When the storm in me respire for some calmness...... মনৰ ভিতৰত বলি থকা বৰদৈচিলাজনীয়ে মাজে মাজে ওলাই আহে অলপ উশাহ ল'বলৈ...
Wednesday, October 2, 2013
Tuesday, July 16, 2013
~~~ গীতি ~~~
হেৰাবলৈ বিচাৰে
হেপাহৰ লাজতে
হেপাহ বিদাৰে
হিয়াৰে মাজতে ।
হিয়াই হিয়ালৈ
বাতৰি আনে
বতৰাই সখিলৈ
মিচিকি হাঁহে।
নয়নে নয়নৰ
গঢ়ে চানেকি
আবেলি ৰঙৰ
যেন দুগছা চাকি।
Wednesday, July 3, 2013
কিজানিবা এদিন.....!!
পিছলিবলৈ নিদিওঁ
সাঁকোৰ সমান্তৰালত,
পুহমহীয়া সোঁতত
চিলনীসাঁতোৰ দি হ'লেও।
বৰষুণৰ মুষলধাৰত
কান্দোনৰ এৰাসুঁতিক
কেতিয়াও নিদিওঁ
পৰিচয়বিহীন হ'বলৈ।
মৰমৰ চিলাখনি
সদায়ে উৰুৱাম
নতুন বতাহত।
দূৰদিগন্তলৈ ডিঙি মেলি চাওঁ তথাপিতো
এনেয়ে....
কিজানিবা এদিন.....!!
Tuesday, May 21, 2013
কবিতা (সময় উকলিল)
সময় উকলিল
==============
এজাক গহীন সন্ধ্যা হুৰমূৰকৈ নামি আহিল
মৰআঁউসীৰ আগজাননী লৈ
ঘড়ীৰ কাঁটা দুডালে আকৌ বিদ্ৰূপ কৰি উঠিল
অথচ আজিও নহ'ল, আজিও নহ'লগৈ৷
সেই তাহানিতে ৰুই থোৱা পথাৰত
আজিও মাথো আছে সপোনৰ দুটামান বীজ
আদৰ সনা এটুপি বৰষুণৰ অভাৱত
কালনিদ্ৰাৰ পথানত সদায় বিচাৰিছিলে তাবিজ৷
দিয়া এটি দৰব শুই পৰোঁ চিৰকাললৈ
আৰু এখন জোনাক-ভৰা পৃথিবী নাই
পুনৰ মিছা সপোন দেখিবলৈ
এই নাটকত অলপো সংলাপ আৰু বাকী নাই৷
কালসন্ধ্যাতে মেলানি মাগিম
আধালিখা দিনলিপিৰ পাতবোৰ
খিলা খিলা কৈ খালি পুৰি নিম
তথাপি মৰআঁউসী নাচাওঁ-
হওক সেয়ে শেষ সপোন,
আৰু তাতে হ'ম চিৰদিনলৈ বিভোৰ
যৱনিকা পালেহিয়েই, নাট্যকাৰ যে নিৰুপায়!!

Tuesday, May 14, 2013
এনাজৰী - চুটি গল্প
এনাজৰী - চুটি গল্প (ৰচনা কাল - ২০১০)
============
আবেলি হ'ল৷ কালিৰ ভাতখিনিৰ পৰা পঁইতাভাত তৈয়াৰ কৰিছিলে মিনতিয়ে৷ খুচৰি খুচৰি ক'ৰবাৰ পৰা শুকান খৰিছা অকনমানো উলিয়ালে৷ তাতে মিঠাতেল এটোপা, নিমখ এজেবা, কেঁচা জলকীয়া এটা দি গৰম পানীৰ গিলাচটোৰ সৈতে কাঁহীখন আগবঢ়াই তাই অকনক মাতিলে৷ "অকন! আহিছনে?"
"কচোন আজি ইচকুলত কি কি কৰিলি?"
"কিনো সদায় একেসোপা কথাকে সুধি থাক৷ আজি গৰৈ মাছৰ পোৰা নাই নেকি?"
"থাকিলে নো নিদিওঁনে? এদিন মাছ নেখালে একো নহয় দে৷ ৰেবতীৰ ৰিজাল্ট টো শুনি বৰ ভাল লাগিছে বুইছনে৷ নাহৰ গুটি পুৰি চাকি জলাই পঢ়ি ইচতেন কৰিছে৷ মাছ খাবলে পোৱাটো তাইৰ দূৰৰে কথা, অংক পৰীক্ষাৰ অগদিনা বোলে ঘৰত চাউলেই নাছিল, লঘোণীয়া পেটেৰে পৰীক্ষা দিছে৷ আৰু তাৰ পিছত তাই বোলে অসমৰ ভিতৰতে অংকত হায়েচ পাইছে৷ এইবোৰহে আচল সন্তান!"
