Tuesday, May 14, 2013

বুঢ়ীদিহিং-মাজুলী-বগৰী আৰু...

কেঁচাসূতাৰে বোৱা মোৰ আধা উৱঁলা মানসপটখন মেলি ল'লে এতিয়াও নিজকে হেৰুৱাই পেলাওঁ - যাৰ সূতাৰ কণিয়ে কণিয়ে ফুল বাচি থোৱা আছে বাৰে ৰহণীয়া ল'ৰালিৰ উখলমাখলবোৰ মোৰ....ৰাঁচৰ সাঁচত যাৰ জিলিকি ৰৈ আছে এতিয়াও আঁচু সূতাৰে বোৱা সখীহঁতৰ হাঁহি-খিকিন্দালিবোৰ, পঢ়াশালিৰ পৰীক্ষালানিৰে তোলা ব'ৰ জোৱাৰ-ভাটাবোৰ, হেতালি খেলি খেলি কৰা সমনীয়াৰে সৈতে কাজিয়াৰ দিনবোৰ, কাবাডীখেলাৰ হেঙুল-হাইতাল বুলীয়া আবেলিবোৰ, তাঁতশালৰ টোলোঠাত কাণ মাৰি থোৱাৰ দৰেই পূজনীয় বয়োজ্যেষ্ঠজনৰ পদে পদে সাৱধানবাণীবোৰ, পুতলে কৰা সৰু সৰু ছিদ্ৰবোৰৰ দৰেই লগৰীৰ সতে কৰা নমতা-নমতিবোৰ আৰু তাৰ মাজতেই জীপ পাই আগুৱাই অহা চাদৰৰ ফুলাম পাৰিহেন পথাৰৰ আলিয়েদি সখীহঁতৰ লগত একেলগে জাকৈবাবলৈ যোৱা দিনবোৰ আৰু খৰালিৰ চেঁচু-কেঁহেৰুৰ আমেজবোৰ.....আৰু ..আৰু যেন মাকোৰ দৰে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা বুঢ়ীদিহিঙ নদীখনিৰ বুকুৱেদি মহুৰাৰূপী অলিখিত অযুত সোঁৱৰণিবোৰ!!! আৰু সেই নদীৰে মাজত জিলিকি ৰয় এটি ৰৌদ্ৰোজ্জল মাজুলীত স্বনামধন্য বগৰীৰ ফলবোৰ - জিভাত এতিয়াও আছে লাগি যেন তাৰেই সোৱাদ! সেই মানসপটৰ কথাই ক'বলৈ ওলাইছো যাক বৈছিলো মন-পদূলিৰ ইপাৰৰ পৰা সিপাৰলৈ দীৰ্ঘদিন মাকো মাৰি মাৰি, কাঠিৰে একণি একণিকৈ ফুল বাছি বাছি৷  স্মৃতিৰ বাটচ'ৰাত থমকি ৰ'লে এতিয়াও মাকোৰ শব্দটি  যেন খিটিক খিটিক কৈ শুনিবলৈ পাওঁ আৰু লগে লগে উৰা মাৰে মনটো শৈশৱলৈ, বুকুত বৈ যায় পুনৰ যেন আশাৰ বুঢ়ীদিহিং খনি, ভাবি পাৰ নাপাওঁ আকৌ কেতিয়াযে চাবলৈ পাম মোৰ মৰমৰ গাওঁখনি, নৈখনি, মাজুলীটো আৰু দৌৰি গৈ সেই সমনীয়াৰ সৈতেই পুনৰ সেই মাজুলীৰে বগৰী বুটলিম, মাত্ৰ আকৌ এবাৰ?

