Wednesday, December 12, 2018

গল্প

এক মিনিটৰ গল্প৷
“পাছৱৰ্ড“

ঘোৰ কলিযুগৰ দিনৰে কাহিনী৷ শ্ৰীৰাম নাৰায়ন বুলি এজন বৰ ধাৰ্মিক অভিযন্তা আছিল৷ সদায় পুৱা গধূলি ধূপ ধুনা গীতা পাঠ, মুখত হৰিনাম সৰ্বত্ৰ৷ তেওঁ ইমানেই ধাৰ্মিক আছিল যে তেওঁৰ মবাইল, লেপটপ, ক্ৰেডিট কাৰ্ড সকলোতে (তেওঁ কোৱামতে) সদায় ভগৱানৰ নামৰ সৈতে মিল থকা পাছৱৰ্ডহে ব্যৱহাৰ কৰিছিল৷ অফিচৰ পাছৱৰ্ড বোৰ ঘনাই সলাই থাকিব লগা হয়৷ চিকিউৰিটিৰ কথা আছে৷ তেওঁ কয় চিন্তা নাই তেত্ৰিশ কৌটিৰ পৰা যিকোনো এটা নাম আহিয়েই যায় লাইনত৷ মনত ৰাখিবলেও সুবিধা আৰু দৈনিক লগ ইন কৰোতে ভগৱান বা দেৱ দেৱীসকলক স্মৰণ কৰাও হৈ যায় কেইবাৰমান৷ এবাৰ তেওঁ সপৰিয়ালে দুদিনমানৰ বাবে ফুৰিবলৈ গৈছিল৷ এনেতে হঠাৎ তেওঁৰ ঘৰত চোৰ সোমাল৷ লেপটপ, ধন সোণ সকলো বোৰ তেওঁ এটা বিশেষ লকাৰত ঘৰত থৈ যায়৷  লকাৰটো আকৌ ভইচ ৰিকগনিচনত এটা বিশেষ শব্দ পাচৱৰ্ড হিচাপে দিয়া আছে৷ শব্দটো সঠিক নহ’লে লকাৰ খোল নাখায়৷ চোৰে তেওঁৰ সম্পত্তিৰ ওপৰত বহুদিনৰে পৰা চকু দি আছিল৷ অৰ্থাৎ শ্ৰীৰামে যে ভগৱানৰ নামহে পাচৱৰ্ড হিচাপে দিয়ে তাকো জানিছিল৷ লগতে মাত পৰ্যন্ত অনুশীলন কৰিহে আহিছিল৷ তেত্ৰিছকোটিৰ লিস্টখন সমুখত লৈ চোৰে এফালৰ পৰা দৈৱিক নামবোৰ গাই যাবলৈ লাগিল৷ লকাৰ নোখোলেহে নোখোলে৷ কেইঘণ্টামানৰ পিছত চোৰৰ মুখ বিষাল৷ তথাপিও পুৰা তালিকা গাই শেষ কৰিলে৷ তেও লকাৰ কেটকশটেই কৰা নাই! এইবাৰ চোৰৰ উঠিল খং৷ খঙতে অসমীয়া কথিত ক আৰু ব ফলা দুটা একেলগে মাৰি দিলে৷ “কেটেক“! চোৰ অবাক! কাৰণ লকাৰ খোল খাই গ’ল এইবাৰ৷ হয়তো তেত্ৰিশকোটিবাৰ দেৱদেৱীৰ নাম স্মৰণ কৰাৰ কাৰণে ভগৱানে চকু মেলি চালে৷ 

No comments:

Post a Comment