Monday, March 11, 2013

গল্প - খিড়িকী

  হাকালৰ অদৃশ্য ৰথত কোন পথে নামি আহি ক’ত হেৰাই গ’ল অতবোৰ বছৰ মই যে নাপাওঁ খবৰ৷ এতিয়া আৰু মই তেতিয়াৰ মইজনী হৈ থকা নাই৷ বছৰৰ হিচাপে বুঢ়ী কৰি দিয়া মইজনীয়ে সদ্যহতে যুগৰ হিচাপ কৰি আয়ুস বঢ়ায়েই আছো, অথচ এবাৰলৈও গম নাপালো মোৰ অন্তিম সন্ধিয়াটোৰ দিনবাৰ কেতিয়াকৈ পৰিছে৷ লগৰ অনেকেই এতিয়াও সৰু সৰু কথাতে প্ৰাণখুলি হঁহা দেখিলে দৌৰি গৈ শৈশৱটোক আঁজুৰি আনিবৰ ইচ্ছা হয় - দুৰ্বাৰ! কেতিয়াবা নাতিনীজনীৰ লগত লুডু খেলাত ব্যস্ত হৈ পৰো৷ খেলাৰ অংশ হিচাপে বিজয়প্ৰাপ্তি হ’লে এতিয়াও মূহুৰ্তৰ বাবে লাগে যেন উষ্ণ পৰশত শুভ্ৰ হিমানী গলি বুকুয়েদি বৈ যায় শীতল নিজৰা – এক অলৌকিক প্ৰশান্তি৷
  এতিয়া মই ওপৰমহলাৰ নিৰ্জন কোঠাটোত খিড়িকীৰ কাষত বহি বাহিৰলৈ চাই আছো, - একেৰাহে বহুঘণ্টা ধৰি৷ এয়া নতুনত্ব নহয়৷ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে কিছুমান দৈনন্দিন কামৰ পৰা ফালৰি কাটিব পাৰিলেই ইয়াতে মই নিজকে আৱিষ্কাৰ কৰি পেলাওঁ৷ মোৰ কৰ্মক্ষেত্ৰও আছিল এই ঠাইটুকুৰাতেই৷ বিদ্যুৎ পৰিষদৰ ঘেগেলা অফিচটোৰ নিৰ্দিষ্ট টেবুলখনৰ কাষতে দিনটোৰ বেছিভাগ সময় কটোৱাৰ পাছত আকৌ সময়বোৰ অতিবাহিত কৰিছিলো এই খিড়িকীৰ কাষত বহিয়েই৷ চাকৰিৰ গতানুগতিকতাই এই চকী-খিড়িকীৰ সৈতে মোৰ সংহতিটো বহুতগুণে প্ৰৱল আছিল যেনেই লাগে৷ মই এই ঘৰটো ভাৰালৈ লওঁতে এজোৰ পাৰ পুহিছিলো, প্ৰথম মাহৰ দৰমহাৰেই৷ কালক্ৰমত সিহঁতে কণী পাৰিলে, উমনি দিলে আৰু নোদোকানোদোক আৰু এহাল পাৰ ওলাল৷ তাৰ পাছত আৰু এহাল৷ আৰু এহাল...৷ ইতিমধ্যে প্ৰথমৰ দুটামান পুৰুষ মৰিহজি গ’ল৷ মোৰ কাৰণে এহাল নতুন পাৰৰ জন্মই ঘড়ীৰ কাঁটাস্বৰূপ হৈ পৰিছিল৷ খিড়িকীখনৰ কাষত অকলশৰে বহি দূৰলৈ চাওঁতেও সিহঁতৰ ৰূণ শুনিলে মই নি:সঙ্গ অনুভৱ কৰা নাছিলো৷ কিমান হাল পাৰৰ বাৰু সৃষ্টি হৈছিল? সেই পৰিসংখ্যাই হয়তো মোক সময়ৰ সাম্যক ধাৰণা এটি দিলেহেঁতেন৷
