আৰু এটি গীত
মই এখনি গাঁৱত থাকো
মোৰ গাঁৱত ফুলে সোণাৰু
মোৰ গাঁৱৰ একাবেঁকা আলিৰে
মোৰ আবেলিবোৰ সামৰোঁ৷
মোৰ পদূলিৰ হাচনাহানা
জাকৰুৱা আকাশীতৰা
তাৰে মাজতে মই ফুৰো
এই মোৰ কল্পনাৰ পঁজা৷
মোৰ মনৰ গাওঁখনি
মৃত্যুতকৈয়ো আজি শীতল
মোৰ নীৰসিক্ত নয়নত
আৰু নজ্বলে দাবানল
গাৱঁৰ বাটৰুৱাই কৈছিলে
হাইতাল পিন্ধা মই এটি বেলি
মোৰো পদূলিত আছিলে
এটি মিচিকিয়া গধূলি
হাৰি হাৰি জিকিলে
কেনেকুৱা লাগে নাজানো
গোটেই জীৱন হাৰিলো
মৃত্যুকো জানো জিনিলো?
আঁউসীটোৱে যেতিয়া মাতিলে
গাৱঁৰ সকলো আছিলে শুই
থৈ আহিলো হিয়াখন মনে মনে
লৈ আহিলো একুৰা উজাগৰী জুই
জুইত পুৰিছো আজি সপোনবোৰ
খালি কৰো আকৌ ভৰে
আকৌ উভটনি ধূসৰ ছাঁইবোৰ
মোক এখন বগা কাপোৰ লাগে
ঢাকি দিয়া মোৰ সপোনবোৰ
শেষযাত্ৰাত মোক তুমি আহি
দিবানে শেৱালি এপাহি সোণ?
I AM DONE
No comments:
Post a Comment