Monday, October 29, 2018

সাহিত্য সভাৰ প্ৰতিবেদন

এখন সাহিত্য সভাৰ প্ৰতিবেদন
==============
স্থানঃ বিশ্ব দৰবাৰ
কালঃ ভৱিষ্যত
পাত্ৰঃ টাইম মেচিন ৰাইদাৰ্চ

সদৌ বিশ্ব সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনখনি সুকলমে এই বছৰ মঙল গ্ৰহৰ জেতুকা গাৱঁত হৈ যায়৷ মঙলীয়ানসকলে খোৱা বোৱা আদি কৰি অতিথি পৰায়ণতাত অলপো কৃপনালি কৰা চকুত নপৰিল৷ এসময়ত কেকোঁৰাজাতিৰ জনৈক পৃথিবীয়ান এজনে ভুলতে সাঁজৰ বটলেৰে তৈয়াৰ কৰা পৰীক্ষামূলক ৰকেট এটাত উঠি পৃথিৱীৰ পৰা ফোঁ-ফোঁৱাই আহি মঙল গ্ৰহ পাইছিলহি৷ উৰি আহোঁতে গুৱাহাটীৰ চিল্কালয়ত দৰদাম কৰি থকা প্ৰেয়সীকো টানি লৈ আহে কাৰণ দুয়োয়ে মিছন চায়না" নামৰ বোলছবি এখন চাই থাকোতে এসময়ত চকুলো টুকি টুকি মৰিলে একেলগে মৰিম দেই বুলি পণ কৰি থৈছিল৷ মঙলত পদাৰ্পণ কৰাৰ লগে লগেই বটলটো বিকট শব্দ কৰি ফাটি যায় আৰু পৃথিৱীয়ান সঁচৰ নিচাও লগে লগে ফুউচকৈ ফাটি যায়৷ ফাট মেলা বসুমতী বুলি তেৰাৰ প্ৰেয়সীয়ে টেটু ফালে যদিও মঙলগ্ৰহৰ দেৱীয়ে বসুমতী মানে পৃথিৱী বাইদেউকহে কৈছে চাগে বুলি ভাবে আৰু ৰং চাই চাই চুপচাপ নফটাকৈ থাকে৷ উপায় নেপাই দুয়ো নৰ-নাৰীয়ে মঙলীয়ান আদম ইভ বুলি নিজকে ধিয়াই  ঐতিহাসিক জেতুকাসত্ৰ প্ৰতিষ্ঠা কৰি তাতে মঙলীয়ান মাটিৰে ইগলুৰ নিচিনা ঘৰ এটি সাজে৷ কালক্ৰমত তেওঁলোকে বছৰে বছৰে ডিজাইন ডিজাইন বাৰ্ষিক পৰিকল্পনা আয়োগ গঠন কৰি কৰি ক্ৰিকেট টিমৰ পৰা আদি ৰি পিলিপালা নাতি-পুতিৰে মঙল গ্ৰহৰ চৌপাশ ক্ৰমান্বয়ে চানি পেলায়৷ মঙলীয়ান হাৱা পানীৰে ধন্য হোৱা এই দুঠেঙীয়া  জীৱবোৰে অতি সোনকালেই সমাজ অধ্যয়ন, প্ৰাচীন সাহিত্য চয়নৰ পৰা আদি কৰি গায়ন বায়ন, ৰামায়নৰ খুটিনাটিৰ পৰা আনকি আইন কানুন , প্ৰানায়ম, আসন আদি সকলোতে ব্যুৎপত্তি আৰ্জে৷ পিছলৈ মঙলীয়ান বুদ্ধিজীৱি ৰূপে স্বনামধন্য নাতি নাতিনীসৱে ফেচবুকৰ জৰিয়তে হাই কি কৰিছা“ বা চমুকৈ ৰোমান লিপিত  “কি ক্ৰিছা“ বুলি পৃথিৱীৰ জীৱজগতৰ  লগত যোগাযোগ কৰে৷ মিছা ক'লে কিডাল হ'ব৷ এয়ে আছিল আৰম্ভণি৷ তাৰ পিছৰে পৰা জকাইচুকৰ পৰা তিলপিঠাৰ পৰা পুঠিমাছঘুটুং পানীৰ বটলৰ পৰা ভিন ভিন ভাষাৰ সাহিত্যৰ ব্যাকৰণ, অভিধান, ৰচনা বিচিত্ৰা, পল্লুভিধানৰ (পল্লুভিধান এক কালজয়ী অসমীয়া অভিধানৰ নাম) নৱতম সংস্কৰণকে আদি কৰি সকলোবোৰ হোৱাটচাপৰ পৰা ডাউনলোড কৰে আৰু অতিপাত লাগতিয়াল যেন লগা তথা কিছু আমোদজনক সামগ্ৰী থ্ৰি দি প্ৰিণ্টাৰত ঠিতাতে প্ৰিণ্ট কৰি লয়৷ ঘুটুঙৰ বটলেৰে ককাক আজোককাক আদিৰ পৰা তেজসূত্ৰে পোৱা নিৰ্ঘাত ফলপ্ৰসু প্ৰযুক্তি ব্যৱহাৰ কৰি ৰকেট আৰু মহাকাশযান বনাই পৃথিৱীত সভা-সমিতি কিছুমানতো