সেই দিন হেৰাই গ'ল মাথো ৰৈ গ'ল এখন কেনভাচ, তৈল মাধ্যমতকৈও উজ্জল মাধ্যমেৰে আবেগৰ তুলিকাৰে শৈশৱৰ ইজেলত ওলোমাই অংকণ কৰা ছবিখনিৰ ৰূপত!  অলেখ দুপৰীয়াৰ ৰৌদ্ৰৰ উজ্জলতাৰে উদ্ভাসিত আৰু এখনি সাৱলীল নদীৰ খলকনিৰে পৰিষ্কৃত বুঢ়ীদিহিঙৰ মাজুলী বুলিলেই মনলৈ আহে কিছুমান ধেমালিৰে ভৰা দিনৰ কথা, এখন মুখৰ পঢ়াশালিৰ দীঘলীয়া পানীখোৱা ছুটিবোৰৰ কথা৷

আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিঠিতেই লাগি আছিল অয়ল ইণ্ডিয়াই নিৰ্মাণ কৰা মহামহিম মথাউৰিটো৷ তাৰ সিপাৰে আছিল এটি লুংলঙীয়া বাট, এফালে ঔটেঙাৰ গছবোৰ, আনফালে ঢেকীয়াডৰাই আৱৰি ৰখা তেলখাদটো৷ নাহৰকটীয়াৰ এইখিনি ঠাই ঢেকীয়া, বাঁহগাজ, ঔটেঙা, দিহিঙৰ সৰুমাছ, কচু; লগতে বাঁহ-বেতৰ সামগ্ৰী যেনে মূঢ়া, বিচনী, পাচি ইত্যাদিৰ কাৰণে স্বৰ্গস্বৰূপ যেন আছিল৷ তৈলনগৰী দুলিয়াজান আছিল এই অঞ্চলৰ বেছিভাগ লোকৰ বাবে আধুনিকতাৰ দেশৰ উদাহৰণ৷ দুলিয়াজানৰ পৰা প্ৰায় আধাঘণ্টা মানৰ মূৰে মূৰে তেলখাদবোৰলৈ কোম্পানীৰ বাচবোৰ আহি থাকিছিল৷ আৰু অঞ্চলটোৰ লোকে যেতিয়াই মন যায় তেতিয়াই বিনামূলীয়াকৈ দুলিয়াজানলৈ যাব পাৰিছিল এই বাচবোৰৰ জৰিয়তে৷ আৰু কোম্পানীৰ চাকৰিয়ালসকলেও কৰ্মসংক্ৰান্তত এই অঞ্চললৈ আহিলে থলুৱা সামগ্ৰী আৰু শাক-পাচলি, মাছ-কুকুৰা ইত্যাদি কিনি লৈ গৈছিল৷

আমাৰ সৰু বৰতাই দুলিয়াজানৰ অয়লত চাকৰি কৰিছিল, সুবিধা পালেই তেখেত আহে আমাৰফালে আৰু ঘৰত সোমাই যায়৷ বৰমাই বৰ সুন্দৰ আচাৰ তৈয়াৰ কৰিব জানিছিল৷ কেতিয়াবা দুলিয়াজানলৈ গ'লে বগৰী, বেঙেনা ইত্যাদিৰ মিঠা আচাৰ খোৱাৰ লোভটো বৰমাই ৰ'দাই থোৱা বটলকেইটাৰ দ্বাৰাই তৃপ্ত কৰাইছিলো৷ মায়েও আচাৰ কৰিছিল, কিন্তু সাধাৰণতে টেঙা বা মচলাযুক্ত৷ গাওঁখনত আচলতে ক'বলৈ গ'লে ঘৰে ঘৰে বিধে বিধে বগৰীৰ আচাৰ যেতিয়াই তেতিয়াই বিচাৰিলেই পোৱা গৈছিল৷ আৰু বগৰীবোৰ নো ক'ৰ পৰা আহে ইমানকৈ? বুঢ়ীদিহিঙৰ মাজুলীটোত বগৰী আছিল দেধাৰ! আচৰিতেই লাগে কেতিয়াবা ভাবিলে৷ বিধে বিধে৷ সৰু-ডাঙৰ৷ মিঠা-টেঙা৷ ঘূৰণীয়া-দীঘলীয়া৷ ৰঙা-হালধীয়া, সুমথিৰা-সেউজীয়া.....কতযে কি!!