"হ'বদে৷ ময়ো পাম নহয় অহাবাৰ৷ তোক কি কি বিষয়ত হায়েষ্ট লাগিব পৰীক্ষাৰ আগদিনা কৈ দিবি৷"
মিনতিৰ খঙো উঠে কেতিয়াবা, ল'ৰাটোৰ কিযে হ'ব! দিনে এঘণ্টাও যদি ভালদৰে পঢ়িলেহেঁতেন, তেতিয়াও আছিল আশা অলপ৷ কিন্তু নাই, স্কুলতে যি পঢ়ে আৰু৷ তাইৰ আকৌ পঢ়াত সৰুৰে পৰাই ৰাপ আছিল৷ সপ্তমমানলৈকে পঢ়িছিলেও৷ সদায় তাই শ্ৰেণীত প্ৰথম হৈছিল৷ এই ভোগেশ্বৰে তাইক বিহুমেলাৰ পৰা পলুৱাই ননাহেঁতেন চাগে কলেজলৈ বাপেকে পঠালেহেঁতেন৷ যিহে সি সুৰ লগাই জোকাই জোকাই বাঁহী আৰু পেঁপা বজাইছিল, তাই বিহুকুঁৱৰী প্ৰতিযোগিতালৈ আহি বিহু ননচাকৈ তাৰ লগত গুছিয়ে আহিল৷ এতিয়া সেই ভোগেশ্বৰে বাঁহী-পেঁপা বজোৱাটো দূৰৰ কথা, তাৰ বুকুৰ কামিহাড় কেইৱালো ইডালে সিডালে লাগি বাজি উঠে বুলি ভয়হে কৰে৷ কাহ এটাও হৈছে দুমাহমানৰ পৰা তাৰ, কিন্তু বাঁহী-পেঁপা বজোৱাৰ হেপাঁহ এটা তাৰ আগতে নথকা নহয়৷ এসময়ত সকলোৱে সি অসমৰ ভিতৰতে বিখ্যাত বাঁহীবাদক হ'বগৈ বুলি কোৱাকুৱি কৰিছিল৷ এতিয়া অকনেও বৰ ভাল বাঁহী বজায়৷ বাপেকৰ গুণ পূৰা পাইছে৷ কিন্তু তাই তাক বাঁহী বজোৱা শুনিলেই গালি দিয়ে৷ নিদিবনো কিয়? বাঁহী বজাই আমাৰ অসমত কেইটাই খাইছে? ভোগেশ্বৰকে নেচাওঁ কিয়? তাই মনে মনে ভাৱে আৰু নিজে নিজে বকি থাকে৷ আৰুনো কিডাল কৰিব বেচেৰীয়ে!
সেইকাৰণে তাইৰ অকনক বাপেকৰ দৰে দিনহাজিৰা কৰি খোৱা লোক হ'বলৈ দিবলৈ বৰ এটা মন নাই৷ একো বেয়া কথা নহয় হাজিৰা কৰি খোৱাটো, কিন্তু এই বোলে অসম বন্ধ, এই বোলে দিনটো লঘোণ - যাৰ ঘৰত কাম কৰে কেতিয়াবা পানী এগিলাচো নেযাচে পাই৷ এদিন খাবলে পায় এদিন নেপায়৷ ভৱিষ্যত বুলিবলৈ একো এটা হাতত নাই৷ দুপইচা হাতত নেথাকিলে বেমাৰ আজাৰ দেখুওৱা বা কিবা এটা লাগ বুলিলে লোৱাৰো মুদা মৰিল৷ সেয়ে তাই সপোন দেখে অকনক তাই ডাক্টৰ বনাব..অৱশ্যে কেতিয়াবাতে ভাবিছিলহে, এতিয়া গতি-গোত্ৰ দেখি ওচৰৰ স্কুলতে নহ'লে কিবাকে চৰকাৰী চাকৰি এটাকে যোগাৰ কৰিব পাৰিলেই হ'ব বুলিহে ভাবিছে৷ বাওনা হৈ জোনলৈ হাত মেলিব নেপায় নহয় আকৌ!