  হয়তো দুবছৰমান হ’ল, হ’ব পাৰে, দহবছৰমানেই হ’ল কিজানি; হঠাতে পাৰৰ জাকটো ক’ৰবালৈ উৰি গৈছিল৷ সিহঁত ক’ত গৈছিল মই খবাৰ নল’লো৷ অথচ খিড়িকীখনেদি দেখা সিহঁতৰ জাকটো দিগন্তত বিলীন হৈ যোৱাৰ দৃশ্যটো এতিয়াও মোৰ মনত আছে৷
  মই কিনা প্ৰথম পাৰহাল শুধ বগা ৰঙৰ আছিল৷
  কাৰণ বগা ৰং (?) মোৰ প্ৰিয়তম ৰং৷ অফিচলৈ প্ৰায়ে বগা কাপোৰ পিন্ধি যোৱা দেখি দুই এক সহকৰ্মীয়ে প্ৰশ্নও নকৰা নহয়, মই বিধবা নেকি? কেতিয়াবা হুমুনিয়াহেৰে মূৰ দুপিয়াই দিওঁ – তেওঁলোকে আৰু সুধি আমনি নকৰে৷
  মোৰ জন্ম এটি মধ্যবিত্ত পৰিয়ালৰ অন্যতম দূৰ্ঘটনাস্বৰূপ আছিল৷ ঘৰখনত মই আছিলো এক অবাঞ্চিত প্ৰাণী, অষ্টম সন্তান৷ মোৰ খহটা স্বভাবৰ বাবে সৰুৰেপৰা কাৰোৰে মৰম বুটলিবলৈ সক্ষম হোৱা নাছিলো৷ ঘৰখনৰ প্ৰতিও মোৰ কোনো আকৰ্ষণ নাছিল৷ অভিভাৱক ৰূপী মাদেউতা অথবা দাদাক্হঁতে কেনেদৰে মো্লৈ পইচাপাতিৰ যোগান ধৰিছিল কেতিয়াও মূৰ ঘমোৱাৰ প্ৰয়োজনবোধ নকৰিছিলো৷ সেয়েহে শিক্ষা সম্পূৰ্ণ কৰিয়েই ভাগ্যৰ বলত চাকৰিটো পাই ঘৰলৈ পিঠি দিছিলো৷ মোৰ কোনোবাই খবৰ লোৱাও মনত নপৰে, ঘৰৰ মানুহবোৰ, দাদা-বাইদেউ-নবৌ, ভিনদেউ, ভাগিন-ভাগিনী আদিৰে সম্বোধন কৰিবলগীয়া জীৱজগতখনৰ কোন ক’ত আছে, নে নায়েই গম নাপাওঁ৷ আশ্চৰ্যজনকভাৱে মোৰ একাকীত্বক সদায়ে ভৰণপোষণ দি কিবা পৰ্যায়ত উপনীত কৰোৱাৰ পাছতো এবাৰলৈও জীৱনৰ প্ৰতি বিতৃষ্ণা অথবা অনুশোচনা অহা নাছিল৷
..মোৰো এখন সংসাৰ হৈছিল – যাৰ অৱশিষ্ট এতিয়াও আংশিকভাৱে সত্য৷
..সংসাৰখনৰ দুটা প্ৰধানভাগ আছিল, – পাৰৰ জাকটোৰে সৈতে মোৰ সংসাৰ খন আৰু ভীতিৰ সৈতে আনখন....৷