শুকুৰবাৰ৷ শুকুৰবাৰ বুলিলেই ভাল লাগে কাৰণ পানীখোৱা ছুটিবোৰ এঘণ্টীয়া সেইদিনা৷ বাৰিষা হ'লেও কথা নাই, কোনোবা এটাই ক'বই - ব'ল নদীৰ পানী চাই আঁহো কিজানি এইবাৰ বানপানী হয়েই৷ আমাৰ আচলতে বানপানী দেখাৰ সৌভাগ্য (?) এবাৰেই হৈছিল৷ নদীৰ পানী কেতিয়াও পাৰৰ ওপৰলৈকে নবৈছিল আমাৰ এলেকাটোত৷ মাত্ৰ এবাৰেই অদ্ভূতভাৱে পানী আহি মথাউৰিৰ সমান হৈছিলহি৷ অনেকৰ বিলাই বিপত্তি হোৱাৰ বিপৰীতে আমাৰ আকৌ স্ফুৰ্তিহে লাগিছিল৷ কাৰণ মথাউৰিৰ সিপাৰে যেনি তেনি ভূঁৰবিলাক পিয়াপি দি ফুৰিছিল৷ সিপাৰৰ ঘৰবোৰৰ প্ৰতিটোৰেই ঘৰৰ মূধচলৈকে পানী উঠি চপচপীয়া হৈ পৰিছিল৷ আমি সকলোকে চিনি পাইছিলো অঞ্চলটোত৷ গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভূঁৰত উঠি ইপিনে সিপিনে যোৱাৰ ধাণ্ডাত মছগুল আছিলো, কাৰোবাক ক'লেই হ'ল, ককাই ভূঁৰত উঠীবলৈ দিব নেকি? অকল সেইখিনিলৈকেহে যাম৷ বাৰিষা নদীৰ পানী মাৰি এদালেদি জুখি উস্তাদৰ দৰে কোনোবা এটাই কয় - নাই এইবাৰ বানপানী নহয়৷ কোনোবাৰ মতে দুদিন যদি একেলগে বৰষুণ দিয়ে হ'বই৷ আৰু বৰষুণ দিয়াৰ কাৰণে ভেকুলী বিয়া পতাৰো প্ৰস্তাব আহে মাজে মাজে৷ পিছে ভেকুলী বিয়াহে পতা নহ'ল এবাৰো৷ ভেকুলী এটা কোনোবা এটা ল'ৰাই এবাৰ ধৰি আনিছিল বিয়াৰ কাৰণে কিন্তু বেচেৰাই ছোৱালী নেপালে বাবে তাক স্কুলৰ বাৰাণ্ডাৰ এচুকত মুক্ত কৰি দিয়া হ'ল৷ বানপানী হোৱাবছৰটোত কোনোবাই বামুণভেকোলাৰ উলহমালহে বিয়া পতাৰ কথা অৱশ্যে মনত নপৰে৷

খৰালিৰ দিনবোৰৰ আমেজ বেলেগ আছিল৷ দুটামানে ঝাউবনৰ মাজত সোমায় কেৱল কিৰিলিয়াবলৈ, ওলাই আহোঁতে ধৰা নপৰে কোনটোৱে সংসাৰৰ বেয়ামাতসোপা মাতি উকিয়াইছিল, সেয়ে সকলোৱে সাৰি গৈছিল৷ আমি ছোৱালীবোৰে চিধাচিধি নদী পাৰহৈ পাওঁগৈ মাজুলীটোত - ৰ'দে চিকমিকাই থকা সোণোৱালী, সুমথিৰা, ৰঙা বগৰী কত যে বিধে বিধে পোৱা নগৈছিল৷ যেনি তেনি যিমান পাৰো সিমান বোকোচাত বান্ধি আনো খাবলৈ, আৰু ঘৰলৈকো বুলি৷ নোযোৱা দুজনীমানকো আৰু চাৰ-বাইদেউহঁতকো কেতয়াবা কেতিয়াবা দিব লগা হয় তেল মাৰিবলৈকে দুই এদিন৷ নহ'লে আকৌ যাবলৈ নিদিব পাৰেতো! বালিয়া বগৰী, আপেল বগৰী, তিতাবগৰী, বিলাতী বগৰী...মুখলৈ পানী আহিয়েই গ'ল আকৌ মনত পেলাই!!

