Tuesday, March 12, 2013

গল্প - প্ৰাচীৰ

খোলো নোখোলোকৈ সীমাই আজি দক্ষিণফালৰ খিড়িকীখন খুলিলে৷ ৰ'দ-বতাহ কাহানিও একোৰে সোৱাদ নোপোৱা খিড়িকীখন খুলিলে কেৱল ৰঙামাটিৰ গৰাটোৰ বাদে একোৱেই দেখা নাযায়৷ অথচ উত্তৰফালৰ খিড়িকীদুখনেদি সিহঁতেযে দীপৰবিলৰ কত মনোমোহা ৰূপ চোৱা নাই যোৱা দুমাহে!
    আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিছে৷ কি আচৰিত, খিড়িকীখনেদি বৰষুণৰ টোপাল এটাও আহিব পৰা নাই৷ মস্ত শিলাময় পাহাৰটোৰ এইটোফালে মাত্ৰ পাঁচটা ঘৰহে আছে৷ তথাপিও মহানগৰীত দামী ভাড়াঘৰবোৰ তাইৰ পাৰ্টটাইম চাকৰিটোৰে বলে নোৱাৰিব বুলিয়েই গীতিকাৰ সৈতে এইটো ঘৰ ল'লেহি৷ মালিকো থাকে পূবৰ ফালে ৎকা অলপ ভাল কোঠাকেইটাত৷
   সিহঁত দুয়োজনীৰে বেছ ভয় লাগিল৷  কাৰণ সিহঁতৰ ঘৰৰ ওপৰতো বিৰাটাকায় পাহাৰটোৰ মূধচৰ পৰা যথেষ্ট তলত এটা প্ৰকাণ্ড শিলে তাৰ একছত্ৰিতাকে ভৰণপোষণ দি আহিছে সিহঁতে দেখাৰ পৰাই৷ কিন্তু এইটো শিল খহিলে এইফালৰ পাঁচোটা ঘৰটো বাদেই, তলৰো গোটেই এলেকাটোৰ ক্ষতি হ'ব৷ মাজতে এবাৰ আলোচনাও কৰিলে বেলেগ ঘৰ বিচাৰিব নেকি! কিন্তু তেতিয়া সিহঁতৰ অফিচলৈও দূৰ হ'ব, নাইট কলেজলৈও অহাযোৱা কৰিব নোৱাৰিব আৰু তাতোকৈ ডাঙৰ কথা মাহে মাত্ৰ গাইপতি এশ টকা দি দুটাৰুম আৰু ক'তো নেপাব৷ লাইট-পানীৰ সুবিধাখিনিতো আছেই৷ সিহঁতে শুনিছিল মালিকৰ হেনো চহৰৰ কোনোবা এটা দামী এলেকাত ঘৰমাটি সকলো আছে৷ কোনোবা অফিচক ভাড়া দি ৰাখিছে৷ সেইফালেই কিবা চাকৰি পালে ভাল আছিল৷ মালিকজনৰ ব্যৱহাৰপাতি ভাল৷
  যি কি নহওক শিলাখণ্ডটোৱে বোধকৰো সিহঁতৰ প্ৰাৰ্থনা শুনিলে৷ সপ্তাহজোৰা প্ৰৱল বৰষুণতো তাৰ গা নলৰিল৷ ৰাতি শোৱাৰ সময়ত দুইজনীয়ে শিলটোৰ ফালে মূৰ দোৱাঁই প্ৰণাম কৰে৷ আৰু ত্ৰস্তমান হৈয়ে নিদ্ৰাৰ কোলাত ঢলি পৰে দুয়ো৷ ৰাতি পুৱালেই দুয়ো বাহিৰলৈ ওলাই চায়; সি অকনমানো ইফাল-সিফাল হৈছে নেকি৷ সাইকাৰণেই সপ্তাহৰ  মূৰত যেতিয়া বৰষুণ এৰিল দুয়ো বৰ শান্তি পালে৷
  বহুদিনৰ মূৰত দৰ্শন দিয়া বেলিটোৱেও যেন কঢ়িয়াই আনিলে অনাবিল কৰ্মোদ্যম৷ এই উদ্যমৰ মাজতেই গীতিকাই এটা কাণ্ড কৰি পেলালে৷ বাতৰিকাকতৰ কোনোবা এচুকত পাই তাই কিবা ৱাক-ইন-ইণ্টাৰভিউ এটা দি থৈছিল চহৰৰ দক্ষিণফালে৷ আৰু চাকৰিটোও পালে এতিয়া৷ দৰমহা-পাতিও ইয়াতকৈ ভাল৷ অহা সপ্তাহতে যোগ দিবগৈ লাগে৷ নাইট কলেজৰ পঢ়াশুনা গ'ল আৰু৷ এনেয়েও সীমাইহে তাইক জোৰ কৰি বি, এএডমিচন লোৱাইছিল নিজৰ লগ এটা হ'ব বুলি৷ এতিয়া দুয়োজনীয়ে বিপাঙত পৰিল৷ নতুন কৰ্মস্থলীত এটাকৈ হ'লেও ৰুম এটা বিচাৰিব লাগিল৷ ভাড়াঘৰ বিচৰাৰ তিক্ততাখিনি আৰু সীমাৰ চপাই লোৱাৰ ইচ্ছা নাছিল৷ আৰু গীতিকা গুছি গ'লেও সীমাৰ ইয়াৰপৰা যোৱাৰো মন নাই তেনেকে'৷ এশটকীয়া ঘৰ, বি-এৰ ক্লাচ, এইবোৰতো আৰু বতাহত উৰিফুৰা সুবিধা নহয়৷ আকৌ গীতিকাৰো চাকৰিটো হেৰুওৱাৰ ইচ্ছা নাই৷
  অৱশেষত ঠিক হ'লযে গীতিকাই প্ৰথম কেইদিনমান ইয়াৰপৰাই অহাযোৱা কৰিব৷ অন্য এটা ঘৰ ঠিক নোহোৱালৈকে৷ কিন্তু সই ঘৰটো দুয়োজনীৰ বাবে সুবিধাজনক হ'ব লাগিব৷ নহ'লে সীমাই আন কাৰোবাক ইয়ালৈ লৈ আহিব গীতিকা গুছি গ'লে৷ 
  হঠাৎ কিবা এটা জোকাৰণিত সীমা সাৰ পাই গ'ল৷ ভূমিকম্প নেকি? অ' ঘৰটো দেখোন ল'ৰিবলৈ ধৰিছে৷ সেইদিনা ৰাতি সিহঁতে পলমকৈ শুইছিল৷ 'ঐ গীতি, গীতি উঠচোন৷ কিবা এটা হৈছে, উঠ৷' খকমককৈ গীতিকাই সাৰ পায়েই চিঞৰিলে, 'শিলটো খহিছে নেকি বাৰু?'
  গোটেই মানুহবোৰ বাহিৰতে আছিল৷  বৰষুণো দেখোন দি আছে৷ ৰাতিপুৱাৰ উজ্জল ৰ'দচেৰেঙাৰ বিপৰীতে কেতিয়ানো ক'লামেঘে আকাশ চানিলে সিহঁতে গমেই নেপালে৷ ভূমিকম্পই আছিল সেয়া৷ সময় বোধকৰো আঢ়ৈ মান বাজিছিল৷ ওপৰৰ শিলটোলৈ চাই আকৌ সিহঁতে ভগৱানক ধন্যবাদ জনালে৷
  ৰাতিটোৰ বাকীচোৱা আৰু সিহঁতৰ শোৱা নহ'ল৷ নাই, গীতিকা আৰো কোনোপধ্যেই পাহাৰীয়া ঘৰত নাথাকে৷ লাগিলে তাই বেছি ভাড়া দি বেয়াঘৰ এটাই বন্দৱস্ত কৰিব৷ কিন্তু এতিয়াই মৰিব নোখোজে তাই৷ তাইৰ কথা হ'ল, তাই মৰিলে বুঢ়া বাপেকক চাব কোনে? মাহেকৰ মূৰত তাই পঠিওৱা টকাকেইটাৰে বাপেকে গাৱঁৰ ঘৰটোত খেতিখোলা কৰি টুকটাককৈ জীয়াই আছে৷ লগত অন্ধ ভায়েকটোক লৈ৷ সীমাৰ উপায় নোহোৱা হৈছে৷ তাইয়ো যদি গীতিকাই পোৱা ঠাইখিনিতে চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলেহেঁতেন৷ ধুমুহা বৰষুণৰ মাজেদিয়েই এশ এবুৰি চিন্তা মূৰত লৈ দুইজনীয়ে আকৌ শুবলৈ চেষ্টা কৰিলে৷
  ৰাতিপুৱাই আকৌ দক্ষিণৰ খিড়িকীখনৰ হুককেইটা খুলিলে সীমাই৷ কিন্তু ই কি!! খিড়িকীখন যেন কিহবাই হেঁচা মাৰিহে থৈছে বাহিৰৰ পৰা৷ দৌৰ মাৰি তাই চাবলৈ বাহিৰলৈ গ'ল৷ হয়তো, উভাল খোৱা কিবা গছ এজোপাৰ ডাল এটাই ৰাতি কোন তলকত পথালিকৈ পৰিল খিড়িকী আৰু গৰাটোৰ মাজত খবৰেই নাই সিহঁতৰ৷ তাৰমানে কালি ধুমুহাও ভালদৰেই হৈছিল৷
