Thursday, November 29, 2018

সম্পাদকলৈ চিঠি৷
__________
মৰমৰ সমপাদক ডাঙ্গৰীয়া,
অলপ বয়স হৈছে সেয়ে যুক্তাক্ষৰবোৰত অলপ হিকটিয়াও মাজে মাজে, খেমিব আৰু৷ লিখিলো এইবাবেই যে হোৱাই নোহোৱাই হঠাৎ অনেকেই আজি মোৰ নাম লোৱাত মোৰ খুব হিকটি আৰু চৰচৰনি আহিছে৷ ততেই পোৱা নাই৷ ৰাইজলৈ গোহাৰি মোক সঁচাই গুৰুত্ব দি অনুগ্ৰহ কৰি কিবা ভালকাম একোটা এই ধৰক গছপুলি এদালি ৰোৱা বা  দালদৰিদ্ৰক এসাঁজ আন্তৰিকতাৰে খুওৱা ধৰণৰ কিবা কৰিছে যদি বাৰু৷ পিছে হেৰৌ, তাকে নকৰি হকে বিহকে তিনিবৰণীয়া কাপোৰ পিন্ধি বা প্ৰফাইল  বদলাই বা চেলফি এপাত শেলৰ দৰে মাৰিনো মোৰ বুঢ়াকালত চৰচৰনি খোৱাই কি ৰং চাইছে হোঁ? কোনোবাই আকৌ মোৰ নামত কবিখেতি কৰি টেগাইছে এগালমানক আকৌ কিছুমানৰ মনত পৰিল মোৰ নাম থকা কিবা পুৰণা গানলৈ ভৈয়াই খুচৰি খুচৰি ইউটিউবৰ লিঙ্ক দি আকৌ হেপী স্বাধীনতা দিবস দি ফুৰিছে কিছুমানে৷ তেতিয়া কি ? মোৰ মধুমেহ কমিবনে ৰক্তচাপ কমিব নে মাজে মাজে উক দিয়া বাতবিষবোৰ কমিব? গোটেই বছৰটো কেতিয়াবা চৰ্দি লাগি নাকে কাণে বানপানী হৈ থাকে সাহায্য অকন নাই ! কিন্তু পোন্ধৰ আগষ্টদাল আহিল হৈ এদিনৰ বাবে কি চাবা গোটেইমখাই এই বুঢ়ীক লৈ গান নাচ কৰি তত নেপায়৷ অথচ বুঢ়ীৰ বয়সৰ চাপ পৰি গাল সোতোৰা সোতোৰ৷ চকুৰেও ভালকে নমনে৷ হওঁতে বহুত বেছি বয়স হোৱা নাই অমুকীৰ৷ সিপিনে সেই আমেৰিকাত মোৰে কলেজৰ চিনিয়ৰ আছিল তাইৰ জন্ম চাৰি জুলাইত কিন্তু বাআআ কি জীয়ৰীজনী হৈ আছে! নহবনো কিয়৷ তাইৰ আপদাল তাইহঁতৰ দেশত গোটেই বছৰ জুৰি চলে আৰু তাইৰ জন্মদিনৰ দিনা ৰাতি এঘণটামান আতচবাজী চলেহওঁতে তাইৰ জন্মদিনৰ দিনাও কেক কাটে কিন্তু খুজিছো গোটেই বছৰজুৰি তাইৰ  যে আপদাল কৰে সেই কথাটোহে৷ ভিটামিনৰ যোগান, বছৰজোৰা সাৰপানী, ইত্যাদি কিহৰ আকাল ! ....মোৰ জন্মদিনৰ দিনা আকৌ এচামে ঠেঁহ পাতি ৰাস্তাও বন্ধ দিয়ে৷ কেতিয়াবা গোটেই ৰাজ্যখনেই বন্ধ কৰে এইহে চাবলৈ মোক জন্ম দিলা প্ৰভূ হৰি হৰি! কেতিয়াবা ভাবো মই পৃথিৱীলৈ নহাহলেই বাৰু আছিল নেকি সমপাদক (সম্পাদক শব্দটো মোৰ জিভাত নুফুটা হৈছে, বয়সৰ দোষ) ডাঙৰীয়া৷ ভালেই পায় দেখো ৰাছোৱালীৰ পৰা ভো ভো পণ্ডিত অনেক ৰাইজে আমাৰ ইয়াত ইংৰাজীতহে কথাও পাতে, বিলাতী সাজপোচাকহে পিন্ধে, পানীকণো পাৰিলে বিলাতীয়েই খায়৷ মই বোলো জনমিলো নামতহে! মোৰ ভাৱ হয় মই অহাৰ কাৰণে অশান্তিহে নেকি বাৰু৷ নামতহে মই৷ মোৰ জানো কিবা কাম আছে৷ ইংৰাজৰ ৰাজ চলিয়েই আছে এই বুঢ়ীৰ গাৱঁলীয়া ভাষাকণ বা সংস্কৃতিৰ আজি তেনে একো মূল্য নাই ঔ৷ বহুত বকিলো বহুতে বিশ্বদৰবাৰৰ অলীক সপোন দেখুৱালে আৰু দেখিলোও, আৰু লে কথা ওলাই গৈ থাকিব৷ চৰচৰনিটো বাৰুকৈয়ে হৈছে এতিয়া৷ অৰ্থাৎ মোৰ নামত এইবাৰ ঠায়ে ঠায়ে পতাকা উৰাইছে বলা! পতাকাখন আকৌ কেতিয়াবা উলোটাকে উৰাই পায় কিছুমানে তেতিয়া কিন্তু বুকুত বিষ এটাৰে কাহ এটাও ধৰেহে! বাৰু এদিনৰ বাবে লেও আৰু কিনো কৰিম উপায়ো নাই৷ পানী অকন খাই বিছনাত পৰোগৈ৷ কুম্ভকৰ্ণৰ কাহিনীটো জনাই জানেই নহয়! কাইলৈৰ পৰা আকৌ সপোন ৰচি থাকিম৷ 
ইতি,
ধন্যবাদেৰে

