নোটবুক
কালিলৈকে আমি অপৰিচিত কোনোবা
আজি হৃদয়ৰ অলিন্দত ঘৰ পাতিলাহি
সেই নাম নজনা সৰু চৰাইজনীৰ দৰে
পিছফালৰ বাৰাণ্ডালৈ কুটা কঢ়িয়াইছে
বিশ্বাসৰ এখনি সৰু ঘৰ সাজিবলৈ মন!
য’ত কেৱল শান্তি আৰু সুখে স্থিতি ল’ব।
জীৱনৰ প্ৰতিটো কথাই যিদৰে অস্থায়ী
বিশ্বাসেই দিব সাহস, হাঁহিবলৈ অনুৰাগ।
কালধুমুহাৰ নিদিবাচোন এতিয়াই জাননী
আৰু বহু হেপাহৰ বাট একেলগে বুটলিম
সুখৰ বাট যদি চমু আছিল,
দুখৰ ৰাতিও পুৱাব অচিৰে।
=====
No comments:
Post a Comment