Thoughts অনুভৱ

প্ৰিয় ঠাইৰ ঠিকনা কেতিয়াও নেহেৰায়....
নাহৰকটীয়াৰ গজপুৰীয়া গাৱঁৰ ওচৰত বুঢ়ীদিহিঙৰ মাজত এটা মাজুলী আছিল, খৰালিকালত এইখন গাৱঁৰ ফালে থকা নদীৰ পানী শুকাই একাঁঠু মানহে হয়৷ সহজেই পাৰহৈ মাজুলীলৈ যাব পাৰি৷ সেই মাজুলীটোত হেজাৰ বিজাৰ বিধ সুস্বাদু বগৰী নিজে নিজেই হয়৷ এবাৰ সৰুতে তাত বনভোজ খাবলৈ গৈছিলো লগৰ ছোৱালী আৰু অলপ ডাঙৰ কেইজনীমান বাইদেউৰ লগত৷ তাৰোপৰি শুকুৰবাৰৰ দীঘলীয়া পানীখোৱা ছুটিত দৌৰ মাৰি গোটেইবোৰে তালৈ গৈ বগৰী ছিঙি আনি খোৱা মনত পৰে৷ পৃথিবীৰ ভিতৰত এই মাজুলীটোৱই হৈছে আটাইতকৈ সুন্দৰ, উজ্জল আৰু পৰিষ্কাৰ ঠাই৷ এয়া বিশ-পঁচিশ বছৰৰ আগৰ কথা৷ এতিয়া সেই মাজুলীটো আছেনে নাই নেজানো কিন্তু এখন প্ৰতিচ্ছবি মনত দকৈ সোমাই গ'ল চিৰদিনলৈ বুলি...৷
3/25/13
.................................................................................... 

সৰুতে এবাৰ বিশ্বাস এটা হৈছিল যে বুঢ়ীদিহিঙৰ মাজুলীত হোৱা বগৰীবোৰ ভগৱানে যেন মোৰ বাবেই সৃষ্টি কৰি পঠাইছিল পৃথিবীৰ বুকুলৈ৷

1 comment:

  1. মাজুলীটো আছে আছেে বগৰীও কিন্তু আগৰ দৰে হৈ আছেে নে নাই নাজানো, দুবছৰমান আগতে বনভোজ খাবলৈ যাওঁতে বগৰী খোৱা মনত পৰে

    ReplyDelete