Thursday, September 16, 2021

সমীকৰণ - চুটিগল্প

 সমীকৰণ

==========

চুটি গল্প৷ ©নীলাঞ্জনা মহন্ত৷ 

==========

কি  চালেনেসব ঠিকে আছেনে?“

নিৰোগীকৰ্মপটুসুগায়ক..., পঁচিশৰ পৰা পয়ত্ৰিশৰ ভিতৰত বিবাহ...“

চচমাখন মুচি মুচি একেখিনি কথাকে দত্তই দুবাৰ পঢ়িলে৷

বোলো চলিবনে?“ 

হাঁ?“ - টাইপিস্ট কনকে তেওঁৰ কাণতে চিঞৰি কোৱা কথাষাৰত তেওঁৰ হুঁচ আহিল৷ 

এই.. মানে বাকপটুসুবক্তাসাহসীবুদ্ধিদীপ্তএইকেইটা থাকিলে ভাল আছিল

হৈ যাব৷ গাইপতি বাইশ টকাকে দিয়ক ভৰাই দিম

দিম বাৰু

দত্ত মানুহজনে বৰ জুখিমাখিহে কথা কয়৷ ভাল চাকৰিয়ে কৰে৷ পিছে কথা কম কয় আৰু  লগীয়া সময়তো মনে মনেই থাকেবেছিভাগসেয়েহে যিটো বাবত চাকৰিটো ঘটিছিলতাতেই আছেএবাৰো পদোন্নতি হোৱা নাই৷ কলেজত পঢ়ি থকা দিনৰ পৰাচাকৰিকালৰ কৰ্মচাৰীৰ মেলে মিটিঙলৈকে নাইবা ঘৈণীয়েকৰ লগতেই হওক আজিলৈকে একেলগতে হয়তো মুঠ পাঁচটাতকৈঅধিক শব্দ একেবাৰতে কৈয়েই পোৱা নাই৷

এনেকুৱা নহয় যে দত্তই কথা  নাজানে৷ বা বলৈ নিশিকিলে বা নকৈছিলে৷ সৰু থাকোঁতে বহুত কথা কৈছিলে হেনো তেওঁ৷নবছৰ বয়সতে স্কুলত হোৱা তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিল৷ পুৰষ্কাৰো পাইছিল৷ হিন্দী চিনেমাৰ নানা পাটেকাৰৰ দায়লগসলসলীয়াকৈ মাতি শুনাব পাৰিছিল৷ তেনেতে খুব ভাল গণনা কৰিব জনা লোক এজনৰ তেওঁলোকৰ গাঁৱলৈ বদলি হৈ আহে৷দত্তৰ মাকৰ পুৰণা চিনাকি৷ তেওঁ হেনো ভাল সোঁৱৰণী অৰ্থাৎ জন্মপত্ৰিকা লিখিব জানে৷ সেয়ে অঞ্চলৰ সকলোয়ে কোনোবা জন্মলেসকাম বা পূজা পাৰ্বণ থাকিলেনাইবা বিয়াবাৰু আনকি গৰু এজনী হেৰালেও তেওঁৰ ওচৰলৈ গৈ মঙল চোৱা আৰম্ভকৰিলে৷ দত্তৰ বাবেও এখন সোঁৱৰণী লিখি দিছিলতেতিয়া তেওঁৰ বয়স দহবছৰমান ব৷ নিজৰ সোঁৱৰণী হেনো নিজে চাবনেপায়৷ কিন্তু তেওঁৰ কৌতূহলী মনৰ জোৰত দেউতাকৰ গডৰেজত সামৰি থোৱা সোঁৱৰণীখন মনে মনে গৈ গোগ্ৰাসে পঢ়িলে৷ পঢ়িকি বুজিলে তেওঁহে জানে৷ তাত লিখা এটা কথাই তেওঁক বৰ আচৰিত কৰিছিলতেওঁ হেনো এসময়ত মিতভাষী আৰু শান্তিপ্ৰিয়লোক বগৈ আৰু ফলত সকলোৰে প্ৰিয় ব৷ আচৰিতকাৰণ মাকদেউতাকে তেওঁক কথা বেছি কোৱাৰ কাৰণে কেইবাদিনোকৈছেহে চাইচিতি চলিবি বুলি৷ কোষ্ঠীৰ কথাটো তেখেতৰ কুমলীয়া মনটোত ইমানেই মূৰত সোমাল যে তেখেতে সেইদিনাৰ পৰাইমিতভাষিতাৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰি দিলে৷ সকলোয়ে আচৰিত হৈছিল তেওঁৰ এই পৰিবৰ্তনত৷ ইমান অঘাইটং ৰাটোয়েকিয় কথা কমাই কোৱা ইফালে দেউতাক-মাকৰ সোঁৱৰণীখনৰ প্ৰতিগণকজনৰ প্ৰতি শ্ৰদ্ধা দুগুণ হৈছিল যিহেতু তাত থকাকথা ফলিয়াইছিল৷ 

