Saturday, March 29, 2014

গল্প - "ফুল ফুলিছে বসন্তত"

"কোনে খুলিছিলি খিৰিকিখন?"
- আকৌ ভোগেশ্বৰীৰ চিঞৰ৷ উপায় নাই আৰু এইজনীৰ পৰা৷ কণ্ট্ৰল ৰুমৰ পৰা চাই আছিল গিৰিবালাই৷ লাহেকৈ সমুখৰ টাচ্চ স্ক্ৰীণখনৰ একোণত হাতেৰে বা' বুলাই তাই খিৰিকিখন বন্ধ কৰি দিলে৷ সেই খিৰিকিখনৰ কাষতে ভোগেশ্বৰীৰ বিচনাখন৷ তাইৰ বিচনাৰ কাষত এগালমান সৰু সৰু অক্সি-বনচাইৰ টাব৷ সেইমখা ভোগেশ্বৰীয়ে গুচাবলৈও নিদিয়ে, খিৰিকিখনো খোলা দেখিলে কেংকেঙাই উঠে৷ আচলতে তাই পোহা অক্সি-বনচাইবোৰে দৈনিক ইমান বেছি অক্সিজেন প্ৰস্তুত কৰে যে বায়ুৰ চেন্সৰটোৱে নিজে নিজে খিৰিকিখন খুলি দি অতিৰিক্ত অক্সিজেনবোৰ বাহিৰলৈ পঠিয়াই দিয়ে৷ খঙেই উঠে গিৰিবালাহঁতৰ সেই অক্সি-পুলি, হাইড্ৰ-পুলি (হাইড্ৰজেন উৎপন্নকাৰক), কাৰ্ব-পুলি (কাৰ্বন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্নকাৰক গছৰ পুলি), জল-পুলি (পানী উৎপন্নকাৰক পুলি), হাঁহি-পুলি (দিপ্ৰেছন বা হতাশগ্ৰস্ততাত ভোগা ৰোগীৰ কাষত ৰাখিলে হেনো এই গছে মন ভালে ৰাখে, হাঁহিমুখীয়া কৰি ৰাখে ৰোগীক, কিন্তু নিৰোগী লোকৰ কাষত ৰাখিলে পেটৰ নাড়ী ডাল ডাল কৰি পেলাব পাৰে বাবে এইডাল গছ আকৌ প্ৰেছক্ৰিপচন নহ'লে মানুহে ৰুবও নোৱাৰে ঘৰৰ ভিতৰৰ৷ সম্পূৰ্ণ ঔষধি গছ আগৰ দিনৰ বিষল্যকৰণী আৰু আলু ভেৰাৰ নিচিনা) নামৰ বিভিন্ন গছবোৰ কোনে জানো গবেষণা কৰি উলিয়াইছিল পাই! তেতিয়াৰ পৰাই এয়াৰ পিউৰিফায়াৰ নিৰ্মাণ কৰা কোম্পেনীবোৰো লাহে লাহে মৰা পৰিল৷ কাৰণ মানুহে প্ৰয়োজন অনুসাৰে বিশুদ্ধ বায়ুৰ ব্যবস্থা নিজৰ কোঠাত ঠিকমাত্ৰাত কৰি ল'ব পৰা হ'ল৷ গিৰিবালাৰ আইতাকৰে তেনেকুৱা এটা কোম্পেনী আছিল৷ গিৰিবালাৰ ককাকে অসম কৃষি বিশ্ববিদ্যালয়ত সেই তাহানিতে কাম কৰি থাকোতেই কৈছিল বিশ্ববিদ্যালয়ত তেওঁলোকে অক্সি-পুলিৰ ওপৰত গবেষণা কৰি থকাৰ কথা৷ আৰু সেই গছপুলিয়ে যে বিবৰ্তন আনিব সেয়াও কৈছিল৷ আৰু তেতিয়াই স্টকৰ মূল্য ক্ৰমাৎ হেৰুৱাই  আইতাকৰ কোম্পেনীটোৱে কৰ্মচাৰীবোৰক খেদোৱা বা লে-অফ কৰা আৰম্ভ কৰি দিছিল৷ আৰু শেহত আইতাক আৰু ককাকৰ বিবাহ-বিচ্ছেদো হৈছিল এইটো কাৰণতে, ৷ যি কি নহওক, চকুৰ আগত ককাক আইতাকহঁতৰ অশান্তিবোৰ দেখি দেখি গিৰিয়ে বিবাহ নামৰ আইনী কাৰবাৰটোত নোসোমোৱাৰ সিদ্ধান্ত কৰিলে৷ হ'লেও মন যায় এখনি সৰু সংসাৰৰ মাজেদি জীৱনটো কিছুদিন লৈ যাবলৈ৷ গতিকে তাই কাম কৰা চিকিৎসালয়-গবেষণাগাৰখনৰে পৰা ত্ৰিশবছৰৰ কাৰণে এটি কেচুঁৱা ভাৰা কৰি লৈ আহিল৷ সহকৰ্মী ভোকোন্দিৰ সহযোগিতাৰ শলাগ নল'লে তাইৰ দোষ হ'ব৷ তেওঁ লগা মতেই ভাৰ্চুৱেলি যেনেকৈ প্ৰয়োজন হয় মনোমতী (তাইৰ কেচুঁৱাটিৰ নাম) ৰ ওচৰত আহি হাজিৰ হৈছেহি, সাধু কৈছে, খুৱাইও দিছে, ডায়েপাৰ সলাই দিছে ঠিক বাপেক এজনে যিমান কৰিব পাৰে৷ সেইটো চুক্তিৰ বাবে অবশ্যে গিৰিবালাই কম প্ৰিমিয়াম দিব লগীয়া হোৱা নাই জাতীয় পিতৃবিকাশ নামৰ বেংকটোক৷ আজিকালি বহুতেই পিছে বিবাহৰ পৰিবৰ্তে এনে চুক্তিৰেই কাম চলাই দিয়ে৷
"পৰ্দাখন পেলাই দিবিনে ঐ গিৰিবালা মেডাম?" - এইবাৰ কোনে চিঞৰিলে? অ' সেইটো হলিৰাম৷ তাৰ কোঠাত ৰ'দ পৰিছে৷ সি আকৌ অসমীয়া সাহিত্যৰ আলোচনী চাৰিকুৰিখনমানৰ মুখ্য সম্পাদক৷ বিশ্ব ভাষা-সাহিত্য প্ৰতিযোগিতাত দহবছৰ আগৰ পৰা অসমীয়া ভাষা লেঠেৰি নিচিগাকৈ চেম্পিয়ন হৈ আহিছে৷ ইংৰাজী ভাষাটোক অসমীয়াই তিনিবছৰ আগতে ইংৰাজসকলৰ পৰা কিনি লোৱাত ইংৰাজী বুলি এতিয়া আৰু কোনো ভাষা নাই৷ তেওঁলোকৰ সকলো শব্দ অসমীয়াত সেই আগৰ দিনত এক্সেল স্প্ৰেডশ্বিটত 'মাল্টিপুল চেল মাৰ্জ' কৰাৰ দৰে বিলীন হৈ গ'ল৷ ইংলেণ্ডত আনকি বহুতো দলং, গাওঁ, মানুহৰ নামো ইত্যাদি অসমীয়া নামেৰেহে জনা যায় আজিকালি৷ ভোকোন্দি আচলতে জন্মসূত্ৰে ইংৰাজেই আছিল৷ ভেবেলিলতা নামৰ মেডিকেল চেণ্টাৰটোত এমাহ কটাই সি নিজৰ গাৰ ৰং খাটি অসমীয়া কৰাৰ লগতে জিভাখনো খাৰখোৱা কৰি ল'লে সৰুতেই৷  সেইটো এটা সমস্যাও নোহোৱা নহয়৷ কেতিয়াবা গিৰিবালাৰ লাগেই  ভোকোন্দিয়ে তাইৰ মিৰিকা টেঙাৰ আচাৰ আৰু জুহালৰ ঔ-টেঙাৰ জোলখনৰ বাবেহে মনোমতীক চোৱাচিতা কৰিছেহিনেকি বাৰু, নহ'লে তাৰনো সম্পদৰ কিহৰ আকাল৷ মঙ্গল গ্ৰহৰ কনকলতাৰ দৰে গাৱঁতো বোলে তাৰ ফ্লেট আৰু পুখুৰী এটা আছে৷
হলিৰামৰ কাম বহুত৷ তাক বহুতে ভয়ো কৰে পেটে পেটে৷ ক'ত কিবা ৰিপ'ৰ্ট কৰি দিয়ে, হাত-দীঘল মানুহ৷ লাহেকৈ তাই পৰ্দাখনৰ ৰ'দৰ চেন্সৰটো শূন্যলৈ লৈ আহিলে৷ এতিয়া আৰু ৰ'দ নপৰে৷ বিল্ডিংটো দুঘণ্টাৰ পিছত এনেয়েও পশ্চিমফালে মুখ কৰিব অট'মেটিকেলি৷ তেতিয়া ৰ'দ অবশ্যে এনেয়েও নপৰে হলিৰামৰ পিনে৷ আচৰিত লাগে ভাবিলে কেইবাশ বছৰ আগতে হেনো পৃথিবীত পেট্ৰলিয়াম বুলি কিবা এবিধ মানুহে গাঁত খান্দি খান্দি উলিয়াইছিল৷ সেইবোৰ ব্যবহাৰ কৰি গাড়ী চলায়, ফেক্টৰী চলায় আৰু অনেক কাম কৰিছিল৷ ফলত পৃথিবীৰ বায়ুমণ্ডল প্ৰদূষিত হৈ পৰিছিল আৰু এদিন সেই পদাৰ্থবোৰৰ ভাণ্ডাৰো শেষ হৈ পৰিছিল৷ ফলত বিকল্প শক্তি হিচাপে সৌৰশক্তিকে মানুহে সম্পূৰ্ণৰূপে ব্যবহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ আনকি প্ৰচুৰ গবেষণাৰ ফলস্বৰূপে বিশ্ববিখ্যাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিজ্ঞানী এদলে বেলিৰ প্ৰকোপ আগতকৈ কমিযোৱাৰ উমান পাই বুধগ্ৰহতো সৌৰশক্তি সংগ্ৰহালয় এটা খুলিলেগৈ৷ তেতিয়াহে পৃথিবীৰ শান্তি৷ আগৰ দিনত শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ এটা আছিল বোলে শক্তিক এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰহে কৰিব পাৰি, সৃষ্টি কৰিব নোৱাৰি৷ কিন্তু তিতিমাই নামৰ ধেমাজিৰ ছোৱালী এজনীয়ে গবেষণা কৰি পালে যে ই সম্ভব, মানে শক্তিৰ ভঁৰাল খোলাতো অসম্ভব কথা নহয়৷ তাই অবশ্যে আইনষ্টাইন নামৰ হেজাৰ বছৰ পুৰণাদিনৰে এজন মহান বৈজ্ঞানিকৰ কিছুমান বিশেষ সূত্ৰৰ সঠিক প্ৰয়োগৰ কথা আগতীয়াকৈয়ে সদৰি কৰে৷ তাই যিটো প্ৰট'টাইপ উলিয়াইছিল সেইটো এতিয়াও ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়ত আৰক্ষণ কৰি থোৱা হৈছে৷