 ষষ্ঠশ্ৰেণীৰ কথা আছিল হয়তো৷ আমাৰ লগৰ এজনী ছোৱালী, ৰুণা চহৰৰ পৰা আহিছিল নতুনকৈ৷ বগৰীৰ এদিন আমেজ পাই তাইক সদায়েই যাবলৈ লাগে৷সিহঁতৰ ঘৰটো বিদ্যালয়ৰ লগতে লাগি আছিল আৰু মথাউৰি পাৰহৈ নদীৰ ফালে যোৱা ৰাষ্টাটোলৈ যাবলৈ হ'লে সিহঁতৰ ঘৰৰ প্ৰায় পিৰালিয়েদি যাব লাগে৷ প্ৰথম দুদিনমান সেইডোখৰ আমি হাতত সাৰে ভৰিত সাৰে পাৰ হওঁ কাৰণ তাইৰ মাকে তাইক খুব শাসন কৰিছিল৷ কৰিবৰে কথা৷ নতুনকৈ আহিছে, তাইৰ বাবে আচহুৱা ঠাই৷ পিটপিটাই ঘূৰি ফুৰিবলৈ অনুমতি ক'তনো পাব৷ সঁচা কথা ক'বলৈ গ'লে অনুমতি আমাৰো তেনেকৈ নাছিল ঘৰৰ পৰা কিন্তু মাৰ হাতত বগৰী এগালমান যেতিয়া যাচি দিওঁহি মাৰ মুখত হাঁহি আৰু জিভাৰ পানী ওলাই যোৱাৰ পিছত আৰু গালি খোৱাৰ বিশেষ ভয় নাছিল৷ এবাৰ তেনেকৈ ৰুণা আৰু আমি মাজুলীৰ পৰা আহিছিলো৷ সকলোৱে ভাবিলে যে ৰুণাৰ ঘৰৰ পৰা অলপ নিমখ আৰু জলকীয়া অনা যাওক৷ ৰুণাৰ লগত আমি দুজনী ছোৱালী মাজুলীৰ পৰা আহি পানীখোৱা ছুটি শেষ হোৱাৰ আগে আগে তাইৰ ঘৰলৈ গ'লো৷ জিভাৰ পানী নৰয়হে নৰয়৷ তাইৰ মাকে গালি দিব বুলি ভয়তে বাচি বাচি পকা পকা দুকুৰিমান বগৰী তাইৰ হাতত দি পঠালো আৰু আমি বাহিৰত ৰৈ থাকিলো৷ তাইৰ দূৰ সম্পৰ্কীয় ককায়েক এজনো সেইদিনা ঘৰত আছিল৷ তাই ককাইদেউ বগৰী খাবা নেকি বুলি ঘৰৰ ভিতৰলৈ সোমাই গ'ল৷ তাই ওলাই নাহেহে নাহে! ইপিনে বিপিনচাৰৰ ভূগোল আৰম্ভ হওঁ হওঁ! ৰুণা ৰুণা বুলি দুবাৰমান চিঞৰিলো৷ তেনেতে মাক ওলাই আহি দুৱাৰখন লাহেকৈ ভিতৰৰ পৰা বন্ধ কৰি থৈ গ'ল৷ আমাৰ গা বাজিল এইবাৰ! আৰু ৰুণাৰ চিঞৰ দুটামানো শুনিলো লগে লগে৷ ইজনীয়ে সিজনীৰ মুখ চাবলৈও সময় নাই-  পলালো, যেনেকৈ নেজতল কৰা কুকুৰ দেখিলেই পলাওঁ তেনেকৈ! ৰুণাক গোটেই পিছবেলাটো নেদেখিলো আৰু৷ তাইৰ কিতাপ-পত্ৰবোৰ আনকি ঘৰলৈ গৈ দি অহাৰো সাহস নহ'ল এজনীৰো৷ ৰুণালৈ দু্খ লাগিল যিমান সিমানেই দুখ লাগিল পকা পকা বগৰী কেইটাওযে এনেয়েই গ'ল, দেহিঐ! কিন্তু সেইবুলি মাজুলীৰ বগৰী খাবলৈ আৰু তালৈ যাবলৈযে এৰিলো সেয়া হ'লে নহয়৷ বগৰীৰ আমেজ আমাৰ জিভাৰ অলিয়ে গলিয়ে কেতিয়াবাতে চিনাকি আলহীযেন হৈ পৰিছিল৷  কিন্তু ৰুণাইহে বগৰী  খাবলৈ এৰিয়েই দিলে কিবা এটা দুখত আৰু অভিমানত যিটো আমাৰ একেবাৰেই