Saturday, July 19, 2014

এক আছিল....

"হেৰা কলিতা আহিছেহে, চাহ একাপ আনা" -মহন্তই বাৰাণ্ডাৰ পৰাই লেনিয়া মাতেৰে কোৱা চিৰপৰিচিত মাতষাৰ শুনিয়েই মহন্তনীৰ টিঙিচকৈ খংটো উঠি আহিল৷ বেলতলা বজাৰৰ ওচৰতে তেওঁলোকৰ ঘৰ, সদায় শনিবাৰে ৰাতিয়েই মনত পেলাই দিয়ে তেখেতে, আগফালে তলা এটা লগাই থ'ব ৰাতিপুৱাই৷ নহ'লে পিছদিনা বজাৰ কৰিবলৈ অহা সাক্ষাৎ দামোদৰ সকলৰ পৰা নিস্তাৰ নাপাই চাহ জলপানৰ যোগান ধৰি ধৰি মহন্তনীয়ে৷ কিন্তু ৰাতি অঁ অঁ বুলি শলাগি ৰাতিপুৱাই মহন্তই সকলো পাহৰে৷ বাৰাণ্ডাত ৰৈ থাকেগৈ দামোদৰ ধৰি আনিবলৈ৷ আলিবাটেদি যোৱা চিনাকি কোনো সাৰি নেযায়, মাতি মাতি আনিব৷ " হেঃ হেঃ হেঃ, ৰাতিপুৱাই পাচলিৰ দাম বৰ বাঢ়ি থাকেহে, আহক চাহ একাপকে খাই যাওকহি"৷ গোটেই সপ্তাহটো মহন্তনীৰ ভাগৰ লাগে, চাকৰি বাকৰি, ল'ৰা ছোৱালী, সংসাৰ চলাই দৌৰি ঢাপৰি৷ দেওবাৰৰ ৰাতিপুৱাটো অকণমান জিৰণি ল'ব খোজে, অলপ দেৰিকৈ উঠি৷ কিন্তু বাতৰিকাকত খন দিলেই কিজানি বুলি মহন্তই উঠি গ'ল যি গ'লেই, মহন্তনীয়ে "হেৰা অমুক আহিছেহে, চাহ একাপ আনা" বুলি শুনিলেই আৰু লগতে৷ ভোৰভোৰাই ভোৰভোৰাই উঠি মুখ খন আধা ধোৱাকৈয়ে ওলাই আহে যদিও বহাকোঠালৈ আহোঁতে হাতত চাহকাপ আৰু কিবাকিবি এগালমান প্লেটত লৈহে ওলাই আহে তেখেতে৷ এসময়ত বোন্দী বুলি লগৰবোৰে জোকোৱা ছোৱালীজনীয়ে বিয়াৰ পিছতেই মুখত হাঁহিটো ফেভিকল দি ল'বলৈ শিকিছিল চাহ লৈ আহিলে৷ সেইটো এতিয়া কাপ, কাহীঁ, কেৰাহি, বেলনামাৰি যি হাতত ল'লেও অভ্যাসবশতঃ আপোনাআপোনি ওলাই আহে মিচিককৈ৷ সেইটোৰ বাবেই চুবুৰীত নামো আছে তেওঁৰ সাদৰী বুলি৷ দেওবাৰৰ দিনা কলিতা, পাটোৱাৰী হঁতে ঘৰত বেলেগে চাহ খাই নাহেই আজিকালি যোৱা দহবছৰৰ পৰা৷ ক'ত মহন্তনীৰ ইলাচী দিয়া চাহ আৰু ক'ত ঘৰৰ চেনি-গাখীৰ নিদিয়া আগদিনাৰ চাহকে আকৌ সিজোৱা কেৰেলামাৰ্কাচাহ! যেন মোদী আৰু ৰাগা৷
কিন্তু আজি মহন্তনী নাচোৰবান্দা৷ কালি ৰাতি ব্ৰাজিলে তৃতীয়স্থানো নোপোৱাৰ দুখত ৰাতিপুৱালৈকে মূৰৰ বিষ৷ আজি কোনোপধ্যেই উঠি নাহে তেওঁ৷ তাতে ঘৰত বিস্কুট, ভূজিয়া একোদাল নাই৷ হালদিৰামৰ পেকেট যিমানে লুকুৱাই নথওক, ডাঙৰ ল'ৰাটোৱে বিচাৰি পাবই আৰু গাৰুৰ তলত পেকেট লুকুৱাই লৈ ৰাতিৰ ভিতৰতে শেষ নকৰিলে টোপনিয়ে নাহে তাৰ! সৰুটোৱো কম নহয়৷ তাৰ নাকে সেই