  ওপৰলৈ চালে তাই৷ শিলটো বাৰু অলপ ইফাল-সিফাল হৈছে নেকি?  আগতকৈ যেন সি অলপ ওচৰলৈ আহিল৷ হয়তো ভ্ৰমো হ'ব পাৰে তাইৰ৷ 'গীতি, ঐ গীতি চাহিচোন, শিলটো নামিছে নেকি?' গীতিয়ে ভিতৰত শুনিয়েই যিটো চিঞৰ মাৰিলে, মালিকৰ ঘৰৰ মানুহো ওলাই আহিল৷ নাই, তেওঁলোকে বিশ্বাস নকৰিলে শিলটো খহিব পাৰে বুলি৷ কিন্তু গীতিকা সম্পূৰ্ণ পতিয়ন গ'ল - শিলটো নিশ্চয় যোৱাৰাতিৰ ভূমিকম্পত অলপ হ'লেও লৰিছে৷ কিন্তু সি যেন এইফালে নপৰি বাওঁফালেহে পৰিব যদি পৰিব লগা হয়৷ কাৰণ সেইফালে পূব৷ হে ভগৱান...বাওঁফালেতো বহুত মানুহৰ ঘৰ! 
  যোৱাৰাতিৰ ভূমিকম্পত বোলে শৰণিয়া পাহাৰৰ ৰঙামাটি খহিল৷ অৰ্থাৎ যোৱাসপ্তাহৰ বৰষুণ কোমল কৰা মাটি দুদিনৰ ৰ'দতো কুমলিয়ে থাকিছিল৷ মানুহ মৰা নাই যদিও দুটা ৰাস্তা বন্ধ হৈ আছে৷ গান্ধীবস্তিতো ৰঙা বোকাপানীৰ নদী বৰ ধৰিছে হেনো৷
  বৰষুণ এৰা নাই৷
  আজি দেওবাৰ৷ সিহঁতে ভাবিছিল, বৰষুণ এৰিলে ঘৰ বিচাৰি যাবই৷ গীতিকাই বৰষুণৰ মাজতো অকলেই যাবলৈ ওলাইছিল৷ মুষলধাৰাৰ বৰষুণপ্ৰকোপত তাই ৰাস্তাৰ পৰাই ঘূৰি আহিলগৈ৷ কাৰণ ৰাস্তাৰ নামত আছিল একাঁঠু মটীয়া ৰঙৰ এখন কোবাল নৈ৷
  এতিয়া কি হ'ব সিহঁতৰ, দুই নাওঁ দুই ভৰি৷ তাতে ভয়ংকৰ বৰষুণ৷ শিলটোৱে যেতিয়ালৈকে কৃপা কৰে তেতিয়ালৈকে সিহঁত জীয়াই থাকিব, ইয়াতে থাকিলে৷
  এই দূৰ্যোগৰ মাজতে মালিকৰ ঘৰৰপৰা তেওঁলোকে দক্ষিণপ্ৰান্তত থকা ঘৰটোলৈ যোৱাৰ সিদ্ধান্তটোৰ বিষয়ে সিহঁতে গম পালে৷ তাকো হেনো এই কেইদিনতেই তেওঁলোক যাব৷ অফিচটো তাতে থাকিব যদিও কাষৰ দুটামান ৰুমত নিজে ভাড়াতীয়াৰ দৰে থাকিবগৈ যেতিয়ালৈকে বলিয়া বাৰিষাৰ ওৰ নপৰে৷ সম্ভৱ সিহঁতৰ আগত শিলটো স্থিৰ বুলি ধৰি লোৱা যেন দেখালে তাৰ শক্তিৰ তেওঁলোকে ভালকৈয়ে অনুমান কৰিব পাৰিছে৷ 
  সীমা আৰু গীতিকা সচাঁই বৰ বিমোৰত পৰিল৷ ক্লাচলৈ যোৱাটোতো বাদেই, এতিয়া কামলৈ যাবলৈও সিহঁতৰ বিপদ হ'ল৷ বৰষুণ এৰে এক দুই ঘণ্টাৰ বাবে, বাকী সময়ত বৰষুণ আৰু কেৱল বৰষুণ৷ ইমানবোৰ পানী কেনেকৈ আকাশত ওলমি আছিল বাৰু?
   এনেকুৱা বতৰতে এদিন কিনকিনীয়া বৰষুণত সিহঁতৰ মালিকে ঘৰটো অস্থায়ীভাৱে তলামাৰি আৱশ্যকীয় বস্তুবাহানিখিনি লৈ সপৰিয়ালে সিটো ঘৰলৈ গ'ল৷ যাবৰ সময়ত তেওঁলোকে সিহঁতকো বেলেগ ক'ৰপালৈ পাৰিলে কেইদিনমানৰ বাবে যাবলৈ কৈ গ'ল৷ পিছে যাবা ক'ত? ঘৰ বিচাৰিবলৈকে সিহঁতে সময় পোৱা নাই৷ যিবোৰ চাইছে এতিয়ালৈকে আটাইকেইটাই সুবিধাজনক নহয়৷ ক'ৰবাত লাইট নাই, ক'ৰবাত পানী পৰে, ক'ৰবাত পানীৰ কাৰণে বা বাথৰুমৰ কাৰণে লাইন কৰিব লাগে, ক'ৰবাত বেৰ ঘূণে খাই খহি পৰো পৰো৷ তথাপি এইটোতকৈ যথেষ্ট দামী আটাইকেইটা৷ অটা পছন্দ হৈছিল সবফালৰ পৰাই৷ কিন্তু যিমানহে ভাড়া ক'লে সিহঁতে আৰু সেইটোৰ নাম ল'বলৈ সাহস কৰা নাই৷ তথাপিও সিহঁতে প্ৰায় তিনিগুণ দামী আৰু প্ৰায় একেখিনি সুবিধা থকা দুটা ৰুম অৱশ্যে পছন্দ কৰিলেগৈ৷ অহা দেওবাৰেই বস্তুবোৰ লৈ যাব৷ াজত তিনিদিনহে বাকী আছে৷ এই তিনিদিনত শিলটোৱে লৰচৰ নকৰিলেই ৰক্ষা৷
  প্ৰায় সত্তৰঘণ্টাৰ মূৰত আকৌ বৰষুণ আৰম্ভ হৈছে৷ এনেদৰে হৈছে যেন বৰুণদেৱতাই আগতে কেতিয়াও বৰষুণ দিবলৈ পোৱাই নাছিল৷ চহৰৰ টকলা পাহাৰকেইটাৰ সম্ভাব্য অৱস্থা, নতুন ঘৰটোৰ সুবিধা-অসুবিধাখিনি আৰু শিলটো আজিও খহিব পাৰে নেকি জাতীয় কথা পাতি পাতি সিহঁতৰ ৰাতি গ'ল৷ পিছদিনা শনিবাৰ, অফিচলৈ দুয়োজনীয়ে নোযোৱাটোকে ঠিক কৰিলে৷ ৰাতিটো ভালেৰে পাৰ হ'লে, যদি কাইলৈ বতৰ ফৰকাল হয় তেনেহ'লে কালিলৈকে দুয়ো বদলি হৈ যোৱাৰ কথা আলচ কৰিলে৷
  ৰাতি খকমককৈ দুয়োজনীয়ে যেন কিবা এটা অদ্ভূত গুমগুমনিত সাৰ পালে৷ ঘৰটো যেন কিছু কঁপিছেও৷ আকৌ ভূমিকম্প নেকি? নে শিলটো....!!! গুমগুমনিটো আৰু জোকাৰণিটো অৱশ্যে অৱশেষত বন্ধ হ'ল৷ কিন্তু ভূমিকম্প হ'লেতো এনেদৰে শব্দ নহয়৷ ভালদৰে পোহৰেই হোৱা নাই, তাৰোপৰি আপদীয়া বৰষুণজাক দিয়েই আছে৷ নহ'লে বাহিৰলৈ ওলাই চাব পৰা গ'লহেঁতেন৷ সিহঁতে ভয়ে ভয়ে পোহৰ হোৱালৈ বাট চালে৷
  ৰাতিপুৱা বাহিৰলৈ ওলাই আহি সিহঁত অবাক হ'ল৷ বৰষুণ কিনকিনিয়াকৈ দি আছে৷ সিহঁতৰ ঘৰৰ আশে পাশে অ'ত ত'ত কিছুমান ওভালখোৱা গছৰ মূঢ়া, মাটিৰ লদা, সৰু শিলৰ টুকুৰা ইত্যাদি৷ মান লেতেৰা পেতেৰা হৈ আছে গোটেইখন! ওপৰলৈ চই দেখে যে শিলটো দেখোন একে ঠাইতে আছে৷ উ: ৰক্ষা! সীমাই এটা স্বস্তিৰ নিশ্বাস এৰিলে৷ 'সীমা চাচোন চা - শিলটোৰ ওপৰত সেইবোৰ কি' ৷ হঠাৎ গীতিকাৰ চিঞৰ শুনি তাই এতিয়াহে মন কৰিলে...ওভাল খোৱা গছগছনি, সৰুবৰ শিলাখণ্ড আৰু পাহাৰটোৰ মূধচৰ পৰা খহি অহা ৰঙামাটিৰ এটা মেটমৰা বোজা সহি শিলটোৱে সিহঁতক যেন কৈছে - "ধৈৰ্য ধৰ আইহঁত, ধৈৰ্য ধৰ...."
  ৰাতিৰ গুমগুমনিৰ অৰ্থটো সিহঁতে এতিয়াহে বুজি পালে৷
ৰচনাকাল - ১৯৯৬