"ঐ ক'ত যাৱ আকৌ? অলপ কিতাপকে পঢ়চোন আহ৷ পৰহিলৈৰ পৰা ছমহীয়া পৰীক্ষা নাই জানো?" এই ল'ৰাটো গ'লেই নহয় আকৌ ওলাই৷ এক তিল ঘৰত মন নাই তাৰ৷ দুদিনমানৰ পৰা তাই দেখিছে সি নদীৰ সিপাৰলৈ বৰকৈ অহাযোৱা কৰিবলৈ ধৰিছে৷ ক'ত গৈছ বুলি সুধিলে বিশেষ একো নকয়৷ কোনোবাই কোৱাকুৱি কৰিছিলে চাপৰিৰ ফালে বোলে কিছুমান ল'ৰাই তাত বেয়া বস্তু খায় আৰু তাচ খেলে৷ সি সেইবোৰৰ লগ লোৱা নাইতো?? মনটো তাইৰ ভাৰাক্ৰান্ত হৈ উঠিল৷ আজি এটা কাম কৰা যাওক৷ মনে মনে তাৰ পিছে পিছে যোৱাৰ ধাণ্ডা কৰিলে তাই৷ সি পিছলৈ চোৱাই নাই, গতিকে তাইৰ অসুবিধা নহ'ল৷ ৰহ, আজি ওৰহীৰ ওৰ উলিয়াইহে এৰিম বাপ্পেকে! তাকে ভাবি চাদৰখন কঁকালত টানকৈ খুচি তাৰ পিছে পিছে খোজ ল'লে তাই৷
অকন নদীৰ সিপাৰ পায়গৈ মানে তাত আৰু দুটামান ল'ৰা ৰৈ আছিল৷ সেয়া ৰবীন, বিমান আৰু সেইটো কনক নহয়নে বাৰু??ৰবীনে টাউনত থাকে আৰু ভাল গান গায় বুলি তাৰ নাম আছে, পঢ়া-শুনাত হে অলপ 'চেটেপ' টাইপৰ৷ সি হেনো আজিকালি ৰেডিঅ'তো কিবাকিবি প্ৰগ্ৰাম কৰে মাজে মাজে৷ হে হৰি! তাকতো তাই ভাল ল'ৰা বুলিয়েই জানিছিল৷ বিমানৰ হাতত কিবা কাগজ আৰু বহী নে কি জানো সেইখন৷ হাঁয় হাঁয়!! এইটো ল'ৰাও গ'ল দেহি ঐ...কাগজ-বহীবোৰ চাগৈ সেই বেয়া বস্তুবোৰ বান্ধিবলৈ৷ তাইৰ বুকুখন ধান বনাদি বানিবলৈ লাগিল৷ কনকে বেগ এটাৰ পৰা কিবাকিবি উলিয়াইছে৷ তাই ধৰিব নোৱাৰিলে কি সেয়া৷ এডাল মাৰি নে কি বাৰু সেইটো উলিয়াইছে সি? হয়তো মাৰপিট আৰম্ভ কৰিব ঔ এইকেইটাই এতিয়া ইহঁতে! ইমান ভাল ভাল বুলি চেলাই থাকোতে ল'ৰাৰ আচল ৰূপ এয়া ওলাইহে পৰিল আজি! পিছে কাৰ হাতত পৰিল সিহঁতে নেজানে - তাই আৰু চাই থাকিব নোৱাৰিলে৷ আগপিছ নুগুণি "ঐ বোপাইহঁত তহঁতি এইবোৰ কি খেলাখন কৰিছহঁক ঔ" বুলি সিহঁতৰ পিনে চোঁচা ল'লে৷ বেচেৰাহঁতে হঠাতে কি হ'ল ধৰিবই নোৱাৰিলে৷কনকেতো হাতৰ গোটেইবোৰ বস্তু তাতে পেলাই পলাবলৈকে খুজিছিল৷ তেনেকুৱাতে অকনে বুজি পালে - অ'! তাৰ মাকহে দেখোন৷ "মা? ক'ৰপৰা ওলালিহি তই?" "কনকদা, ৰ'বাচোন এয়া মোৰ মা'হে৷" বুলি সি পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰিলে৷ "পেহী কি হ'ল কি হ'ল" বুলি ৰবীনেও আচৰিত হৈ মিনতিৰ ফালে চাই থৰ লাগিল৷
"ৰ'বাহে ৰবীন, তোমাকযে কিমান ভাল ল'ৰা বুলি ভাবিছিলো, কিন্তু এই ফুকলীয়া ল'ৰা কেইটাৰ মূৰ খাইছা কেলেই হোঁ? মোৰ আগ পিছ বুলিবলৈ এই অকনেই৷ তুমি যি কৰা কৰা, কিন্তু তাৰ মূৰটো নেখাবা কৈ দিছো মই!" মিনতিৰ ফোঁপনি উঠিছে, তাইৰ এনেকুৱা লাগিল যেন এই কেইটাক দুথাপৰমান দি অকনক চোঁচৰাই ঘৰলৈ লৈহে যাব৷ কিন্তু লোকৰ ল'ৰা, হ'ল বুলিনো হঠাতে থাপৰটো পটকৈ দিয়ে কেনেকৈ! হ'লেও ভাল ল'ৰা বুলি নাম আছে বাবেই বাপেক-মাকে এনেদৰে এৰি দিব নেলাগিছিল দেই!