ভাবিলে আচৰিত লাগে৷ আজি গোটেই পৃথিবী প্ৰযুক্তিয়েই হওক বা সংস্কৃতিতেই হওক অসমীয়াৰ দখলত৷ কম্পিউটাৰবোৰ মানুহে আজিকালি আঙুলিৰ নখত ইনস্টল কৰি লওঁতেওঁ দিফল্ট ভাষা অসমীয়া বুলি দিব লাগে৷ গিৰিবালাহঁতৰ পূৰ্বপুৰুষৰ দিনত হেনো অসম নামৰ ঠাইখনৰ পৰা অহা মানুহক আনকি চুবুৰীয়া ৰাজ্যৰ লোকৰ দুই এজনেও মাজে মাজে জংগলী বুলি জোকাইছিল, অসমীয়া ভাষা আনকি বহুত অসমীয়াই অসমত থাকিও লাজতে নকৈছিলেই৷সেই অসম আৰু অসমীয়া এতিয়া ক'ত পালেহি ভাবিবই নোৱাৰি, গোটেই পৃথিবী নিয়ন্ত্ৰণ কৰি আছে অসমীয়া সমাজেই৷ লেবেল লগোৱা এজাক খাৰ নোখোৱা অসমীয়াৰ মাজৰ পৰাই ওলাই অহা মুষ্টিমেয় কেইজনমান প্ৰকৃত অসমীয়াৰ অহোপুৰুষাৰ্থ কষ্টৰ ফল এয়া৷
ইপিনে লাখে লাখে চেটেলাইটবোৰে আকাশত ভীৰ কৰি আন্ধাৰ কৰা বাবে কুৰিবছৰ পুৰণা আমেৰিকা-বন্ধৰ জলন্ত সমস্যাটোৰো তেতিয়াহে স্থায়ী সমাধান হ'ল যেতিয়া সেইসোপাকে কম্প্ৰেছ কৰি নেপচুনত থকা ৰিচাইকুল বিনলৈ গুৱাহাটী আই আই টিৰ 'পিয়লি ফুকন' নামৰ যানখনে গৈ থৈ আহিলগৈ৷ গুৱাহাটী আই আই টিৰ পৰীক্ষামূলক নতুন মডেলৰ ৰাইনো মাৰ্কা যানবোৰৰ যোগেদি আজিকালি মহাকাশ ভ্ৰমণবোৰ বৰ সুলভ হৈছে৷ যোৱাবাৰ বৃহস্পতিৰ ৰামধেনু বৰনামঘৰত হোৱা সাহিত্য সভাৰ অধিবেশনলৈ গোটেই ভাৰতখনেই বিনামূলীয়াকৈ গৈছিল৷ বৃহস্পতিত পোৱা পুঠিমাছৰ চৰচৰীখনৰ সোৱাদৰ কথা সকলোৰে মনত থাকি যাব জীবনলৈ৷তাত পোৱা ঔটেঙাবোৰো একোটা ফুটবলটোৰ সমান আছিল৷ কাজিৰঙা অৰণ্যত পোৱা বেতগুটিবোৰতকৈ অলপহে সৰু৷
মনোমতীৰ মণিটৰটো ব্লিংক কৰিছে৷ ভাৰ্চুৱেলি গৈ তাই চাই আহিলগৈ৷ হাতৰ পৰা সৰু জাপি পুতলাটো পৰি যোৱাৰ কাৰণেই কেঁচুৱাটিয়ে মুখখন কান্দো কান্দো কৰিছিল৷ মনোমতীয়ে জাপি বুলিলেই বৰ ভাল পায়৷ বুৰঞ্জীপ্ৰসিদ্ধ কোনো জনৈক গোস্বামীয়ে কৰিঅ'গ্ৰাফ কৰা জাপিনাচ এটা হোম থিয়েটাৰত উৰাই ঘূৰাই চলাই থাকিলেহে তাই সান্দহকণ খুৱাব পাৰে ফীডাৰ মেচিনটোৱে৷
হলিৰামৰ ওচৰত অসমৰ সমস্ত তথ্য ভাণ্ডাৰ আছে বুলিব পাৰি৷ তেওঁ অসম নামৰ ডাটাবেচটোৰো একমাত্ৰ মানবিক এডমিন৷ আৰু নিজৰ মগজুলৈ ডাটা ডাউনল'দ সদায়ে কৰে হেনো তেওঁ৷ গিৰিবালাৰ পূৰবপুৰুষ অসমীয়া বুলি জানে কাৰণে তাইক অলপ পাত্তা দিয়ে কেতিয়াবা, কথাবোৰ কয় মাজে মাজে যদিও মানুহটো বৰ মেজাজী৷ এদিন কনফাৰেন্স এখনত ভূপেন হাজৰিকাৰ গান গাই ৰবট কেইটামানকো পাগল কৰি দিছিল৷ তিনিটা ৰবটেতো হাজৰিকাদেৱৰ গোটেই গানবোৰ ততালিকে আপল'ড কৰিহে চিধা হৈ বহিছিল৷ এবাৰ জুবিনৰ ফুল ফুলিছে বসন্তত বুলি বিহু এটা গাই হলিৰামেটো ভাল কামোৰেই খালে৷ জুবিনৰ গোটেই জীৱনী, গীত পৰিবেশন, বিহুৰ ওপৰত বক্তৃতা দি ততেই নেপাইছিল৷ বিহুৰ কথা গোটেই বিশ্বই জানে হ'লেও সময়ৰ অভাৱত অনবৰতে গবেষণা কৰি থকা মানুহ আৰু ৰবটবোৰে বিহুবলীয়া, বহাগ, গৰু বিহু, মাখিয়তি, কপৌফুল, জেতুকা আদি মানে কি আচল অৰ্থ নেজানিছিল ভালকৈ আগতে৷
হলিৰামৰ উদ্যোগতে এইবাৰ গবেষণাগাৰটোত বিহুমেলাও হ'ব৷ ধাৰাষাৰ  অনুশীলন চলি আছে৷ ৰবটবোৰক অবশ্যে পৰিবেশনৰ অনুমতি দিয়া হোৱা নাই৷ সিহঁতক ভাৰ দিয়া হৈছে চাউণ্ড, ক্লীণ আপ, বেণ্ড, দ্ৰেছ যোগাৰ, পিঠা তৈয়াৰ, ঢেকী দিয়া আদি কামত৷ এইবাৰ সিদ্ধান্ত লোৱা হৈছে সম্পূৰ্ণ পুৰণিদিনৰ আৰ্হিৰে প্ৰকৃত বিহুহে পালন কৰা হ'ব৷ গতিকে বিশ্বৰ সকলো চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেংক, গবেষণাকেন্দ্ৰলৈকে সহযোগিতাৰ বাবে জাননী দিয়া হৈ গৈছে৷ সকলোৰে উৎসাহ মন কৰিবলগীয়া৷ প্ৰতিযোগিতাৰ ভিতৰত একো বাদ পৰা নাই, খালি অসমীয়া মূলৰ হ'লেই হ'ল৷ কোৰাছ, জ্যোতিসংগীত, ৰাভাসংগীত, বিহুগীত, বনগীত, বৰগীত, লোকগীত, লোকনৃত্য, বড়োনৃত্য, ঐনিতম, হুঁচৰি, জেংবিহু, বোৱাৰীবিহু, ভূপেন্দ্ৰ সংগীত, দ্বৈতগীত, আবৃত্তি, অকণিৰ মেল, বাঁহী, পেপাঁ, সুতুলি, টকা, গগনা, ঢোল, মৃদং, তাল, বৰকাঁহ, নামকীৰ্তন ইত্যাদি কি কি যে নাই!  খোৱাবস্তু তৈয়াৰ কৰা প্ৰতিযোগিতাৰ তালিকাখনৰ ভিতৰত পায়স-পিঠা-সান্দহ-মুড়ি -চিৰা-সুৰুম-আখৈ-লাড়ু-তিলপিঠা-গুঁড়/ লালী/ দৈৰে জলপান-মাহকৰাই-পঁইতাভাত-খৰিচা-আচাৰ-খাৰলি-পানীটেঙা-নৰসিংহ/ পদিনাৰ চাটনি-পিটিকা-কচুথোৰৰ আঞ্জা- উহ ৰাম ৰাম!! তালিকাখন মগজুত ডাউনল'ড কৰি লোৱাৰ পৰাই ৰাই জাই কৰি থকা হৈছে গাটো৷ গিৰিহঁতে আকৌ ফেচন শ্ব'ও কৰিব৷ শ্ৰীমতী নেঘেৰীখোপা, শ্ৰীমতী ঘিলাখোপা আদি সন্মান যাৰ ভাগ্যত মিলিব তেওঁলোকক বিনামূলীয়াকৈ এবছৰৰ বাবে হলিৰাম সম্পাদিত আলোচনীবোৰৰ অন্ততঃ এখনত প্ৰতিদিনেই হোমপেজটোৰ মডেল হিচাপে ৰখা হ'ব আৰু পৃথিবীৰ 'অৰিজিনেল' কেঁচাসোণেৰে বনোৱা অসমীয়া কেৰু, গামখাৰু, গেজেৰা আদি গহণাৰ চেট একোটা দিয়া হ'ব৷ সেইকেইটালৈহে সকলোৰে চকু৷ আজিকালি শণিগ্ৰহত পোৱা সোণ অলংকাৰত ব্যবহাৰ হয় কাৰণে অলংকাৰৰ প্ৰতি মানুহৰ মোহেই কমি গ'ল৷ কাৰণ শণিগ্ৰহৰ অলংকাৰবোৰ অলপ ৰঙাচানেকীয়া৷ পিছে ভালকথা হ'ল কি এইবিধ সোণ শণিৰ পৰা আমদানি হোৱাৰ পিছৰে সোণৰ ব্যবহাৰ বিয়াবাৰুত যৌতুক আদিত নলগা হ'ল৷ গিৰিহঁতে হলিৰামৰ আলোচনীবোৰত স্কেন কৰি দেখিছে বা শুনিছে যে আগৰ দিনত হেনো ভাৰতবৰ্ষত যৌতুকৰ নামত খুব অপৰাধ সংঘটিত হৈছিল৷ আজিকালি অভিধানত সেই শব্দটো নাই 'দেপ্ৰেকেটেড' বুলি অধ্যায় এটাতহে আছেগৈ কিবাকে, কেৱল বুৰঞ্জীবিজ্ঞানীসকলৰ বাবে৷ বুৰঞ্জীক এবিধ বিজ্ঞান অৰ্থাৎ বুৰঞ্জীবিজ্ঞান বুলি অভিহিত কৰে ডেৰশবছৰ আগতে জয়মতী কলেজৰ অধ্যাপিকা এগৰাকীয়ে৷ তেতিয়াৰ পৰাই বিষয়টোৰ ওপৰত ৰবটবোৰেও গবেষণা কৰিব পৰাকৈ বিভাগ এটা খুলি দিয়া জয়মতী কলেজেই আছিল প্ৰথম অনুষ্ঠান৷