Monday, March 11, 2013

গল্প - খিড়িকী

  হাকালৰ অদৃশ্য ৰথত কোন পথে নামি আহি ক’ত হেৰাই গ’ল অতবোৰ বছৰ মই যে নাপাওঁ খবৰ৷ এতিয়া আৰু মই তেতিয়াৰ মইজনী হৈ থকা নাই৷ বছৰৰ হিচাপে বুঢ়ী কৰি দিয়া মইজনীয়ে সদ্যহতে যুগৰ হিচাপ কৰি আয়ুস বঢ়ায়েই আছো, অথচ এবাৰলৈও গম নাপালো মোৰ অন্তিম সন্ধিয়াটোৰ দিনবাৰ কেতিয়াকৈ পৰিছে৷ লগৰ অনেকেই এতিয়াও সৰু সৰু কথাতে প্ৰাণখুলি হঁহা দেখিলে দৌৰি গৈ শৈশৱটোক আঁজুৰি আনিবৰ ইচ্ছা হয় - দুৰ্বাৰ! কেতিয়াবা নাতিনীজনীৰ লগত লুডু খেলাত ব্যস্ত হৈ পৰো৷ খেলাৰ অংশ হিচাপে বিজয়প্ৰাপ্তি হ’লে এতিয়াও মূহুৰ্তৰ বাবে লাগে যেন উষ্ণ পৰশত শুভ্ৰ হিমানী গলি বুকুয়েদি বৈ যায় শীতল নিজৰা – এক অলৌকিক প্ৰশান্তি৷
  এতিয়া মই ওপৰমহলাৰ নিৰ্জন কোঠাটোত খিড়িকীৰ কাষত বহি বাহিৰলৈ চাই আছো, - একেৰাহে বহুঘণ্টা ধৰি৷ এয়া নতুনত্ব নহয়৷ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে কিছুমান দৈনন্দিন কামৰ পৰা ফালৰি কাটিব পাৰিলেই ইয়াতে মই নিজকে আৱিষ্কাৰ কৰি পেলাওঁ৷ মোৰ কৰ্মক্ষেত্ৰও আছিল এই ঠাইটুকুৰাতেই৷ বিদ্যুৎ পৰিষদৰ ঘেগেলা অফিচটোৰ নিৰ্দিষ্ট টেবুলখনৰ কাষতে দিনটোৰ বেছিভাগ সময় কটোৱাৰ পাছত আকৌ সময়বোৰ অতিবাহিত কৰিছিলো এই খিড়িকীৰ কাষত বহিয়েই৷ চাকৰিৰ গতানুগতিকতাই এই চকী-খিড়িকীৰ সৈতে মোৰ সংহতিটো বহুতগুণে প্ৰৱল আছিল যেনেই লাগে৷ মই এই ঘৰটো ভাৰালৈ লওঁতে এজোৰ পাৰ পুহিছিলো, প্ৰথম মাহৰ দৰমহাৰেই৷ কালক্ৰমত সিহঁতে কণী পাৰিলে, উমনি দিলে আৰু নোদোকানোদোক আৰু এহাল পাৰ ওলাল৷ তাৰ পাছত আৰু এহাল৷ আৰু এহাল...৷ ইতিমধ্যে প্ৰথমৰ দুটামান পুৰুষ মৰিহজি গ’ল৷ মোৰ কাৰণে এহাল নতুন পাৰৰ জন্মই ঘড়ীৰ কাঁটাস্বৰূপ হৈ পৰিছিল৷ খিড়িকীখনৰ কাষত অকলশৰে বহি দূৰলৈ চাওঁতেও সিহঁতৰ ৰূণ শুনিলে মই নি:সঙ্গ অনুভৱ কৰা নাছিলো৷ কিমান হাল পাৰৰ বাৰু সৃষ্টি হৈছিল? সেই পৰিসংখ্যাই হয়তো মোক সময়ৰ সাম্যক ধাৰণা এটি দিলেহেঁতেন৷
  হয়তো দুবছৰমান হ’ল, হ’ব পাৰে, দহবছৰমানেই হ’ল কিজানি; হঠাতে পাৰৰ জাকটো ক’ৰবালৈ উৰি গৈছিল৷ সিহঁত ক’ত গৈছিল মই খবাৰ নল’লো৷ অথচ খিড়িকীখনেদি দেখা সিহঁতৰ জাকটো দিগন্তত বিলীন হৈ যোৱাৰ দৃশ্যটো এতিয়াও মোৰ মনত আছে৷
  মই কিনা প্ৰথম পাৰহাল শুধ বগা ৰঙৰ আছিল৷
  কাৰণ বগা ৰং (?) মোৰ প্ৰিয়তম ৰং৷ অফিচলৈ প্ৰায়ে বগা কাপোৰ পিন্ধি যোৱা দেখি দুই এক সহকৰ্মীয়ে প্ৰশ্নও নকৰা নহয়, মই বিধবা নেকি? কেতিয়াবা হুমুনিয়াহেৰে মূৰ দুপিয়াই দিওঁ – তেওঁলোকে আৰু সুধি আমনি নকৰে৷
  মোৰ জন্ম এটি মধ্যবিত্ত পৰিয়ালৰ অন্যতম দূৰ্ঘটনাস্বৰূপ আছিল৷ ঘৰখনত মই আছিলো এক অবাঞ্চিত প্ৰাণী, অষ্টম সন্তান৷ মোৰ খহটা স্বভাবৰ বাবে সৰুৰেপৰা কাৰোৰে মৰম বুটলিবলৈ সক্ষম হোৱা নাছিলো৷ ঘৰখনৰ প্ৰতিও মোৰ কোনো আকৰ্ষণ নাছিল৷ অভিভাৱক ৰূপী মাদেউতা অথবা দাদাক্হঁতে কেনেদৰে মো্লৈ পইচাপাতিৰ যোগান ধৰিছিল কেতিয়াও মূৰ ঘমোৱাৰ প্ৰয়োজনবোধ নকৰিছিলো৷ সেয়েহে শিক্ষা সম্পূৰ্ণ কৰিয়েই ভাগ্যৰ বলত চাকৰিটো পাই ঘৰলৈ পিঠি দিছিলো৷ মোৰ কোনোবাই খবৰ লোৱাও মনত নপৰে, ঘৰৰ মানুহবোৰ, দাদা-বাইদেউ-নবৌ, ভিনদেউ, ভাগিন-ভাগিনী আদিৰে সম্বোধন কৰিবলগীয়া জীৱজগতখনৰ কোন ক’ত আছে, নে নায়েই গম নাপাওঁ৷ আশ্চৰ্যজনকভাৱে মোৰ একাকীত্বক সদায়ে ভৰণপোষণ দি কিবা পৰ্যায়ত উপনীত কৰোৱাৰ পাছতো এবাৰলৈও জীৱনৰ প্ৰতি বিতৃষ্ণা অথবা অনুশোচনা অহা নাছিল৷
..মোৰো এখন সংসাৰ হৈছিল – যাৰ অৱশিষ্ট এতিয়াও আংশিকভাৱে সত্য৷
..সংসাৰখনৰ দুটা প্ৰধানভাগ আছিল, – পাৰৰ জাকটোৰে সৈতে মোৰ সংসাৰ খন আৰু ভীতিৰ সৈতে আনখন....৷