  ভীতি মোৰ ছোৱালী৷ স্কুল-কলেজ গৰকি এইখিনি অৱস্থা পোৱালৈকে কোনো ল’ৰাই মোক ভুলতো প্ৰেম নিবেদন কৰি নেপালে, বা হয়তো সাহস কৰা নাছিল৷ বাৰ্ধক্যৰ কোনোবা এটা দিনত খিড়িকীখনৰ কাষত বহি থাকোতে মোৰ সন্দেহেই হৈ্ছিল, মোলৈ যৌৱন অহাই নাছিল নেকি? মোৰ নিজৰো কাৰোবাক ভাল লগাৰ মিঠা অনুভূতিৰ কথা মনত নপৰে৷ স্কুল-কলেজৰ দিনবোৰত দৰ্শনৰ কিতাপবোৰ আছিল মোৰ সংগী- মুঠতে দহটামান শব্দৰ জৰিয়তে মোৰ কথা-বতৰা সকলোৰে লগত সীমিত আছিল৷ অথচ কিযে সংপৃক্ত আছিল তাৰো আগৰ দিনবোৰ – শৈশৱৰ! অগহীন, উদ্দাম, বহুবল্কিতাৰে পয়োভৰ দহটামান বছৰৰে মই শৈশৱৰ ৰচনাখন মুখস্থ কৰি হঠাতে বিস্মৰণ কৰাৰ তাড়ণা অনুভৱ কৰিছিলো৷ উপলব্ধি কৰিছিলো নি:সঙ্গতাতকৈ একোৱই যেন মোৰ শ্ৰেষ্ঠ বন্ধুত্বৰ দাবী কৰিব নোৱাৰে যেন৷ মোৰ কোনো স্থায়ী মানৱ-বন্ধু নাই অথবা বান্ধৱীও৷ শৈশৱত এনে এক বন্ধু, সমনীয়া বুলিলে শুৱাব, মই পোৱা নাছিলো যাৰ লগত কাজিয়া লগা নাছিলো এবাৰো৷
  মই বাৰু এবনৰ্মেল আছিলো নেকি?..??
...মোৰ জন্মদিন সম্বন্ধে মই অজ্ঞাত৷ সেইদৰে ভীতিৰ জন্মদিনো মই নেজানো৷ মোৰ চাকৰিকালৰ প্ৰথম দুবছৰমানৰ ভিতৰতে হয়তো তাইৰ জনম হৈছিল৷ মনত ৰাখিবলৈ সুবিধা হ’ব আৰু বছৰে বছৰে শুভেচ্ছা বা উপহাৰ দাবী কৰিব নোৱাৰিব বুলি নিকটতম অধিবৰ্ষটোৰ অতিৰিক্ত দিনটো তাইক দি দিছিলো, তাইৰ অজানিতেই৷
  মোৰ ভীতি আছিল খন অনাথ আশ্ৰম কণমানি সদস্যা৷ কি ভাবি নেজানো, তাইক হঠাতে চুৰ কৰি লৈ আহিছিলো, আশ্ৰমৰ মুকলি চোতালত খেলি থকা এজাক সৰু-বৰ ল’ৰা-ছোৱালীৰ মাজৰ পৰা৷ তাই আছিল মোতকৈয়ো এখোপ চৰা৷ অতি প্ৰয়োজনীয় দুটামান শব্দৰ বাহিৰে তাই কাৰোৰে সৈতে ভাৱৰ বিনিময় নকৰিছিল৷ কিন্তু সকলো কামতেই তাইৰ শৃংখলিত ঢংটোৰ প্ৰতি লক্ষ্য ৰাখি মই তাইক উচ্চশিক্ষা দিয়াৰ পৰিকল্পনা কৰিছিলো৷