আৰু এদিন কলেজ যোৱাৰ পৰলৈ দত্ত মানুহজন সঁচাকে বৰ শান্তশিষ্ট হৈ পৰিল৷ 

দত্তৰ লগতে ঘৰৰ মানুহৰ গভীৰ বিশ্বাস কোষ্ঠীত যি লিখা থাকে তাকে ফলিয়ায়৷


কিন্তু দত্তৰ অনুভৱ তেওঁৰ কোষ্ঠীখনত সুতাৰ্কিক বুলি লিখা থকাহেঁতেন কিজানি তেওঁ এজন সুবক্তাই লহেঁতেন আজিযোৱাবছৰ আশাকৰা প্ৰমোচনটো বচে এইবাৰলে নহ বোলোতে একো মাত নমতাকৈয়ে তেওঁ কিজানি ঘূৰি নাহিলহেঁতেনকোম্পানীৰ কোটিটকীয়া প্ৰকল্পটোত তেওঁ দিনেৰাতিয়ে কিমান লাগি দিছিল ফাইলবোৰ চালেই ওলাই পৰিবচোনদহবছৰৰআগতে আই  এচৰ সকলো পৰীক্ষা পাৰ হৈ ভাইভাত কথা এটা  নোৱাৰি দিপ্ৰেচনত ভোগা মানুহ দত্ত৷ প্ৰথম প্ৰেমত সময়তকথা  নাজানি বা নকৈ যেতিয়া মনৰ প্ৰেয়সীগৰাকী লগৰে এজনলৈ বিয়া হৈ ঘৰৰ মত অনুসৰি ছোৱালীক এদিনো লগনকৰাকৈ বিয়া পতা সুপুত্ৰ  এই দত্ত৷


দত্তৰ ৰাটোৰ এবছৰৰ জন্মদিনত সেইদিনা আইতাকে কথাটো উনুকিয়ালেইৰাটোৰো কোষ্ঠীখন কৰাব লাগে সোনকালে৷কোনো কথা নকৈ যোৱা দুমাহৰ আগেয়ে ওচৰৰ শৰ্মাৰ তাতেই আহি কৰাইছেহি সেয়ে কণমানিটোৰ জনমপত্ৰিকাখনো৷ 


অঞ্চলটোত শৰ্মাৰ গণনাৰ নাম আছে৷ সেই দত্তৰ সোঁৱৰণী লিখা গণকজনৰ দৰেই৷ শৰ্মাৰ ব্যৱসায় ভাল৷ বহুত গ্ৰাহক৷আজিকালি বহুতে কোন কলেজত ৰাক এদমিচন দিবচায়েন্স নে কমাৰ্চ পঢ়িবদিনবাৰ চোৱাবলেও শৰ্মাৰ তালৈ আহে৷আঙুঠিও পোৱা যায় বিভিন্ন৷ দত্তই নিজেই আঠটা আঙুঠি পিন্ধি আছে বহুদিনৰে পৰাতাৰে চাৰিটা শৰ্মাই দিয়া৷ ব্যৱসায়ৰ লগেলগে শৰ্মাই আধুনিক প্ৰযুক্তিৰো ব্যৱহাৰ কৰিছে৷ 

শৰ্মাৰ কোষ্ঠীবোৰ আজিকালি ইলেক্ট্ৰনিক৷ টাইপিস্ট কনকেও চাই মেলি দিব জনা  কি ৰঙৰ কাপোৰ কাৰ কাৰণে ভাল৷ কনককদত্তই আগৰেপৰাই চিনি পায়৷ আজি সি ফাইনেল কপিটো লৈ যাবলে মাতোতে ৰাস্তাৰ পৰাই দত্তই প্ৰাৰ্থনা কৰি আহিছে তেওঁৰৰাটোৰ কোষ্ঠীত ভাল ভাল কথা লিখা থাকে যেন৷ কনকেও কৈছে চাই দিব বুলি আৰু কৈছে কথা পাতিব৷ 


কামখিনি হৈছেগৈ৷ কনকেও বেছি সময় লোৱা নাই৷ কাৰণ আৰু গ্ৰাহক ৰৈ আছে৷ বহুত ব্যস্ত সি৷

অৱশেষত ফাইনেল কপিটো প্ৰিণ্ট কৰি শৰ্মাৰ চহীৰে সৈতে ধুনীয়াকৈ আনি দত্তৰ হাতত দিলেহি৷ দত্তই পইচাটো দি ওলাই অহাৰআগতে এবাৰ চকু ফুৰাই চালে৷ কনকে তেওঁ কোৱাৰ দৰেই এইখিনি কথা ভৰাই দিছেঃ ’...বাকপটুসুবক্তা...’ এটা মিচিকিয়া হাঁহিতেওঁৰ মুখত বিৰিঙি উঠিল৷ 

====