  ভীতি মোৰ ছোৱালী৷ স্কুল-কলেজ গৰকি এইখিনি অৱস্থা পোৱালৈকে কোনো ল’ৰাই মোক ভুলতো প্ৰেম নিবেদন কৰি নেপালে, বা হয়তো সাহস কৰা নাছিল৷ বাৰ্ধক্যৰ কোনোবা এটা দিনত খিড়িকীখনৰ কাষত বহি থাকোতে মোৰ সন্দেহেই হৈ্ছিল, মোলৈ যৌৱন অহাই নাছিল নেকি? মোৰ নিজৰো কাৰোবাক ভাল লগাৰ মিঠা অনুভূতিৰ কথা মনত নপৰে৷ স্কুল-কলেজৰ দিনবোৰত দৰ্শনৰ কিতাপবোৰ আছিল মোৰ সংগী- মুঠতে দহটামান শব্দৰ জৰিয়তে মোৰ কথা-বতৰা সকলোৰে লগত সীমিত আছিল৷ অথচ কিযে সংপৃক্ত আছিল তাৰো আগৰ দিনবোৰ – শৈশৱৰ! অগহীন, উদ্দাম, বহুবল্কিতাৰে পয়োভৰ দহটামান বছৰৰে মই শৈশৱৰ ৰচনাখন মুখস্থ কৰি হঠাতে বিস্মৰণ কৰাৰ তাড়ণা অনুভৱ কৰিছিলো৷ উপলব্ধি কৰিছিলো নি:সঙ্গতাতকৈ একোৱই যেন মোৰ শ্ৰেষ্ঠ বন্ধুত্বৰ দাবী কৰিব নোৱাৰে যেন৷ মোৰ কোনো স্থায়ী মানৱ-বন্ধু নাই অথবা বান্ধৱীও৷ শৈশৱত এনে এক বন্ধু, সমনীয়া বুলিলে শুৱাব, মই পোৱা নাছিলো যাৰ লগত কাজিয়া লগা নাছিলো এবাৰো৷
  মই বাৰু এবনৰ্মেল আছিলো নেকি?..??
...মোৰ জন্মদিন সম্বন্ধে মই অজ্ঞাত৷ সেইদৰে ভীতিৰ জন্মদিনো মই নেজানো৷ মোৰ চাকৰিকালৰ প্ৰথম দুবছৰমানৰ ভিতৰতে হয়তো তাইৰ জনম হৈছিল৷ মনত ৰাখিবলৈ সুবিধা হ’ব আৰু বছৰে বছৰে শুভেচ্ছা বা উপহাৰ দাবী কৰিব নোৱাৰিব বুলি নিকটতম অধিবৰ্ষটোৰ অতিৰিক্ত দিনটো তাইক দি দিছিলো, তাইৰ অজানিতেই৷
  মোৰ ভীতি আছিল খন অনাথ আশ্ৰম কণমানি সদস্যা৷ কি ভাবি নেজানো, তাইক হঠাতে চুৰ কৰি লৈ আহিছিলো, আশ্ৰমৰ মুকলি চোতালত খেলি থকা এজাক সৰু-বৰ ল’ৰা-ছোৱালীৰ মাজৰ পৰা৷ তাই আছিল মোতকৈয়ো এখোপ চৰা৷ অতি প্ৰয়োজনীয় দুটামান শব্দৰ বাহিৰে তাই কাৰোৰে সৈতে ভাৱৰ বিনিময় নকৰিছিল৷ কিন্তু সকলো কামতেই তাইৰ শৃংখলিত ঢংটোৰ প্ৰতি লক্ষ্য ৰাখি মই তাইক উচ্চশিক্ষা দিয়াৰ পৰিকল্পনা কৰিছিলো৷
..তাইৰ মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ দিনা এই ঘৰটো মোৰ নামত কিনি পেলালো৷
...পাৰৰ জাকটো বাঢ়ি আহিছিল৷ সিহঁতক খাদ্যৰ বাবে পোহা নাছিলো যদিও সিহঁতে মোৰ উপাৰ্জনৰ এক বৰ্ধিত অংশ দাবী কৰি অহা কথাটো অতি সোনকালেই চকুত পৰিছিল৷ কুটিল হাঁহি এটা মাৰি সিহঁতক খিড়িকীখনৰ ওচৰৰ পৰা প্ৰশ্ৰয় দিছিলো৷
  ভীতি বৰ ভয়াতুৰ ছোৱালী আছিল৷ তাইক আশ্ৰমৰ পৰা ধৰি আনোতে তাই কিবা এটা চক খাই গোটেই জীৱনলৈ তাৰ প্ৰভাৱটো ধৰি ৰাখিব নোৱাৰিছিল৷ এদিন টোপনিতে তাই বিৰবিৰকৈ কিবা কৈ আছিল...টৰ্চটোৰ পোহৰ মুখৰফালে মাৰি দিয়াৰে লগে লগে এটা বিকট চিঞৰ মাৰিছিল, টৰ্চটো নিজৰফালে টোঁৱাই কুটিল হাঁহিটো মাৰি দিছিলো৷ তাই বেছি ভয় খাইছিল৷ ৰাতিপুৱাই তাইক নাম এটা দিলো – ভীতি৷ ভীতিয়ে প্ৰতিবাদ কৰিব নেজানিছিলে কাৰণেহে বাচিলো – অৱশ্যে পৰোক্ষভাৱে মোৰ আচৰণ আৰু অমনোযোগিতাৰ দ্বাৰাই তাইক সেইখিনি সুবিধাৰ পৰা বঞ্চিত কৰি থোৱা হৈছিল৷
  তাই পঢ়াশুনাত ভাল বুলি স্কুলৰ প্ৰধানহঁতে ডাকত পঠোৱা নম্বৰতালিকাই বাৰে বাৰে সোঁৱৰাই থাকিছিল৷
..এদিন তাইক দিল্লীলৈ বুলি কটা আইচি ৭৩৭ উৰাজাহাজখনৰ টিকটটোৰে সৈতে বৰঝাৰত এৰি থৈ আহিলো৷ এবাৰলৈও দুয়ো এটি বিদায়সূচক শব্দৰ বিনিময় নকৰিলো, যেন আমি নিতৌ এইদৰে এৰাএৰি হৈয়ে থাকিছিলো৷ ঘৰলৈ আহি পুনৰ খিড়িকীৰ কাষত বহি পাৰৰ ৰুণ শুনি আছিলোহি৷
তাইলৈ পইচা পঠাওঁ, প্ৰাপ্তিস্বীকাৰৰ কাগজখিলা ঘূৰি আহে, তাতকৈ অধিক কোনো যোগসূত্ৰই আমি জীৱিত থকাৰ প্ৰমাণ দিবলৈ সক্ষম হোৱা নাছিল৷
..এদিন হঠাতে তাই এখন নৱবৰ্ষৰ কাৰ্ড পঠাইছিল, মই উত্তৰ নিদিলো৷ পাঁচবছৰৰ উচ্চশিক্ষিতাৰে শিক্ষিতা ভীতিয়ে এদিন এহাল মানুহৰ ফটো এখনৰ সৈতে দুশাৰীৰ এখন চিঠি লিখিছিল মোলৈ – আশীৰ্বাদ বিচাৰি৷ পুন: উত্তৰ নিদিলো৷ কিন্তু পইচা পঠোৱাৰ প্ৰক্ৰিয়াটো অচিৰেই শুই পৰিছিল৷ খিড়িকীখনৰ কাষত বহি সেই ফটোখন চাই থাকি কোনোবা এটা অন্যমনস্ক মূহুৰ্তত সেইখন ফালি পেলাইছিলো৷ পাৰৰ ৰুণে তেতিয়াও মোৰ উপস্থিতিৰ কথাহে সোঁৱৰাই দিছিল৷ সন্ধিয়া আকাশখনৰ ৰংটো পৰ্যবেক্ষণ কৰি নিজৰ মাজত হেৰাই গৈছিলো মই, দৃষ্টিয়ে মহাকাশৰ শেষ বিন্দুটোৰ সন্ধান কৰি কৰি ভাগৰি নপৰা নাছিল তেতিয়াও৷