উপস্থিত হয়গৈ একাংশ উদ্যোগী মঙলীয়ান যুৱসেনাই৷ সকলোটি মঙলীয়ানৰ সদিচ্ছাৰ বলত সেয়েহে পৰীক্ষামূলকভাৱে এইবছৰৰ বিশ্ব দৰবাৰৰ সাহিত্য-সংস্কৃতিৰ মেলাখন অৰ্থাৎ সদৌ বিশ্ব সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনখনি মঙলৰ উপৰিপুৰুষৰ গাওঁ জেতুকাক্ষেত্ৰত অনুস্থিত কৰা হয়৷ সভা উদ্বোধন কৰে পৃথিৱীৰ উজানবজাৰৰ পৰা অহা অজৰঅমৰ কৌটিবছৰ বয়সীয়া দেহেমনে চিৰসুন্দৰী এগৰাকী সাহিত্যিকাই৷ প্ৰবাদ আছে, এই সুসাহিত্যিকাগৰাকীয়ে হেনো অতীজত এখন হাতেৰে পূৰ্ণিমাৰ জোনৰ দৰে ঘূৰণীয়া ৰুটি বেলি বেলি আনখন হাতেৰে একেসময়তে মবাইল ফোনত টাইপ কৰি কৰি কালজয়ী ব্যঙ্গৰচনা কৰি যাব পাৰিছিল আৰু সামাজিক মাধ্যমৰ জৰিয়তে সুখ্যাতি লাভ কৰিছিল৷
সভাৰ উখলমাখলৰ মাজতেই আৰম্ভণিতে শনিগ্ৰহৰ পৰা অহা এটি বৰলা যুৱদলে নিজস্ব শৈলীৰে উপস্থাপন কৰা ৰসাল “বান্দৰামিৰ পৰা আহি নেগুৰহীনৰ ফকটিয়ামি“ শীৰ্ষক নৃত্যনাটিকাই সুধীসমাজক পৰম আপ্লুত কৰে৷ ৰাতিলৈ শুক্ৰৰ পৰা অহা তেলাল খাহীবৃহস্পতিৰ পৰা অহা দৰিকণাৰে সেউজী কলপাত ব্যৱহাৰ কৰি বনভোজ পৰিবেশন কৰা হয়৷ পিছে বিধিৰ নিয়ম, যিমান হ'লেও সকলোকে সন্তুষ্ট কৰাতো সম্ভৱ নহয়৷ দুই এক পৃথিবীয়ানে বোলে হাঁহ-কোমোৰা লাগিবই আগতীয়াকৈ ফৰমাইচো দিছিল! হংসবধৰ ভাওনা সেইনিশা কিয় নহ বুলি সেইসকলে পুণৰ প্ৰশ্ন কৰিছিল যদিও দাঁতত মাংস লাগি ধৰিলে সাহিত্যচৰ্চাৰ পৰা মন ফালৰি কাটি খাদ্যচৰ্চাত মন আৰু পেটৰ আয়তন বাঢ়ে বুলি জনৈক পৃথিৱীয়ান নগঞা চিকিৎসকে আকস্মিক প্ৰতিবেদন দাখিল কৰাত হংসলোভী সাহিত্যপ্ৰেমী ৰাইজে ঠিতাতে প্ৰমাদ গণে৷ কুটিল হাঁহি মাৰি  হাঁহপ্ৰেমীসকলে বিষয়টো লগে লগে সলনি কৰি ব্যঙ্গসাহিত্যত চিকটা পুৰাণৰ ভূমিকাৰ কথা  আহলাই আৰু বহলাই ব্যাখ্যা কৰিবলৈ আৰম্ভ  কৰে৷ ভোজৰ পিছতেই ৰাইজক আহ্লাদিত কৰি বাতাবৰণ আশা কৰাতকৈয়ো অধিক মাত্ৰাত গৰম কৰিবলৈ সক্ষম হয় সূৰ্যৰ পৰা অহা “হট বেইবে“ নামৰ নৃত্য পটিয়সী দলৰ ৰোমাঞ্চকৰ “প্লুটো মাথো এটি ধুমকেতু নহয়“ নামৰ তাণ্ডৱ আৰু জংলীউডৰ  এক ফিউজন নৃত্যৰ পৰিবেশনে৷ 
সমন্বয়ক্ষেত্ৰত প্ৰায় সকলো সময়তে চেলফি নামৰ সামাজিক প্ৰপঞ্চৰ সমাহাৰ দেখা গ’ল৷ সকলোৱে চেলফি লাঠিৰে তোলা নিৰ্ঘাত ফটোশ্বপ তথা বিউটি এপৰ দুৱাৰেদি ওলাই অহা ফটোবোৰ লগে লগেই চচিয়েল মিদিয়াত আপলোড কৰে, কৰিবলৈ আহ্বান জনায় আৰু “তামাম“ বুলি মন্তব্যৰে হিয়া উজাৰি গ্ৰহ, নক্ষত্ৰ নিৰ্বিশেষে দান বৰঙনি গোটায়৷ মুঠৰ ওপৰত এটি সৰ্বাংগসুন্দৰ দিন সকলোটিৱে উপভোগ কৰে৷  পিছদিনা হেংঅভাৰৰ পাছত সকলোৱে এটুপি নেমুদিয়া চাহ গলাৰ্দ্ধকৰণ কৰি -
মোৰে মঙলৰে, 
সৌৰজগতৰে 
চিৰ সুন্দৰ পৰকিতি৷ 

