Friday, April 26, 2013

পদ্য-৪

লেবেল আৰু ভেবেল - ১
লেবেল আৰু ভেবেল গধূলিখন বজাৰলৈ যায়
কিজানি কোনোবাখন দোকান হয়তো খোলাই পায়
লেবেলে বোলে কৰিম কিবা এটা
হাতত হ'লে নাই ফুটাকড়িও এটা
অসম বন্ধ বুলিয়েই জানো নোখোৱাকে থাকিব পায়?

ভেবেলে বোলে, পালোৱেই যেনিবা এখন খোলা দোকান
বাকীত খুজি ফুৰিবলৈ নাই জানো আত্ম-সন্মান
বহুত হ'ল এই হাজিৰাগিৰিৰ কাম
ঘৰৰ ল'ৰা ঘৰলৈ মুঠতে ঘূৰি যাম
খেতি বাতি কৰি খাম, কাইলৈকে চহৰৰ পৰা কৰিম প্ৰস্থান ৷

লেবেলৰ লাগিল দুখ, নেযাবি ফটকৈ এনেকৈ এৰি
কেইটাই খাইছে আজিৰ দিনত খেতি-খোলাখন কৰি
এশঘণ্টীয়া অসম বন্ধ আছে চলি
বাছো নাই চলা এই বন্ধডালকে বুলি
ভাল দিন আহিবই, চোৱা যাওকচোন দুদিনমান চিন্তা কৰি৷

হওঁতে লেবেল আৰু ভেবেল দুয়োজন এম, এ, পাছ
একেলগে জালুকবাৰীত নিয়মিত কৰিছিলে ক্লাচ
নিতৌ দেখিছিল সোণালী সপোন
নিষ্ঠাৰেই কৰিব জীৱনক আপোন
কিনো হ'ল বাৰু যদি হ'ল দুবছৰ নোখোৱা চিতল মাছ৷

ভেবেলৰ মনত পৰে সেই সোণোৱালী দিনৰ কথা
লেবেলৰ ভনীয়েকে দিছিলে চুৱেটাৰ হাতেৰে গোঠা
কম কম বুলি নহ'লযে তাইক কোৱা
এবছৰেই হ'ল তাইৰ বিয়া হৈ যোৱা
ৰৈ গ'ল অন্তৰৰ কোঠাত এটি আশা চিৰদিনলৈ হৈ গোমোঠা৷

লেবেলৰ ঘৰ চহৰত যদিও মাটি-বাৰী হ'লে নাই
পিছে আছে এগালমান তাৰ নিবনুৱা ককাই-ভাই৷
পঢ়া-শুনা কৰি সাং
আকাশত পাতি চাং
গোটেইকেইজন ওলাই যায় ইণ্টাৰভিউ দিবলৈ ব্ৰহ্মপুৱাই৷

ভনীজনীৰ বিয়াত খৰচ কৰিয়ে বাপেক হ'ল লাওলোৱা
আকাৰে ইংগিতে পুতেকহঁতক কয় পাৰিলে নিজে ঘটি খোৱা
এইবছৰতে ল'ব অৱসৰ
এৰিব চহৰ আৰু ভাড়াঘৰ
তেতিয়ালৈকে সংস্থাপন নহ'লে লেবেলৰ লাগিব যোৱাথোৱা৷

শেষত দুয়ো কৰিলে ঠিক বহুতো ভাবি-গুণি
ভেবেলৰ গাৱঁলৈকে যাবগৈ এদিন দিনবাৰ গণি
কৰিব খেতি দুয়ো বিজ্ঞানসন্মত
পলসুৱা মাটি, ফচল হ'বই উন্নত
দিহিং-পৰীয়া সপোন এটিয়ে যেন মনত কৰিছে আমনি৷