..কেইবছৰমানৰ পাছত ফটোখনৰ ছোৱালীজনীয়ে বুকুত এটুকুৰা জীয়া মঙহ সাৱটি কলিংবেল বজাইছিলহি৷ দুৱাৰখন খোলাই আছিল৷ মই খিড়িকীখনৰ কাষত পাৰৰ ৰুণ শুনাত ব্যস্ত আছিলো, এহাল পাৰই কাজিয়া লাগিছিল৷ মতা পাৰটোৱে যেন মাইকীজনীক কৈছে, ‘হেৰৌ পাখৰী, ভালে ভালে তই সেই কজলাটোক এৰ৷ নহ’লে তোক খেদাই দিম৷’ মাইকীজনীয়েও নিতাল মাৰি থকা নাছিল, ‘তই বগীৰ লগত কালিৰেপৰা কুটা কঢ়িওৱা মই দেখা নাই হ’বলা?’ শেষত মতাটোৰ বিজয় হৈছিল সম্ভৱ, কাৰণ পাখৰীজনী এফালে উৰি গৈছিল৷ অলপ পাছতে দেখিলো, পখৰাই বগীৰ বাহলৈ কুটা কঢ়িওৱাত ব্যস্ত৷ কজলাটোৱে কিন্তু পাখৰীক ওভোটাই আনিবলৈ নগ’ল৷
..ভতিৰ কোলাত সেইজনী তাইৰেই ছোৱালী প্ৰীতি৷ তাইৰ জন্ম কিমানমাহৰ আগতে হ’ল  নুসুধিলো৷ প্ৰায় একমিনিট প্ৰীতিৰ মুখলৈ চাই থাকিয়েই যেন মই সকলোখিনি বুজি  উঠিলো এনে লাগিল৷ আৰু একো কাকো সোধাৰ প্ৰয়োজন নাই, কোনেও কাৰোবাক কৈফিয়ৎ দিয়াৰো যেন দৰকাৰ নাই তেনেদৰেই বহুতদিনৰ মূৰত লোকে তৈয়াৰ কৰা একাপ চাহ খিড়িকীখনৰ কাষত বহি পান কৰিলো৷
..সেইদিনা ৰাতি দুপৰ হ’লত ঘৰটোত এটা নোহোৱা নোপজা ঘটনা ঘটিল৷ কেচুঁৱাৰ চেপা কান্দোনত মোৰ নিদ্ৰাভঙ্গ হ’ল৷
  মাজনিশা এদিন কেচুঁৱাই নকন্দা দেখি টৰ্চটো হাতত লৈ ভীতিক চাবলৈ গ’লো৷ তাই মুখেৰে কিবা বিৰবিৰাই আছিল৷ টৰ্চটোৰ পোহৰ প্ৰথমে প্ৰীতিৰ মুখলৈ মাৰি চালো৷ ট-ট কৈ চকুহাল মেলি তাই টৰ্চটোলৈ চালে৷ তাৰ পিছত মাকৰ মু্খলৈ পোহৰৰ আপতন বিন্দুবোৰ পঠিয়াওঁতে সেই পুৰণা ভীতিজনী যেন জীৱন্ত হৈ উঠিল৷ তাইৰ বিকট চিঞৰটোৰ লগে লগে কেচুঁৱাই কান্দিবলৈ আৰম্ভ কৰিলে৷ এটা স্বস্তিৰ নিশ্বাস পেলাই মই আকৌ বিচনাত বাগৰ দিলোহি৷
  পাছদিনা সাৰ পাই উঠি জীৱনত প্ৰথমবাৰৰ বাবে আচৰিত হ’লো৷ খিড়িকীখনৰ কাষত বহা একমিনিটো হোৱা নাই, ভুৰুংকৈ এটা মিশ্ৰিত শব্দৰ অৱতাৰণা কৰি হঠাতে পাৰৰ জাকটোৰ লগতে মোৰ কলিজাটোকো সময়ে আঁজুৰি যেন দলিয়াই দিলে৷ অপলক নেত্ৰে বিস্ময়ত থৰ লাগি ৰ’লো৷ মোৰ যেন হাতভৰি ন্ধা, উফৰি শেঁতা পৰা কলিজাটো ক’ৰ পিতনিত পৰিলগৈ চাবলৈ শক্তি নাই আৰু যেন আহৰিও নাই৷ খিড়িকীখনৰ ওচৰত আগৰদৰেই স্থবিৰ হৈ ৰ’লো৷ প্ৰকৃতিৰ চিৰাচৰিত আহ্বানত এসময়ত মোৰ সম্বিত ঘূৰি আহিল, সদায় অহাৰ দৰে৷ গতানুগতিকতাই পুনৰ গ্ৰাস কৰিলে মোৰ চপাশৰ বাতাবৰণ, লগতে মোৰ সৈতে বাস কৰা প্ৰাণী দুটোকো৷
  প্ৰীতিৰ তিনিবছৰমান হ’লত এদিন মোৰ কৰ্মজীৱনৰ অৱসান ঘটিল৷ ই মোক দিলে নিত্য-নৈমত্তি ধাৰাবাহিকতা ৰক্ষা কৰাত নতুন স্বাদ৷ নতুন অভিনৱত্বৰে পুৰণা দিনলিপিৰে পুনৰাবৃত্তি৷ অথচ ইয়াত কিবা এটা নাই নাই যেন লাগিলেও বহুত বেছি কিবা আ্ছে আছে যেন ভাৱটোহে  অধিক প্ৰৱল হৈ উঠিছিল৷ যেন সেইদিনাই মোৰ অন্তৰ্জীৱনত অপাৰ্থিৱ আলোকৰ ৰেখাপাত হ’ল৷ মনৰ অস্থিৰ জৰুৰী অৱস্থাটো যেন মনোকান্তিত পাৰৰ ৰুণৰ অনাকাঙ্খিত অনুপস্থিতি তথা নীৰৱতাই জৰা-মৰণে স্পৰ্শ কৰো কৰো হোৱা দেহকান্তিৰ বিষাদগ্ৰস্ততাক অৱদমিত কৰি ৰাখিবলৈ সক্ষম হ’ল৷ ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়লৈ খিড়িকীৰে চাইয়ে আছিলো, চাইয়ে আছিলো তেতিয়াও৷ সেই পুৰণা প্ৰশ্নটোৱে আকৌ এবাৰ উকিয়ালে, “মই এবনৰ্মেল নেকি বাৰু?”
  আন এদিন ভীতিয়ে অদূৰৰ হাইস্কুলখনলৈ ৰাতিপুৱা গধূলি অহাযোৱা কৰিবলৈ ধৰিলে৷ তাইৰ বিশ্ববিদ্যালয়ত কিহত অনাৰ্চ আছিল, সেই অনাৰ্চ শেষত ৰৈছিলগৈ নে নাই মই নেজানো৷ কিন্তু স্কুলৰ পৰীক্ষাবোৰত সদায়েই তাই অংকত আশী-নব্বৈ পাই আহিছিল৷