"মা মা ৰচোন ৰ তই৷ আমি একো বেয়া কাম কৰা নাই৷ আৰু ৰবীনদাক তই তেনেকৈ নক'বি কৈ দিছো৷"
"তেনেহ'লে তহঁতে ইয়াত কি জ্যোতিসংগীত - ৰাভাসংগীত গাবলৈ আহিছ নেকি? মই কম পঢ়া মানুহ বুলিয়েই একো নুবুজো আৰু গম নেপাওঁ বুলি নেভাবিবি৷ আগতে পঢ়া-শুনা কৰি ভালকে পাছ কৰ তাৰ পিছত যি কৰ কৰি থাকিবি, বিৰি খাৱ, গেলা খাৱ নে হাতী-ঘোঁৰাৰ লাদ খাৱ খাই থাকিবি৷"
"এইজনী মনে মনে থাকচোন৷ সেইকাৰণে তোক একো ক'বলে মন নেযায়৷ খালি সব কথা বেয়াকৈয়ে ভাবি লৱ তই৷"
"বোপাই তই বেয়া কাম নকৰিবি, মাৰে কাৰ মুখলে' চাই জীয়াই থাকিব ক'চোন৷ আজিৰ পৰা শপত খা একো বেয়া বস্তু নেখাওঁ বুলি..." মূৰত চপৰিয়াই চপৰিয়াই হুকহুকাই কান্দিয়েই পেলালে তাই৷
"পেহী আপুনি চিন্তা নকৰিব, অকন বৰ ভাল ল'ৰা৷" ৰবীন আগবাঢ়ি আহিল৷ "আমি ইয়াত গোটেইবোৰ গোট খাইছিলো ৰেডিঅ'ত জ্যোতিদিৱস উপলক্ষে প্ৰচাৰ হ'বলগীয়া এটা দীঘলীয়া অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিবলৈহে৷ অকনে খুব ভাল বাঁহী বজায় আৰু তাৰ মাতটোৱো খুব ভাল৷ তাৰ আগ্ৰহো আছে ভাল বাঁহীবাদক হিচাবে প্ৰতিষ্ঠা হোৱাৰ৷ আমি ইতিমধ্যে পাঁচটামান গান আৰু বিহুগীতৰ কাৰণে তাৰ লগত সকলো ঠিক কৰি পেলাইছো৷ এতিয়া সি ৰেডিঅ' চেণ্টাৰলৈ এদিন ৰেকৰ্ডিঙৰ কাৰণে আমাৰ লগত গ'লেই হ'ল৷ কিন্তু সি বৰ ভয় খাই আছিল আপুনি নিদিব বুলি৷ সেইকাৰণে ইমানদিনে কোৱা নাছিল আপোনাক একোকে৷ আমাৰো ভুল হৈছিল আপোনাক নজনোৱাকৈ অকনক আমাৰ লগত লোৱাৰ বাবে৷ আচলতে আপুনি গম পাব বুলিয়ে আমি ইয়াতে লগ হোৱা কৰিছিলো আৰু জ্যোতিসংগীতৰ আখৰা কৰিছিলো মনে মনে৷ বেয়া নাপাব পেহী আৰু অকনক আমাৰ লগত কাম কৰিবলৈ দিয়ে যেন৷ বৰ আশা কৰি আছো আমিকেইটাই৷ তাৰ নিচিনা গুণী ল'ৰা পাবলৈকে টান৷" একে উশাহতে কথাকেইটা কৈ ৰবীনে বৰ আশাৰে মিনতিৰ মুখৰ পিনে চালে৷ এই যেন সি তাইৰ ভৰিত ঢলিহে পৰিব এতিয়াই!
মিনতিয়ে ঠৰঙা লাগি অথনি মাৰি বুলি ভবা দীঘল বাঁহীটোলৈ ৰ লাগি চাই থাকিল...৷ তাইৰ জীৱনটোৰে সৈতে এক সুদৃঢ় এনাজৰী গঢ়ি তোলাৰ আত্মগৌৰৱত যেন সি উজলি উঠিছে৷৷৷
0000000

বুঢ়ীদিহিং-মাজুলী-বগৰী আৰু...
কেঁচাসূতাৰে বোৱা মোৰ আধা উৱঁলা মানসপটখন মেলি ল'লে এতিয়াও নিজকে হেৰুৱাই পেলাওঁ - যাৰ সূতাৰ কণিয়ে কণিয়ে ফুল বাচি থোৱা আছে বাৰে ৰহণীয়া ল'ৰালিৰ উখলমাখলবোৰ মোৰ....ৰাঁচৰ
সাঁচত যাৰ জিলিকি ৰৈ আছে এতিয়াও আঁচু সূতাৰে বোৱা সখীহঁতৰ
হাঁহি-খিকিন্দালিবোৰ, পঢ়াশালিৰ পৰীক্ষালানিৰে তোলা ব'ৰ জোৱাৰ-ভাটাবোৰ,
হেতালি খেলি খেলি কৰা সমনীয়াৰে সৈতে কাজিয়াৰ দিনবোৰ, কাবাডীখেলাৰ
হেঙুল-হাইতাল বুলীয়া আবেলিবোৰ, তাঁতশালৰ টোলোঠাত কাণ মাৰি থোৱাৰ দৰেই
পূজনীয় বয়োজ্যেষ্ঠজনৰ পদে পদে সাৱধানবাণীবোৰ, পুতলে কৰা সৰু সৰু ছিদ্ৰবোৰৰ দৰেই লগৰীৰ সতে কৰা নমতা-নমতিবোৰ আৰু তাৰ মাজতেই জীপ পাই আগুৱাই অহা চাদৰৰ ফুলাম পাৰিহেন পথাৰৰ আলিয়েদি সখীহঁতৰ লগত একেলগে জাকৈবাবলৈ যোৱা দিনবোৰ আৰু খৰালিৰ চেঁচু-কেঁহেৰুৰ আমেজবোৰ.....আৰু ..আৰু যেন মাকোৰ দৰে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা বুঢ়ীদিহিঙ নদীখনিৰ বুকুৱেদি মহুৰাৰূপী অলিখিত অযুত
