Thursday, December 13, 2018

এক মিনিটৰ গল্প

এক মিনিটৰ গল্পঃ
তোলনী
© নীলাঞ্জনা৷

চুবুৰীৰে বৰুৱাৰ ছোৱালীজনী বোলে তোলনী ল৷ কাইলে চাৰিদিনীয়া আৰু দহ তাৰিখে বিয়া পাতিছে৷ ৰভাৰ খুটা পৰিলেই ইয়াৰ পৰাই দেখা পাইছে লভিতাই৷ লভিতাৰো দুজনী ছোৱালী৷ এজনীয়ে মেত্ৰিক আৰু আনজনীয়ে হায়াৰ চেকেণ্ডাৰী দিব এইবাৰ৷ তাই চাকৰি ৰিজাইন দি এই দুবছৰ সিহঁতৰ পঢ়াবোৰকে চাই দিছে৷ বৰুৱানীয়ে জীয়েকৰ চাৰিদিনীয়ালৈ খবৰ দিওঁতে লভিতাই লাহেকৈ কৈছিল আমাৰ দুজনীক এইবোৰ নিয়ম নকৰালো৷ এখেতেও লে ছোৱালী ডাঙৰ হৈছে বই ঢাক ঢোল বজাবলগীয়া কি ঘটিটো তাতে৷ বৰুৱানীয়ে কৈছিল মোৰ এজনীয়ে ছোৱালী৷ সমাজখনৰ লগত মিলি থাকিব লাগিব নহয়৷ তাতে লগত শাহু আছে৷ নোচোৱালে বা বিয়াখন নাপাতিলে বোলে পিছলে ছোৱালীৰ কাৰণে বেয়া৷ খৰচ পাতিবোৰ আছেই৷ আপোনাৰে ভাল দিয়ক এইবোৰ কৰিবলে মোৰো বৰ মন নাছিল পিছে কি কৰিব আৰু৷ কাইলৈ আহিব যেনেতেনে৷ 
লভিতাৰ মন নাছিল যাবলৈ৷ বৰুৱানীয়ে বেয়া পাব বুলিয়ে তথাপি কথাটো ভাবি চাই ৰাতি শুবৰ সময়ত গিৰিয়েকৰ আগত উলিয়ালে কথাটো৷ তেওঁ এনেকুৱা বিশ্বাসবোৰ একেবাৰেই ভাল নাপায়৷ নিয়ম নীতিত চলে, ভাল নামো গায় ভোৰতাল ঘূৰাই ঘূৰাই গাৱঁৰ ঘৰত কিবা সকাম নিকাম পাতিলে৷ কিন্তু অন্ধবিশ্বাসৰ সদায় প্ৰতিবাদ কৰে৷ তেওঁ লেকিবা লে মই মানা কৰা বুলি কৈ দিবা৷ কাম নাই আৰু এই বৰুৱাহঁতৰ৷ এজনীয়ে ছোৱালী বাৰু ৰাইজক এসাজ খুৱাওক কিন্তু এইটো উপলক্ষেই কিয়? কেলেই তেওঁলোকৰ ৰা দেখোন কলেজ পালেগৈ৷ তাৰ তোলনী হোৱাই নাই নেকি? আকৌ বোলে তুমি কোৱামতে বৰুৱানীয়ে তোমাক কৈছিল তাৰ হেনো গাৰ্লফ্ৰেণ্ডো আছে৷ নে ৰাটোৰ কিবা মেডিকেল সমস্যা আছে?“
তোমাৰো যে নহয় কি কথাবোৰ কোৱা বাৰু ৰাৰ আকৌ তোলনী বিয়া পাতিব?“
ময়ো ৰা আছিলো বুজিছা৷ ভণ্টিৰ তোলনী বিয়া কেঞ্চেল কৰাইছিলো ঘৰত যুক্তি দি“ 
সকলোৱে তোমাৰ দৰে তৰ্ক নকৰে
কথা সেইটোৱেই৷ যাৰ যি মন যায় কৰক আমাৰ কি৷ কিন্তু মোৰ দেখোন দাড়ি গজা আৰম্ভ নাইন টেনতে আৰম্ভ হৈছিল৷ ছোৱালীৰ তোলনী পাতে যদি আমাৰ ৰাবোৰৰো কিবা পাতক আকৌ৷ সেই দাড়ি ঠুটিওৱা সময়তে পাতিব লাগে৷ মই বৰুৱাক সুধিম বা এই বাবাৰ তোলনী নেপাতিলে নেকি নে তাৰ দাড়ি গজাই নাই এতিয়ালৈকে
উহ ৰাম ৰাম হৈছে দিয়া মোৰ এনেয়েও যাবৰ মন নাই৷ পিছে হয় সমাজৰ কিছু নিয়ম আমি সকলোৱে ভাবি চাবৰ ল৷ হয় ছোৱালীজনীক স্বাস্থ্যৰ আৰু শৰীৰৰ লাগতিয়াল পু্ষ্টি তথা খাদ্যৰ অভ্যাসৰ বিষয়ে শিকাওক৷ উপহাৰ কিবা দিব খুজিছে দিয়ক তাইক৷ কিন্তু এইবোৰ ঢোল কিয় বজাব লাগে! ছোৱালীজনীয়েনো এই বয়সত কি বুজিছে দেহি৷ সজাই পৰাই উলিয়াব উপহাৰ কিছুমান পাব তাইতো ভালেই পাব বাৰু৷ কিন্তু ৰভা পৰলা ভোজ ভাত...লাজহে লাগে পাই৷ আমাৰ ইহঁত দুজনীয়ে পিছে আমাক ধন্যবাদহে দিয়ে এইবোৰ হৈ হাল্লা নকৰিলো যে সিহঁতৰ সেইটো সময়ত৷

লভিতাই কথাকেইটা কৈ উঠিহে মন কৰিলে সিফালে তেখেত ইতিমধ্যেই লালকাল দিলেই৷ 

No comments:

Post a Comment