সম্পাদকলৈ চিঠি৷
__________
মৰমৰ সমপাদক ডাঙ্গৰীয়া,
অলপ বয়স হৈছে সেয়ে যুক্তাক্ষৰবোৰত অলপ হিকটিয়াও মাজে মাজে, খেমিব আৰু৷ লিখিলো এইবাবেই যে হোৱাই নোহোৱাই হঠাৎ অনেকেই আজি মোৰ নাম লোৱাত মোৰ খুব হিকটি আৰু চৰচৰনি আহিছে৷ ততেই পোৱা নাই৷ ৰাইজলৈ গোহাৰি মোক সঁচাই গুৰুত্ব দি অনুগ্ৰহ কৰি কিবা ভালকাম একোটা এই ধৰক গছপুলি এদালি ৰোৱা বা দালদৰিদ্ৰক এসাঁজ আন্তৰিকতাৰে খুওৱা ধৰণৰ কিবা কৰিছে যদি হ’ব বাৰু৷ পিছে হেৰৌ, তাকে নকৰি হকে বিহকে তিনিবৰণীয়া কাপোৰ পিন্ধি বা প্ৰফাইল বদলাই বা চেলফি এপাত শেলৰ দৰে মাৰিনো মোৰ বুঢ়াকালত চৰচৰনি খোৱাই কি ৰং চাইছে হোঁ? কোনোবাই আকৌ মোৰ নামত কবিখেতি কৰি টেগাইছে এগালমানক আকৌ কিছুমানৰ মনত পৰিল মোৰ নাম থকা কিবা পুৰণা গানলৈ ভৈয়াই ঐ খুচৰি খুচৰি ইউটিউবৰ লিঙ্ক দি আকৌ হেপী স্বাধীনতা দিবস দি ফুৰিছে কিছুমানে৷ তেতিয়া কি হ’ব? মোৰ মধুমেহ কমিবনে ৰক্তচাপ কমিব নে মাজে মাজে উক দিয়া বাতবিষবোৰ কমিব? গোটেই বছৰটো কেতিয়াবা চৰ্দি লাগি নাকে কাণে বানপানী হৈ থাকে সাহায্য অকন নাই ঐ! কিন্তু পোন্ধৰ আগষ্টদাল আহিল হৈ গ’ল এদিনৰ বাবে কি চাবা গোটেইমখাই এই বুঢ়ীক লৈ গান নাচ কৰি তত নেপায়৷ অথচ বুঢ়ীৰ বয়সৰ চাপ পৰি গাল সোতোৰা সোতোৰ৷ চকুৰেও ভালকে নমনে৷ হওঁতে বহুত বেছি বয়স হোৱা নাই অমুকীৰ৷ সিপিনে সেই আমেৰিকাত মোৰে কলেজৰ চিনিয়ৰ আছিল তাইৰ জন্ম চাৰি জুলাইত কিন্তু বাআআ কি জীয়ৰীজনী হৈ আছে! নহ’বনো কিয়৷ তাইৰ আপদাল তাইহঁতৰ দেশত গোটেই বছৰ জুৰি চলে আৰু তাইৰ জন্মদিনৰ দিনা ৰাতি এঘণটামান আতচবাজী চলে! হওঁতে তাইৰ জন্মদিনৰ দিনাও কেক কাটে কিন্তু ক’ব খুজিছো গোটেই বছৰজুৰি তাইৰ যে আপদাল কৰে সেই কথাটোহে৷ ভিটামিনৰ যোগান, বছৰজোৰা সাৰপানী, ইত্যাদি কিহৰ আকাল ঐ! ....মোৰ জন্মদিনৰ দিনা আকৌ এচামে ঠেঁহ পাতি ৰাস্তাও বন্ধ দিয়ে৷ কেতিয়াবা গোটেই ৰাজ্যখনেই বন্ধ কৰে এইহে চাবলৈ মোক জন্ম দিলা প্ৰভূ হৰি হৰি! কেতিয়াবা ভাবো মই পৃথিৱীলৈ নহাহ’লেই বাৰু আছিল নেকি অ’ সমপাদক (সম্পাদক শব্দটো মোৰ জিভাত নুফুটা হৈছে, বয়সৰ দোষ) ডাঙৰীয়া৷ ভালেই পায় দেখো ল’ৰাছোৱালীৰ পৰা ভো ভো পণ্ডিত অনেক ৰাইজে আমাৰ ইয়াত ইংৰাজীতহে কথাও পাতে, বিলাতী সাজপোচাকহে পিন্ধে, পানীকণো পাৰিলে বিলাতীয়েই খায়৷ মই বোলো জনমিলো নামতহে! মোৰ ভাৱ হয় মই অহাৰ কাৰণে অশান্তিহে হ’ল নেকি বাৰু৷ নামতহে মই৷ মোৰ জানো কিবা কাম আছে৷ ইংৰাজৰ ৰাজ চলিয়েই আছে এই বুঢ়ীৰ গাৱঁলীয়া ভাষাকণ বা সংস্কৃতিৰ আজি তেনে একো মূল্য নাই ঔ৷ বহুত বকিলো বহুতে বিশ্বদৰবাৰৰ অলীক সপোন দেখুৱালে আৰু দেখিলোও, আৰু ক’লে কথা ওলাই গৈ থাকিব৷ চৰচৰনিটো বাৰুকৈয়ে হৈছে এতিয়া৷ অৰ্থাৎ মোৰ নামত এইবাৰ ঠায়ে ঠায়ে পতাকা উৰাইছে হ’বলা! পতাকাখন আকৌ কেতিয়াবা উলোটাকে উৰাই পায় কিছুমানে তেতিয়া কিন্তু বুকুত বিষ এটাৰে কাহ এটাও ধৰেহে! বাৰু এদিনৰ বাবে হ’লেও হ’ব আৰু কিনো কৰিম উপায়ো নাই৷ পানী অকন খাই বিছনাত পৰোগৈ৷ কুম্ভকৰ্ণৰ কাহিনীটো জনাই জানেই নহয়! কাইলৈৰ পৰা আকৌ সপোন ৰচি থাকিম৷
ইতি,
ধন্যবাদেৰে
চিৰিমতি স্বাধীনতা দেৱী
No comments:
Post a Comment