..তাইৰ মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ দিনা এই ঘৰটো মোৰ নামত কিনি পেলালো৷
...পাৰৰ জাকটো বাঢ়ি আহিছিল৷ সিহঁতক খাদ্যৰ বাবে পোহা নাছিলো যদিও সিহঁতে মোৰ উপাৰ্জনৰ এক বৰ্ধিত অংশ দাবী কৰি অহা কথাটো অতি সোনকালেই চকুত পৰিছিল৷ কুটিল হাঁহি এটা মাৰি সিহঁতক খিড়িকীখনৰ ওচৰৰ পৰা প্ৰশ্ৰয় দিছিলো৷
  ভীতি বৰ ভয়াতুৰ ছোৱালী আছিল৷ তাইক আশ্ৰমৰ পৰা ধৰি আনোতে তাই কিবা এটা চক খাই গোটেই জীৱনলৈ তাৰ প্ৰভাৱটো ধৰি ৰাখিব নোৱাৰিছিল৷ এদিন টোপনিতে তাই বিৰবিৰকৈ কিবা কৈ আছিল...টৰ্চটোৰ পোহৰ মুখৰফালে মাৰি দিয়াৰে লগে লগে এটা বিকট চিঞৰ মাৰিছিল, টৰ্চটো নিজৰফালে টোঁৱাই কুটিল হাঁহিটো মাৰি দিছিলো৷ তাই বেছি ভয় খাইছিল৷ ৰাতিপুৱাই তাইক নাম এটা দিলো – ভীতি৷ ভীতিয়ে প্ৰতিবাদ কৰিব নেজানিছিলে কাৰণেহে বাচিলো – অৱশ্যে পৰোক্ষভাৱে মোৰ আচৰণ আৰু অমনোযোগিতাৰ দ্বাৰাই তাইক সেইখিনি সুবিধাৰ পৰা বঞ্চিত কৰি থোৱা হৈছিল৷
  তাই পঢ়াশুনাত ভাল বুলি স্কুলৰ প্ৰধানহঁতে ডাকত পঠোৱা নম্বৰতালিকাই বাৰে বাৰে সোঁৱৰাই থাকিছিল৷
..এদিন তাইক দিল্লীলৈ বুলি কটা আইচি ৭৩৭ উৰাজাহাজখনৰ টিকটটোৰে সৈতে বৰঝাৰত এৰি থৈ আহিলো৷ এবাৰলৈও দুয়ো এটি বিদায়সূচক শব্দৰ বিনিময় নকৰিলো, যেন আমি নিতৌ এইদৰে এৰাএৰি হৈয়ে থাকিছিলো৷ ঘৰলৈ আহি পুনৰ খিড়িকীৰ কাষত বহি পাৰৰ ৰুণ শুনি আছিলোহি৷
তাইলৈ পইচা পঠাওঁ, প্ৰাপ্তিস্বীকাৰৰ কাগজখিলা ঘূৰি আহে, তাতকৈ অধিক কোনো যোগসূত্ৰই আমি জীৱিত থকাৰ প্ৰমাণ দিবলৈ সক্ষম হোৱা নাছিল৷