সোঁৱৰণিবোৰ!!! আৰু সেই নদীৰে মাজত জিলিকি ৰয় এটি ৰৌদ্ৰোজ্জল মাজুলীত
স্বনামধন্য বগৰীৰ ফলবোৰ - জিভাত এতিয়াও আছে লাগি যেন তাৰেই সোৱাদ! সেই
মানসপটৰ কথাই ক'বলৈ ওলাইছো যাক বৈছিলো মন-পদূলিৰ ইপাৰৰ পৰা সিপাৰলৈ
দীৰ্ঘদিন মাকো মাৰি মাৰি, কাঠিৰে একণি একণিকৈ ফুল বাছি বাছি৷ স্মৃতিৰ
বাটচ'ৰাত থমকি ৰ'লে এতিয়াও মাকোৰ শব্দটি যেন খিটিক খিটিক কৈ শুনিবলৈ পাওঁ
আৰু লগে লগে উৰা মাৰে মনটো শৈশৱলৈ, বুকুত বৈ যায় পুনৰ যেন আশাৰ বুঢ়ীদিহিং
খনি, ভাবি পাৰ নাপাওঁ আকৌ কেতিয়াযে চাবলৈ পাম মোৰ মৰমৰ গাওঁখনি, নৈখনি,
মাজুলীটো আৰু দৌৰি গৈ সেই সমনীয়াৰ সৈতেই পুনৰ সেই মাজুলীৰে বগৰী বুটলিম,
মাত্ৰ আকৌ এবাৰ?
সেই দিন হেৰাই গ'ল মাথো ৰৈ গ'ল এখন কেনভাচ, তৈল মাধ্যমতকৈও উজ্জল মাধ্যমেৰে আবেগৰ তুলিকাৰে শৈশৱৰ ইজেলত ওলোমাই অংকণ কৰা ছবিখনিৰ ৰূপত! অলেখ দুপৰীয়াৰ ৰৌদ্ৰৰ উজ্জলতাৰে উদ্ভাসিত আৰু এখনি সাৱলীল নদীৰ খলকনিৰে পৰিষ্কৃত বুঢ়ীদিহিঙৰ মাজুলী বুলিলেই মনলৈ আহে কিছুমান ধেমালিৰে ভৰা দিনৰ কথা, এখন মুখৰ পঢ়াশালিৰ দীঘলীয়া পানীখোৱা ছুটিবোৰৰ কথা৷
আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিঠিতেই লাগি আছিল অয়ল ইণ্ডিয়াই নিৰ্মাণ কৰা মহামহিম মথাউৰিটো৷ তাৰ সিপাৰে আছিল এটি লুংলঙীয়া বাট, এফালে ঔটেঙাৰ গছবোৰ, আনফালে ঢেকীয়াডৰাই আৱৰি ৰখা তেলখাদটো৷ নাহৰকটীয়াৰ এইখিনি ঠাই ঢেকীয়া, বাঁহগাজ, ঔটেঙা, দিহিঙৰ সৰুমাছ, কচু; লগতে বাঁহ-বেতৰ সামগ্ৰী যেনে মূঢ়া, বিচনী, পাচি ইত্যাদিৰ কাৰণে স্বৰ্গস্বৰূপ যেন আছিল৷ তৈলনগৰী দুলিয়াজান আছিল এই অঞ্চলৰ বেছিভাগ লোকৰ বাবে আধুনিকতাৰ দেশৰ উদাহৰণ৷ দুলিয়াজানৰ পৰা প্ৰায় আধাঘণ্টা মানৰ মূৰে মূৰে তেলখাদবোৰলৈ কোম্পানীৰ বাচবোৰ আহি থাকিছিল৷ আৰু অঞ্চলটোৰ লোকে যেতিয়াই মন যায় তেতিয়াই বিনামূলীয়াকৈ দুলিয়াজানলৈ যাব পাৰিছিল এই বাচবোৰৰ জৰিয়তে৷ আৰু কোম্পানীৰ চাকৰিয়ালসকলেও কৰ্মসংক্ৰান্তত এই অঞ্চললৈ আহিলে থলুৱা সামগ্ৰী আৰু শাক-পাচলি, মাছ-কুকুৰা ইত্যাদি কিনি লৈ গৈছিল৷
আমাৰ সৰু বৰতাই দুলিয়াজানৰ অয়লত চাকৰি কৰিছিল, সুবিধা পালেই তেখেত আহে আমাৰফালে আৰু ঘৰত সোমাই যায়৷ বৰমাই বৰ সুন্দৰ আচাৰ তৈয়াৰ কৰিব জানিছিল৷ কেতিয়াবা দুলিয়াজানলৈ গ'লে বগৰী, বেঙেনা ইত্যাদিৰ মিঠা আচাৰ খোৱাৰ লোভটো বৰমাই ৰ'দাই থোৱা বটলকেইটাৰ দ্বাৰাই তৃপ্ত কৰাইছিলো৷ মায়েও আচাৰ কৰিছিল, কিন্তু সাধাৰণতে টেঙা বা মচলাযুক্ত৷ গাওঁখনত আচলতে ক'বলৈ গ'লে ঘৰে ঘৰে বিধে বিধে বগৰীৰ আচাৰ যেতিয়াই তেতিয়াই বিচাৰিলেই পোৱা গৈছিল৷ আৰু বগৰীবোৰ নো ক'ৰ পৰা আহে ইমানকৈ? বুঢ়ীদিহিঙৰ মাজুলীটোত বগৰী আছিল দেধাৰ! আচৰিতেই লাগে কেতিয়াবা ভাবিলে৷ বিধে বিধে৷ সৰু-ডাঙৰ৷ মিঠা-টেঙা৷ ঘূৰণীয়া-দীঘলীয়া৷ ৰঙা-হালধীয়া, সুমথিৰা-সেউজীয়া.....কতযে কি!!
