Fallen Leaves সৰাপাত এখিলা-দুখিলা

২১ মে'/ মঙলবাৰ/২০১৩৷

প্ৰায় দুবছৰৰ ওপৰেই হৈছিল কিজানি মোৰ টিভি নোচোৱা৷ এনেকুৱা নহয় যে চাই ভাল নেপাওঁ৷ এসময়ত এদিনীয়া  ক্ৰিকেট খেল চাই চাই ঘৰৰ কামবন কৰিবলৈ এলাহ কৰা অৱস্থাৰ পৰা এতিয়া এনেকুৱা এটা অৱস্থা যে টিভিটো লাগি থাকিলেও খং হে উঠে৷ কাৰণ টিভিত হয় কাৰ্টুন চলিব নহ'লে বাতৰি৷ আৰু এটাও মই নেচাওঁ৷ বহি বহি টিভি শেষৰবাৰ কেতিয়া চাইছিলো মনতেই নাই৷ যোৱা দুবছৰ ধৰি আমাৰ কেবলসংযোগো লোৱা নাছিলো টিভিৰ কাৰণে সময় নাই বুলিয়েই৷ যোৱা বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে ইণ্টাৰনেট সংযোগ টোৱে বৰ দিগদাৰি দি আছিল দুপৰীয়াৰ সময়ত, অফিচৰ কাম কৰি আছিলো, এখেতেও ঘৰৰ পৰা কাম কৰিছিল বৃহস্পতিবাৰে৷ বাৰে বাৰে ভিপিএনটো এৰি যায় তাতে আকৌ আমাৰ লেণ্ডলাইন ডালো ইণ্টাৰনেটৰ দ্বাৰাই সংযুক্ত বাবে ফোনত কথা পাতি থকাৰ মাজতে হঠাতে নুশুনা হৈ যায় বাৰে বাৰে৷ খং উঠিবৰে কথা৷
মই সাধাৰণতে এইবোৰত লগে লগে প্ৰতিক্ৰিয়া নকৰো, অফিচত লগে লগে খবৰ দি অফলাইন কৰিব পৰা কাম কিছুমান উলিয়াই ল'লো আৰু মবাইল লগত ৰাখি কাম কৰি আছিলো৷ কিন্তু এখেতে এৰি দিব নিবিচাৰিলে৷ ইণ্টাৰনেটৰ প্ৰভাইডাৰক ফোন কৰি লগে লগে কৈফিয়ৎ বিচাৰিলে৷ আচলতে সিহঁতে হেনো কিবা কাৰিকৰী বিজুতিৰ বাবেহে আকস্মিকভাৱে সংযোগটো বিচ্ছিন্ন কৰি ল'ব লগা হৈছিল৷ ইণ্টাৰনেটসংযোগৰ কাৰণে আমি প্ৰায় আশীডলাৰ মাহে দিব লগা হয়৷ তাতকৈ কম দামৰ অনেক প্ৰভাইডাৰ আছে, কিন্তু ইহঁতক আগৰে পৰা লৈ আছো বুলিয়েই এৰা হোৱা নাছিল৷ গালি খাই আৰু গ্ৰাহক হেৰুওৱাৰ উপক্ৰম হোৱা দেখি তেওঁলোকে এটা প্ৰস্তাব দিলেযে আমি ইয়াতকৈ কম দামত ইণ্টাৰনেটৰ বেছি স্পীড আৰু কেবল টিভিৰ সংযোগ দুয়োটা পাব পাৰো৷ অফাৰ টো বেয়া নলগাত ঠিক আছে বুলিয়েই ক'লো আৰু৷ যাৰ ফলত যোৱা শনিবাৰে আমাৰ ঘৰত টিভিৰ কেবল সংযোগ স্থাপন হ'ল৷ কিন্তু কি কি চেনেল আহে এতিয়াও খুচৰা হোৱাই নাই ভালকৈ৷ বহি বহি টিভি চোৱাটো কিয় জানো আটাইতকৈ এলেহুৱা কাম যেন লাগে মোৰ৷ আৰু এনেই বেলেগ কাম কৰি কৰি টিভি চাইয়ো ভাল নেলাগে৷
ইমান দিনৰ মূৰত আজি কিন্তু এটা স্থানীয় চেনেলত প্ৰায় এঘণ্টামানেই চালো টিভি৷ কাৰণ? KQED 9 (টিভি চেনেলটোৰ নাম) ত আজি মাইকেল পালিনৰ এটা অনুস্থানে আমাক লৈ গৈছিল অসমলৈ৷ অসমৰ মাজুলীলৈ৷ কাজিৰঙাৰ হস্তী উৎসৱলৈ...৷
মাইকেল পালিনৰ নাম হয়তো বহুতেই শুনিছে৷ তেখেত এজন জ্যেষ্ঠ ইংৰাজ লিখক, টিভিৰ আঁতধৰোতা তথা পৰ্যটন সম্বন্ধীয় তথ্যচিত্ৰ কিছুমানতো তেখেতৰ নাম শুনা যায়৷ বি বি চি'ৰ হিমালয়াজ বুলি তথ্যচিত্ৰখন অতি মনোমোহা হৈছে, আচলতে এইখনেই আজি আঠবজাত টিভিত প্ৰচাৰ কৰি আছিল৷এনেই টিভিটো লগাওঁতে দেখিলো যে ব্ৰহ্মপুত্ৰৰ কথা কৈছে দেখোন৷ তাৰ পিছত মাজুলী, আনকি মাইকেল পালিনে খোলত দুচাপৰমানো সত্ৰত গৈ শিকি আহিল৷ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ মিছিং গাৱঁৰ মাছু্ৱৈ ছোৱালীৰ জাকৰ পৰা আৰম্ভ কৰি হাতীয়ে ফুটবল খেলা ইত্যাদিৰে কম সময়ৰ ভিতৰতে সামৰি লোৱা অনেক থলুৱা লোকসংস্কৃতি আৰু তথ্যৰে পূৰ্ণ তথ্যচিত্ৰখনি আন্তৰিকতাৰে উপভোগ কৰিলো৷ তাতোকৈয়ো ভাল লাগিল এটা জনপ্ৰিয় ৰাজহুৱা টিভি চেনেলে 'প্ৰাইম টাইম'ত এই তথ্যচিত্ৰখনি সম্প্ৰচাৰ কৰাৰ বাবে৷ মুঠতে বহুদিনৰ মূৰত টিভি চাই আজি ভালেই লাগিল!


4 comments:

  1. ভাল লাগিল ৷
    ময়ো মাইকেল পালিনৰ অনুস্থান পালেই চাওঁ ৷

    ReplyDelete
  2. Yes Michael Palin's work is amazing. I feel good to have collected this whole series of 'Himalayas'DVD and enjoy travelling through the Himalayas from Karakoram to Bay of Bengal with him.

    And you know what my relationship with the TV is just like yours... don't remember switching it on myself for past 4-5 years. Only that sometimes i give company to my kid or husband...

    And yes... i enjoyed reading your blog dear..

    ReplyDelete
    Replies
    1. Thanks dear. Great, why don't you write something related to your collection when you get a chance. Would love to read!

      Delete
  3. Puroni lekha jodio porhi bhal lagil

    ReplyDelete