সহ্য নহ'ল৷ মাক প্ৰায়েই আহি  কৈছিলোহি ৰুণা মাজুলীলৈ যোৱাৰ কাৰণেই যে সিদিনা ঘৰত ঔ-কিলহে খালেহি বুলি৷ মাহঁতৰো দুখ লাগিছিল আৰু এদিন সৈমান কৰাব পাৰিছিলো যে তাইৰ মাকক মাহঁতে বুজাব৷ বগৰীৰ আচাৰৰ আদান প্ৰদান কৰি এসময়ত ৰুণাৰ মাকক মাহঁতে মাজুলী দেখুৱাবলৈ লৈ গ'ল৷ মাজু্লীৰ ৰূপে ৰুণাৰ মাকক ইমানেই মুহিছিল যে তেখেতে মাত্ৰ এসপ্তাহ পিছতেই এবাৰ কেমেৰা লৈ সপৰিয়ালে তালৈ যোৱা বুলি শুনিছিলো৷
দিন পাৰ হ'ল৷ সেইবাৰৰ বছৰেকীয়া পৰীক্ষাও শেষ হ'ল৷ নতুন বছৰটোৰ আগমনৰ সময়৷ দুজনীমানে মাহঁতক কুতুৰিলো, বনভোজ খাবলৈ যাওঁ লগৰ সমনীয়াৰ লগত৷ আগে পিছে মাজুলীত বনভোজ খোৱাৰ কথা শুনিছিলো৷ কিন্তু সৌভাগ্যকণৰ পৰা বঞ্চিত হৈ আছিলো৷ সেইবছৰ লগৰকেইজনীমান আৰু অলপ ডাঙৰ বাইদেউকেইজনীমানৰ লগত বনভোজ খাবলৈ গ'লো এদিন ৰৌদ্ৰোজ্জল মাজুলীৰ বালিচৰত৷ কহুঁৱাবনৰ নিবিড় পৰশবোৰ, ঝাউবনৰ খিলখিলনিবোৰৰ মাজে মাজে দৌৰি ফুৰিছিলো আমিকেইজনী গোটেইদিনটো৷ মই ঘৰৰ পৰা দা এখনৰ বাদে একো নিয়া নাছিলো৷ লগৰকেইজনীয়েও কটাৰী, কলপাত আদিৰ বাদে বিশেষ একো নিয়া নাছিল৷ বাইদেউ কেইগৰাকীয়েই লৈ গৈছিল য'ত যি লাগে, ৰন্ধা-বঢ়াও তেওঁলোকেই কৰিছিল, আমি মাত্ৰ খেলিছিলো আৰু খিকিন্দালি কৰি প্ৰতিটো পলেই উপভোগ কৰিছিলো, বগৰী খাইছিলো আৰু শেহত আবেলি ভাত খাইছিলো৷ আঠুঁৰ ওপৰ নোহোৱা পানীত জপং জপং কৰি মিহি মিহি শিলবোৰ বুটলিছিলো...সৰু-সুৰা শংখ-শামুকৰ খোলা বিচাৰি বালিবোৰ ছেদেলি-ভেদেলি কৰি ফুৰিছিলো - দিনটো৷ বালিৰে সজা ঘৰ কেইটিৰ আশে পাশে বগৰী আৰু ঝাউবনেৰে সজাইছিলো ৰজা-ৰাণীৰ উদ্যানবোৰ৷  চিঞৰি চিঞৰি গাইছিলো পাৰ্বতী প্ৰসাদৰ গীত বোৰ! নিজকে ভ্ৰাম্যমান থিয়েটাৰৰ (তেতিয়ালৈকে চিনেমা চোৱাৰ কথা মনত নপৰে, হিন্দী গানো নাজানিছিলো তেতিয়া এটাও) নায়িকাৰ দৰে কল্পনা কৰি দীঘল চুলি মেলি চকু মুদি দৌৰি গৈ থাকোতে কেইবাৰ যে মুখ থেকেচা নেখালো হিচাবেই নাই! আবেলিলৈ ঘূৰি আহোঁতে বাইদেউহঁতে কোৱা শুনিছিলো তেওঁলোকে হেনো পিছৰ দেওবাৰে গাভৰু দলঙৰ ফালে বনভোজ খাবলৈ যাব৷ মনটো পাটৰ সূতাৰ চাদৰৰ দৰে চিকমিকাই উঠিছিল৷ মানে আকৌ নদীলৈ আহিম, মাজুলীত খেলিম আৰু গাভৰু দলঙেৰে দৌৰি নদীৰ সিটো পাৰলৈ যাম! 
