Thursday, February 28, 2019

হাঁহি - কবিতা

হাঁহি
====
তাইৰ হাঁহিমুখীয়া ফটোখন
সেইযে চচিয়েল মেডিয়াত জিলিকিছে
তাইক কয়, ইমান হাঁহিব পাৰা?
তাইৰ কোনো নাই নেকি সমস্যা
আনুমানিক পাৰিবাৰিক শান্তিক কৰে হিংসা৷
তাইৰ পাটৰ কাপোৰযোৰ জিলিকিছে
কপালত জিলমিল জোন জলা!
হাতৰ মুঠিখাৰুপাতো সোণখটোৱা!
সপ্তাহান্তিক এখন নতুন ফটো ওলমে
বিৰিয়া গজা দাঁতবোৰ পুনৰ জিলিকে
হাঁহিমুখীয়া ফটোত শতাধিক লাইক পৰে
“ধুনীয়া লাগিছে“
লিখি উঠি সিহঁতে ভাবে,
ইমান সুখী তাই!
ইমান ধুনীয়া তাই!!
হস্পিটেলত কেমো’ দিয়াজনে তাইক কয়
তাইৰ চুলিখিনি হেনো ঈৰ্ষণীয়৷
দুদিনীয়া আলহী চুলিকিদাল লাৰি
তাই এটা মিচিকি হাঁহি মাৰে৷
======


No comments:

Post a Comment