চিৰিমতি স্বাধীনতা দেৱী

ৰাশিফল-ৰসৰচনা

সপ্তাহৰ ৰাশিফলঃ

শুনিয়োক সৰ্বজন জয় ৰাম বোলা৷ 
আধুনিক ৰাশিফল এহি প্ৰস্তাবিলা৷৷
ক্ষমিয়োক জ্ঞানীজন এহি অধৰ্মীক৷
বুদ্ধিহীন হৈয়া কৰন্ত ধেমালি ক্ষন্তেক৷৷
অবোধ অবলা হামু নাহি কোনো ডিগ্ৰী৷
প্ৰস্তৰ আঙ্গুঠি কদাপি না কৰিয়া বিক্ৰী৷৷
এহিমতে সাহস কৰিয়া দিয়া বিধান৷
নিজ ৰাশি বিচাৰ কৰিবাক অনুষ্ঠান৷৷

পদঃ

মেষ ৰাশিৰ যদি হুয়া আছে হংসবধৰ যোগ৷
দান কৰিবেক এক ডজন ভকতক ভোগ৷৷
তেহে পাবেসে মহা সৌভাগ্যৰ মুকুতাৰ মালা৷
উদৰে পাতিহাঁহে নহলে কৰিবক দিচেন্ত্ৰিৰ খেলা৷৷

বৃষ ৰাশিৰ আছে বৰলা বৰলী যদি কোনো মনুষ৷
তাহাৰ মিলিব নিশ্চয় কোনো মিলমিলিয়া হাস্যৰস৷৷
হাস্যবদনৰ বাবে আছে বোন্দাপৰ দিয়া হাস্যবদনা৷
হামাৰ অমোঘ বাণী কদাপিতো অথলে যায় না৷৷

মিথুন নামৰ আছে নে কোনো জনা এহি গ্ৰহে৷
তাহাৰ আছে বিদেশ ভ্ৰমনৰ যোগ এক দিবাস্বপ্নে৷৷
পিছে সেহি বিদেশ লণ্ডন নে ঢাকা জ্ঞাত নোহয়৷
সেহি স্থান নিৰ্ণয় নিৰ্ভৰ বো দক্ষিণাৰ ওজনায়৷৷

কৰ্কট ৰাশি থাকিলেক এহি বাৰ দুৰ্ঘোৰ নিদ্ৰায়৷
সেহিমতে তাহাৰ হৈব পৰম সুখ কুম্ভকৰ্ণৰ মান৷৷
স্বপ্নে আহিবাক অমিতাভ লৈয়া ক্ৰৌৰপতি প্ৰস্তাৱ৷
ধনৰাশিৰে সৈতে সমাজিক হৈব অতি স্বৰ্ণভাৱ৷৷