গাভৰু দলঙখন হ'ল তিনিকোণীয়া দলঙ এখন যাৰ মাজেদি মাত্ৰ তেলৰ বিয়াগোম পাইপ কেইডালমানহে নদী পাৰহোৱাৰ বাবে অয়ল ইণ্ডিয়াই নিৰ্মাণ কৰিছিল৷ হ'লেও আৰামেৰেই আমাৰ চাইকেল একোখন নাইবা দুজন মানুহ অনায়াসে ইপাৰ সিপাৰ হ'ব পাৰিছিল৷ মাজুলীৰ পৰা মাত্ৰ অলপ দূৰৈত চিৰ-জ্যোতিষ্মান, বিনিদ্ৰ ৰজনীৰে সমগ্ৰ অঞ্চলটোকে শীতৰ সময়ত আশ্বাস যোগাই অহা তেলখাদটোৰ কাষেদিয়েই চঞ্চলা-চপলা গাভৰুৰ দৰেই পাৰহৈ গৈছিল গাভৰু দলং খনি৷ তাৰ বালিচৰত এটি পল কটাই আহিলেও হিয়া-মন জুৰ পৰি যায়, নিজকে হেৰুৱাই দূৰ দিগবলয়লৈ বৈ যোৱা ৰিব ৰিব বা-চাটিৰ লগতে উৰি গৈ মনে ইনাই বিনাই কান্দে ঘূৰি নাযাওঁ বুলি৷কেতিয়াবা চিলা উৰুৱাবলৈ বৰ হেপাহ থাকিল তাত৷ 
মনে ঘনে ঘনে এষাৰেই কথা কয়, এবাৰ গৈ আঁহো দেই? মানসীকন্যাৰ বুকুৱেদি জুৰাই যোৱা কেঁচাসূতাৰ আচ্ছাদনখনিত আঁচুসূতাৰ ফুলে আকৌ তিৰবিৰাই তৰা বাচিব খোজে...চিকমিকনিত ৰ'ব নোৱাৰি দুনয়নৰ সপোনেও সাৰ পাই মিচিকিয়াই ঘূৰি চায় অতীতলৈ, কিজানি সময় ৰৈ গৈছে নেকি বুলি৷ কিজানি গাভৰু দলঙৰ তলিয়েদি এতিয়াও ৰৈ বৈ গৈছে খিলখিলনিৰ ম্লান প্ৰতিধ্বনি, মাজুলীত এতিয়াও সোণোৱালী বগৰীয়ে মোক খা মোক খা কৰি আছে?
কিজানি এদিন যাম তালৈ... মোৰ কণমানিদুজনীক লৈ বাৰেবৰণীয়া চিলা উৰুৱামগৈ, বগৰী খুৱাম, ঢেকীয়া ঔ-টেঙাৰ নিভাঁজ জুতিৰে এসাজ ভাত ৰান্ধি খুৱাম,  সেইখিনিতে এটা গুঁড়ৰ শাল আছিল আহোঁতে যাওঁতে কোনোবা থাকিলে তাৰো এচেলক জুতি লোৱাৰ কথা মনত পৰিছে...আৰু হয়তো বহুতো কথাই এতিয়া মনত পৰিছে, পৰিয়ে থাকিব, ধিমিক ধামাককৈ কাৰণ জ্বলি আছে মনপথাৰৰ আশাৰ আকাশবন্তিগছি...৷ 
হয়তো সকলোৰে শৈশৱক আৱৰ্ত কৰি ৰাখে এবুকু স্মৃতিয়ে, সময়খিনি ঘূৰাই অনাৰ দূৰ্দান্ত প্ৰয়াস কৰে৷ প্ৰিয় ঠাই একোখনৰ ঠিকনা গুপুতে চিলমোহৰ মাৰি থিতাপি লয় পৰিপূৰ্ণ বিশেষ লেফাফাটিত৷

No comments:

Post a Comment