ঘূৰণীয়া গ্ৰহতে, 
গুলপীয়া প্ৰাণতে, 
সময়ে- অসময়ে কবিতা...." 

বুলি টেটুফালি পেৰদীসুৰীয়া সমবেত সংগীত গায়৷ এই গীতৰ সুৰ তথা লয়ত আত্মবিভোৰা হৈ বৃহস্পতিৰ পৰা অহা জেংখৰি বিহুদলে ঠাইতে টুকুৰা টুকুৰকৈ নিজৰ নিজৰ ককাঁলবোৰ ভাঙি বৃহস্পতিয়ান মুগা কাপোৰৰ ফেশ্বন শ্বো কৰে৷ দুই একে তৌবা তৌবা বুলি পোন প্ৰথমে কয় যদিও লাইভ টেলিকাস্ট চলি থকাৰ বাবে ভদ্ৰভাৱে সহায় সহযোগিতাহে আগবঢ়ায়৷ ঠাইতে পাট মুগাৰ বিপণনো আৰম্ভ হয় এইদৰেই৷ সৰ্বাধিক বৃহস্পতিয়ান মুগা পাটৰ ক্ৰয় কৰে শনিৰ পৰা অহা তৰুণ সাহিত্যিক সংঘই৷ গালত টোল পৰা এক পৃথিবীয়ান যুৱকক বৰ আগ্ৰহেৰে ডিজাইন ডিজাইন পাটৰ মেখেলা চাদৰৰ চেট গোটোৱা দেখা গ'ল৷ কাৰ বাবে গোটাইছেনো বুলি সুধিলত ৱশ্যে যুৱকে মিচিকি হাঁহিৰে এহ কোৱাইদেউ গম পাব নহয় বুলিহে কৈ থ'লে সাংবাদিকক৷ ঘটনাটোৱে সকলোকে আমোদ দিলে যদিও কোননো সেই ভাগ্যশীলা তাৰ ফুচফুচ চৰ্চা মাজে মাজে ইঠাইত সিঠাইত চেগাছোৰোকাকৈ চলি থাকিল৷ এনেতে মাইকত ঘোষণা হ’ল বোলছবি প্ৰদৰ্শনৰ সময় সমাগত বুলি৷ প্ৰখ্যাত শ্ৰী ল শ্ৰী থ গোস্বামী বুলি এজনৰ দ্বাৰা একালত নিৰ্মিত ’লায়ন্স আৰ্মি’ শীৰ্ষক এক কৌটিকলীয়া বিখ্যাত বোলছবিৰে ৰাইজক টাইম মেছিনত এপাক ত্ৰিভূৱনৰ গা সিৰসিৰাই যোৱা চক্কৰ দিওৱা হয়৷ ইয়াৰ পিছত আহিল কবিতা পাঠৰ অনুষ্ঠান৷ কেওঁ মেওঁ কবিঅকবি, ৰহস্যবাদী পদ্যাৰু তথা অৰ্গেনিক ফুলউলবন্ধা আদি সমন্বিতে বিশাল অসমীয়া কবিদলটিয়ে বিপুল নম্বৰেৰে ইংৰাজীনেপচুনিয়ানমংলাজী (মঙলীয়ানৰ নাতিভাষা) আদি ভাষাৰ দলক পৰাস্ত কৰি বিজয়ীৰ খিতাপ পুনৰ্বাৰ দখল কৰে৷ ইংৰাজী দলে পুনৰ গু-হাৰণ দিয়াত কোনো আচৰিত নহ’ল যদিও মঙলীয়ান মাখি মাৰি থকা দুই এক স্পষ্টবাদী হালধীয়া সাংবাদিকে “নিশ্চিতভাৱে এচমিজ টিমৰ মাজত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পোৱা“ বুলি ভয়ে ভয়ে অল্পবাক কৰা দেখা যায়৷ আকৌ সিপিনে সংগীত প্ৰতিযোগিতাৰ সময়তো অসমীয়া ঢোলবাদনৰ মাতত আনবোৰৰ মাত নোলোৱাত অসমীয়া দলক অপ্ৰতিদ্বন্দী আখ্যা দিবলৈ বাধ্য হয় সূৰ্যৰ পৰা অহা সভাৰ সভাপতি  ° ভূত জলকীয়াদেৱে৷ নৃত্য প্ৰতিযোগিতাত অৱশ্যে ইউৰে-নাচ নামৰ মহাজাগতিক শাস্ত্ৰীয় নাচে সকলোকে মোহিত কৰি ৰাখে৷ তথাপিও তেওঁলোকৰ নেপথ্য সংগীত কোনেও বুজি নোপোৱাৰ বাবে বিচাৰকসকলে দিচকুৱালিফাই কৰি বেটাৰ লাক নেক্স টাইম বুলি চকলেটৰ পেকেট এটা তেওঁলোকক দি অসমীয়া দলকহে বিজয়ী ঘোষণা কৰে৷ 