আবেলি হ'ল৷ ভোগেশ্বৰী, হলিৰামহঁতৰ জগতখনৰ পৰা ওলাই আহিল গিৰিবালা৷ বিহুৰ কথা মনলৈ আহিবলৈ ধৰিলে৷ মূৰটো টিঙটিঙাইছে দেখোন৷ আদা দিয়া চাহ একাপ খাবলৈ মন গ'ল৷ চাহকাপ হাতত লৈ পিছফালৰ চোতালত বহিবলৈ গ'ল তাই৷ বৰ মন গ'ল তাইৰ পূৰ্বপুৰুষৰ দিনৰ কথা আৰু জানিবলৈ সিদিনা৷ আৰু অলপ তথ্য ডাউনল'দ কৰি গম পালে আগৰ দিনত মুঢ়া, পীৰা আৰু ঢাৰি পাৰিও বহিছিল মানুহে৷ থ্ৰিদি প্ৰিণ্টাৰটোত মুঢ়া এটা তৈয়াৰ কৰি অনালে৷ একেদৰে চাহকাপৰ বাবে বানবাটি এটাও যোগাৰ হ'ল৷ ঘৰটো পুণৰ পূবমুৱা কৰা কমাণ্ডটো দি পিছফালে যাতে ৰ'দ পৰে তাৰ ব্যবস্থা কৰি ল'লে৷ তথ্যৰ লোভে তাইক খেদিছে৷ আৰু পুৰণিদিনৰ তথ্য লাগে তাইক৷ ভাবুক হৈ পৰিছে যেন তাই আজি৷ চাহকাপ হাতত লৈ মূঢ়াত বহিবলৈ পাইয়ো যেন সুখ পলোৱা নাই৷ আগৰ দিনত পূৰ্বপুৰুষসকলে আবেলি চাহৰ জুতি লওঁতে পতি-পত্নী দুয়ো নিৰলে চোতালত বহি সুখ দুখৰ কথাও পাতিছিল বোলে৷ কিবা এটা অভাৱ য়েন অনুভৱ হ'ল তাইৰ৷ মনোমতীক লৈয়ে তাইৰ জীৱন৷ মানবসেৱাত পৃথিবীৰ প্ৰতিজন লোকেই জীৱন উসৰ্গা কৰিছে কিন্তু তাইৰ দৰে আজিৰ দিনতো কোনোবাই মানসিকভাবে পূৰ্বপুৰুষীয়া জীৱনটো হেৰুৱাৰ উপলব্ধি কৰিছেনে বাৰু? মনোমতীক তাই তুলি লৈছে আৰু তাইৰ জিনীয় প্ৰগ্ৰাম ইম্প্লিমেণ্ট ও কৰিছে তাইৰ দেহত৷ হয়তো মনোমতীয়েও এদিন তাইৰ দৰেই ভাবিব বা কথআবোৰ বিশ্লেষণ কৰি চাব৷ তাইৰ দৰেই অকলশৰীয়া অনুভব কৰিব৷ নাই মনোমতীক তাই অকলশৰীয়া হ'বলৈ দিব নোৱাৰে৷ মনোমতীৰ এতিয়াও বাপেক ভাৰ্চুৱেল হৈয়ে আছে৷ ইচ্ছা কৰিলে অবশ্যে গিৰিবালাই কাৰোবাক বিয়া কৰি তাই আইনৰ চকুত স্থায়ী বাপেক এটা জীয়েকক উপহাৰ দিব পাৰে৷ কিন্তু তেতিয়া বাপেকৰ জিনীয় ক'ড টোৱো ইনস্টল কৰিব লাগিব পাৰে মনোমতীৰ দেহত৷ উহ কি কি যে চিন্তা কৰি আছে আজি তাই!
ভোকোন্দিৰ মেচেজ আহিছে দেখোন৷ এইটোৱে তাইক মণিটৰ কৰি থকা হৈছে নেকি আজিকালি বৰকৈ, অফ আৱাৰতো? তাইতো বাপেকৰ প্ৰয়োজন কমাণ্ড টো দিয়া নাছিল৷ উপায় নেপাই তাই প্ৰত্যুত্তৰ দিলে, 'কি খবৰ ভোকোন্দি?' ' কি কৰি আছা গিৰি?' 'কি আৰু কৰিবা এনেই মাখি মাৰি আছো, ফেচবুক চাই আছো' 'হাঃ হাঃ হাঃ, তাৰমানে তুমি আকৌ পূৰ্বপুৰুষৰ পুৰাণ মেলি লৈছা মগজুটোত! ক'ৰ আদিমযুগৰ চচিয়েল নেটৱৰ্কিং ৱেবচাইট আৰু ক'ত হলিৰামৰ তথ্যভাণ্ডাৰ৷ মানুহ মাৰিবা তুমি দেই' 'তাতে কি হ'লনো? এনেকৈয়ে ভাল লাগে দেখোন কেতিয়াবা' ভোকোন্দিক অলপ গহীন যেন দেখা গ'ল স্ক্ৰীণখনত৷ 'এই গিৰি শুনাচোন, অফ আৱাৰ জানো, চুক্তিমতে এতিয়া আনকি কথাও পাতিবৰ দৰকাৰ নাই সেয়াও জানো, কিন্তু হলিৰামৰ বিহুমেলাৰ আয়োজনৰ কথা ওলোৱাৰ পৰাই মোৰো খুব বিহু বিহু লাগি আছে দেখোন হে৷ কেচটো কি বাৰু?' 'নাজানো জানা -  হলিৰামে আমাক জয়মতী কলেজত এডমিছন দিয়াইহে এৰিব যেন পাইছো' 'হুমমম...'
'ভোকোন্দি?'
'কোৱা গিৰিবালা শইকীয়া'
এইবাৰ দুয়োটাই ঢেকঢেকাই হহাঁৰ পাল৷ নেহাঁহিবনো কিয়৷ কাৰণ পুৰনাদিনত মানুহৰ যেনেকৈ উপাধি একোটা আছিল ভোকোন্দিয়ে তেনেকৈয়ে তাইকো সম্বোধন কৰিছে৷ জাতিভেদ, ৰায়ত, আন্দোলন, কোটা চীস্টেম আদি উঠাই দিয়াৰ বাবে অসমৰ কোনো এজন মন্ত্ৰীয়ে বহুবছৰ আগতেই উপাধিবোৰ মচি পেলাবলৈ নিৰ্দেশ জাৰি কৰিছিল৷ তাৎক্ষণিকভাবে গোটেই জাতিভেদ প্ৰথাই নোহোৱা হৈ গ'ল বছৰদিয়েকৰ ভিতৰতে অসমত৷ লগে লগে বিশ্ব আইনতো এটি দফা সংযোজন কৰা হ;ল উপাধি নিষেধ বুলি৷ মানুহ মানুহেই, এটাই জাতি৷ কাৰোবাৰ দুটা শব্দৰ নাম থাকিলেও দ্বিতীয় শব্দটো উপাধি বুলি ধৰা নাযায় আজিকালি, নিজৰ পৰিয়ালে মাতিব পৰা ঘৰুৱা নাম বুলিহে ধৰা হয়৷
'চাহ খাবা নেকি?' - হাঁহি ৰখাই গিৰিয়ে লাহেকৈ ক'লে৷
'মনোমতীৰ কি খবৰ?'
'শুই আছে তাই জাপিসোপাৰ মাজত সোমাই'
'জানানে গিৰি, আজি ৰাতিপুৱা মই কপৌফুল এপাহ পালো মোৰ বাগিছাত, বিহু বুলিয়েই ফুলিছে কপৌ আৰু ভাটোফুল দুজোপামান, কেতেকীজোপাও ধুনীয়া হৈছে৷ মোৰ ঘৰলৈ আহি চাই যাবানে এদিন বাগিছাখন'
গিৰিৰ আচৰিত লাগিল, ভোকোন্দি তাৰ মানে হাড়ে-হিমজুৱে গোটেই অসমীয়াটোৱেই হৈ পৰিছে৷ শেষৰ টো পৰীক্ষা বুলি আৰু এটা প্ৰশ্ন কৰিলে তাই-
'আজি ৰাতিপুৱাৰ জলপান কি খালা'
'সান্দহ আৰু সৰভোগৰ দৈ৷ বোকাখাটৰ পৰা পেৰা দুটামান আনি থোৱা আছে, বিশ্বাস কৰা একদম অৰিজিনেল, খোৱাবস্তুৰ কাৰণে কৃপণালি নকৰো মই আজিকালি '
'....'
'চাহ আৰু একাপ হ'ব নেকি? সদায় ভাৰ্চুৱেলি কিমাননো আহিম তোমালোকৰ ঘৰলৈ, পেৰা দুটা লৈ পুতুককৈ এপাক সঁচাই মাৰি আহোঁনে?'
গিৰিয়ে ৰ'ব নোৱাৰিলে৷ উঠি গ'ল তাই৷ ভোকোন্দি ইমান সলনি হ'ল বুলি ভবাই নাছিল তাই৷ বোধকৰো কামৰ হেঁচাত বা বুৰঞ্জীবিজ্ঞানৰ অধ্যয়নত ইমানেই ব্যস্ত আছিল সিহঁত সকলোৱে যে মগজুৰ বাহিৰেও অন্তৰ এখনিও যে আছে মানুহৰ ভিতৰত পাহৰিয়েই গৈছিল৷ বেবী মণিটৰটোত মনোমতীক এপাক চালে তাই৷ মনোমতীয়ে হয়তো ভালেই পাব৷ শুই থকা নিষ্পাপ মুখৰ শিশুটিয়ে যেন তাইক বহুত কিবাকিবি জ্ঞান দিলে এইমাত্ৰ৷
'ক'ত উঠি যোৱা গিৰি? বেয়া পালা নেকি? বেংকত হেৰেচমেণ্টৰ কেচ নিদিয়াতো? সঁচা কথাটো ক'ম ক'ম বুলিও কোৱা হোৱা নাছিল যোৱা দুসপ্তাহমানৰ পৰা ৷ আজি সুযোগ বুজি কৈ দিলো আৰু'
'নাই নাই কিয় বেয়া পাম৷ আচলতে মই সৰ্থেবাৰীৰ পৰা অনা বানবাটি দুটা পাকঘৰৰ পৰা লৈ আহিবলৈহে উঠি আহিছো৷ তুমি পেৰা লৈ আহি যোৱা৷ 'আকৌ জানমণি' চিডিখনো লৈ আনিবা আছে যদি' ৷
oooooooooo

