Thursday, February 8, 2018

বাৰীৰ জলকীয়াজোপা ঢুকাইছে৷ দুখতে কবিতা ওলাইগ’ল! হুক হুক--
—-/———-////————-
মৃত্যুক আদৰি ল’লাহে বান্ধবী
এৰি থৈ সংসাৰৰ মায়া
তুমিবিনে মৰিব পেটৰে কুমটি
আছিলা কাঁহীৰ জলকীয়া

শীতৰে সেমেকা দোভাগ ৰাতি
তুমি কঁপিছিলা থৰথৰ
একাজলি ৰ’দ, আৰু এটুপি বৃষ্টি
আছিল সপোনৰ সাঁথৰ

মৌনতাৰে একমিনিট আজি
খান্দিছো তোমাৰ কবৰ
খাম সুদা শুকান ৰুটি ভাজি

তুমিহীন দুপৰ কিযে দুখৰ! 

Wednesday, February 7, 2018

ফটা পদ্য

#ফটা-পদ্য
————-
লগালো আপেল লাগিল লাও খালো মাছৰ ভাজি
বিচাৰিলো চাৰ্জাৰ, পালো চাবিপাত, লাগিল ফুৰ্তি আজি৷
পুৱাল ৰাতি, গালো বৰগীত, বাজিল পিছে ফটাঢোল
ঘৰৰ সোপাই যোগ-নখাসনত মৌজ, লাগিল হুলস্থূল৷
গুঠিলো মোজা, ওলাল টুপী, পিন্ধিলো একাণ ঢাকি
আহিল বিহু, আহিল নহা আলহী, পিন্ধাই দিলো টুপী ৷
আছে মধুমেহ, কলেজীয়াকালৰ, নামেই আছিল চেনী
চাহৰ কাপত ধৰে লাগি চামুচ তলতযে ডাঠকৈ চেনী৷
বগালো কলেজ, কৰিলো চাকৰি, থাকিলো বৰলা হৈ
কৰালো গহনা, আনিলো পাটেসাঁজ, কাকেনো পিন্ধাম ঐ!
লোকে ঘূৰে গাড়ীত এফালে ঘৈণী, এপাল পিলিপালা লৈ
মিতিৰ খাই আহিলো গাড়ী ৰখাই কয় ফিচিঙাফিচিং কৈ৷
বৰলাৰ বিয়া চিৰিয়েল চোৱা মাই ঘনাই ঘনাই কয়
ককাঁল পৰিলে মাৰৰ ঐ জধলা দেখিছনে নাই তই৷
সাতপাঁচ গুণি পেপাৰত এদিন দি দিলো এজাহাৰ
কোন চেনীমাই নিমখীয়ামাই আছ কৰহি বৰলাক উদ্ধাৰ৷
(আগলৈ)
#নী.ম. ২/৫/১৮

ফটা যোজনা

ফটা যোজনা--
অচিন কাঠৰ থোৰা নলগাবা: 
ইয়াত বুজোৱা হৈছে প্ৰাচীন কালত অচিন্ত কাকতি বুলি এজন বৰ  শান্তশিষ্ট জীৱ আছিল৷ জন্মৰ পৰাই শান্তস্বভাৱৰ কাৰণে তেখেতৰ মাতৃ দৰাচলতে বৰ চিন্তাত পৰিছিল কাৰণ ল’ৰাবোৰ সাধাৰণতে দুষ্ট হয় বুলি সুবাদ আছে৷ অচিন বেটাক ফটাঢোল এটা কিনি দিয়াৰ লগতে জিএমচিত এজন চিকিৎসকে দীঘে বাণীয়ে কচুৰ থুৰি খুৱাবলৈ উপদেশ দিয়ে৷ ফলত অচিনৰ মাকে কচুৰ থোৰা বিচাৰি হাবি বননি চলাথ কৰিছিল৷ অলপ ডাঙৰ হৈ অচিনে বাপেক মাকৰ কচু থোৰা বিচৰা কষ্ট উপলব্ধি কৰি নিজেই কচুৰ খেতি কৰি ব্যবসায়ৰ মন মেলে৷ অৱশ্যে আচল কচু চিনি নাপাই প্ৰথমে বাঁহ কাঠ জেওঁৰাখুটি ইত্যাদি যি পায় তাকেই আনি ৰুবলৈ ধৰা দেখি বাপেকে সোঁৱৰাই দিব লগাত পৰে, ”অচিন, কাঠৰ থোৰা নলগাবা”৷ তাৰ পাছতো বাৰে বাৰে একেটা ভুলকে কৰাত গাঁৱৰ সকলোৱে অচিনক দেখিলেই কোৱা হ’ল ”অচিন কাঠৰ থোৰা নলগাবা” ৷ মুখ বাগৰি এই আপ্তবাক্যষাৰিয়ে পাছলৈ অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যায় বুলি ফটাশাস্ত্ৰত লিখা আছে৷ আৰু সেই কাকতিয়ে নাম সলাই হেকা বুলি পিছলৈ জনাজাত হয়৷ 
(প্ৰকৃত অৰ্থ:-)
ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।

