Thursday, November 29, 2018

ৰাশিফল-ৰসৰচনা

সপ্তাহৰ ৰাশিফলঃ

শুনিয়োক সৰ্বজন জয় ৰাম বোলা৷ 
আধুনিক ৰাশিফল এহি প্ৰস্তাবিলা৷৷
ক্ষমিয়োক জ্ঞানীজন এহি অধৰ্মীক৷
বুদ্ধিহীন হৈয়া কৰন্ত ধেমালি ক্ষন্তেক৷৷
অবোধ অবলা হামু নাহি কোনো ডিগ্ৰী৷
প্ৰস্তৰ আঙ্গুঠি কদাপি না কৰিয়া বিক্ৰী৷৷
এহিমতে সাহস কৰিয়া দিয়া বিধান৷
নিজ ৰাশি বিচাৰ কৰিবাক অনুষ্ঠান৷৷

পদঃ

মেষ ৰাশিৰ যদি হুয়া আছে হংসবধৰ যোগ৷
দান কৰিবেক এক ডজন ভকতক ভোগ৷৷
তেহে পাবেসে মহা সৌভাগ্যৰ মুকুতাৰ মালা৷
উদৰে পাতিহাঁহে নহলে কৰিবক দিচেন্ত্ৰিৰ খেলা৷৷

বৃষ ৰাশিৰ আছে বৰলা বৰলী যদি কোনো মনুষ৷
তাহাৰ মিলিব নিশ্চয় কোনো মিলমিলিয়া হাস্যৰস৷৷
হাস্যবদনৰ বাবে আছে বোন্দাপৰ দিয়া হাস্যবদনা৷
হামাৰ অমোঘ বাণী কদাপিতো অথলে যায় না৷৷

মিথুন নামৰ আছে নে কোনো জনা এহি গ্ৰহে৷
তাহাৰ আছে বিদেশ ভ্ৰমনৰ যোগ এক দিবাস্বপ্নে৷৷
পিছে সেহি বিদেশ লণ্ডন নে ঢাকা জ্ঞাত নোহয়৷
সেহি স্থান নিৰ্ণয় নিৰ্ভৰ বো দক্ষিণাৰ ওজনায়৷৷

কৰ্কট ৰাশি থাকিলেক এহি বাৰ দুৰ্ঘোৰ নিদ্ৰায়৷
সেহিমতে তাহাৰ হৈব পৰম সুখ কুম্ভকৰ্ণৰ মান৷৷
স্বপ্নে আহিবাক অমিতাভ লৈয়া ক্ৰৌৰপতি প্ৰস্তাৱ৷
ধনৰাশিৰে সৈতে সমাজিক হৈব অতি স্বৰ্ণভাৱ৷৷

সিংহৰাশিক আজিকালি মিলিবাৰ অতি কঠিন৷
জংঘল গুচি চহৰ বনিল হেতু বনৰজাও নিঃকিন৷৷
সিংহ-নিগনিৰ সাধুমতে হামু নিগনি যোগ দেখন্ত৷
মিকি মাউচ আহিয়া হয়তো দিব আমোদ প্ৰমোদ৷৷

কন্যাৰাশিৰ লোকৰ দিব্য যোগ দেখহ অতি৷
বনভোজ, ইত্যাদি যেন অনেক হৈব হাস্য ফূৰ্তি৷৷
চেলফি লৈয়া কন্যাৰাশিগণই পাইব লক্ষ লাইক৷
কমেন্টৰ প্লাবনে মনোনীত হৈবে গিনিজৰ বাক্য৷৷

তুলাৰাশিৰ মনুষ্যগণৰ স্বাস্থ্য যাবে কুশলে৷
চেনীৰাম যদি হুয়া তাহাৰ পাবে উদ্ধাৰ বহুমূত্ৰে৷৷
ইনবক্সত মেচেজ দিয়া হেতু খাবে গালি গালাজ৷
চাহত চেনী নিদিয়া অভ্যাস হৈব কৰিয়া লাজ লাজ৷৷

বিছাৰাশিগণক ডাকিবাহি বৃশ্চিক কেৰেলুৱা আসি৷
ইমিউনিটিৰ গুণত তেৰাসবে সবাকে বৃদ্ধাঙ্গুস্থ দিবহি৷৷
পিছে সেহি হৈব সম্ভৱ কেৱল এহি মন্ত্ৰ মাতি৷
হ্ৰিং খ্ৰিং আল্ট্ৰা মডাৰ্ণ এহি ৰাশিফল জপ কৰি৷৷

ধনুৰ ৰাশিৰ লোকে চম্ভালিয়োক পেটৰ নাড়ী ভুৰু৷
হাস্য ব্যংগৰ গোটে ভৰি আছে যিহেতু গুৰুৰো গুৰু৷৷
তেৰাসবে তপ কৰিয়া দিতে নিতে নব্য ব্যংগৰচনা৷
তাহাৰ চৰণে প্ৰণিপাত হুয়া হামু এহি ৰচনা সমৰ্পিলা৷৷

মকৰৰাশিগণৰো আছে এহি সপ্তাহে অনেক বিস্ময়৷
বিউটি পাৰ্লাৰত ফেচিয়েলে অৰ্ধেকৰো অধিক ৰেহাই৷
এহি ৰাশিৰ কন্যাগণক মিলিব বহু সহায় সুবিধা৷
তেৰাসবৰ নবৰূপে মুহিব মাথো দশোদিশা৷৷

কুম্ভৰাশিৰ যদি আছে পৃথিৱীতে দুই এক পেটুৱালোক৷
তাহাৰ কুম্ভসম উদৰৰ লাগিবেক গতি এহি পষেকত৷৷
আদা নেমু দিয়া চাহ যদি কৰে প্ৰভাতে গলাদ্ধকৰণ৷
উদৰৰ আকাৰ বিয়াল্লিশৰ পৰা হৈব মাত্ৰ বাইশমান৷৷

মীনৰ কথা কহিবাক লাগয় হামাৰ সুখ অনেক৷
কাৰণটো হৈল তাহাৰ আছে তামাম সুন্দৰ যোগ৷৷
অংক পৰীক্ষাত এশৰ মধ্যে এশ, চাকৰিও পাক্কা৷
প্ৰেমেও উত্তৰ পাব যোগাত্মক হৈব ধিনকা চিক্কা৷৷

এহি বুলিয়া সামৰিয়া আজিৰ ৰাশিফল বৃত্তান্ত৷
ৰাইজে যদি পায়া ভাল, পুনৰায় কৰিবো নিবেদিত৷৷
পষেকে মাহেকে এনেয়েও ৰাশি চোৱা কিছু ভাল৷
শাস্ত্ৰয় আছে সেহি কথা ইটো পাতিহাঁহৰো বচন৷৷


কৃষ্ণ৷

No comments:

Post a Comment