  আজিকালি ভীতিয়ে কাম কৰি থকা অৱস্থাত নাইবা পৰীক্ষাৰ বহীবোৰ চোৱাৰ সময়ত প্ৰীতিক মই লুডু খেলিবলৈ মোৰ কোঠালৈ মাতো৷ যোৱাবছৰৰ পৰা তাই স্কুললৈ যাবলৈ আৰম্ভ কৰিছে৷ মই খিড়িকীত বহি থাকোতে প্ৰায়ে তাই মোক কিবা ৰাইমচ শুনায়৷ দূৰ দিগন্তত দৃষ্টি ৰাখি ৰওঁতে একোবাৰ তাইৰ জোকাৰণিত সম্বিৎ ফিৰি আহিলে মই নিৰুত্তাপভাৱে কৈ উঠো – ‘আৰু?’ তাই কিবাকিবি কৈ থাকে – মোৰ কাণৰ কাষেদি পাৰৰ জাকৰ দৰে ভুৰুংকৈ উৰি গুচি যায় সেইবোৰ৷ কিন্তু কেতিয়াবা বাধ্যত পৰি উচ্ছাসিত হৈ উঠিব লগীয়া হয় আৰু তেতিয়াই মোৰ অলিখিত বুৰঞ্জীলৈ চাঁতকৈ মনত পৰে৷ আলুলায়িত হৈ বিয়পি পৰে স্মৃতিৰ মণিকোঠাত ৰক্তকণিকাবোৰ৷ শৈশৱৰ প্ৰতি টানটো বেছিকৈ অনুভৱ কৰো৷ দুদিনমানৰ পৰা মোৰ এনে এটি অনুভূতি হৈছে যেন গোটেই জীৱনটো পুনৰাবৃত্তি কৰিম৷ প্ৰথম শুধ বগা পাৰহালৰ ৰুণ শুনি আপনপাহৰা হোৱা দিনবোৰৰ আত্মসন্তুষ্টিৰ কথা সুৱঁৰি প্ৰীতিলৈ ঈৰ্ষাৰ দৃষ্টি এটা দলিয়াই দিওঁ৷
  বহুতদিনৰ পৰা প্ৰীতিয়ে আমনি কৰি আছে তাইৰ স্কুলৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ লগ ধৰি৷ তাই মাকৰ লগ নলয় আজিকালি বৰকৈ৷ 
..ঠাইখনলৈ এমাহমানৰ আগতে দি ডাইমণ্ড চাৰ্কাচ আহিছে৷ খিড়িকীখনেৰে চালে গধূলি- ৰাতি নাচি থকা বিভিন্ন ধৰণেৰে সজ্জিত লাইটৰ চিকমিকনিখিনি দেখা যায়৷ প্ৰীতিয়ে সেইফালে আঙুলি টোঁৱাই বাৰেবিংকৰা কথাবোৰ সুধি থাকে৷ তাইৰ আগত চাৰ্কাচ যে চাবলগীয়া কিবা এটা সেইবিষয়ে মই কেতিয়াও উল্লেখ কৰা নাই, নাইবা ভীতিয়েও৷ আৰু কোনো পুতৌসূচক চিনো দেখুওৱা নাই৷ মাজে মাজে মাথো সেই কুটিল হাঁহিটো মাৰিব খোজো -!
  কালি সপোনত পুনৰ ভীতিয়ে বিৰবিৰোৱাৰ উমান পাইছিলো যদিও টৰ্চটো লৈ আগৰদৰে উঠি নগ’লো৷
ৰাতিপুৱা  আগতকৈ সোনকালেও উঠিলো৷ কিয় জানো মন গ’ল, চাহ কৰি মাক-জীয়েকক মাতিলোহি, “উঠা উঠা, ৰাতি পুৱাল নহয়৷ ইমান দেৰিলৈকে শুই থাকিব নেপায়৷” প্ৰীতি একেজাপেই উঠিল৷ ভীতিৰ মুখখনলৈ নোচোৱাকৈ মই মোৰ খিড়িকীখনৰ ওচৰলৈ আহি ওপৰৰ চিলিঙলৈ চালো, ক’ৰবাত মকৰাজাল আছে যদি আজি চাফা কৰিব লাগিব৷ প্ৰীতিক ক’লো, “প্ৰীতি, আজি আমি চাৰ্কাচ চাবলৈ যাম নহয়, মুখহাত ধুই চাফা হৈ থাকিবা আৰু সন্ধিয়া হ’লেই মাৰাৰ সৈতে ওলাই থাকিবা দেই৷”
...সিটো কোঠাত আজি বহুতদিনৰ মূৰত ৰেডিঅ’ বজোৱা শুনিলো৷ জয়ন্ত সংগীত বাজিব লাগিছে – আকৌ নতুন প্ৰভাত হ’ব...৷
“ভীতি, ভলিউমটো অলপ বঢ়াই দিবাচোন”
খিড়িকীখনৰ পৰ্দাখন টানো-নাটানোকৈ একোবত একেবাৰেই টানি দিলো৷ অনুভৱ কৰিলো, সেই কুটিল হাঁহিটো যেন খিড়িকীখনৰ সিটো পাৰে ক’ৰবাত থাকি আহিল৷
..হঠাতে পাৰৰ ৰুণ শুনাযেন লাগিল৷ পাৰযোৰৰ ৰং শুধ বগা নেকি বাৰু?? মনটো উচপিচাই উঠিল৷
কিদৰে গম পাম পাৰযোৰৰ ৰংটো কেনেকুৱা? খিড়িকীখনেৰে এতিয়াযে দৃষ্টি বাগৰি নেযায় – সেউজীয়াৰ পৰা সুগভীৰ নীলাভলৈ৷ পৰ্দাখনলৈ কেৰাহিকৈ চাই বুকুৰ কোনোবাখিনিত এটা বি অনুভৱ কৰিলো৷ বৰ অপৰিচিত সেই দাৰুণ অনুভূতিটো৷ এনে লাগিল যেন এতিয়াই পৰ্দাখন আঁজোৰ মাৰি দলিয়াই পেলাম আৰু পাৰৰ গৰাঁলটোৰ ফাললৈ চাম তাতে বগা পাৰযোৰ আছেহি নেকি! সিহঁত বগা নহ’বও পাৰে৷ তত্ৰাচ মোৰ মনটোৱে বাৰে বাৰে কৈ উঠিল সিহঁত বগা, শুধ বগা৷ চাকৰিৰ প্ৰথম দৰমহাৰে কিনা মোৰ স্বৰ্গীয় পাৰহালিৰ দৰেই৷ সিহঁতে যেন মোক ঘূৰাই নিবলৈ আহিছে, ইমান দিনে সিহঁতে  মোক ওপৰৰ পৰা, নহয় ক’ৰবাৰ পৰা অদৃশ্যমান হৈ মোকেই পৰ্যবেক্ষণ কৰি আছিল৷ তাৰমানে মই গম নোপোৱাকৈ মোৰ অদূৰ অতীতক সোঁৱৰাই দিবলৈকে সিহঁতৰ এই আগমন৷
  এটা শিহৰণে জোকাৰি গ’ল মোৰ সৰ্বাংগ৷ দৌৰ মাৰি গৈ একে উশাহতে পৰ্দাখন কোঁচাই চৌদিশে চাই পঠিয়ালো৷ ফোঁপনিত মোৰ ভাগৰ লাগিছিল, অৱসাদে বহি পৰিবলৈ কোৱাত বহাৰ লগে লগে দেখিলো বা মাহে ফুলি থকা সোণাৰুডালত বহিছে এহালি ফুটুকী কপৌ চৰাই৷ সিহঁতৰ শান্তিৰ ৰুণত সময় স্তব্ধ হৈ পৰিল৷ পৰিভ্ৰমণৰ কক্ষ পাহৰি সোমাই পৰা কপৌহালিলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰিলো৷
  এটা স্বস্তিৰ নিশ্বাস পেলাই মই উঠি আহিলো, ঝাড়ু থোৱা ঠাইখনলৈ বুলি৷
ৰচনাকাল: ১৯৯৫

