সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি
দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
আশাৰে চাই ৰওঁ ফেহুঁজালি
তুমি আহি কৈছিলা
মোহিনী মোৰ চাৱনি
তুমি আনি দিছিলা
পাহাৰৰে ফুলৰ কলি
আকৌ আহিবা বুলি
ৰওঁ তিমিৰ হেলাৰঙি
তোমাৰ সজাৰ চৰাইজনী
মাহৰ পিছত মাহদিয়েক
পাখিগজা গাভৰুজনী
ৰৈ ৰৈ বিনাই দুৱাৰত ৰওঁ
দিয়া আহাঁ খুলি
বন্দী নীড় মোৰ অশ্ৰুঅঞ্জলি
চাব খোজো এআকাশ মুকলি
সেই সপোন পৰিছিল ভাঙি
সজাৰ চৰাইজনী সজাতেই থাকিল ওমলি৷
No comments:
Post a Comment