শুকুৰবাৰ৷ শুকুৰবাৰ বুলিলেই ভাল লাগে কাৰণ পানীখোৱা ছুটিবোৰ এঘণ্টীয়া সেইদিনা৷ বাৰিষা হ'লেও কথা নাই, কোনোবা এটাই ক'বই - ব'ল নদীৰ পানী চাই আঁহো কিজানি এইবাৰ বানপানী হয়েই৷ আমাৰ আচলতে বানপানী দেখাৰ সৌভাগ্য (?) এবাৰেই হৈছিল৷ নদীৰ পানী কেতিয়াও পাৰৰ ওপৰলৈকে নবৈছিল আমাৰ এলেকাটোত৷ মাত্ৰ এবাৰেই অদ্ভূতভাৱে পানী আহি মথাউৰিৰ সমান হৈছিলহি৷ অনেকৰ বিলাই বিপত্তি হোৱাৰ বিপৰীতে আমাৰ আকৌ স্ফুৰ্তিহে লাগিছিল৷ কাৰণ মথাউৰিৰ সিপাৰে যেনি তেনি ভূঁৰবিলাক পিয়াপি দি ফুৰিছিল৷ সিপাৰৰ ঘৰবোৰৰ প্ৰতিটোৰেই ঘৰৰ মূধচলৈকে পানী উঠি চপচপীয়া হৈ পৰিছিল৷ আমি সকলোকে চিনি পাইছিলো অঞ্চলটোত৷ গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভূঁৰত উঠি ইপিনে সিপিনে যোৱাৰ ধাণ্ডাত মছগুল আছিলো, কাৰোবাক ক'লেই হ'ল, ককাই ভূঁৰত উঠীবলৈ দিব নেকি? অকল সেইখিনিলৈকেহে যাম৷ বাৰিষা নদীৰ পানী মাৰি এদালেদি জুখি উস্তাদৰ দৰে কোনোবা এটাই কয় - নাই এইবাৰ বানপানী নহয়৷ কোনোবাৰ মতে দুদিন যদি একেলগে বৰষুণ দিয়ে হ'বই৷ আৰু বৰষুণ দিয়াৰ কাৰণে ভেকুলী বিয়া পতাৰো প্ৰস্তাব আহে মাজে মাজে৷ পিছে ভেকুলী বিয়াহে পতা নহ'ল এবাৰো৷ ভেকুলী এটা কোনোবা এটা ল'ৰাই এবাৰ ধৰি আনিছিল বিয়াৰ কাৰণে কিন্তু বেচেৰাই ছোৱালী নেপালে বাবে তাক স্কুলৰ বাৰাণ্ডাৰ এচুকত মুক্ত কৰি দিয়া হ'ল৷ বানপানী হোৱাবছৰটোত কোনোবাই বামুণভেকোলাৰ উলহমালহে বিয়া পতাৰ কথা অৱশ্যে মনত নপৰে৷
খৰালিৰ দিনবোৰৰ আমেজ বেলেগ আছিল৷ দুটামানে ঝাউবনৰ মাজত সোমায় কেৱল কিৰিলিয়াবলৈ, ওলাই আহোঁতে ধৰা নপৰে কোনটোৱে সংসাৰৰ বেয়ামাতসোপা মাতি উকিয়াইছিল, সেয়ে সকলোৱে সাৰি গৈছিল৷ আমি ছোৱালীবোৰে চিধাচিধি নদী পাৰহৈ পাওঁগৈ মাজুলীটোত - ৰ'দে চিকমিকাই থকা সোণোৱালী, সুমথিৰা, ৰঙা বগৰী কত যে বিধে বিধে পোৱা নগৈছিল৷ যেনি তেনি যিমান পাৰো সিমান বোকোচাত বান্ধি আনো খাবলৈ, আৰু ঘৰলৈকো বুলি৷ নোযোৱা দুজনীমানকো আৰু চাৰ-বাইদেউহঁতকো কেতয়াবা কেতিয়াবা দিব লগা হয় তেল মাৰিবলৈকে দুই এদিন৷ নহ'লে আকৌ যাবলৈ নিদিব পাৰেতো! বালিয়া বগৰী, আপেল বগৰী, তিতাবগৰী, বিলাতী বগৰী...মুখলৈ পানী আহিয়েই গ'ল আকৌ মনত পেলাই!!