Tuesday, April 9, 2013

বিশ্ব অভিলেখ -চুটি গল্প



বিশ্ব অভিলেখ
অৱশেষত আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা! কনেঙে দিনটো গৰু চৰাই আহি ঘৰ সোমাই দেখিলে তাৰ অইনাজনী দেখোন মন মাৰি আছে আজি৷ কি বা হ’ল! সোধাত হে উৰহী গছৰ ওৰটো ওলাল ওচৰৰ ঘটিৰাম আৰু বাতিৰামৰ ঘৰলৈ হেনো টিভিৰ মানুহ আহিছিল৷ একেবাৰে কেমেৰালৈ! সিহঁতে যোৱা মাহৰ পৰাই চাঁচি থকা বাঁহৰ কামিবোৰেনো কি কৰিব কোনেও নাজানিছিল কিন্তু হঠাৎ ফেচবুকত ফটো দেখিহে মানুহে গম পালে যে সিহঁতে প্ৰায় আঢ়ৈশ বৰ্গফুটৰ বাহঁৰ বিচনী এখন সাজি উলিয়ালে ভিতৰৰ চোতালত৷ কোনোবাই গীনিজ বুকলৈ খবৰটো দিয়াত আজি ঘটিৰাম বাতিৰাম বিশ্ববিখ্যাত হৈ পৰিল৷ অইনাৰ সেইটোৱে দুখ৷ ঘটিৰাম বাতিৰাম মেট্ৰিক ফেইল ল’ৰা আছিল কিন্তু কনেঙ কলেজ গৰকা ল’ৰা৷ কনেঙে হে বিখ্যাত হ’ব লাগিছিল! দুদিন আগলৈকে দেখোন গীনিজবুক ফেচবুক বুলি কোনো বুকৰে তাই নাম নলৈছিল৷ এতিয়া তাইৰ কথা হ’ল যেনেতেনে কনেঙেও কিবা এটা অভিলেখ কৰিব লাগে৷ বহুত বুজোৱাৰ পিছত মান্তি হ’ল কনেঙ কিন্তু এটা চৰ্ততহে – বিশ্ব অভিলেখ সি অকলে নকৰে, দুয়োটাৰে নাম হোৱা কিবা এটা কৰিব লাগিব৷ অয়নাই ইতিমধ্যে ‘আইডিয়া’ কিছুমান গোটায়েই থৈছিল যেনে এশ মিটাৰ দীঘল তিলপিঠা তৈয়াৰ কৰা, আটাইতকৈ ওখ টঙীঘৰ সাজি উলিওৱা, আটাইতকৈ চুটি এড়ী চাদৰ বৈ উলিওৱা, এহেজাৰ সৰিয়হ গুটিৰ ওপৰত ‘জয় আই অসম’ বুলি লিখা ইত্যাদি৷ কিন্তু আহুকাল হ’ল এই গোটেইবোৰৰ কাৰণে বহুত সা-সঁজুলি, ধৈৰ্য তথা ধন লাগিব কেঁচা সামগ্ৰী কিনিবলৈ! কি কৰা যায়৷ কিবা এটা সহজ হ’লে ভাল আছিল৷ গোটেই ৰাতি ভাবি থাকিল দুয়ো৷
মাজ ৰাতি অইনাই হঠাৎ চিঞৰ মাৰি উঠিল- “উঠচোন উঠ ঐ? পাই গ’লো পাই গ’লো”! কনেঙৰ টোপনি গৈছিল আচলতে৷ খপজপকৈ উঠিল সি৷ কিবা পালে এইজনীয়ে মাজৰাতিখন! “সোনকালে ক’ কাইলৈ বহুত কাম আছে” “থ তোৰ কাম, মই যিটো কৰাৰ কথা ভাবিছো, তেতিয়া আমি আৰু এইবোৰ কাম কৰিব নেলাগে বুইছ৷ ভাল দিন আহিব আমাৰ৷ আমাৰ ঘৰলৈও টিভি আহিব৷ আমাৰ ফটো ল’ব৷ ফেচবুকত, বাতৰিকাকতত, টিভিত ওলাম৷ ফৰেইনৰ পৰা পইচা পঠাব গীনিচে৷ কি ঠিক ফৰেইনলৈ মাতি নিবও পাৰে সিহঁতৰ ফালে ইমান গুণী মানুহ নাইতো৷ আমাৰ জকাইচুক, জংঘল বুলি সকলোৱে হঁহা মুলুকতে যোৱা কেইদিনত দেখা নাই কিমান গুণী লোক ওলাইছে৷ কম কথা নেকি?” চৰকাৰে আমাকো সম্বৰ্ধনা জনাব চাবি৷” “আইডিয়াটোনো কি কচোন আগতে”৷ “তিলপিঠা আকৌ” “তিলপিঠা? মানে এশ মিটাৰ দীঘল...” “নহয় অ’ ডাঙৰকৈয়েই কিবা এটা কৰিব লাগিব বুলিটো কথা নাই৷ সেইকাৰণে ওলোটাতো কৰিম” “কিমান সৰু কৰিবি? এক ইঞ্চি?” “নহয়, এক ইঞ্চি দীঘল তিলপিঠা যিয়ে সিয়ে কৰিব পাৰিব, পিছৰ দিনাই কোনোবাই ৰেকৰ্ডটো ভাঙি পেলাব৷ মই কি ভাবিছো জান?” “কি?” “এটা চাউল, এটা তিল আৰু এটা চেনীৰে তিলপিঠা৷ চাউলটো গুড়ি কৰি সাৱধানেৰে তাত তিলকণ ভৰাই দি কৰিম৷ মই দুদিনমান প্ৰেক্টিচ কৰি ল’ম নহয় চিন্তা নকৰিবি” কনেঙৰ চকু দুটা উজলি উঠিল, তাৰ মানুহজনী ইমান গুণী বুলি সি ভবাই নাছিল পাই! চকুৰ আগত তাৰ ইউৰোপৰ মানচিত্ৰখন ভাঁহি আহিল, বৃটেইনৰ প্ৰাসাদত এক বৃহৎ তিলপিঠাৰ ভোজত যেন ৰাণীয়ে বিহু বুলি নিজৰ হীৰাখচিত আঙুঠি এটা অয়নাক পিন্ধাই দিছে!! বেৰৰ জলঙাইদি অহা পুৱাৰ ৰ’দ কাচলিকণো তাৰ কেমেৰাৰ পোহৰ যেন লাগি চকু জলক তবক লগালেহি৷

