যি কথা নহ’ল কোৱা:
-----------------
”আজিকালি ইলেক্ট্ৰিকেলৰ ক্লাচৰ আগেদি যাওঁ নহয়, সদায় দেখো”
কোনোবাই কয় তাইৰ ৰূমমেটক৷ ৰূমমেটে আহি তাইক কয়হি৷ তাই কয় ”ময়ো দেখো”৷ পিছদিনা ৰূমমেটে কয়গে, ”তোমাকো দেখে হেনো”
সি সোধে ”দেখে নে চায়?”
উত্তৰ আহে ”চায়”৷
ইলেক্ট্ৰিকেলৰ বিল্ডিঙত একো কাম নেথাকিলেও সি ’তাই’হঁতৰ ক্লাচ থাকিব পৰা সময়ত এপাক মাৰে৷ ডিঙিটো ঘূৰাই ঘূৰাই চায়৷ পিকেবি চাৰৰ মেচিনৰ ক্লাচ চলি থাকে৷
সোণাৰুফুলৰ তলেদি বৈযোৱা ৰাস্তাটোয়ে আৰু এটি মিঠা কাহিনী লিখিবলৈ উদগ্ৰীব হৈ ৰয়৷ মিচিকিয়ায় সান্ধ্যভ্রমী ফুল পখিলাহঁতক।
তেনেতে এদিন পিকেবি চাৰে ক্লাচত সোধে, ’ ---এণ্ড ইট ৱিল ৰটেট ইন-??’ দুৱাৰৰ পৰা হঠাৎ চকু ঘূৰাই তাই দেখে চাৰে চকুৱে চকুৱে চাই তাইকে সুধিছে৷ প্ৰশ্নটো নুশুনাকৈ আৰু নুবুজাকৈয়ে তাইৰ মুখৰ পৰা অজানিতে ওলাই গ’ল ’চিনক্ৰনাচ স্পীড’৷ চাৰে কৈ উঠিল, হৈছে৷ কিন্তু ডাঙৰকে কব লাগে, ৰজনজনাই যাব লাগে৷
তাই লাজ পাইছিল। চাৰে ইমান জানে কোনোদিন কিতাপ নোটচ একো নানে ক্লাচলৈ৷ তেখেত নিজেই এখন কিতাপ৷ তেখেতৰ ক্লাচত পাল মাৰিবলৈ বেয়া লাগিল তাইৰ৷ দোষবোধে খুলি খুলি খালে৷
নিৰীহ পিতৃমাতৃহালে সিহঁতক পঢ়িবলেহে পঠাইছে!
”সিফালে কি খবৰ আজিকালি?” - সি সুধিছিলে হেনো৷
উত্তৰ নাছিল৷ হয়তো অপেক্ষাহে আছিল কিবা নিশ্চয় হ’ব, হয়তো কেতিয়াবা...সোণাৰুবোৰ ভৰি ভৰি ফুলিব, ৰঙা হালধীয়া ফুলপৰি ৰোৱা নাচনীৰাষ্টাটোত কোনোবাই চকুৰ ভাষা পঢ়িব কিন্তু উত্তৰ হেৰাই গৈছিল সময়ৰ সোঁতত৷
সোণাৰুজোপাত নতুন কলি ওলাইছিল৷ নতুন কাহিনী কেইবাটাও মঞ্চস্থ কৰাৰ আবেগত ৰাস্তাটোৱে সেই অপৈণত কাহিনীটো ৰোমন্থন কৰাৰ প্ৰয়োজনবোধ কৰি নাছিল৷
No comments:
Post a Comment