বেমাৰীয়ে খোৱা মেৰিগল্ডবোৰ চাউলৰ বৈয়ামৰ মাজত লুকুৱাই থ'লেও ঢুকি পায়৷ শুকুৰবাৰে মহন্তনীয়ে অফিচৰ পৰা আহোঁতে খোজ নেকাঢ়ে, বাচৰ পৰা নামি বাকীখিনি ৰিক্সাত আহে, এসোপামান বিস্কুট বাদাম, মনোহাৰী সামগ্ৰী আদিৰ বজাৰ কৰি মেলি৷ মহন্তৰ সেইবোৰ খবৰ নাই৷ দেওবৰীয়া বজাৰখনৰ পাচলিকেইটা অনাৰ বাদে বাকী গেচৰ চিলিণ্ডাৰলৈকে ঘৰত কি আছে নাই খবৰ ৰাখে মহন্তনীয়েহে৷তাকো বজাৰ কৰিবলৈ ওলাই যাব পেকপেকাই শেষ হোৱাৰ পাছত, ৰাতিপুৱাই যদি কলিতা আহিল, তেখেত যাব বৰুৱাক বাটৰ পৰা ধৰি অনাৰ পিছতহে৷ নাটকখন দুপৰীয়ালৈকে চলি থাকে৷ মহন্তনীৰ চাহৰ কেটলিৰ তলত জুই ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে চলি থাকে যেন থিয়েটাৰৰ পেণ্ডেলৰ কাষৰ চানা-দোকানীজনহে তেখেত৷ বুট-বাদাম ভাজিয়ে আছে ভাজিয়ে আছে, দৰ্শনী শেষ নোহোৱালৈকে৷ শেষত গেলেৰীৰ পৰা "মা, দেউতাই মোনাখন খুজিছে" বুলি ৰিং মৰাৰ পিছতহে কেটলিৰ জ্বৰ কমে৷
"হেৰা কি কৰি আছাহে, বেলি খাওঁ খাওঁকৈ মূৰৰ ওপৰ পালেহি, বৰ পিয়াহ লাগিছে, চাহ একাপ নকৰানেকি"৷ মহন্ত তেতিয়াও বাৰাণ্ডাতে৷ মাজে মাজে কলিতানে পাটোৱাৰী নে দুয়োজনেই ধৰিব নোৱাৰি, ধেক ধেককৈ হাঁহিছে৷ মহন্তনীয়ে বোলো মনতে "হাঁহ যিমান পাৰ৷ ক্ষুদ্ৰান্ত্ৰ-বৃহদান্ত্ৰ আজি সব শুকাই গ'লেও অমুকী উঠাত নাই" ভাৱত বলেৰে চকুমুদি বিচনাতে পৰি থাকিল তেওঁ৷
"মা আজি ফাইনেল আছে নহয়, মোৰ নীলা চেক-চেক লগা চোলাটো ক'ত আছে?"
"মা মোকো নীলা চোলা লাগিব৷ মেছীয়ে হেনো আজি দহটামান গ'ল দিব"
এইকেইটাৰ উৎপাতো কম নহয়৷ ঘৰত ক'ত কি আছে একো গমেই নেপায়৷ মেছী নে কেচীঁ সেইদালে গ'লেই দিয়ে নে চিকেনৰ'লেই দিয়ে তাত তেওঁৰ কি যায়৷ নেইমাৰৰ মুখখন যেন ভাঁহি আহিল সমুখত৷ চকুৰ কোণকেইটা লগে লগে সেমেকি উঠিল৷ ঠিক কৰিছে আজি তেওঁ খেল নেচায়৷ আৰু ঘৰতো কাকো চাবলৈ নিদিয়ে৷ ৰাতি ৰাতি টোপনি খতি কৰাৰ কোনো দৰকাৰ নাই৷ ৰাতিপুৱা 'জাম্প-স্টাৰ্ট কৰিব লাগিব নহ'লে ইহঁতক৷ তাৰ সলনি তেওঁ কেণ্ডী ক্ৰাচকে খেলি থাকিব লাগিলে৷ নিজৰ কপালখনত এনেই হাত দি চালে তেওঁ, জ্বৰ উঠা হ'লেই ভাল আছিল৷ কাৰণ অলপ পিছত নিশ্চয় চাবহি কিয় উঠি অহা নাই বুলি৷ বিচনাৰ কাষতে মূৰৰ বিষ হ'লে ঘঁহা বাম এটা আছিল, তাকে সৰহকৈ গোটেই কপাল, কাণৰ, তালুৰ ওচৰে পাজৰে যিমান পাৰে ঘঁহিলে৷ গোটেই কোঠাটো মলমলাই যোৱাকৈ৷ তাৰ পিছত চকু মুদি ৰৈ থাকিল এইযেন আহিব মহন্তডাঙৰীয়া, সুধিব, "কি হ'ল গা বেয়া নেকি? কিবা দৰব দিম? নে মূৰটো মালিচ কৰি দিম?" বাট চাই আছো তোমালৈ গানটোৱো এবাৰ নে দুবাৰ মনলৈ আহিল৷