..এদিন হঠাতে তাই এখন নৱবৰ্ষৰ কাৰ্ড পঠাইছিল, মই উত্তৰ নিদিলো৷ পাঁচবছৰৰ উচ্চশিক্ষিতাৰে শিক্ষিতা ভীতিয়ে এদিন এহাল মানুহৰ ফটো এখনৰ সৈতে দুশাৰীৰ এখন চিঠি লিখিছিল মোলৈ – আশীৰ্বাদ বিচাৰি৷ পুন: উত্তৰ নিদিলো৷ কিন্তু পইচা পঠোৱাৰ প্ৰক্ৰিয়াটো অচিৰেই শুই পৰিছিল৷ খিড়িকীখনৰ কাষত বহি সেই ফটোখন চাই থাকি কোনোবা এটা অন্যমনস্ক মূহুৰ্তত সেইখন ফালি পেলাইছিলো৷ পাৰৰ ৰুণে তেতিয়াও মোৰ উপস্থিতিৰ কথাহে সোঁৱৰাই দিছিল৷ সন্ধিয়া আকাশখনৰ ৰংটো পৰ্যবেক্ষণ কৰি নিজৰ মাজত হেৰাই গৈছিলো মই, দৃষ্টিয়ে মহাকাশৰ শেষ বিন্দুটোৰ সন্ধান কৰি কৰি ভাগৰি নপৰা নাছিল তেতিয়াও৷
..কেইবছৰমানৰ পাছত ফটোখনৰ ছোৱালীজনীয়ে বুকুত এটুকুৰা জীয়া মঙহ সাৱটি কলিংবেল বজাইছিলহি৷ দুৱাৰখন খোলাই আছিল৷ মই খিড়িকীখনৰ কাষত পাৰৰ ৰুণ শুনাত ব্যস্ত আছিলো, এহাল পাৰই কাজিয়া লাগিছিল৷ মতা পাৰটোৱে যেন মাইকীজনীক কৈছে, ‘হেৰৌ পাখৰী, ভালে ভালে তই সেই কজলাটোক এৰ৷ নহ’লে তোক খেদাই দিম৷’ মাইকীজনীয়েও নিতাল মাৰি থকা নাছিল, ‘তই বগীৰ লগত কালিৰেপৰা কুটা কঢ়িওৱা মই দেখা নাই হ’বলা?’ শেষত মতাটোৰ বিজয় হৈছিল সম্ভৱ, কাৰণ পাখৰীজনী এফালে উৰি গৈছিল৷ অলপ পাছতে দেখিলো, পখৰাই বগীৰ বাহলৈ কুটা কঢ়িওৱাত ব্যস্ত৷ কজলাটোৱে কিন্তু পাখৰীক ওভোটাই আনিবলৈ নগ’ল৷
..ভতিৰ কোলাত সেইজনী তাইৰেই ছোৱালী প্ৰীতি৷ তাইৰ জন্ম কিমানমাহৰ আগতে হ’ল  নুসুধিলো৷ প্ৰায় একমিনিট প্ৰীতিৰ মুখলৈ চাই থাকিয়েই যেন মই সকলোখিনি বুজি  উঠিলো এনে লাগিল৷ আৰু একো কাকো সোধাৰ প্ৰয়োজন নাই, কোনেও কাৰোবাক কৈফিয়ৎ দিয়াৰো যেন দৰকাৰ নাই তেনেদৰেই বহুতদিনৰ মূৰত লোকে তৈয়াৰ কৰা একাপ চাহ খিড়িকীখনৰ কাষত বহি পান কৰিলো৷
..সেইদিনা ৰাতি দুপৰ হ’লত ঘৰটোত এটা নোহোৱা নোপজা ঘটনা ঘটিল৷ কেচুঁৱাৰ চেপা কান্দোনত মোৰ নিদ্ৰাভঙ্গ হ’ল৷