Friday, April 5, 2013

এখনি মৰমৰ তিলপিঠা



এখনি মৰমৰ তিলপিঠা

মোৰ জীৱনৰ বৰ্তমান এটাই লক্ষ্য
এখনি তিলপিঠা কিবাকে কৰাই ভক্ষ্য
আইয়ৈ পিঠাৰো থাকে বগা লনি দেহা
ভিতৰে বাহিৰে যাৰ নাই তিতা-কেহাঁ
প্ৰভূ কিমান সহিম আৰু এই পিঠাপনাৰ দুৰ্ভিক্ষ!

ঢোল বজা নাই পাহাৰৰ টিঙত, দিয়া
পেঁপাৰ টিহিটি কি আছিল, এহ বুজাই দিয়া;
চকুমুদা কুলিত গৈ কুলিৰ সংজ্ঞা
ঢেকী জীয়াই থকাৰ কাৰণ নোহোৱা
বৰদৈচিলায়ো আইক কৈছে এইবাৰ নাযাওঁ দিয়া৷

চিঠি লিখাই লিখিছে, মই লিখিছো ইমেইল
আইয়ে বুজি পায় নকৰে ‘ব্লেকমেইল’
কৈছিলে, তিলপিঠা ওলাইছে বজাৰত
পঠাই দিমনেকি হেৰৌ এই সপ্তাহত
জিভাৰ পানী গিলি ক’লো ধৰা পৰিলে তই যাবি জেইল৷

কালি এঘৰলৈ গৈছিলো খাবলৈ এসাজ চাউল
সুধিলো চুচুক-চামাককৈ পিছে লগালো আউল
শাহুৱেকে বোলে আনিছিল দুটামান পিঠা
ঘৰত তৈয়াৰ কৰা বোলে ব-অ-ৰ মিঠা
পিছে হ’লে কি হ’ব, বিমানবন্দৰত ভূতে পাই কৰিলে ‘ফাউল’৷

নাৰিকল পালো, তিলো পালো আৰু গুঁড়ো পালো
পিছে বৰা চাউলটোহে ক’ত পাওঁ কতযে ঘূৰিলো
জেচমিন বুলি এটা ‘স্টিকি ৰাইচ’ পাই
তাকে পৰীক্ষাগাৰত বাপ্পেকে দিলো সুমুৱাই
“এইবোৰ পিঠা নে কি ঔ”, বুলিচোন গালিহে খালো!

কঁকালৰ ৰাম নাম কেতিয়াবাই সত্য যদিও
উৰাই ঘূৰাই বিহু গালো-নাচিলো, ল’লো ভিডিও
দৰ্শক নাই, কাৰণ সকলোৱে মঞ্চত
ঘৰলৈ আহি লাগি গ’লো ফটোশ্বপত
হে: হে:, “আমি বিহু পাতিলো” বুলি দিলো পঠাই বাতৰিও৷

পিছে, নহ’লযে খোৱা তিলপিঠাখনি মৰমৰ
বৰদৈচিলাজনীৱেও ঠেঁহতযেন সোমায় ৰোহঘৰ
পিঠাপনাৰ সপোন থ’লো সামৰি
ব্যস্ত জীৱনে আকৌ পেলালে পাহৰি
বহাগ আকৌ আহিব, সন্ধিয়াৰ বগলীজাকৰ সৈতে অসমীআইলৈ পঠালো হিয়াভৰা খবৰ৷