পদ্য


একদিনাখন ব্ৰহ্মপুৱা মিষ্টানন্দ ঘৰমুৱা
ঘৈণী মহা এলেহুৱা, জন্মৰ পৰাই আলসুৱা
ৰাতিৰ ডিউটি কৰি
কফিৰ কাপটো ধৰি

ঘৈণীক লেহি যোৱা, মোৰ মূৰটোকে খোৱা

AEC nostalgia -4

  1. জুন কা ফুল


মানুহ মাত্ৰেই সকলোৱে নিশ্চয়কৈ সৌন্দৰ্যক প্ৰশংসা কৰে৷ লাগিলে সেই সৌন্দৰ্য এপাহ ফুলৰে হওক, এজনী ধুনীয়া ছোৱালীয়ে হওক, এটি আটোমটোকাৰি ঘৰেই হওক বা এটি পখিলা বা এযোৰ পাটৰ কাপোৰেই হওক৷ বহুতেই যেনেদৰে ঐশ্বৰ্য ৰয়ৰ চকুকেইটা ধুনীয়াদেখে তেনেকৈ আন বহুতে এইচিৰ নতুনকৈ অহা ফাৰ্স্ট চেমিস্টাৰৰ কথা কয়৷ টেন্ডুলকাৰৰ বেটিঙ দেখি জপৰা চুলি সাময়িকভাবে ভাললগা হোৱাৰ দৰে মাজতে জুনিয়ৰ ৰা এজন দেখি লগৰ কিজনীক এদিন কিহে পালে জানো কৈছিলো চা চা ইমান সৰুফুটীয়া ধুনীয়া ৰাজন, যেন এপাহ ফুলহে! ৰাটো ক্ৰিকেট খেলুৱৈ কেন ৰাডাৰফৰ্ডৰ দৰে ৰঙা বগা আছিল৷ লেই নহয় আৰু তেই ৰাটো লগৰবোৰে (ইলেক্ট্ৰিকেল) দেখে   জুন কা ফুল আহিছে চা চা বুলি মোক খবৰ দিবই আৰু৷ ভাবিলে হাঁহি উঠে কথাবোৰ এতিয়া, সেইযে সৰু সৰু কথাতে উচ্ছলতাৰে ভৰা ছাত্ৰীজীৱনটো...আৰু ঘূৰি নাহে যে কেতিয়াও৷

AEC nostalgia-3

Light comes before sound
-------------
ইলেক্ট্ৰিকেলৰ লেব৷ হুইস্টন ব্ৰিজ, ৱাটমিটাৰ, ৰেজিস্টৰ, কেপাচিটৰ আৰু কত কি! বেছিভাগৰ নামেই মনতনাই৷ লেবত সোমাই কাৰেন্ট নথকা যেনদেখিলে মনটো ভাললাগে৷ কাৰণ কেপাচিটৰলৈ মোৰ বিৰাট ভয় লাগিছিল৷ এবাৰ স্পাৰ্ক দেখাৰ পিছৰে পৰা৷ লগৰ এটাই আমি চবেই এবাৰ কাৰেন্টলৈ ৰৈ থাকোতে পিছৰপৰা কিবা জন্তুৰ দৰে মাতি ভয় খুৱাই আছিলহি৷ তাক আমি আৰ্টিষ্ট বুলি জোকাইছিলো কাৰণ ক্লাচ চলি থাকোতেও ক্লাচৰ ভিতৰত থাকিও বহীত মাস্টাৰপিচ আঁকিব পাৰিছিল সি৷ তাৰ কথাবোৰো আছিল কবি সাহিত্যিকৰ দৰে৷ এবাৰ পিছপিনৰ পৰা আহি ভয় খুৱাব খোজোতে হঠাৎ কাৰেন্ টআহিল আৰু চাৰিওপিনে পোহৰ ল৷ একো কৰিব নোৱাৰি আৰ্টিস্টে এইবাৰ মাত্ৰ কৈ লাইট কামচ বিফৰ চাউণ্ড’ - হয় ত্ৰিদিপৰ কথাই কৈছো! আৰ্টিস্ট ত্ৰিদিপ৷ 