  মাজনিশা এদিন কেচুঁৱাই নকন্দা দেখি টৰ্চটো হাতত লৈ ভীতিক চাবলৈ গ’লো৷ তাই মুখেৰে কিবা বিৰবিৰাই আছিল৷ টৰ্চটোৰ পোহৰ প্ৰথমে প্ৰীতিৰ মুখলৈ মাৰি চালো৷ ট-ট কৈ চকুহাল মেলি তাই টৰ্চটোলৈ চালে৷ তাৰ পিছত মাকৰ মু্খলৈ পোহৰৰ আপতন বিন্দুবোৰ পঠিয়াওঁতে সেই পুৰণা ভীতিজনী যেন জীৱন্ত হৈ উঠিল৷ তাইৰ বিকট চিঞৰটোৰ লগে লগে কেচুঁৱাই কান্দিবলৈ আৰম্ভ কৰিলে৷ এটা স্বস্তিৰ নিশ্বাস পেলাই মই আকৌ বিচনাত বাগৰ দিলোহি৷
  পাছদিনা সাৰ পাই উঠি জীৱনত প্ৰথমবাৰৰ বাবে আচৰিত হ’লো৷ খিড়িকীখনৰ কাষত বহা একমিনিটো হোৱা নাই, ভুৰুংকৈ এটা মিশ্ৰিত শব্দৰ অৱতাৰণা কৰি হঠাতে পাৰৰ জাকটোৰ লগতে মোৰ কলিজাটোকো সময়ে আঁজুৰি যেন দলিয়াই দিলে৷ অপলক নেত্ৰে বিস্ময়ত থৰ লাগি ৰ’লো৷ মোৰ যেন হাতভৰি ন্ধা, উফৰি শেঁতা পৰা কলিজাটো ক’ৰ পিতনিত পৰিলগৈ চাবলৈ শক্তি নাই আৰু যেন আহৰিও নাই৷ খিড়িকীখনৰ ওচৰত আগৰদৰেই স্থবিৰ হৈ ৰ’লো৷ প্ৰকৃতিৰ চিৰাচৰিত আহ্বানত এসময়ত মোৰ সম্বিত ঘূৰি আহিল, সদায় অহাৰ দৰে৷ গতানুগতিকতাই পুনৰ গ্ৰাস কৰিলে মোৰ চপাশৰ বাতাবৰণ, লগতে মোৰ সৈতে বাস কৰা প্ৰাণী দুটোকো৷
  প্ৰীতিৰ তিনিবছৰমান হ’লত এদিন মোৰ কৰ্মজীৱনৰ অৱসান ঘটিল৷ ই মোক দিলে নিত্য-নৈমত্তি ধাৰাবাহিকতা ৰক্ষা কৰাত নতুন স্বাদ৷ নতুন অভিনৱত্বৰে পুৰণা দিনলিপিৰে পুনৰাবৃত্তি৷ অথচ ইয়াত কিবা এটা নাই নাই যেন লাগিলেও বহুত বেছি কিবা আ্ছে আছে যেন ভাৱটোহে  অধিক প্ৰৱল হৈ উঠিছিল৷ যেন সেইদিনাই মোৰ অন্তৰ্জীৱনত অপাৰ্থিৱ আলোকৰ ৰেখাপাত হ’ল৷ মনৰ অস্থিৰ জৰুৰী অৱস্থাটো যেন মনোকান্তিত পাৰৰ ৰুণৰ অনাকাঙ্খিত অনুপস্থিতি তথা নীৰৱতাই জৰা-মৰণে স্পৰ্শ কৰো কৰো হোৱা দেহকান্তিৰ বিষাদগ্ৰস্ততাক অৱদমিত কৰি ৰাখিবলৈ সক্ষম হ’ল৷ ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়লৈ খিড়িকীৰে চাইয়ে আছিলো, চাইয়ে আছিলো তেতিয়াও৷ সেই পুৰণা প্ৰশ্নটোৱে আকৌ এবাৰ উকিয়ালে, “মই এবনৰ্মেল নেকি বাৰু?”