সিংহৰাশিক আজিকালি মিলিবাৰ অতি কঠিন৷
জংঘল গুচি চহৰ বনিল হেতু বনৰজাও নিঃকিন৷৷
সিংহ-নিগনিৰ সাধুমতে হামু নিগনি যোগ দেখন্ত৷
মিকি মাউচ আহিয়া হয়তো দিব আমোদ প্ৰমোদ৷৷

কন্যাৰাশিৰ লোকৰ দিব্য যোগ দেখহ অতি৷
বনভোজ, ইত্যাদি যেন অনেক হৈব হাস্য ফূৰ্তি৷৷
চেলফি লৈয়া কন্যাৰাশিগণই পাইব লক্ষ লাইক৷
কমেন্টৰ প্লাবনে মনোনীত হৈবে গিনিজৰ বাক্য৷৷

তুলাৰাশিৰ মনুষ্যগণৰ স্বাস্থ্য যাবে কুশলে৷
চেনীৰাম যদি হুয়া তাহাৰ পাবে উদ্ধাৰ বহুমূত্ৰে৷৷
ইনবক্সত মেচেজ দিয়া হেতু খাবে গালি গালাজ৷
চাহত চেনী নিদিয়া অভ্যাস হৈব কৰিয়া লাজ লাজ৷৷

বিছাৰাশিগণক ডাকিবাহি বৃশ্চিক কেৰেলুৱা আসি৷
ইমিউনিটিৰ গুণত তেৰাসবে সবাকে বৃদ্ধাঙ্গুস্থ দিবহি৷৷
পিছে সেহি হৈব সম্ভৱ কেৱল এহি মন্ত্ৰ মাতি৷
হ্ৰিং খ্ৰিং আল্ট্ৰা মডাৰ্ণ এহি ৰাশিফল জপ কৰি৷৷

ধনুৰ ৰাশিৰ লোকে চম্ভালিয়োক পেটৰ নাড়ী ভুৰু৷
হাস্য ব্যংগৰ গোটে ভৰি আছে যিহেতু গুৰুৰো গুৰু৷৷
তেৰাসবে তপ কৰিয়া দিতে নিতে নব্য ব্যংগৰচনা৷
তাহাৰ চৰণে প্ৰণিপাত হুয়া হামু এহি ৰচনা সমৰ্পিলা৷৷

মকৰৰাশিগণৰো আছে এহি সপ্তাহে অনেক বিস্ময়৷
বিউটি পাৰ্লাৰত ফেচিয়েলে অৰ্ধেকৰো অধিক ৰেহাই৷
এহি ৰাশিৰ কন্যাগণক মিলিব বহু সহায় সুবিধা৷
তেৰাসবৰ নবৰূপে মুহিব মাথো দশোদিশা৷৷

কুম্ভৰাশিৰ যদি আছে পৃথিৱীতে দুই এক পেটুৱালোক৷
তাহাৰ কুম্ভসম উদৰৰ লাগিবেক গতি এহি পষেকত৷৷
আদা নেমু দিয়া চাহ যদি কৰে প্ৰভাতে গলাদ্ধকৰণ৷
উদৰৰ আকাৰ বিয়াল্লিশৰ পৰা হৈব মাত্ৰ বাইশমান৷৷

মীনৰ কথা কহিবাক লাগয় হামাৰ সুখ অনেক৷
কাৰণটো হৈল তাহাৰ আছে তামাম সুন্দৰ যোগ৷৷
অংক পৰীক্ষাত এশৰ মধ্যে এশ, চাকৰিও পাক্কা৷
প্ৰেমেও উত্তৰ পাব যোগাত্মক হৈব ধিনকা চিক্কা৷৷

এহি বুলিয়া সামৰিয়া আজিৰ ৰাশিফল বৃত্তান্ত৷
ৰাইজে যদি পায়া ভাল, পুনৰায় কৰিবো নিবেদিত৷৷
পষেকে মাহেকে এনেয়েও ৰাশি চোৱা কিছু ভাল৷
শাস্ত্ৰয় আছে সেহি কথা ইটো পাতিহাঁহৰো বচন৷৷


কৃষ্ণ৷