ৱৰ্কশ্বপ
আমাৰ বেটচত ৱৰ্কশ্বপত হায়েস্ট মাৰ্কচ কোনে পাইছিল বাৰু? মই জনাত পৰিণীতা৷ তাই খুব সম্ভব পাইছিল 75 তাতকৈ কোনোবাই বেছি পাইছিল নে নাই নাজানো৷ আমি চবেই জানো ৱৰ্কশ্বপৰ পৰীক্ষাবোৰ সহজ নহয়৷ বিশ কেজি হাতুৰী এটাযে আছে তাতো কিবা আছিল কৰিব লগীয়া৷ এবাৰ কিবা এটা ফাইল কৰি কৰি মানে ৰেপি ৰেপি কিবা আকাৰ এটাযে দিব লাগে মনত আছেনেনহয় হে নহয়৷ আলোচনা কি কৰা যায়৷ কোনোবাই লে ৱৰ্কশ্বপ লেবত এজন আছে যি সহায় কৰিব পাৰে৷ বচ কোনে পায়৷ নকৰো বুলি তেখেতে বহুতকে লাথ মেচিনেৰে কেবাটাও অসম্ভব যেন লগা পৰীক্ষা কৰাত সহায় কৰি দিলে৷ এটা কথা বুজি নাপাওঁ সেই টান টান টেস্ট বোৰ কোনেনো কি ভাবি আমি কৰিব পাৰিম বুলি দিজাইন কৰিছিল বাৰু?

চার্ভে, গ্রাফিক্স ইত্যাদি...
চেকেণ্ড চেমিস্টাৰৰ পৰীক্ষা৷ বিষয় চাৰ্ভে নে কিবা এটা৷ ধূপজলাই ওলালো পুৱাই গজংগজংকৈ৷ লগত চিনিয়ৰ এজনেও পৰীক্ষা দিছে৷ গম পালো তেখেতৰ একো প্ৰস্তুতি নাই খালি পাচ কৰিলেই কিবাকে৷ মই আৰু লগৰ আন এজন মুঠতে তিনিজনীয়া দলটো চিভিল-ইলেক্ট্ৰিকেলৰ মাজৰ ফুলৰ বাগানত সোমালো কিবা এটা জুখিব লাগে৷ তিনিওৰে গাইগুটীয়া ধাণ্ডা কেনেকে আন দুটাই যি মাথা মাৰে মাৰক আৰু কামটো পাচ কৰিব পৰা লেই আৰু৷ ৰালৰিকে জোখমাখ সামৰি পৰীক্ষাহলত সোমালো এইবাৰ আঁকিব লাগে৷ সেইখিনি অবশ্যে ভালেই আছিল৷ তেনেতে আহিল জেহিৰচাৰ৷ এটা এটাকে বাকীবোৰক সুধি আহি আছে৷ আৰু গোটেইবোৰকে গালি দি দি আহি আছে! ইয়াৰ মাজতে আমাৰ চিনিয়ৰ লগৰীয়াজনে অঁকামেলা শেষ কৰি ইতিমধ্যে ওলায়ে গৈছিল সম্ভব৷ আমাৰ পাল পৰিল৷ কিবা এটা সৰু গণ্ডগোল আমাৰো হৈছিল যি কাৰণে আমাৰ ভয়লাগি আছিল কি বুলি৷ ভুলটো যেতিয়া আমি গম পাইছিলো তেতিয়া শুধৰাবলৈ হাতত সময় নাছিল৷ চাৰে সেইটো ঠিক জেগাতে ধৰিলেহি৷ যি হয় হব বুলি সঁচা কথাকে লো - উই শ্বুদ হেভ টেকেন টাইলাইন৷ চাৰে ৰাইট বুলি ইমান জোৰত লে ভয় খাই লো৷ এইবাৰ সুধিলে ব্ৰান্স কি৷  লো ইলেক্ট্ৰিকেল, আকৌ খা গালি! 'আৰু নালাগেতো পঢ়িব চিভিল৷ পাচ কৰিলেই হয়নে নহয়?'
লাগি ধৰিম বুলি ভাবিছিলো যদিও চাৰে কৃপা কৰিছিল৷ টি স্কোৱেৰদাল পিছত মকৰাজাল চাফা কৰা কামত সুব্যবহাৰ হৈছিল পিছে৷ 