  আন এদিন ভীতিয়ে অদূৰৰ হাইস্কুলখনলৈ ৰাতিপুৱা গধূলি অহাযোৱা কৰিবলৈ ধৰিলে৷ তাইৰ বিশ্ববিদ্যালয়ত কিহত অনাৰ্চ আছিল, সেই অনাৰ্চ শেষত ৰৈছিলগৈ নে নাই মই নেজানো৷ কিন্তু স্কুলৰ পৰীক্ষাবোৰত সদায়েই তাই অংকত আশী-নব্বৈ পাই আহিছিল৷
  আজিকালি ভীতিয়ে কাম কৰি থকা অৱস্থাত নাইবা পৰীক্ষাৰ বহীবোৰ চোৱাৰ সময়ত প্ৰীতিক মই লুডু খেলিবলৈ মোৰ কোঠালৈ মাতো৷ যোৱাবছৰৰ পৰা তাই স্কুললৈ যাবলৈ আৰম্ভ কৰিছে৷ মই খিড়িকীত বহি থাকোতে প্ৰায়ে তাই মোক কিবা ৰাইমচ শুনায়৷ দূৰ দিগন্তত দৃষ্টি ৰাখি ৰওঁতে একোবাৰ তাইৰ জোকাৰণিত সম্বিৎ ফিৰি আহিলে মই নিৰুত্তাপভাৱে কৈ উঠো – ‘আৰু?’ তাই কিবাকিবি কৈ থাকে – মোৰ কাণৰ কাষেদি পাৰৰ জাকৰ দৰে ভুৰুংকৈ উৰি গুচি যায় সেইবোৰ৷ কিন্তু কেতিয়াবা বাধ্যত পৰি উচ্ছাসিত হৈ উঠিব লগীয়া হয় আৰু তেতিয়াই মোৰ অলিখিত বুৰঞ্জীলৈ চাঁতকৈ মনত পৰে৷ আলুলায়িত হৈ বিয়পি পৰে স্মৃতিৰ মণিকোঠাত ৰক্তকণিকাবোৰ৷ শৈশৱৰ প্ৰতি টানটো বেছিকৈ অনুভৱ কৰো৷ দুদিনমানৰ পৰা মোৰ এনে এটি অনুভূতি হৈছে যেন গোটেই জীৱনটো পুনৰাবৃত্তি কৰিম৷ প্ৰথম শুধ বগা পাৰহালৰ ৰুণ শুনি আপনপাহৰা হোৱা দিনবোৰৰ আত্মসন্তুষ্টিৰ কথা সুৱঁৰি প্ৰীতিলৈ ঈৰ্ষাৰ দৃষ্টি এটা দলিয়াই দিওঁ৷
  বহুতদিনৰ পৰা প্ৰীতিয়ে আমনি কৰি আছে তাইৰ স্কুলৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ লগ ধৰি৷ তাই মাকৰ লগ নলয় আজিকালি বৰকৈ৷ 
..ঠাইখনলৈ এমাহমানৰ আগতে দি ডাইমণ্ড চাৰ্কাচ আহিছে৷ খিড়িকীখনেৰে চালে গধূলি- ৰাতি নাচি থকা বিভিন্ন ধৰণেৰে সজ্জিত লাইটৰ চিকমিকনিখিনি দেখা যায়৷ প্ৰীতিয়ে সেইফালে আঙুলি টোঁৱাই বাৰেবিংকৰা কথাবোৰ সুধি থাকে৷ তাইৰ আগত চাৰ্কাচ যে চাবলগীয়া কিবা এটা সেইবিষয়ে মই কেতিয়াও উল্লেখ কৰা নাই, নাইবা ভীতিয়েও৷ আৰু কোনো পুতৌসূচক চিনো দেখুওৱা নাই৷ মাজে মাজে মাথো সেই কুটিল হাঁহিটো মাৰিব খোজো -!