Tuesday, March 11, 2014

অন্য এক অনুভৱ, অন্য এক আশা


অন্য এক অনুভৱ, অন্য এক আশা

হোষ্টেলত থাকোতে আমাৰ তিনিজনীক লগৰবোৰে সন্ধ্যা-ললিতা-কান্তা অহা বুলি কৈছিল৷ কোনো চিনিয়ৰ দাদাই নাম দিছিল খুটি৷ তিনিওজনী পাঁচফুটীয়া আৰু দূৰৰ পৰা দেখিলে হেনো চাহৰ কেটলি পাতিব পৰা তিনিঠেঙীয়া খুটি যেন লাগে৷
চাৰিবছৰৰ সু-সম্বন্ধ কটকটীয়া কৰি ৰখাৰ পণেৰে এদিন তিনিওজনীয়েই কলেজ এৰিলো৷ কৰ্মসংস্থান বা সংসাৰৰ নতুন দায়িত্বৰ সূত্ৰে তিনিওজনী পৃথিবীৰ তিনিটা কোণত আজি প্ৰায় প্ৰতিস্থিত৷ ৰিয়া নুমলীগড়ত, ৰীমা চিডনীত আৰু মই ত্ৰিভূজটোৰ আনটি কোণত৷ ইজনীয়ে সিজনীৰ সুখ-দুখত আগৰ দৰে অবশ্যে ‘সময়মতে’ লগৰী হোৱাৰ দিনবোৰ হেৰাই গ’ল৷ নিজৰ ৰুমালেৰে আনজনীৰ চকুপানী মুচিব নোৱাৰিলেও বা এজনীৰ চামুচেৰে সিজনীৰ প্লেটৰ পৰা খাব নোৱাৰিলে কি হ’ল, ইণ্টাৰনেটৰ আশীৰ্বাদত আমাৰ সম্বন্ধটো ক্ৰমাৎ বৰ লাহে লাহে হেৰাই যোৱাৰ পৰা ঘূৰি আহিবলৈ ধৰিলে৷

"ঐ গম পালিনে নাই ৰিয়া ছোৱালী এজনী হ'ল নহয়?"
"' হয় নেকি? অলপ আগতীয়া হ’ল নেকি? মই আকৌ দুমাহমান তাইৰ একো খবৰেই ল’ব পৰা নাই অ’৷ সব ঠিকে ঠিকে হৈ গ'লনে?"
"দুসপ্তাহ মানেই হ'ল৷ ক'ত আমাৰ ইয়াত নৰ্মেল হ'ব আৰু, আগৰ দৰেই আকৌ অপাৰেচন কৰিব লগীয়া হ'ল"

পিছত খবৰ লৈ গম পালো ৰিয়াক ডাক্টৰগৰাকীয়ে আগতীয়াকৈ তাৰিখ এটা দি থৈছিল হস্পিটাললৈ আহিবলৈ৷ সেই তাৰিখটো আচল দেলিভাৰী দেটতকৈ দুসপ্তাহ আগত৷ কাৰণ তাৰ পিছত প্ৰায় তিনিসপ্তাহলৈ ডাক্টৰগৰাকী নাথাকে গতিকে অপাৰেচনৰ তাৰিখটোও তেখেতৰ "সুবিধামতে" লোৱা হ'ল৷ শেষৰফালে ৰিয়াইও ডাক্টৰ সলাব নুখুজিলে, এতিয়ালৈকে সকলো ঠিকে থাকিলেও নতুন ডাক্টৰে কিজানি তাইৰ 'কেচ'টো ভালদৰে বুজি নেপায়?

হস্পিটাললৈ অহাৰ সময়ত ৰিয়াৰ হেনো সকলো ঠিকেই আছিল৷ চল্লিশ সপ্তাহৰ হিচাপ এটাৰ পৰা সাধাৰণতে কেইদিনমান ইফাল সিফাল হ'লে বিশেষ একো অসুবিধা নহয় বুলি কয়৷ কিন্তু আগতীয়াকৈ শিশুক জন্ম দিয়াব খুজিলে কেতিয়াবা কিছুমান অসুবিধাও হয় যেনে মাকৰ প্ৰাকৃতিকভাবে প্ৰসববেদনা আৰম্ভ নহ'বও পাৰে৷ আৰু বাহ্যিক ঔষধ প্ৰয়োগৰ দ্বাৰা সময়তকৈ আগতে তেনে অৱস্থালৈ মাকক আনিবলৈ হ'লেও মাকৰ লগতে শিশুৰ অনেক কষ্ট হ'ব পাৰে৷ ৰিয়াৰ ক্ষেত্ৰত প্ৰায় তেনেকুৱাই অৱ্স্থা এটা হ'বৰ উপক্ৰম হৈছিল হেনো৷ পিছে প্ৰাকৃতিক ভাবে মাক আৰু সন্তান দুয়ো প্ৰস্তুত নোহোৱাৰ বাবে তাইক হস্পিটালত অহাৰ পিছতেই অপাৰেচনৰ বাবে সাজু কৰা হ'ল৷ কিন্তু ৰিয়াৰ কথাৰ পৰা এনে লাগিল কোনেও যেন ৰিস্ক ল’ব খোজা নাছিল – অৰ্থাৎ অপাৰেচন কৰাতোহে নৰ্মেল হ’ব বুলি সকলোৰে যেন এটা বিশ্বাত পৰিণত হৈছে৷ কিন্তু কিয়? ভগৱানসৃষ্ট প্ৰাকৃতিকভাবে শিশুৰ জন্মৰ প্ৰক্ৰিয়াটোতনো সমস্যা কিহৰ যদিহে মাক-শিশুৰ কোনো অপ্ৰাকৃতিক-গত দু:শ্চিন্তা বিশেষ একো দেখা নেযায়? সচৰাচৰ শুনা থাইৰয়েদ, ডায়েবেটিচ, অতিৰিক্ত বা লগাতকৈ কম ওজন, কম টোপনিত ভূগা, খাবলৈ বিশেষ মন নোযোৱা, আনকি আইৰণজাতীয় মিনেৰেলৰ অভাৱ ধৰণৰ কোনো সমস্যাই আচলতে তাইৰ এইবাৰ হোৱা নাছিল৷ আনকি প্ৰেচাৰ, শিশুৰ হাৰ্ট-বিটকে ধৰি সকলোবোৰেই হস্পিটেলত ভৰ্তি কৰাৰ সময়লৈকে সম্পূৰ্ণ ঠিকে আছিল৷ হয়তো দুই সপ্তাহৰ ভিতৰত যিকোনো সময়তে যেতিয়াই প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰি দিয়া সময় চমু চাপিলহেঁতেন তেতিয়াই স্বাভাৱিকভাবে শিশুটিয়ে জন্ম লভিলহেঁতেন৷ কিন্তু শিশুটিক কেইদিনমানৰ আগতেই নিমন্ত্ৰণ কৰা হ’ল কাৰণ তেনেকৈয়ে সকলোৰে সুবিধা হ’ল!
ৰিয়াক সুধিলো, সেইটো সিদ্ধান্ত জানো ঠিক আছিল? কাৰণ মোৰ ক্ষুদ্ৰ জ্ঞানেৰে ইয়াকেই ভাবি পাইছিলো যে প্ৰাকৃতিকভাবে জন্ম হোৱা শিশুৰ শৰীৰে জীৱন-যুদ্ধৰ কাৰণে প্ৰথম শিক্ষাটোৱো পায় ইয়াৰ দ্বাৰাই৷ ভাবিছিলো এই প্ৰক্ৰিয়াৰ আৰম্ভণিতে কিছু অসুবিধা দেখা পালেহে অপাৰেচন কৰিব লাগে৷

