অভিমানৰ বকুলপাহ
হেৰাই যোৱা সাধনাৰ সুপবিত্ৰ বকুলপাহ!
ঘূৰি আহিছিল দুপৰ নিশা জোনাক হৈ।
তলসৰা শুভ্ৰ তৰাৱলীৰ আকাশৰ মিচিকি সুবাস
অম্লান জোনৰ নৈত যেন স্বৰগমৰ পানচৈ
নাসাৰন্ধ্ৰৰ সুৰঙ্গৰে বহ্নিমান দিগন্ত জুৰি
জীপাল কৰিলে সুৰভিপিয়াসী ক্লান্ত মন- প্ৰাণ
বকুলে আঁকি যোৱা পথেৰে বাট বুটলি
উলটি আহিছিলে এজাক সপোন, হাঁহি হৈ।
কিছুমান সপোনে তথাপি দিঠক হ’ব নোখোজে,
বাৰিষাৰ ধলৰ দৰে দিকবিদিক বিচাৰি ফুৰে।
- নীলাঞ্জনা মহন্ত
No comments:
Post a Comment