পিছে তেনেকুৱা একো নহ'ল পোন্ধৰ মিনিট মানলৈকে৷ বাৰাণ্ডালৈ কাণ উনাই থাকিল, মাজে মাজে জপনাৰ শব্দ হৈছে, ৰক্ষা! এইবাৰ গ'ল চাগে ৰাতিপুৱাৰ দামোদৰসকল৷ তেনেকুৱাতে আকৌ শুনে গিৰ্জনি মৰা শব্দ৷ মাজতে পাকঘৰতো শব্দ শুনা যেন লাগিল৷ চাহ কৰি খাইছে বোধহয়৷ একো নহ'লেও শিকক চাহকণ কৰিবলৈকে৷ মুঠতে আজি উঠি অহাত নাই৷ বাহিৰত সঁচাকৈয়ে ৰ'দে চকুৰঙা কৰি উঠি আহিছে৷ কাৰেণ্টডালো গ'ল এইমাত্ৰ, ফেনখনো বন্ধ! গৰম লাগি আহিল, বিচনাত এই আঠ-নবজালৈকে শুই থাকিবলৈ কি কষ্টহে! অফিচত একেলগে কাম কৰা চলিহানীয়ে আকৌ বোলে সদায় চাৰে ন বজাতহে উঠে (কেনেকৈযে পাৰে), তেখেতৰ আকৌ ঘৰ সৰা মোচা, চাহ-ভাত চম্ভালিবলগীয়া একো কামেই নাই৷ বিয়া নোহোৱা নন্দেকজনী তেখেততকৈ পাঁচবছৰমান ডাঙৰ বয়সত, লগতে থাকে আৰু দিনৰ দিনটো কামকে কৰি থাকে৷ চলিহাও ভাল, এটাই ল'ৰা তেওঁলোকৰ, সিও বাপেকৰ লগতেই থাকিয়েই ভাল পায়! কিছুমানে কি সাধি আহে ঔ মোৰ গোসাঁই!

"হেৰা চাহকাপলৈ ৰৈ আছোহে আমি" - বাৰাণ্ডাৰ পৰা অহা ৰিঙনিটো এইবাৰ তেওঁৰ "আজি অন্তিম নিশাৰ নিবেদন জাৰ্মেনী আৰু আৰ্জেণ্টিনা" ৰ দৰেই শুনা যেন লাগিল৷  কোনো উৎকণ্ঠা নথকা হিৰোবিহীন অৰ্থাৎ নেইমাৰবিহীন আজিৰ নাটকখনলৈ কোনো প্ৰকাৰৰ আগ্ৰহ নাই তেওঁৰ৷

কোনোবা আহিছে সোমাই কোঠাটোলৈ৷ বৰ কষ্টত থকাৰ দৰে মুখখন কৰি টোপনিৰ ভাও জুৰিলে মহন্তনীয়ে৷
"মা দেউতাই ক'বলৈ কৈছে গাখীৰৰ চচপেনটো হেনো পাতি দিছে, চাহৰ কাৰণে৷ তোমাক চাবলৈ কৈছে৷ আৰু চাৰিকাপ চাহ কৰি নিবলৈ কৈছে৷ দাস আংকল আৰু পাটোৱাৰী আংকলহঁতো আহিছে৷"
হে ভগৱান! গাখীৰৰ চচপেন জুইত পাতি থৈ কথাৰ মহলা মাৰি আছেগৈ?
"মা দেউতাই অথনিয়ে ক'লে ক'বলৈ মই পাহৰি থাকিলো৷"
গলকীয়ে পেনাল্টি বচাবলৈ জাপ মৰাদি মহন্তনী একেজাপেই উঠি আহি দেখিলেহি যে গাখীৰ উফন্দি পৰি কেতিয়াবাই শেষ! তেনেতে বাৰাণ্ডাৰ পৰা প্ৰকাণ্ড গিৰ্জনি এটা উফৰি আহিল৷ যেন ৰিঅ' দি জেনেইৰোৰ ষ্টেডিয়ামৰ পৰা গঅ'অ'অ'অ'অ'অ'অ'অ'ল বুলিহে কোনোবাই আৰ্তনাদ কৰিছে৷
000000