ষষ্ঠশ্ৰেণীৰ কথা আছিল হয়তো৷ আমাৰ লগৰ এজনী ছোৱালী, ৰুণা চহৰৰ পৰা আহিছিল নতুনকৈ৷ বগৰীৰ এদিন আমেজ পাই তাইক সদায়েই যাবলৈ লাগে৷সিহঁতৰ ঘৰটো বিদ্যালয়ৰ লগতে লাগি আছিল আৰু মথাউৰি পাৰহৈ নদীৰ ফালে যোৱা ৰাষ্টাটোলৈ যাবলৈ হ'লে সিহঁতৰ ঘৰৰ প্ৰায় পিৰালিয়েদি যাব লাগে৷ প্ৰথম দুদিনমান সেইডোখৰ আমি হাতত সাৰে ভৰিত সাৰে পাৰ হওঁ কাৰণ তাইৰ মাকে তাইক খুব শাসন কৰিছিল৷ কৰিবৰে কথা৷ নতুনকৈ আহিছে, তাইৰ বাবে আচহুৱা ঠাই৷ পিটপিটাই ঘূৰি ফুৰিবলৈ অনুমতি ক'তনো পাব৷ সঁচা কথা ক'বলৈ গ'লে অনুমতি আমাৰো তেনেকৈ নাছিল ঘৰৰ পৰা কিন্তু মাৰ হাতত বগৰী এগালমান যেতিয়া যাচি দিওঁহি মাৰ মুখত হাঁহি আৰু জিভাৰ পানী ওলাই যোৱাৰ পিছত আৰু গালি খোৱাৰ বিশেষ ভয় নাছিল৷ এবাৰ তেনেকৈ ৰুণা আৰু আমি মাজুলীৰ পৰা আহিছিলো৷ সকলোৱে ভাবিলে যে ৰুণাৰ ঘৰৰ পৰা অলপ নিমখ আৰু জলকীয়া অনা যাওক৷ ৰুণাৰ লগত আমি দুজনী ছোৱালী মাজুলীৰ পৰা আহি পানীখোৱা ছুটি শেষ হোৱাৰ আগে আগে তাইৰ ঘৰলৈ গ'লো৷ জিভাৰ পানী নৰয়হে নৰয়৷ তাইৰ মাকে গালি দিব বুলি ভয়তে বাচি বাচি পকা পকা দুকুৰিমান বগৰী তাইৰ হাতত দি পঠালো আৰু আমি বাহিৰত ৰৈ থাকিলো৷ তাইৰ দূৰ সম্পৰ্কীয় ককায়েক এজনো সেইদিনা ঘৰত আছিল৷ তাই ককাইদেউ বগৰী খাবা নেকি বুলি ঘৰৰ ভিতৰলৈ সোমাই গ'ল৷ তাই ওলাই নাহেহে নাহে! ইপিনে বিপিনচাৰৰ ভূগোল আৰম্ভ হওঁ হওঁ! ৰুণা ৰুণা বুলি দুবাৰমান চিঞৰিলো৷ তেনেতে মাক ওলাই আহি দুৱাৰখন লাহেকৈ ভিতৰৰ পৰা বন্ধ কৰি থৈ গ'ল৷ আমাৰ গা বাজিল এইবাৰ! আৰু ৰুণাৰ চিঞৰ দুটামানো শুনিলো লগে লগে৷ ইজনীয়ে সিজনীৰ মুখ চাবলৈও সময় নাই- পলালো, যেনেকৈ নেজতল কৰা কুকুৰ দেখিলেই পলাওঁ তেনেকৈ! ৰুণাক গোটেই পিছবেলাটো নেদেখিলো আৰু৷ তাইৰ কিতাপ-পত্ৰবোৰ আনকি ঘৰলৈ গৈ দি অহাৰো সাহস নহ'ল এজনীৰো৷ ৰুণালৈ দু্খ লাগিল যিমান সিমানেই দুখ লাগিল পকা পকা বগৰী কেইটাওযে এনেয়েই গ'ল, দেহিঐ! কিন্তু সেইবুলি মাজুলীৰ বগৰী খাবলৈ আৰু তালৈ যাবলৈযে এৰিলো সেয়া হ'লে নহয়৷ বগৰীৰ আমেজ আমাৰ জিভাৰ অলিয়ে গলিয়ে কেতিয়াবাতে চিনাকি আলহীযেন হৈ পৰিছিল৷ কিন্তু ৰুণাইহে বগৰী খাবলৈ এৰিয়েই দিলে কিবা এটা দুখত আৰু অভিমানত যিটো আমাৰ একেবাৰেই সহ্য নহ'ল৷ মাক প্ৰায়েই আহি কৈছিলোহি ৰুণাই মাজুলীলৈ যোৱাৰ কাৰণেই যে সিদিনা ঘৰত ঔ-কিলহে