ৰিয়াৰ প্ৰথম সন্তানো তেনেদৰেই অপাৰেচনৰ যোগেদি জন্ম হোৱা৷ তাই সন্তানধাৰণৰ গোটেই সময়চোৱাত অনেক কিতাপ -পত্ৰ পঢ়িছিল, অনলাইন আলোচনী আৰু কিছুমান ৱেবচাইট যেনে আইভিলেজ ডট কম, বেবীচেন্টাৰ ডট কম আদিৰো নিয়মীয়া পাৰ্চনেলাইজদ নিউজলেটাৰ বিলাক পঢ়িছিল৷ সেইবোৰৰ লিংক ময়ে তাইক দিছিলো৷ মোলৈ এতিয়াও আহি থাকে নিউজলেটাৰবোৰ, ইমানযে অনুপ্ৰেৰণামূলক! বিদেশত অকলে অকলে গোটেই প্ৰক্ৰিয়াটোৰ মাজেদি যাওঁতে এয়াই আছিল মোৰ কিবা জনাৰ উৎস৷ মাহঁত হেজাৰ মাইল দূৰত আছিল – মাই সদায় দুখ কৰিছিল এই সময়ত তোৰ ওচৰত কোনোবা থাকিব লাগিছিল কিন্তু মাক ওলোটাই কওঁ এইফালে এনেকৈয়ে কতই দেখোন কিমান কি কৰা নাই৷ ৰিয়াই যিয়ে যেনেকৈ উপদেশ দিছিল সেইমতেই কৰিছিল৷ কোনোৱে কৈছিল আনাৰস, অমিতা নাখাবা, নাখাইছিল তাই৷ কাফেইনযুক্ত খাদ্য, সীহ থাকিব পৰা কিছুমান বিশেষ চালানী মাছ আৰু সাগৰীয় মাছ সম্পূৰ্ণ বাদ দিছিল গোটেই সময়চোৱাত৷দৈনিক এঘণ্টা খোজ কাঢ়িছিল ৰাতিপুৱাই কলনীৰ ইমূৰৰ পৰা সিমূৰলৈ৷ কাৰণ খোজ কাঢ়িলে হেনো অপাৰেচন কৰিব নেলাগে, অতিৰিক্ত ওজনো নহয়৷ বাৰীৰ পিছফালৰ কচুৱনিৰ পৰা অনা কচুথোৰৰ আঞ্জা সপ্তাহত এদিন খাবলৈ পোৱাতোযে তাইৰ ভাগ্যই বুলিম মই৷ শাহুৱেকে তাইক সদায়েই কৈ আছিল ডাঙৰ বোৱাৰী দুজনীয়ে ঘৰতে হস্পিটালৰ মুখ নেদেখাকৈয়ে কেনেকৈ তিনিটা তিনিটা মুঠ ছটা ল'ৰাৰ জন্ম দিলে৷ ডাঙৰ বোৱাৰীয়েকে হেনো দুই নম্বৰটো জন্ম হোৱাৰ আগদিনা কোঁচত ডেৰবছৰীয়া প্ৰথম ল'ৰাটো বান্ধি ৰাতি ন বজালৈকে ঢেকী দিছিল৷ সেয়ে শেষলৈকে ভালদৰেই গৈছিল৷ আনকি যিদিনা ৰিয়াক লৈ যোৱা হৈছিল হস্পিটালত, কোনো আগতীয়া এপইণ্টমেন্ট নোলোৱাকৈ তেতিয়াও তাই প্ৰায় নিশ্চিত আছিল তাইৰ নৰ্মেল ডেলিভাৰী হ'ব৷ কিন্তু বিধিৰ বিপাক৷ চাৰিঘণ্টালৈকে ৰোৱাৰ পিছতেই বিশেষ অগ্ৰগতি নেদেখি ডাক্টৰে তাইক অপাৰেচন কৰিবলৈ সন্মতি বিচাৰে৷ ডাক্টৰৰ কথামতে নকৰাৰ প্ৰশ্নই নুঠে৷ মনে মনে অলপ বেয়া লাগিছিল যদিও কণমানিজনীৰ আগমনত তাই সকলো পাহৰি গ'ল৷

সেইদিনা ৰিয়াৰ লগত বহুত সময় কথা পাতিলো৷ তাইৰ মেটাৰ্নিটী লীভ আৰু চাৰিমাহমান আছে৷ এই ছুটিবোৰো ঠাইভেদে, কোম্পেনীভেদে অদ্ভূতধৰণৰ যদিও ছুটিৰ কাৰণটো একেই! সিহঁতৰ অয়ল কোম্পেনীত প্ৰায় চাৰে চাৰিমাহ মান পায়৷ মোৰ প্ৰথম সন্তান জন্ম হওঁতে য' আছিলো তাত মাত্ৰ বাৰ সপ্তাহ দিয়ে তাকো বিনা দৰমহাৰ৷ আকৌ কানাডাৰ দৰে দেশত এবছৰ পৰ্যন্ত  মেটাৰ্নিটী লীভ পায়৷ আমাৰ ইয়াত হয়তো প্ৰতি দহগৰাকী চাকৰিয়াল সদ্যমাতৃৰ ভিতৰত নগৰাকীয়েই ভাবে চাকৰি এৰি দিওঁ নেকি বুলি৷ কাৰণ বাখ্যা নিস্প্ৰয়োজন৷ ৰিয়াৰ লগত এতিয়া এগৰাকী কামত সহায় কৰা মহিলা থাকে, তায়েই কেঁচুৱাৰ কাপোৰ কানি ধোৱা, গা ধুওৱা ইত্যাদি কৰে৷ অপাৰেচন কৰা হেতু ৰিয়া এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ এইবাৰ শাহুৱেক লগতে আছে যদিও তেওঁলোকৰ হেনো সত্ৰীয়া কিছুমান নিয়ম আছে কেঁচুৱাৰ জন্মৰ এমাহলৈকে অশৌচ নেকি কিবা নিয়মহেতু তেখেতে এতিয়ালৈকে মাক আৰু কেচুঁৱাক স্পৰ্শ কৰা নাই৷ এমাহ মানৰ পিছত এমুঠি প্ৰসাদ আগ কৰি, ৰিয়াই গা পা ধুই ‘শুচি’ হৈ তেখেতক মান ধৰিলেহে হেনো চুব পাৰিব! কথাষাৰ শুনি হাঁহিমেই নে কান্দিম ধৰিব নোৱাৰিলো৷ তাইৰ প্ৰথম সন্তান জন্মৰ সময়ত তাইৰ মাক লগত আছিল, তেখেতো সত্ৰীয়া পৰিয়ালৰে কিন্তু জীয়েকৰ এনেকুৱাত তেখেতে কোনো নিয়ম মনা নাছিল, বনকৰামানুহো ৰখা নাছিল সেইবাৰ৷ ৰিয়াৰ পতিদেৱ এজন ভাল মানুহ কিন্তু এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে গোটেই পৃথিবী ঘূৰি ফুৰিব লাগে৷ শিশুটিৰ জন্মত দুদিন পিছতেই তেখেতে ক’ৰবাত গ’ল কাইলৈহে আহি পাবহি৷

কেতিয়াবা ভাবো, স্থান-কাল, সমাজ-সংস্কৃতি ভেদে নিয়ম বোৰ বেলেগ বেলেগ কিয় হয় বাৰু? মাতৃত্বৰ অভিজ্ঞতা যাৰ হৈছে, সেই মহিলাসকলে তেওঁলোকৰ এই কঠিনতম মূহুৰ্তত কি বিচাৰে কাক বিচাৰে বাৰু? সন্তানৰ বাবে পিতৃ আৰু মাতৃৰ স্থান একে হোৱা উচিত কিন্তু দেখা যায় মাতৃৰ একচেতীয়া দায়িত্ব হৈ পৰে৷ একেটাই নিয়ম প্ৰকৃতিৰ কিন্তু সমাজভেদে তাৰ লগত মানুহৰ আবেগ আৰু সম্পৰ্কৰ আকাশ-পাতাল বিভেদ! মনত পৰিল মোৰ প্ৰথম সন্তানৰ জন্মৰ কাহিনী৷ শিশুটি আমাৰ কোলালৈ অহাৰ এমাহমানৰ পাছত এখেতৰ বন্ধু এজনক এওঁ ফোনক কোৱা শুনিছিলো, “তহঁতৰে ভাগ্য – ঘৰলৈ নতুন আলহী আহিছে, মিঠাইৰ দোকানলৈ যোৱাৰ বাদে তোৰনো আৰু কি কাম৷ মই কি কি কৰিলো এদিন কম বাৰু” ৷ মিছা নহয়৷ এইখন দেশত কোনোৱেই কাৰোৰে পৰা একো আশা নকৰাকৈ সকলো নিজে নিজেই পৰিচালনা কৰে৷