Friday, March 8, 2013

কবিতা - বিদায়ৰ খেলা

বিদায়ৰ খেলা
------------

তই মেলানি মাগিলি
এজাক শগুণৰ খোচত
থকা-সৰকা তোৰ সত্তাই
পাহৰি গ’ল যেন তোৰ প্ৰতিজ্ঞা৷

ভূঁৰখন মজবুত নাছিল
নেজানিছিলি নেকি নৈখনযে পাহাৰীয়া
সাঁকোবিহীন
নিজৰেই জীৱন বৈতৰণীৰ নিচিনা
কাতৰে নেমাতিলি, হাঁহিৰেহে ভুলালি!
শগুণকেইটাকো নিৰ্দোষী বুলি লিখি থৈ গ’লি!!

এন্ধাৰত লুকাই থকা
সৰীসৃপৰ গাঁতত চাকি জ্বলালি!
তোক হেনো নাইটিংগেলৰ দৰেই
ভাগৰুৱা দেখাইছিল৷
তই ইমান সাহসী কেতিয়াৰ পৰা হ’লি অ’?
সৰুতেচোন বিছাৰ নোমলৈকো ভয় কৰিছিলি!

সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈ
আঁৰে আঁৰে এন্ধাৰত যুঁজ দিয়া
সৈনিকৰ শিবিৰত
উজলি উঠিছিল তোৰ আভা৷

কোনে আজি মোক সোঁৱৰাব
“গুৰুজনাৰ তিথি, বন্তি এগছি জ্বলাবি”
“তুলসীৰ তলে মৃগ পহু চৰে..”
“কনমানিহঁতক এবাৰ হ’লেও গাই শুনাবি..”

আৰু কেতিয়াবা পামনে পঢ়িবলৈ তোৰ
‘সম্বন্ধ আৰু সময়ে’
শিলাময় হিয়া গলোৱাৰ বিৰল বাতৰি?

সকলোকে ক্ষমা কৰি ভাগৰি নপৰা
তোৰ প্ৰতীকী সত্তাটিক
নিয়তিয়ে জানো ক্ষমা নকৰিব?
নাই কোনো এনে কলম
যি তোৰ ইচ্ছাক কবৰ দিব পাৰে!

বৰ মনত পৰিছে তোলৈ৷
উভটি আহচোন...!
কাৰণ –
সূৰ্যাস্ত তোৰ সপোন নাছিল কেতিয়াও৷
এই ভৰদুপৰীয়াখন ৰৈ আছো, থাকিম সদায়ে এনেকৈ
এবুকু আশা লৈ
তোৰেই বাবে, জাননে তোৰেই বাবে...৷

Thursday, March 7, 2013

গল্প - ছেণ্ডেল


ছেণ্ডেল (চুটি গল্প)
=========
পৃথিৱীখনত ইমানবোৰ কথা থকাৰ স্বত্তেও কি মন গৈছে জানো ছেণ্ডেলৰ কথাহে লিখিবলৈ লৈছো আজি৷ তাকো এযোৰ সাধাৰণ বাটা নীলা-বগা ছেণ্ডেলৰ কথা৷ মনত পৰাৰে পৰাই বাটা ছেণ্ডেল পিন্ধি আহিছো, হাইস্কুললৈ যোৱাৰ পিছত অৱশ্যে ক'লা ৰঙৰ জাপানীজ ছেণ্ডেল এযোৰ পিন্ধিবলৈ আৰম্ভ কৰাৰ কথাও মনত পৰে চেৰেং চেৰেং৷ বা: সেইযোৰ পিন্ধাৰ মজাই বেলেগ আছিল দেই৷ নৰম আৰু অলপ ওখ গোৰোহাৰ তাতে দিনো গৈছিল নহয় বহুত৷ ক্ষয় যোৱাৰো ভয় নাছিল৷ ৰংটোও সম্পূৰ্ণ অটুট আছিল শেষলৈকে৷ পিছে সেইযোৰ পিন্ধি খোজ কাঢ়িলে চেটেপ চেটেপকৈ যিটোহে শব্দ হৈছিল সেইকাৰণে সেইযোৰ ছিঙাৰ পিছত আৰু ফিটা সলাই বা নতুন তেনে এযোৰ আৰু লোৱা নহ'ল৷ পিছত কলেজৰ হোষ্টেললৈ আহোঁতে মাহঁতে নতুন হাৱাই এযোৰ কিনি দিলে৷ নীলা-বগা বাটাৰ চিকচিকাই থকা ছেণ্ডেলযোৰ মোৰ প্ৰথমে বৰ বিশেষ আদৰৰ নাছিল কাৰণ জাপানীজ ছেণ্ডেলযোৰৰ অনুপস্থিতি বহুদিনলৈকে সহজভাৱে ল'ব পৰা হোৱাই নাছিলো কিজানি৷ সেই কাৰণে মোৰদ্বাৰা বিশেষ ব্যৱহাৰ নোহোৱাকৈয়ে আছিল ছেণ্ডেলযোৰ প্ৰথমতে৷ পিছে এগৰাকী চিনিয়ৰ ৰুমমেটৰ এদিন কথাটো চকুত পৰিল আৰু মই নিপিন্ধা দেখি তেখেতে সেইযোৰ মুক্তমনেৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে লাহে লাহে৷ মন কৰাই নাছিলো বহুদিনলৈকে কিন্তু হঠাৎ এদিন দেখো ছেণ্ডেলযোৰ বৰ লেতেৰা আৰু যেন পুৰণা পুৰণা দেখা হৈছে! অলপ অলপকৈচোন ময়ো পিন্ধিবলৈ আৰম্ভ কৰিলো - আৰু প্ৰায়ে ছেণ্ডেলযোৰ পিন্ধি থাকিহে ভাল পোৱা হ'লো৷ একেই অৱস্থা বাইদেউ গৰাকীৰো, তেখেতো যেন সেই ছেণ্ডেলযোৰ নহ'লে থাকিবই নোৱাৰিব৷ পিছে মোৰহে ছেণ্ডেল মোৰ যেতিয়াই মন যায় তেতিয়াই পিন্ধিম! কিন্তু বাইদেউ গৰাকীও ইতিমধ্যে সেইযোৰৰ লগত সম্পূৰ্ণ অভ্যস্ত হৈ পৰিছিল৷ সেইযোৰ পিন্ধি তেখেতে আকৌ মাজে মাজে ক্লাছ কৰিবলৈও যোৱা হৈছিল তেতিয়ালৈ৷ কেতিয়াবা বিচাৰিয়ে নেপাওঁ ক'ত গ'ল বুলি তাৰ পিছত দেখো বাইদেউৰ টেবুলৰ তলত এপাত, আনপাত তেখেতৰ বিচনাৰ তলত৷ এইদৰেই দিন গৈ আছিল৷ কিয়জানো ছেণ্ডেলযোৰ যেন মোৰ বেছিকৈ মৰমৰ হৈ আহিছিল দিন যোৱাৰ লগে লগে৷ আৰু যেন বাইদেউৰো৷ যেতিয়াই লাগে এজনীয়ে আনজনীক নোসোধাকৈয়ে পিন্ধি য'তে 'তে গুছি যাওঁ আৰু নিজৰ লগত ৰাখি থওঁ৷ শুই উঠি কেতিয়াবা বিচনাৰ পৰা ভৰি নমাই ছেণ্ডেলযোৰ ওচৰত নেদেখিলে আচৰিত হ'ব লগীয়া একো নাছিল৷