সভাৰ শেষত পৃথিৱীত এসময়ত প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰা ভাস্কো প্ৰডাক্সন্স বুলি বোলছবি নিৰ্মাতা এজনৰ সোৱঁৰণত তেখেতৰে এখন নোবেলবিজয়ী ছবি দেখুওৱা হয়৷ বোলছবি চাই সকলোৱে কন্দা কটা কৰাত চকুপানীবোৰ সংগ্ৰহ কৰি শনি গ্ৰহৰ সমুদ্ৰসৃষ্টি প্ৰকল্পলৈ দান কৰা হয়৷ কোৱা বাহুল্য এই সমুদ্ৰসৃষ্টি প্ৰকল্পৰ আঁৰৰ মূল মানৱ আছিল একালৰ চিকটা পুৰাণৰ স্ৰষ্টা এজন বিস্ময়মানৱ৷ তেখেতেই সৰ্বপ্ৰথমে কিদৰে গাৰ ঘাম, চকুপানী আদিৰ পৰা বিজ্ঞানসন্মতভাবে চল্ট এনেলাইচিচ আৰু বকযন্ত্ৰ ব্যৱহাৰ কৰি নিমখ আৰু পানীৰ উৎপাদন কৰি বহি বহি খাব পাৰি তাৰ পেটেন্ট আৰু নমুনা সৌৰসংঘত জমা দিছিলগৈ৷ এই সূত্ৰৰ আঁত ধৰিয়েই খৰাং শনিত এক বৃহৎ প্ৰকল্পৰ (একালৰ অসমৰ মেগাবান্ধৰ দৰেই বিতৰ্কিত তথা বহুলভাৱে চৰ্চিত) আধাৰশিলা মহা আড়ম্বৰেৰে বছৰদিয়েক আগেয়েই হৈ গৈছিল৷ 
 এইদৰেই তুমুল আড়ম্বৰৰে সৈতে সভাৰ বাৰ্ষিক অধিবেশনখনি সুকলমে সম্পন্ন হৈ যায়৷ শলাগৰ শৰাইখনত অসমীয়া তামোল পান এযোৰা আৰু গামোছা এখন নথকাৰ বাদে খেদ প্ৰকাশ কৰা এহাল পৃথিৱীয়ানক অৱশ্যে গাৱঁলীয়া , মান্ধাতাযুগীয়া, ভুচুক, হেবাং, অভং আদি বিশেষণীয় বিশেষনেৰে পৰম আখ্যা দিয়া হয়৷ মঙলীয়া পাণ আৰু শণিৰ তামোলেৰে মুহুদি কৰি ঠোঁট সেলেঙাই সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীসকলে নিশ্চিতভাৱে সভাৰ ভূৰি ভূৰি গুণ বখানে এমিউজ লাইভৰ সাক্ষাৎকাৰ অনুষ্ঠানত৷ সদৌ শেষত বিশ্ব দৰবাৰত পুনৰাই নাম জিলিকোৱা অসমীয়াতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই যি নাই, নায়েই আৰু দেই বুলি ° জলকীয়াই সূৰ্যত খোদিত বিশেষ তাম্ৰপত্ৰ তথা প্লুটোত নিৰ্মিত বিশেষ বৰফৰ চিকমিকোৱা ট্ৰফী প্ৰদান কৰে৷ এই ট্ৰফীৰ বিশেষত্ব এয়ে যে  সূৰ্যৰ কেন্দ্ৰত এবছৰ পেলাই থলেও ফেলফেলকৈ নগলে বৰং বেছিকৈ চিকমিকাইহে৷ গৃহস্থগ্ৰহৰ ফালৰ পৰা অসমীয়াদলক বিনামূলীয়াকৈ সৌৰজগত ভ্ৰমণৰ ৰকেটৰ খৰচ দিয়া  বুলি ঘোষণা কৰে মঙলীয়ান কিম্বদন্তী মহিলা মঙ্কনা কহন্তই৷ আটাইয়ে শেষত মঙলৰ জাতীয় সংগীতৰ বাবে জিৰাফৰ দৰে ঠিয় হৈ গাবলৈ ধৰেঃ
 “অ' মোৰ মঙলৰ মেল
অতিথিৰ মহলা
শেষ  বলা
কাপোৰকানিয়ো  লা৷ 

