Sunday, February 21, 2021

 সন্মান আৰু সম্বোধন

============
দেউতাই সৰুতে শিকাইছিল মানুহক জাতি বৰ্ণ নিৰ্বিশেষে সন্মান কৰিবলৈ৷ কলেজৰ কেন্টিনত কিশোৰজনক চাহচিঙাৰাৰ বাবে আপুনি বুলি সম্বোধন কৰোঁতে ওচৰত থকা চিনিয়ৰ দাদা দুজনমানে গিৰ্জনি মাৰি হাঁহিছিল- ’এই পোৱালিটোক আপুনি বুলি কৈছ?’ লগৰ এজনীয়ে এবাৰ চিনিয়ৰ কিন্তু দেখাত সৰু যেন লগা দাদা এজনক ’ইঃ ইমান পোৱালি লাগে’ বুলি হাঁহোতে দাদাজনে মাৰ্জিতভাবে গালি দি বুজাইছিল৷ কলেজবাছত আদহীয়া কণ্ডাক্টৰজনে পইছা খোজোতে ’ল’বা’ বুলি নকৈ ’লওক’ বুলি কওঁতে লগৰ এজনীয়ে কৈছিল ইমান সন্মান নিদিবা চল পাব! আচৰিত হৈছিলোঁ, ভাবিছিলোঁ দেউতাই বাৰু ভুল শিকালে নেকি, পদে পদে মানুহে (যিবোৰে কয় তেওঁলোকচোন দেখাত প্ৰতিষ্ঠিত ঘৰৰ মানুহেই, তুলনামূলকভাৱে আমি পিছে বৰ সাধাৰণ ঘৰৰ মানুহ আছিলোঁ) যে মোক কয় কোন শুদ্ধ আচলতে?
আন এটি জীয়াকাহিনীত এগৰাকী সত্তৰোৰ্ধ মহিলাক যদি নাতিয়েকে বাৰম্বাৰ পাগলী বুলি সম্বোধন কৰে তেখেতৰ দুখ লগাতো স্বাভাবিক৷ নাতিয়েকে ক’ৰ পৰা শিকি কৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু নাতিয়েকৰ ভুলটো দেখুৱাই দিব পৰাকৈ পিতৃ মাতৃ যদি শিক্ষিত (বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰ কথা কোৱা নাই) বা প্ৰকৃতাৰ্থত দীক্ষিত নহয় সেইটো সঁচাই চিন্তনীয়৷ ডাঙৰ হৈ নাতিয়েকৰ প্ৰজন্মই উলোটাই যেতিয়া নিজৰ পিতৃমাতৃকো তেনে আচৰণ কৰিব বা তাৰো পৰবৰ্তী প্ৰজন্মক সেই শিক্ষাই দিব মানবীয়তাৰ মৰণ তাতেই৷ মহিলাগৰাকীক এদিন হয়তো ভাবিবলৈ বাধ্য কৰিবলৈ আৰম্ভ কৰিব তেখেত সঁচাকৈয়ে পাগলেই নেকি আৰু এইদৰেই হয়তো ঘৰে ঘৰে জন্ম হয় একোটি কৰুণ কাহিনীৰ৷ আমি পাহৰি কিয় যাওঁ জীৱনবৃত্তত এঘৰ সম্ভ্ৰান্ত লোকৰ ঘৰত জন্ম পোৱাতো বা চাকৰ নাকৰ লৈ ডাঙৰ হোৱাতো আমাৰ নিজৰ উপাৰ্জন নহয় বুলি৷ কিয় পাহৰি যাওঁ “মই“ বুলি মই যাক ভাবো সেয়া ছোমালিয়াতো বা গলিত পতিত ৰেলৰ চিৰিৰ সিপাৰে লেতেৰা বুটলি খাই জীয়াই থকা কোনোবাওতো হ’ব পাৰোঁ! জীৱনবৃত্তত জাত পাত ধনী দুখীয়া নিৰ্বিচাৰে আমি এদিন সকলোয়ে বৃদ্ধ হ’ম৷ শেষ সদায় মাটিৰ চাৰিফুট তলত৷ লগত একো নিব নোৱাৰোঁ৷ কিয় সকলোয়ে আমি জীয়াই থকা কেইদিনত প্ৰাপ্য সন্মান ব্যক্তি নিৰ্বিশেষে দিব নোৱাৰোঁ নাজানো৷ কি যায় পকেটৰ পৰা!
ঘৰৰ সৰু কেঁচুৱা এটিৰ উলংগ ফটো এখন সামাজিক মাধ্যমত দি দিওঁতে আমি বহুতেই নাভাবো সৰু কেঁচুৱাটিও এজন ব্যক্তি আৰু বুজাব নোৱাৰিলেও ব্যক্তিবিশেষ সন্মানৰ প্ৰাপ্য৷ পাশ্চাত্য সংস্কৃতি আমি সহজেই বহুতো অনুসৰণ কৰোঁ৷ কিন্তু মোৰ নিজা অভিজ্ঞতাৰ পৰা কৈছোঁ, মোৰ প্ৰথম ছোৱালীজনী সৰু হৈ থাকোঁতে নিয়মীয়া চেকআপৰ সময়ত চিকিৎসক গৰাকীয়ে দায়েপাৰটো খোলোঁতে তাইক কৈ লৈছিল চৰি এতিয়া মই চেক আপৰ বাবে দায়েপাৰটো খুলি লৈছো, আশাকৰো বেয়া নাপায় যেন৷ কেঁচুৱাই কি বুজিলে সেয়া পিছৰ কথা৷ কিন্তু মই কিবা শিকিলোঁ যে সেইটো ঠিক৷ সন্মান দিয়াতো আমাৰ কৰ্তব্য৷ বয়স, লিংগ, জাতপাত নিৰ্বিশেষে৷
বয়সত বহুত সৰু বহুতেই মোক তুমি বুলি সম্বোধন কৰে, প্ৰথমে অপ্ৰস্তুত হৈছিলো যদিও বুজিছিলো আজিকালি তুমিহে চলে বেছি, যেতিয়া গম পোৱা যায় যে মৰম আৰু শ্ৰদ্ধা নিহিত হৈ আছে সেই সম্বোধনটো ভাল লাগে৷ তই বা তুমিত হয়তো কাৰো কোনো আক্ষেপ নাথাকিব যদিহে অন্তৰ্নিহিত মৰম বা শ্ৰদ্ধা তাত প্ৰতিফলিত হয়৷ আমাৰ অগ্ৰজ সকল আমাৰ অনুপ্ৰেৰণা; সদায় শ্ৰদ্ধাৰ পাত্ৰ৷ বহুতেই পাহৰি যাওঁ সেইসকলৰ আশীৰ্বাদ আৰু যত্নৰ ফলতহে আজি আমি আছো য’তেই নাথাকো৷
মনলে আহি আছিল কথাবোৰ বহুদিনৰে পৰা লিখি পেলালোঁ এনেয়ে৷ কোনেও গাত পাতি নলয় যেন৷ ধন্যবাদ৷