ক’লামেঘ
শেহৰাতি আমি কবিতা ৰচিছিলো
সাতখন সাগৰৰ বুকুৰ ঢৌক সাক্ষী কৰি৷
সাগৰতো ইমান পানী নাছিল
যিমান শব্দই ৰাতিটো আবেগ সানিছিল৷
মোক নৈপৰীয়াৰ সাধু শুনাইছিলা৷
পাহাৰৰ টিঙত হেৰাব বিচৰা মেঘত
লমালমে আবেগ উলমি
সিহঁতক তেনেই গধুৰ কৰিছিল৷
ক’লামেঘ গধুৰ
বহুত দুখ লৈ ফুৰে সিহঁতি
সেয়ে ক’লা মেঘ মোৰ আকাশলে আহিলে কষ্ট পাওঁ৷
শুকুলা মেঘলৈ ৰ’বা, কলীয়া মেঘলৈ নহয়
শুকুলা মেঘে সানিব তোমাক উষ্ম আদৰণি
আনিব ৰ’দৰ বাতৰি!!
ক’লামেঘবোৰ নানিবা, সিহঁতেই আবেগ, বৰষুণ৷
তোমাকতো বৰষুণ নালাগে
যদি মেঘবোৰ তোমাৰ আবেগ
তেনেহ’ল তুমিচোন চিৰদিন অপেক্ষাতে কটাব লাগিব
সেই উৱঁলি যোৱা ছাতিটোৰ শপত৷
No comments:
Post a Comment