাৰি ফোঁহকে যে হাঁহিটো ওলাই আহে তেনেকুৱা অবস্থা বহুতৰে৷ বুজি নেপালো মোকেই হাঁহিছেনে? মইটো যি কৰিবলৈ কৈছে তাকেই কৰি আছো৷ কোনোমতে হাঁহি ৰখাই বাইদেউ এজনীয়ে এবাৰ গান গোৱাৰ মাজতে ৰখাই ক’লে হৌৰা তুমি গান মুখেৰে গাবলৈ কিয় টান পোৱা? চব নাকেদি গাইছা৷
No comments:
Post a Comment