হোষ্টেলত থাকি পোৱা বহুতেই হয়তো কিছুমান এনে ৰুমমেট বা চৰিত্ৰ লগ পাইছে যি নিজৰ বস্তু নেথাকিলে বহুদিনলৈকে আনৰ পৰা বস্তু ধাৰ কৰি কৰি চলি থাকে৷ কেতিয়াবা দুই এটা বস্তু গৰাকীৰ অনুমতি সাপেক্ষে ভগাই ব্যৱহাৰ কৰাতো নিশ্চয় নিতান্তই সৰু কথা৷ ময়ো কেতিয়াবা লগৰ ছোৱালীৰ পৰা দুই এটা কাপোৰ কানি ধাৰলৈ আনি পিন্ধিছিলো বা পিন্ধিবলৈকো দিছিলো৷ এবাৰ মোৰ নতুন ছুৱেটাৰ এটা লগৰ এজনীয়ে ইমান পিন্ধিছিল যে মই পিছত নিজে পিন্ধোতে কিছুমানে কৈছিলেও "ঐ তই 'অমুক'ৰ ছুৱেটাৰ পিন্ধিছ নেকি? ভালেই লাগিছে দে"; সেইটো তাৰপিছত এবাৰ ঘৰলৈ যাওঁতে যি থৈ আহিলো যে আহিলো আৰু আকৌ পিন্ধা নহ'ল আৰু সেইটো! এবাৰ শুনিছিলো এজনী আছিল হেনো টুথপেষ্ট বোলে কিনিয়েই নেপালে, ৰুমমেটৰ পৰাই লৈ চলাই দিলে পুৰা গোটেই কেইবছৰ৷ অথচ ঘৰৰ অৱস্থাও বোলে বেচ ভাল আছিল, এনে নহয় যে টুথপেষ্ট এটা কিনিব নোৱাৰিব! সেইগৰাকীৰ ৰুমমেটে হেনো পিছলৈ উপায় নেপাই টুথপেষ্ট, শ্যেম্পু জাতীয় বস্তুবোৰ লুকুৱাই থোৱা কৰিছিলে মাজে মাজে৷ তেনেকুৱা অভিজ্ঞতা চাগৈ হোষ্টেলত এটুকুৰা জীৱন কটোৱা প্ৰায় সকলোৰে অলপ অচৰপ হৈছে বা কাহিনী হ'লেও শুনিবলৈ পাইছে৷ যি কি নহওক আজি মোৰ সেই ছেণ্ডেলযোৰলৈহে দেখোন বৰকৈ মনত পৰিছে, সেয়ে বাকী কাহিনী বাদ!

এদিন চিনিয়ৰ বাইদেউজনীৰ বাইদেউ এগৰাকী আহিল তেখেতৰ ঘৰৰ পৰা, গুৱাহাটীত কিবা কাম আছিল বাবে৷ কেইদিনমান থাকিব হেনো৷ তেখেতেতো আহিয়েই 'ভনীয়েকৰ' বুলি ভাবি মোৰ ছেণ্ডেল যোৰ অধিকাৰ কৰিলেহি! মই বাথৰুমলৈ যোৱাৰ সময়তো ছেণ্ডেলযোৰ বিচাৰি ফুৰিব লগীয়া অৱস্থা হ'লহি! তেখেতক মোৰেই ছেণ্ডেলযোৰ দুবাৰমান খুজিব লগা ', "বাইদেউ ছেণ্ডেলযোৰ অলপ দিবচোন, এইমাত্ৰই আহিম"৷ প্ৰথম দুবাৰ মান দিলে কিন্তু তাৰ পিছত এবাৰটো এনেকুৱা চাৱনি এটা দিলে যেন আচলতে এনেকৈ মোক কৈছেহে - তোমাৰ কি বাৰে বাৰে লোকৰ ছেণ্ডেল খুজি পিন্ধিবলৈ লাজ নেলাগে? নিজে এযোৰ কিনি ল'ব নোৱাৰা??? মোৰ পিছে পেটে পেটে হাঁহিমেই নে কৈয়ে দিম আচলতে মোৰহে বুলি নিজেই ধৰিব পৰা নাছিলো৷ ছেণ্ডেলযোৰ খুলি থৈ মই বিচনাত উঠাৰ পিছত তেখেতে লৈ গৈ তেওঁলোকৰ বিচনাৰ ওচৰত থৈ দিয়েগৈ৷ মোৰ লেতেৰা পেতেৰা ছেণ্ডেলযোৰনো কিয় আমাৰ তিনিওৰে ইমান মৰমৰ হৈ পৰিছিল কোন কাৰণ ভাবি পোৱা নাছিলো পিছে৷ তথাপি ভাবি আছিলো কিনো ডাঙৰ কথাটো হ'ল বুলি৷ হাৱাই ছেণ্ডেলহে! চেনৰিটা বা পালচ জোতাটো নহয়! আৰু আমিতো বেলেগ এযোৰ কিনি আনিও ল'ব পাৰো মন 'লে৷ পিছে নাই তেনেকুৱা কিবা এটা কৰাৰ কাৰো গাত লক্ষণেই নাই দেখোন৷ আন এদিন ক্লাছৰ পৰা আহি দেখিলো বাইদেৱেক গৰাকীয়ে এযোৰ চিকচিকাই থকা নতুন বাটা ছেণ্ডেল পিন্ধি চকীত বহি ভৰি জোকাৰি জোকাৰি কিবা কিতাপ পঢ়ি আছে৷ মনটো ভাল লাগি গ'ল - ভাবিলো ভাল হ'ল এইবাৰ, অন্তত: মোৰ ছেণ্ডেলযোৰ বিচাৰি ঘুৰি ফুৰিব নেলাগে আৰু৷ তাকে ভাবি নিজৰ ছেণ্ডেলযোৰ বিচাৰিছোহে বিচাৰিছো পিছে নেপাওঁহে নেপাওঁ দেখোন! আৰে, 'ত যাব পাৰে? বাইদেউ হঁতেতো নিজাকৈ নতুন ছেণ্ডেল এযোৰ আনি লৈছে বাৰু, সেইবুলি লাজতে মোৰ ছেণ্ডেলজোৰে ক'ৰবাত ৰোহঘৰত সোমাবগৈ লাগেনে আৰু? তেনেতে চিনিয়ৰ বাইদেউগৰাকীও আহি ওলাল ক্লাছৰ পৰা৷ দুই এটা কথা পতাৰ পিছত ৰাইজক সুধিলো মোৰ পুৰণা ছেণ্ডেলযোৰ দেখিছিলে নেকি বাৰু, 'ত গ'ল জানো৷ তেতিয়াহে গম পোৱা গ'ল বাইদেৱেকে বোলে দিনটো ঘঁহি পিহি 'ভনীয়েকৰ' পুৰণা ছেণ্ডেলযোৰ ধুই নতুন যেন কৰি পেলালে৷ সেই কামটোতে দিনটো লাগি থকাৰ কাৰণে হেনো তেখেতে ক'ৰবাত আজি গৈ কৰিবলগীয়া দৰকাৰী কাম এটাও পিছদিনালৈ পিছুৱাই দিছে৷ ভনীয়েকে হাঁহিত বাগৰি পৰিবলৈহে বাকী৷ "এইযোৰ মোৰ ছেণ্ডেল নহয় নহয়, তাইৰহে"! বাইদেৱেক গৰাকীৰ মুখখন চাব লগীয়া হৈছিল, একো নকৈ তেখেতে লাহেকৈ ছেণ্ডেলযোৰ মোৰ ওচৰত খুলি থৈ গ'লহি৷ মোৰ আকৌ কিবা এটা লাজ লাগিল এইবাৰ, ''ব দিয়ক এতিয়া আপুনিয়েই পিন্ধকচোন' বুলি ৰুমৰ পৰা পলালো৷
~~~