  কালি সপোনত পুনৰ ভীতিয়ে বিৰবিৰোৱাৰ উমান পাইছিলো যদিও টৰ্চটো লৈ আগৰদৰে উঠি নগ’লো৷
ৰাতিপুৱা  আগতকৈ সোনকালেও উঠিলো৷ কিয় জানো মন গ’ল, চাহ কৰি মাক-জীয়েকক মাতিলোহি, “উঠা উঠা, ৰাতি পুৱাল নহয়৷ ইমান দেৰিলৈকে শুই থাকিব নেপায়৷” প্ৰীতি একেজাপেই উঠিল৷ ভীতিৰ মুখখনলৈ নোচোৱাকৈ মই মোৰ খিড়িকীখনৰ ওচৰলৈ আহি ওপৰৰ চিলিঙলৈ চালো, ক’ৰবাত মকৰাজাল আছে যদি আজি চাফা কৰিব লাগিব৷ প্ৰীতিক ক’লো, “প্ৰীতি, আজি আমি চাৰ্কাচ চাবলৈ যাম নহয়, মুখহাত ধুই চাফা হৈ থাকিবা আৰু সন্ধিয়া হ’লেই মাৰাৰ সৈতে ওলাই থাকিবা দেই৷”
...সিটো কোঠাত আজি বহুতদিনৰ মূৰত ৰেডিঅ’ বজোৱা শুনিলো৷ জয়ন্ত সংগীত বাজিব লাগিছে – আকৌ নতুন প্ৰভাত হ’ব...৷
“ভীতি, ভলিউমটো অলপ বঢ়াই দিবাচোন”
খিড়িকীখনৰ পৰ্দাখন টানো-নাটানোকৈ একোবত একেবাৰেই টানি দিলো৷ অনুভৱ কৰিলো, সেই কুটিল হাঁহিটো যেন খিড়িকীখনৰ সিটো পাৰে ক’ৰবাত থাকি আহিল৷
..হঠাতে পাৰৰ ৰুণ শুনাযেন লাগিল৷ পাৰযোৰৰ ৰং শুধ বগা নেকি বাৰু?? মনটো উচপিচাই উঠিল৷
কিদৰে গম পাম পাৰযোৰৰ ৰংটো কেনেকুৱা? খিড়িকীখনেৰে এতিয়াযে দৃষ্টি বাগৰি নেযায় – সেউজীয়াৰ পৰা সুগভীৰ নীলাভলৈ৷ পৰ্দাখনলৈ কেৰাহিকৈ চাই বুকুৰ কোনোবাখিনিত এটা বি অনুভৱ কৰিলো৷ বৰ অপৰিচিত সেই দাৰুণ অনুভূতিটো৷ এনে লাগিল যেন এতিয়াই পৰ্দাখন আঁজোৰ মাৰি দলিয়াই পেলাম আৰু পাৰৰ গৰাঁলটোৰ ফাললৈ চাম তাতে বগা পাৰযোৰ আছেহি নেকি! সিহঁত বগা নহ’বও পাৰে৷ তত্ৰাচ মোৰ মনটোৱে বাৰে বাৰে কৈ উঠিল সিহঁত বগা, শুধ বগা৷ চাকৰিৰ প্ৰথম দৰমহাৰে কিনা মোৰ স্বৰ্গীয় পাৰহালিৰ দৰেই৷ সিহঁতে যেন মোক ঘূৰাই নিবলৈ আহিছে, ইমান দিনে সিহঁতে  মোক ওপৰৰ পৰা, নহয় ক’ৰবাৰ পৰা অদৃশ্যমান হৈ মোকেই পৰ্যবেক্ষণ কৰি আছিল৷ তাৰমানে মই গম নোপোৱাকৈ মোৰ অদূৰ অতীতক সোঁৱৰাই দিবলৈকে সিহঁতৰ এই আগমন৷
  এটা শিহৰণে জোকাৰি গ’ল মোৰ সৰ্বাংগ৷ দৌৰ মাৰি গৈ একে উশাহতে পৰ্দাখন কোঁচাই চৌদিশে চাই পঠিয়ালো৷ ফোঁপনিত মোৰ ভাগৰ লাগিছিল, অৱসাদে বহি পৰিবলৈ কোৱাত বহাৰ লগে লগে দেখিলো বা মাহে ফুলি থকা সোণাৰুডালত বহিছে এহালি ফুটুকী কপৌ চৰাই৷ সিহঁতৰ শান্তিৰ ৰুণত সময় স্তব্ধ হৈ পৰিল৷ পৰিভ্ৰমণৰ কক্ষ পাহৰি সোমাই পৰা কপৌহালিলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰিলো৷
  এটা স্বস্তিৰ নিশ্বাস পেলাই মই উঠি আহিলো, ঝাড়ু থোৱা ঠাইখনলৈ বুলি৷
ৰচনাকাল: ১৯৯৫

No comments:

Post a Comment