ৰচনাঃ ফেব্ৰুৱাৰী ৭, ২০১৯
শুচি
===
শুচি
===
ফৰকাল আবেলি আহিলি
নিয়ঁৰো নামিল
ধুনীয়া ধৰণী কৰি শুচি
ৰ’দঘাই দিনটি সামৰি
অৱসাদ পেলালি মুচি
হেঙুলীয়া আকাশী মন
ছাঁতে আছিলি লুকাই
সেমেকিল দুবৰি বন
সাৰ পালে অ’ জোনবাই,
বেলিও লুকালে কুচিমুচি
ধৰণী কৰি শুচি৷
সন্ধ্যাচলৰে বগলীজাকে
কিনো কবিতা ৰচে
মানসী চিনাকি ভাষাৰে
পাহাৰৰ ভাঁজে ভাঁজে,
আকাশেও হাঁহিলে মিচিকি
ধৰণী কৰি শুচি৷
No comments:
Post a Comment