৩১ ডিচেম্বৰ, ২০০৫ চন৷ আমেৰিকাৰ ভিতৰতে ঠাণ্ডা আটাইতকৈ বেছি পৰা বুলি জনাজাত মিনিয়াপলিচৰ প্ৰচণ্ড শীতৰ সময়৷ বতৰে বাৰুকৈয়ে শিক্ষা দি আছে৷ আমি বছৰৰ শেহৰফালে এটা ঘৰ কিনিছিলো কাৰণ আমাৰ পৰিয়ালত সদস্যবৃদ্ধিৰ সময় সমাগত৷ একত্ৰিশ ডিচেম্বৰৰ দিনা এঘৰত ভাতখোৱাৰ নিমন্ত্ৰণো আছিল কিন্তু নতুনঘৰত বহুতো কাম থকাৰ কাৰণে আমি ভাবিলো মোৰ প্ৰিয় দক্ষিণ-ভাৰতীয় ৰেষ্টুৰেণ্টখনতে নিশাৰ আহাৰ গ্ৰহণ কৰি সোনকালে শুই থাকিমগৈ৷ কিন্তু দূৰ্ভাগ্য যে সেইখন সিদিনা বন্ধ আছিল৷ পিছত শুনিছিলো কৰ্ম-ভিছা নথকা লোকক বেআইনীভাবে তাত নিযুক্তি দিয়াৰ অপৰাধত সেইখনত তলা লাগিল৷ ৩১ তাৰিখ বুলি আন বহুতো দোকান পোহাৰ আনকি ৰেষ্টুৰেণ্টবোৰো সেইদিনা সোনকালেই বন্ধ হৈছিল৷ অথচ মোৰ তীব্ৰ আশা ক’ৰবাত দোচা এখন বা ৰুটি এখন খাবলৈ পোৱা হ’লে! নতুন ঘৰত সেই সৰঞ্জাম নাছিল তেতিয়ালৈকে৷ শেষত শুকান বিস্কুট জাতীয় কিবাকিবি খাই ভাগৰত শুই থাকিলোহি৷ ৰাতিপুৱা ঘৰলৈ ফোন লগালো, নতুন  বছৰৰ শুভেচ্ছা দিবলৈ৷ দেউতাৰ কিডনী দুয়োটা বিকল হোৱাত সেই সময়ত তেখেতে ঘনাই ডায়েলাইছিচ কৰি আছিল৷ দেউতাই মোৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰিলে সেইদিনা৷ দুদিনমানৰ আগতে ভাইটিয়ে জনাইছিল চিকিৎসকে আৰু ডায়েলাইছিচলৈ তেখেতক আনিব নেলাগে বুলিয়েই হেনো কৈ দিছে৷ আমাৰ সেই সময়ত গ্ৰীণ কাৰ্ড হোৱা নাছিল৷ গ্ৰীণ কাৰ্ড নেথাকিলে দেশৰ বাহিৰ হ’বলৈ এখন ট্ৰেভেল ডকুমেণ্ট লাগে সেইখন এক্সপায়াৰ হৈ আছিল বাবে তাৰ বাবে আকৌ আবেদন কৰিছিলোহে, আহি পোৱাই নাই নতুনখন৷ দেউতাৰ এই অৱস্থাত এবাৰ দেখা কৰি আহিবলৈ বৰ মন আছিল কিন্তু মোৰ চিকিৎসকে সেই মূহুৰ্তত বাৰহেজাৰ মাইল উৰাজাহাজেদি ভ্ৰমণ কৰাটো একেবাৰতে না কৰিলে৷ ফলত ভগৱানক ধিয়াই থকাৰ বাবে আন উপায় নাছিল৷ ইতিমধ্যে নতুন ঘৰ লোৱাৰ বাবে প্ৰস্তুতি পুৰাদমে চলি আছিল, সেইবাৰৰ মাঘবিহুটো আমাৰ ঘৰতে পতাৰ বাবে স্থানীয় অসমীয়া পৰিয়ালকেইটিৰ লগত কথাও পাতিলো বোলো বিহুও পাতিম, ঘৰ লোৱাও হ’ব, পৰিয়ালৰ সৰ্বাংগীন মংগলৰ বাবে এমুঠি প্ৰসাদৰো আয়োজন কৰিম৷
জানুৱাৰীৰ সাত তাৰিখ, ২০০৬ চন৷ ৰাতিপুৱা মুখ হাত ধুই উঠোতেই ঘৰৰ পৰা ভিনিদেউৱে এওঁলৈ ফোন কৰিলে৷ সকলো মায়া মোহৰ অন্ত পেলাই দেউতাই আমাক এৰি থৈ গ’ল সেইদিনা ভাৰতীয় আবেলি চাৰি বজাৰ সময়ত৷