AEC nostalgia -2

যি কথা নহ কোৱা:
-----------------
আজিকালি ইলেক্ট্ৰিকেলৰ ক্লাচৰ আগেদি যাওঁ নহয়, সদায় দেখো
কোনোবাই কয় তাইৰ ৰূমমেটক৷ ৰূমমেটে আহি তাইক কয়হি৷ তাই কয়ময়ো দেখো পিছদিনা ৰূমমেটে কয়গে, ”তোমাকো দেখে হেনো
সি সোধেদেখে নে চায়?”
উত্তৰ আহেচায় 

ইলেক্ট্ৰিকেলৰ বিল্ডিঙত একো কাম নেথাকিলেও সিতাইহঁতৰ ক্লাচ থাকিব পৰা সময়ত এপাক মাৰে৷ ডিঙিটো ঘূৰাই ঘূৰাই চায়৷ পিকেবি চাৰৰ মেচিনৰ ক্লাচ চলি থাকে৷ 

সোণাৰুফুলৰ তলেদি বৈযোৱা ৰাস্তাটোয়ে আৰু এটি মিঠা কাহিনী লিখিবলৈ উদগ্ৰীব হৈ ৰয়৷ মিচিকিয়ায় সান্ধ্যভ্রমী ফুল পখিলাহঁতক। 

তেনেতে এদিন পিকেবি চাৰে ক্লাচত সোধে, ’ ---এণ্ড ইট ৱিল ৰটেট ইন-??’ দুৱাৰৰ পৰা হঠাৎ চকু ঘূৰাই তাই দেখে চাৰে চকুৱে চকুৱে চাই তাইকে সুধিছে৷ প্ৰশ্নটো নুশুনাকৈ আৰু নুবুজাকৈয়ে তাইৰ মুখৰ পৰা অজানিতে ওলাই চিনক্ৰনাচ স্পীড চাৰে কৈ উঠিল, হৈছে৷ কিন্তু ডাঙৰকে কব লাগে, ৰজনজনাই যাব লাগে৷ 

তাই লাজ পাইছিল। চাৰে ইমান জানে কোনোদিন কিতাপ নোটচ একো নানে ক্লাচলৈ৷ তেখেত নিজেই এখন কিতাপ৷ তেখেতৰ ক্লাচত পাল মাৰিবলৈ বেয়া লাগিল তাইৰ৷ দোষবোধে খুলি খুলি খালে৷
নিৰীহ পিতৃমাতৃহালে সিহঁতক পঢ়িবলেহে পঠাইছে!

সিফালে কি খবৰ আজিকালি?” - সি সুধিছিলে হেনো৷
উত্তৰ নাছিল৷ হয়তো অপেক্ষাহে আছিল কিবা নিশ্চয় , হয়তো কেতিয়াবা...সোণাৰুবোৰ ভৰি ভৰি ফুলিব, ৰঙা হালধীয়া ফুলপৰি ৰোৱা নাচনীৰাষ্টাটোত কোনোবাই চকুৰ ভাষা পঢ়িব কিন্তু উত্তৰ হেৰাই গৈছিল সময়ৰ সোঁতত৷ 


সোণাৰুজোপাত নতুন কলি ওলাইছিল৷ নতুন কাহিনী কেইবাটাও মঞ্চস্থ কৰাৰ আবেগত ৰাস্তাটোৱে সেই অপৈণত কাহিনীটো ৰোমন্থন কৰাৰ প্ৰয়োজনবোধ কৰি নাছিল৷