Thursday, November 29, 2018

লাজ

এক মিনিটৰ গল্পঃ
’লাজ’

“হেৰা সিহঁতক কিবা শিকাবাহে৷ যেতিয়া বেলেগ এঘৰলৈ ওলাই যাব এই সৰু সৰু কথাবোৰৰ কাৰণে এখন ঘৰ ভাঙিবগৈ ইহঁতবোৰে৷“
“কি হ’লনো এনেকৈ চিঞৰিছে যে?“
“হ’বলৈ কি আছে? জীয়েৰে গা ধুই কাপোৰকেইটা বাথৰূমত বাপেকে ধুবলৈ থৈ আহিছে নেকি? লাজ চৰম নাই মাকেও কিবা শিকি আহিলেহে শিকাব৷ “
“হেৰি, তাইৰ লৰালৰি হোৱা আপুনিওতো দেখা পাইছে৷ আজি তাইৰ পৰীক্ষা আছে৷ এক মিনিট দেৰি কৰাহেঁতেন তাই বাছ মিছ কৰিলেহেঁতেন৷ তাইতকৈ দুবছৰ ডাঙৰ পুতেৰে দেখোন আজিলৈকে নিজৰ গেঞ্জীটোও ধুই পোৱা নাই“
“তাৰ কথা বেলেগ৷ সি ল’ৰা৷ তাই যে বেলেগ এঘৰলৈ ওলাই যাব নাক কাণ কাৰ কটাবগৈ কিবা খেয়াল আছেনে৷“
“মা, বাৰ কাপোৰকেইটা মই ধুই দিম, তুমি যোৱা৷ দেতা মোক দুইমিনিট সময় দিয়া, দাদাক চাহকাপ দি আহোঁ৷ বিচনাৰ পৰা চিঞৰি আছে দেৰি হোৱা বুলি“
“ই উঠাই নাই নেকি? ক্লাচ নাই নে নকৰে?“
“মই কেনেকৈ জানিম? লাগ বুলিলেই পুতেৰক দি থাকিব যি লাগে৷ লাটচাহাবক বেড টী নহ’লে উঠি নাহেই৷ আপোনাৰ পৰাই শিকিছে অৰ্কমণ্য হোৱাৰ“
“হেৰা হেৰা কি ক’লা মোক অৰ্কমণ্য বুলিছা? পুৱাই পুৱাই কাজিয়াখন তৰি নল’বা বুইছা৷ আৰু ছোৱালীক শিক্ষা তুমি দিব নোৱাৰা যদি কৈ দিবা লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তল৷ বহুত পঢ়াশুনা হ’ল ইহঁত দুজনীৰ৷ একেলগে বিয়া দি দিম ৰ দুইজনীকে৷ মুখ চলোৱাৰ মচলাটো পাবি তেতিয়া৷ বাথৰূমত বাপেকে গা ধুবলে যাব পৰা নাই গাভৰু জীয়েকৰ কাপোৰ পৰি আছে এতিয়াও৷ ছি ছি ছি“
“দেতা, বাই লৰালৰিত কাপোৰকেইটা সামৰিব নোৱাৰাত আপোনাৰ ইমান খং উঠিছে আৰু লাজ লাগিছে! তাকো মই কৰিম বুলি কৈছোৱেই চোন আপুনি যদি দিগদাৰ পাইছে! বাইদেউৰ পিন্ধা কাপোৰকেইটা মুকলিকে থকাৰ কাৰণে আপুনি লাজ পাইছে, তাকো ঘৰৰ ভিতৰতে৷ ৷ পিছে নিলাজ আচলতে কোন ভাবি চাইছেনে? কালি আপুনি আৰু মই কাছাৰীলৈ যাওঁতে হঠাৎ যে আপোনাৰ বাথৰূম লাগিছিল আৰু মোৰ সমুখতে গছজোপাৰ গুৰিত মুকলিতে কামটো কৰিছিল তেতিয়া মোৰো বহুত লাজ লাগিছিল৷ আপুনি কৈছিল একো নহয় দে বুলি“

কোনোদিন মুখে মুখে কথা নোকোৱা চতুৰ্থশ্ৰেণীত পঢ়া ছোৱালীজনীৰ এষাৰ কথাতে ঘৰখনত থকা বাকী তিনিজন লোক চুপ হৈ গ’ল৷ বাপেকে এপলক ৰৈ সুৰসুৰকৈ বাথৰূমলৈ গৈ ডাঙৰ জীয়েকৰ কাপোৰকেইটা নিজেই আঁতৰাই ল’লেগৈ৷ ককায়েকে বিচনাৰ পৰা উঠি নিজৰ বিচনাখন পাৰি থৈ আহিল৷ আৰু মাকে? অশ্ৰুসিক্ত নয়নেৰে সৰুজীয়েকলৈ মাজে মাজে চাই ৰ’ল৷ নবছৰীয়া ছোৱালীজনী কেতিয়াৰ পৰা ইমান বুজন হ’ল বাৰু?

No comments:

Post a Comment