পৰিয়ালৰ প্ৰিয়জনক হেৰুৱাৰ বেদনা যাৰ হৈছে নুবুজালেও হ’ব সেয়া কেনে এক পৰিস্থিতি আছিল৷ ছমহীয়া জীৱন এটি দেহত আবুৰি লৈ তেনে পৰিস্থিতিতো যাতে ভাগি নপৰো, যি গ’ল গ’লেই, আহিব ধৰাজনৰ কি দোষ জাতীয় মনোভাবেৰে দেউতাৰ খবৰ পোৱাৰ পিছদিনাই অফিচলৈও গ’লো কিজানি কামৰ মাজত ডুব গৈ থাকিলে পাহৰিয়েই থাকো৷ কাৰণ ঘৰত কোনোবাও নাই যে এষাৰ সান্তনাৰ বাণী শুনিম, এবাৰ মাৰ ওচৰলৈ যাবৰ বাবে মনটো কান্দিয়েই আছিল কিন্তু সেয়া আছিল অসম্ভৱ৷
কিবা এটা অজান কাৰণত নে দুখতেই নাজানো দেউতা ঢুকোৱাৰ খবৰ পোৱাৰ দিন ধৰি মোৰ ভালকৈ ৰাতি টোপনি অহা নাছিল৷ দুপৰীয়া এঘূমটি মৰাৰ প্ৰশ্নই নাছিল, অফিচতে দিনটো কটাবলগীয়া হোৱাৰ বাবে৷ চিকিৎসকক কথাটো কওঁতে তেখেতে বুজালে টোপনি অহাটো সেইসময়ত কিমান জৰুৰী – যিকোনো উপায়েৰেই হওক৷ আনকি তেখেতে শ্লিপিং টেবলেট কিছুমানো লিখি দিলে৷ পেছাত চিকিৎসক মোৰ অসমীয়া বান্ধবী কেইগৰাকীমানে কিন্তু কথাটো শুনিয়েই সেই দৰব নেখাবলৈ দঢ়াই দঢ়াই ক’লে৷ ফলত দৰব নেখালো যদিও ক্ৰমে টোপনি অহা হ’ল অলপ অলপ দুই এঘণ্টামান ৰাতি, হয়তো লাহে লাহে পৰিস্থিতিৰ লগত খাপ খাবলৈ কৰা অহৰহ প্ৰচেষ্টাই কিছু কামত দিছিল৷ বিচনাত টোপনি একেবাৰে নাহে বাবে মাজে মাজে ড্ৰয়িংৰূমৰ চোফাতে কলমটিয়াবলৈ চেষ্টা কৰিছিলো৷
দেউতাৰ খবৰটো পোৱাৰ পৰা চাওঁতে চাওঁতে প্ৰায় ডেৰমাহ পাৰ হ’ল৷ বহুত খিনি সহজ হৈছিলোগৈ তেতিয়ালৈ৷ বৃহস্পতিবাৰ আছিল সিদিনা৷ গোটেই ৰাতি চোফাতে পৰি আছিলো৷ ৰাতি ভালদৰে টোপনি হোৱা নাছিল কিয় নাজানো৷ কিবা এটা অশান্তিৰে যেন মনটো আমনি কৰি আছিল৷ দেউতালৈ মনত পৰি তেতিয়াও মাজে মাজে ৰাতি মনে মনে উচুপি থকাটো মোৰ নিত্য-নৈমত্তিক ঘটনা হৈ পৰিছিল৷ আৰু তেনে কৰিলেই প্ৰায়েই টোপনি ভালদৰে নহয়৷ কাহিলীপুৱাতে এক অনাকাংখিত কাৰণত হস্পিটাললৈ ফোন কৰিব লগীয়া হ’ল৷ কিবা বুজি পোৱাৰ আগেয়েই হস্পিটেল কৰ্তৃপক্ষই লক্ষণবোৰ শুনি ততালিকে মাতি পঠিয়ালে৷ আচল তাৰিখটোলৈ তেতিয়াও ছয় সপ্তাহৰো বেছি সময় বাকী গতিকে ভাবিছিলো হয়তো অলপ পৰীক্ষা কৰি ঘৰলৈ পঠাই দিব৷ ৰাষ্টাৰ পৰাই অফিচৰ বচলৈ ফোন কৰিলো, মোৰ ডাইৰেক্টৰ গৰাকী আছিল দুটা চফল ডেকাৰ এগৰাকী সফল মাতৃ৷ লক্ষণবোৰ সোধাত ক’লো৷ তেখেতে কিবা বুজিলে বোধহয়৷ লগে লগেই চিন্তা কৰিবলৈ মানা কৰি ইতিমধ্যে মোৰ কামবোৰ টীমৰ বাকীবোৰক ভগাই দিয়াৰ আশ্বাস দিলে৷ তাৰ পিছৰ সপ্তাহত হস্পিটেলত নতুন পেৰেণ্টচৰ বাবে থকা ক্লাচ এটা বুক কৰি থৈছিলো কিন্তু সেয়া ল’বলৈকে নহ’ল৷ আহি পোৱাৰ লগে লগে হস্পিটেলত মোক এডমিটেই কৰি দিলে, লৰচৰ কৰিব নোৱাৰাকৈ একেখন বেডত পৰি থাকিলো চাৰিদিন৷ এই চাৰিদিনৰ প্ৰতিটো ক্ষণেই গোটেই জীৱনলৈ মনত থাকিব৷ নানান ইঞ্জেকচন, দৰব আদিৰ মেৰপাকত সোমাই থাকি, এফালে চেলাইন আৰু আনফালে কেথাটাৰৰ মাজত আবদ্ধ হৈ কটালো দিনকেইটা৷ পানী আৰু লঘূ ফলৰ ৰসৰ বাদে আন একো খাবলৈ নিদিছিল৷ দিন ৰাতি একাকাৰ কৰি মাথো চাই থাকো বেবীৰ হাৰ্টবীট মনিটৰটোলৈ চকুৰ পতা নজপোৱাকৈ৷ তৃতীয়দিনালৈকে কোনো বাহ্যিক দৰব আৰু কৌশলেও আনিব পৰা নাছিল প্ৰাকৃতিক বেদনা৷ তথাপিও চিকিৎসকসকলে এৰি দিয়া নাছিল চিজাৰিয়ান নকৰে বোলে, নৰ্মেল ডেলিভাৰীয়েই কৰাব৷ তৃতীয়দিনালৈ শিশুৰ হাৰ্টবীট মাজে মাজে কমি একেবাৰে নোহোৱা হৈ যায় আকৌ উঠি আহে, আকৌ নামে, শূণ্য হৈ যায় আকৌ উঠে... মণিটৰত গ্ৰাফডালৰ তেনেকুৱা অৱস্থা আৰু বীটবোৰৰ কম্পনাংকৰ তাৰতম্যবোৰ দেখি পাগলৰ দৰে হৈ পৰিছিলো৷ মাজৰাতি নাৰ্চ আৰু ডাক্টৰে আহি চাই গ’ল বাৰে বাৰে৷ তেওঁলোকে আচলতে লেবাৰৰূমৰ বাহিৰত সকলো সময়তে কম্পিউটাৰত চাই থাকে৷ এবাৰ নাৰ্চ এগৰাকী আহি চহী এটা লৈ গ’ল আৰু ক’লে যে অপাৰেচনৰ বাবে যিকোনো সময়তে সাজু হৈ থাকিবলৈ৷ ভগৱানক প্ৰাৰ্থনা কৰাৰ বাদে আন উপায় নাছিল...এগৰাকী নাৰ্চ তেতিয়ালৈ মোৰ বান্ধবীৰ দৰে হৈ পৰিছিল, তেওঁ এপাকত কৈ গ’ল যে অপাৰেচন কৰিলে খৰচটো বেছি হয় আৰু বীমা পলিচী প্ৰভাইডাৰে অনেক প্ৰশ্ন কৰে কিয় অপাৰেচন কৰিব লগীয়া হ’ল, প্ৰকৃতাৰ্থত বীমা কোম্পেনীয়ে অতিৰিক্ত খৰচ বহন কৰিব নোখোজে আৰু কৈফিয়ৎ বিচাৰে৷ সেয়ে হস্পিটেলত তেওঁলোকে যিমানদূৰ সম্ভব নৰ্মেল ডেলিভাৰীয়েই কৰায় লাগিলে মাক-কেঁচুৱাৰ অলপ অসুবিধাই হওক উপায় নাই৷ এই সকলো উৎকণ্ঠা আৰু ভাগৰৰ মাজেদি দেওবাৰৰ দিনা দুপৰীয়া চাৰে বাৰ বজাত এটি সৰু দেৱশিশুৱে জনম লভি মোৰ কোলাত কান্দিলেহি, অপাৰেচন নোহোৱাকৈ সকলোখিনি সুকলমে হৈ গ’ল যদিও অপৈণত শৰীৰৰ কণমানি দেহাটিক বহুতো পৰীক্ষা নিৰীক্ষা কৰিব লগীয়া হ’ল সময়ৰ বহুত আগতেই আহি পোৱাৰ বাবে৷ সকলো সময়তে শুই থকা কণমানিজনীক এডাল ড্ৰপাৰেৰে এটোপ দুটোপকৈ খাবলৈ দিছিলো প্ৰায় দুসপ্তাহলৈকে৷ তাৰ পিছৰ পৰা এইখিনি আজি কেনেকৈ আহি পাইছো সেয়াও অন্য দীঘলীয়া কাহিনী৷ এই গোটেই সময়চোৱাত লগত আছিল মোৰ সন্তানৰ দেউতাকজন৷ আনকি ডেলিভাৰীৰ সময়ত এগৰাকী নাৰ্চৰ দৰেই সমানেই কাম কৰিছিল তেখেতে লেবাৰ ৰূমত৷ ডাক্টৰে তেওঁলৈ কেঁচীখন আগবঢ়াই দিওঁতে আমি দুয়ো আচৰিত হৈছিলো, কি কৰিব লাগিব এতিয়া বুলি৷ কেচুঁৱাৰ জন্মৰ পিছতে মাতৃৰ সৈতে সংযোগ থকা নাড়ীডাল হেনো বাপেকবোৰে কটাটো নিয়ম! মিনিয়াপলিচৰ মাইনাচ চল্লিশ ডিগ্ৰী ফাৰেনহাইটৰ আবেলি তেখেত ওলাই গ’ল অলপ খাদ্য আনিবলৈ, গাড়ীত তেল ভৰাবলৈ, ঘৰখন অলপ চাফ-চিকুণ কৰি আহিবলৈ৷ চাৰিদিন তেওঁৱো বিশেষ একো খোৱা নাছিল৷ ওচৰৰ অসমীয়া পৰিয়ালকেইটাকো খবৰ দিয়া হোৱা নাছিল এই ঠাণ্ডাত কেনেকৈনো ওলাই আহিব বুলি৷   
ৰিয়াই যেতিয়া কৈছিল তাইৰ জীৱনৰ কঠিন সময়চোৱাত তাইৰ মানুহজনেই লগত দুয়োবাৰ নাছিল দুখ লাগিছিল তাইলৈ৷ নিজৰ মানুহজন সকলো সময়তে থকাটো কিমানযে প্ৰয়োজন৷ আমাৰ চিকিৎসকে কিন্তু সদায়েই প্ৰথমটো চেক-আপৰ পৰাই এখেতক লগত আহিবলৈ কৈছিল৷ আনকি মাজৰ সময়চোৱাত নিয়মীয়া চেক-আপৰ বাবে গ’লে মই অকলে যাব খুজিলেও ডাক্টৰৰ গালি খোৱাৰ ভয়তে এখেতেও গৈছিল প্ৰতিবাৰেই৷ মোক যিমান উপদেশ দিছিল তাতকৈ বেছি পাঠ পঢ়াইছিল তেখেতকহে৷ তেওঁলোকৰ মতে পিতৃয়েও বুজি পোৱা উচিত কি পৰিবৰ্তনৰ মাজেদি মাতৃগৰাকীয়ে গৈ আছে, সন্তান জন্মহোৱাৰ প্ৰক্ৰিয়াটো হেনো কেৱল মাতৃৰে দায়িত্ব নহয়, প্ৰতিটো মূহুৰ্তৰ অভিজ্ঞতাৰে সৈতে জীয়া সম্বন্ধ এটি গঢ় দিবলৈ হ’লে পিতৃয়েও সমান দায়িত্ব পালন কৰিবই লাগিব৷
তেতিয়া মোৰ চাকৰিটো প্ৰায় নতুন আছিল৷ নতুন কোম্পেনীৰ গ্ৰূপ বীমা পলিচীটো লোৱাও এবছৰ হোৱা নাছিল বাবে কিছুমান সুবিধা পোৱা নাছিলো, তেনেকুৱা হ’লে ‘কব্ৰা’ত যোৱা বুলি কয় ইয়াত৷ কব্ৰাত গ’লে বীমা পলিচীটো একে থাকে কিন্তু প্ৰিমিয়াম সম্পূৰ্ণ নিজৰ পকেটৰ পৰা যায়৷  প্ৰায় এসপ্তাহ হস্পিটেলত থকাৰ বাবে খৰচো বহুত হৈছিল আৰু ইঞ্চিউৰেন্সে সিংহভাগেই আদায় দিয়া নাছিল৷ ছুটি পাইছিলো যদিও সেইসময়খিনিত দৰমহা পোৱা নাছিলো৷ সেয়েহে বাৰসপ্তাহৰ সৰ্বাধিক ছুটিকণ উপভোগ কৰি অফিচত জইন কৰিছিলো অনতিপলমেই যাতে বীমা পলিচীটো নিয়মীয়া হয় আৰু চাকৰিটোও অক্ষুণ্ণ থাকে৷ বাৰসপ্তাহৰ পিছতেই কণমানিজনীক অফিচৰ ওচৰত এখন ডে’কেয়াৰত থৈ যাওঁ দিনতীয়াকৈ৷ উপায়ো নাছিল৷ এনেদৰেই নানান সমস্যাৰ মাজেদিয়েই তাই ডাঙৰ হৈ আহিছিল, তাইৰ মুখলৈ চাই প্ৰতিটো দিনেই ভাবো চাকৰিটো এৰি দিওঁ নেকি বুলি৷ তাইৰ প্ৰতি এক অন্যায় কৰাৰ অপৰাধত জ্বলি পুৰি মৰিছিলো দৈনিক কিন্তু বেয়াদিনবোৰ ইতিমধ্যেই পাৰ হৈ গ’ল জাতীয় সান্তনাবাণী যেন কাণত বাজি থাকিছিল অনবৰতে৷
ৰীমাৰ লগত তাইৰ শহুৰ শাহু প্ৰথমৰ পৰাই আছে বাবে তাইৰ আহুকাল একো হোৱা নাছিল৷ ৰিয়ালৈহে দুখ লাগে৷ তাইৰ একমাত্ৰ বায়েকৰ কঠিন সময়চোৱাত হেনো আকৌ ভিনিয়েকে ঘৰত থাকিও একো কৰা নাছিল, কাৰণ সেইটোৱেই হেনো আছিল নিয়ম৷ কেকোজেকোকৈ অনেক কষ্টৰ মাজতো বায়েকেই গোটেইখিনি চম্ভালিছিল প্ৰথম এসপ্তাহলৈকে৷ তাৰ পিছত কিবাকৈ ছুটি অলপ ঠিক কৰি ৰিয়া গৈছিল সহায়ৰ হাত আগবঢ়াবলৈ৷ প্ৰায় তিনিসপ্তাহমান থাকি সহায় কৰিবলৈ মানুহ এগৰাকী ঠিক কৰি দি গুচি আহিছিল৷ আগৰ দিনত, মাহঁতৰ দিনত আৰু তাতোকৈয়ো আগতে তিৰোতাসকলৰ আৰুৱেই ভয়ানক দিন আছিল৷ মাই কোৱামতে, সেই সময়ত ঘৰৰ মতামানুহবোৰ ঘৰৰ পৰা ওলাই যায়, চাব নেপায় বুলি৷ আৰু মাক হ’বলৈ লোৱা তিৰোতাগৰাকীক ৰছী এদাল খুটা এটাত ওপৰৰ ফালে বান্ধি দি টানি থাকিবলৈ দিয়া হয়, যাতে কষ্টখিনি সহ্য কৰিব পাৰে৷ সময় সমাগত হ’লে আন তিৰোতাকেইগৰাকীমান আহি সহায় কৰেহি ‘কামখিনি’ শেষ কৰাত৷ সেয়া পুৰণিদিনৰ কথা৷ কিন্তু এতিয়া বিজ্ঞানৰ যুগ৷ সন্তান জন্ম দিবলৈ মাতৃসকল চিকিৎসালয়লৈ ঠিকেই দৌৰিছে বা তেওঁলোকক দৌৰাোৱা হৈছে কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় আমাৰ সমাজত পিতৃৰ ভূমিকাৰ বিশেষ পৰিবৰ্তন হোৱা নাই৷ আচৰিত লাগে, যিখিনি গুৰুত্বপূৰ্ণ সময়ত পিতৃৰ দায়িত্ব আটাইতকৈ বেছি হোৱাৰ আবশ্যক সেই সময়খিনিতে তেওঁলোক আঁতৰি থাকে৷ সমাজেও বুজিবৰ হ’ল, চিকিৎসকসকলেও বুজাবৰ হ’ল৷ সকলোকে কোৱা নাই কিন্তু আশাকৰো ৰিয়াৰ নিচিনা হেজাৰজনী মাতৃৰ দায়িত্ব আৰু মনৰ বাতৰি ল’বলৈ ব্যস্ত বা আন অজুহাতত আঁতৰি থকা পতিসকলে এদিন ইয়াৰ গুৰুত্ব বুজিব৷ আশাইতো জীৱনৰ সঞ্জীবনী সুধা৷ জীৱনৰ অন্য এটি নাম৷

