Monday, December 5, 2016

ধুগুণ

ঘৰৰ কিবাকিবি কাম চলি আছে কেইমাহমানৰ পৰা। আমনি লগাত অলপতে কেইবাদিনীয়াকৈ এফালে ফুৰিবলৈ গৈছিলো সপৰিয়ালে৷ য’ত আছিলোগৈ তাৰ ওচৰেপাজৰে আকৌ গোটেইখন কেচিনো আৰু কিছু মানুহৰ অবাধ মুকলিমূৰীয়াকৈ চিগাৰেট খোৱাৰ বাহাৰ৷ যাৰ যি মন যায়- সচৰাচৰ বেআইনী কাৰবাৰ কিছুমানো আইনী এই এলেকাত - এক অৰ্থত সৰু ল’ৰাছোৱালীক লৈ যোৱাতো অলপ দিগদাৰেই৷ পিছে ইহঁত দুজনী অলপ বুজন হৈ আহিছে কথাবোৰ বুজি পোৱাৰো বয়স হৈছেহি বাবে সাহস কৰিলো যাবলৈ তালে৷ দৈনিক আঠ ন মাইল খোজ কাঢ়ি কাঢ়ি হেপাহ পলুৱাই গোটেইবোৰ এফালৰ পৰা তধা লাগি চাইছো আৰু চাইছো৷ মাজে মাজে চেলফি লৈছো বা কোনো বাটৰুৱাক পৰিয়ালৰ ফটো এখন তুলি দিবলৈ অনুৰোধ কৰিছো৷ কেতিয়াবা ওচৰত কোনোবাই চিগাৰেট হুপি থকা দেখিলে আঁতৰাই আনি ইহঁতক কওঁ সেইফালে নাযাবা আকৌ দেখা নাই মানুহজনে কি কৰি আছে? ’কি কৰিছে মানে? স্মক কৰি আছেযে’ ’ইছ্ছছ....স্মক কৰা বুলি ক’লে বুজি পাব নহয়, বেয়া পাব, ধুম্ৰপান কৰা বুলি ক’বা৷ আৰু চিগাৰেটটোক ধুম্ৰদণ্ডিকা বুলি ক’বা৷’ 

তাৰ পিছৰ পৰা ইহঁতেও চিগাৰেট টানি থকা লোকক দেখিলে কয় ’মামি সেইপিনে নাযাবা ধুম্ৰপান কৰি আছে সেইফালে’- ইহঁতৰ মুখত আসঁজা শব্দটো শুনিবলৈ কিবা এটা হাঁহি উঠা ধৰণৰ হৈছিল৷ কথাটো মনে মনে উপভোগো নকৰা নহয় আমি৷ ইটো সিটো ইফালে সিফালে চাই যাওঁতে এবাৰ আমি খোজকাঢ়ি গৈ থকা পদপথতে মানুহ এজনে আপোনমনে এটান দি থকা দেখা পাই ডাঙৰজনীয়ে চিঞৰি উঠিল ’দেতা দেতা সেইপিনে নেযাবা ধুগুণ দি আছে’ তাই মানে ধুম্ৰপান শব্দটো পাহৰি ধুগুণ বুলি ক’লে৷ আমি হাঁহি ৰখাব নোৱাৰিলো৷