“পপীয়া তৰা”
মুখাখন খুলি এবাৰলৈ আইনাত চোৱাচোন?
কভিদত, কিছুমান মুখাৰ আঁৰত, চিনাকিও অচিনাকি!
আচল পৰিচয় লুকুৱাই আত্মহাৰা হয় ভিতৰৰ অসুৰ!!
লকডাউন গ’ল, আহিল কষ্ট কৰাৰ এলাহ
এন্ধাৰৰ আঁৰৰ অসুৰৰ বিয়াগোম ক’লাৰূপ!
সামাজিক মাধ্যমত মুখাৰ পিছৰ মুখ বিচৰাৰ,
সেই মুখ উদঙোৱাৰ ব্যৱসায় সেই এন্ধাৰৰ।
“Business target”, নিৰীহমনৰ চকুপানীৰে!
অচিনাকিও য’ত যেন যুগযুগৰ আত্মীয়!
ক্ৰমে বাঢ়ে বিষবাষ্পবোৰ, অসুৰে দাঁত নিকটায়!
মুখাহীনক বান্ধৱীয়ে কয়, তুমি Angel নহ’বা।
আৰু এতিয়াযে মুখাপিন্ধা বা নিপিন্ধা বহুতেই
একোজন নীলকণ্ঠ অথবা মুখাপিন্ধা ভদ্ৰ ব্যক্তি।
- নীলাঞ্জনা মহন্ত
No comments:
Post a Comment