অ' মোৰ নিজৰে গ্ৰহ, 
মনতে পৰিছে ৰহ, 
সৌৰজগতৰ, চুকৰে ভেকোলা 
হ'লেও যে আপোনাৰ যহ“  

এইবুলি গাই সভাৰ সামৰণি মাৰে৷  

এয়াই আছিল এইবাৰৰ সদৌ বিশ্ব সাহিত্যসভাৰ বাৰ্ষিক প্ৰতিবেদন৷ বিশ্ব দৰবাৰত অসমীয়াৰ নাম পুনৰ্বাৰ জিলিকিল৷ ৰিপ ৰিপ বুলি ইংৰাজী দলক বিদায়সভাত পিছফালৰ পৰা খেনোৱে কণবিলাহী দলিওৱা কনফিউজ লাইভৰ কেমেৰাত ধৰা পৰিছিল যদিও মুখ টিপি ফিচিঙাফিচিং কৰি থকা পৰিলক্ষিত হয় সভাৰ বিষয়ববীয়া সকলক৷  গোপন তথ্য অনুসৰি অহাবাৰ অধিবেশন বোলে গলগ্ৰহ বুলি কোনোবা এটা গ্ৰহত ব৷ অৱশ্যে গুগলমেপত এই গ্ৰহৰ অৱস্থান এতিয়াও বিচাৰি পোৱা নাই সুধীসমাজে৷ তথাপিও সময় আছে নহয় বুলি গুণি সকলোৱে জেটলেগৰ পিল একোটাকৈ গিলি নিজৰ নিজৰ গ্ৰহ নক্ষত্ৰলৈ বুলি ৰাওনা হয়৷ 

-0-