oooooo

Monday, March 3, 2014

স্বস্তি

স্বস্তি -  চুটি গল্প
++++++++++++++++
বৰুৱাই কোঠাটোৰ ভিতৰতে পায়চাৰি কৰি থাকিল৷ এবাৰ বিচনাখনত বহে, আকৌ উঠে৷ হিচাপ নাই কিমানবাৰ তেওঁৰ পঢ়ামেজখনত পৰি থকা সৰু কিতাপখনৰ পাত লুটিয়ালে৷ মাজতে বৰুৱানীৰ আলমাৰিটো খুলি চালে, এনেয়ে৷ খোলোতে কেৰেককৈ শব্দ হোৱাত অলপ সজাগ হ'ল তেওঁ, কিজানি কোনোবাই দেখা পাই যায়! ঘৰৰ চোতালত আৰু বাকী কোঠাবোৰত মানুহে অহাযোৱা কৰি আছে৷ বৰুৱানীক বাদ দি ঘৰৰ বাকীবোৰে আৰু ৰাইজে হয়তো এই সময়ত তেওঁৰ উপস্থিতি কামনা নকৰিবও পাৰে কি ঠিক৷ সমাজখন যিহে৷ কেইদিনমানৰ আগতে যি ঘটনা ঘটিল ঘৰখনত তাৰবাবে জগৰীয়া যিহেতু তেৱেঁই৷ কোঠাটোত বৰ্তমান আন কোনো নাই৷ ওলাই যাম বুলি হাজাৰবাৰ ভাবিও তেওঁ বিশেষ কাৰণত আবদ্ধ হৈ থাকিব লগীয়াত পৰিছে৷

বৰুৱানীৰ আলমাৰিৰ ভিতৰত তেওঁৰ ডাড়িখুৰোৱা সৰু আইনাখন আকৌ কেনেকৈ সোমালহি? এইবাৰ এনেই আইনাখন তুলি ল'লে তেওঁ - প্ৰায় ষাঠিবছৰ গৰকা মানুহজনক বাৰু জীৱনযুদ্ধত ভাগৰুৱা যেন লাগেনে মুখখন চালে? নাই তেনেকুৱা একো নাই, আইনাত একোৱেই নেদেখিলে তেওঁ৷

কেৰেককৈ সৰু শব্দ এটা আকৌ হ'ল, আলমাৰিটো বন্ধ কৰি দিলে৷

পুনৰ মেজৰ ওপৰত থকা কিতাপখন তুলি ল'লে এইবাৰ৷ বেয়া হোৱা নাই, ই বুবুলে সৰুকৈ যদিও ভালেই উলিয়াইছে কিতাপখন৷ বুবুল ল'ৰাটো ভাল, তাক লৈ তেওঁৰ চিন্তা নাই তেনেকৈ৷ কিন্তু ডাঙৰ ল'ৰা ৰুবুল? সি পঞ্চমমানত থাকোতেই মৰমৰ আইতাকজনী ঢুকোৱাৰ পৰাই নাস্তিক হৈ পৰিল সি৷ কিযে হ'ব ল'ৰাটোৰ৷নামঘৰলৈ নেযায়৷ ধূপ ডালো নজলায় কেতিয়াও৷ বোলে ধৰ্ম কৰি কি হ'ব? ভগৱান আছে যদি আইতাক ইমান কষ্ট কিয় দিলে? সৰুমাহীৰ গাত কি দোষ আছিল, মহাই মাহীৰ মৃত্যুৰ এবছৰ নহওঁতেই কিয় বিয়া পাতিলে, ভগৱানে তেতিয়া নাক বজাই শুই আছিল নেকি? দেউতাই কথাই কথাই কৃষ্ণ কৃষ্ণ কৰাৰ ফলত লাভ কিনো হৈছে ঘৰখনৰ৷ ইত্যাদি ইত্যাদি৷ চুলিয়ে ডাড়িয়ে চেহেৰাও তাৰ যিটোহে হৈছে পাই৷

সিটো কোঠাত ৰাইজৰ মাত ক্ৰমে কোঢ়াললৈ পৰিবৰ্তন হোৱা যেন লাগিছে৷ তেওঁ ইয়াতে লুকাই আছে বুলি গম পাইছে নেকি বাৰু ৰাইজে? আলমাৰিটোৰ কাষতে কুচিমুচি লুকাবলৈ চেষ্টা কৰিলে, তাৰ পৰা বাহিৰৰ কথাবোৰো প্ৰায় ভালদৰেই শুনিবলৈ পায়৷ কিতাপখন হাততে থাকিল, অন্ততঃ আমনি নেলাগিব এতিয়া, ভালকৈ পঢ়াই নাই এতিয়াও৷

ৰাইজে কিবা এটা কথা বুবুল আৰু ৰুবুলক বৰ জোৰ দি কৈ আছে৷ বুবুলে কিবা অনুনয় বিনয় কৰি থকা যেন লাগিল৷ ঘৰখনলৈ আৰু অমংগল চপাবলৈ তেওঁৰ মন নাই কিন্তু তেওঁযে অবৰূদ্ধ আৰু বৰ নিৰুপায় এতিয়া! বৰুৱানী বোধহয় বেলেগ কোঠাত আছে৷ এইবাৰ কোনোবা অহাযেন পাই অলপ সন্ত্ৰষ্ট হ'ল বৰুৱা৷ ৰুবুল তেওঁ থকা কোঠাটোলৈ আহিল খৰখোজেৰে, পিছে পিছে বুবুল৷ বুবুলে কোঠাত সোমায়েই দুৱাৰখন জপাই দিলে৷ তেওঁ থকা ফালে সিহঁতে চোৱাই নাই, গতিকে দেখাৰ প্ৰশ্নই নুঠে৷ জপৰাচুলিয়া ৰুবুলটোৰ এই কেকটাচৰ নিচিনা হেয়াৰস্টাইলটোৱে কেইদিনমানৰ পৰা তেওঁক বৰ বেছি আমনি কৰিছে দেখোন, কিবা ভাল নেলাগে৷ আগতেও ঘৰৰ সকলোৱে কিমানবাৰ যে ক'লে বোপাই চুলিবোৰ ঠিয় ঠিয়কৈ নেৰাখিবি চোন, কেটেলাপহু নে ভুচুংপহু ধৰিবই নোৱাৰি৷ সি নেমানে৷ বুবুলে কিবা বুজাইছে ককায়েকক৷ একোবত ৰুবুলে কোৱা যেন পালে, "হ'ব দে ঠিক আছে৷তহঁতে সকলোৱে বিচাৰিছ যেতিয়া...."

ভায়েকে কান্ধত লৈ থকা গামোচাখনকে নিজৰ গাত মেৰিয়াই লৈ ৰুবুল কোঠাটোৰ পৰা ওলাই গ'ল৷ বৰুৱাই শুনিলে সি কোৱা- "ৰাইজ দায়দোষ নধৰি ভাতমুঠি ধৰিব আৰু, চুলিখিনি এতিয়াই খুৰাই পেলাম আৰু আপোনালোকে যি কয় তাকেই কৰিম...."৷

কোঠাটোৰ পৰা ওলাই যাব খুজিও সৰু শব্দ এটা শুনি টকলামূৰীয়া বুবুল ৰৈ গ'ল৷ আলমাৰিটোৰ চুকত স্মৰণিকাখন যেন এইমাত্ৰ পৰি গৈছে, সেইখন আকৌ তালৈ গ'ল কেনেকৈ? এচাটি চেঁচা বতাহে দুৱাৰৰ পৰ্দাখনৰ লগতে তাৰো খালি গাটো যেন হঠাতে জোকাৰি গ'ল৷.... +++++++
৩/৩/২০১৪৷