খালেহি বুলি৷ মাহঁতৰো দুখ লাগিছিল আৰু এদিন সৈমান কৰাব পাৰিছিলো যে তাইৰ মাকক মাহঁতে বুজাব৷ বগৰীৰ আচাৰৰ আদান প্ৰদান কৰি এসময়ত ৰুণাৰ মাকক মাহঁতে মাজুলী দেখুৱাবলৈ লৈ গ'ল৷ মাজু্লীৰ ৰূপে ৰুণাৰ মাকক ইমানেই মুহিছিল যে তেখেতে মাত্ৰ এসপ্তাহ পিছতেই এবাৰ কেমেৰা লৈ সপৰিয়ালে তালৈ যোৱা বুলি শুনিছিলো৷
দিন পাৰ হ'ল৷ সেইবাৰৰ বছৰেকীয়া পৰীক্ষাও শেষ হ'ল৷ নতুন বছৰটোৰ আগমনৰ সময়৷ দুজনীমানে মাহঁতক কুতুৰিলো, বনভোজ খাবলৈ যাওঁ লগৰ সমনীয়াৰ লগত৷ আগে পিছে মাজুলীত বনভোজ খোৱাৰ কথা শুনিছিলো৷ কিন্তু সৌভাগ্যকণৰ পৰা বঞ্চিত হৈ আছিলো৷ সেইবছৰ লগৰকেইজনীমান আৰু অলপ ডাঙৰ বাইদেউকেইজনীমানৰ লগত বনভোজ খাবলৈ গ'লো এদিন ৰৌদ্ৰোজ্জল মাজুলীৰ বালিচৰত৷ কহুঁৱাবনৰ নিবিড় পৰশবোৰ, ঝাউবনৰ খিলখিলনিবোৰৰ মাজে মাজে দৌৰি ফুৰিছিলো আমিকেইজনী গোটেইদিনটো৷ মই ঘৰৰ পৰা দা এখনৰ বাদে একো নিয়া নাছিলো৷ লগৰকেইজনীয়েও কটাৰী, কলপাত আদিৰ বাদে বিশেষ একো নিয়া নাছিল৷ বাইদেউ কেইগৰাকীয়েই লৈ গৈছিল য'ত যি লাগে, ৰন্ধা-বঢ়াও তেওঁলোকেই কৰিছিল, আমি মাত্ৰ খেলিছিলো আৰু খিকিন্দালি কৰি প্ৰতিটো পলেই উপভোগ কৰিছিলো, বগৰী খাইছিলো আৰু শেহত আবেলি ভাত খাইছিলো৷ আঠুঁৰ ওপৰ নোহোৱা পানীত জপং জপং কৰি মিহি মিহি শিলবোৰ বুটলিছিলো...সৰু-সুৰা শংখ-শামুকৰ খোলা বিচাৰি বালিবোৰ ছেদেলি-ভেদেলি কৰি ফুৰিছিলো - দিনটো৷ বালিৰে সজা ঘৰ কেইটিৰ আশে পাশে বগৰী আৰু ঝাউবনেৰে সজাইছিলো ৰজা-ৰাণীৰ উদ্যানবোৰ৷ চিঞৰি চিঞৰি গাইছিলো পাৰ্বতী প্ৰসাদৰ গীত বোৰ! নিজকে ভ্ৰাম্যমান থিয়েটাৰৰ (তেতিয়ালৈকে চিনেমা চোৱাৰ কথা মনত নপৰে, হিন্দী গানো নাজানিছিলো তেতিয়া এটাও) নায়িকাৰ দৰে কল্পনা কৰি দীঘল চুলি মেলি চকু মুদি দৌৰি গৈ থাকোতে কেইবাৰ যে মুখ থেকেচা নেখালো হিচাবেই নাই! আবেলিলৈ ঘূৰি আহোঁতে বাইদেউহঁতে কোৱা শুনিছিলো তেওঁলোকে হেনো পিছৰ দেওবাৰে গাভৰু দলঙৰ ফালে বনভোজ খাবলৈ যাব৷ মনটো পাটৰ সূতাৰ চাদৰৰ দৰে চিকমিকাই উঠিছিল৷ মানে আকৌ নদীলৈ আহিম, মাজুলীত খেলিম আৰু গাভৰু দলঙেৰে দৌৰি নদীৰ সিটো পাৰলৈ যাম!
গাভৰু দলঙখন হ'ল তিনিকোণীয়া দলঙ এখন যাৰ মাজেদি মাত্ৰ তেলৰ বিয়াগোম পাইপ কেইডালমানহে নদী পাৰহোৱাৰ বাবে অয়ল ইণ্ডিয়াই নিৰ্মাণ কৰিছিল৷ হ'লেও আৰামেৰেই আমাৰ চাইকেল একোখন নাইবা দুজন মানুহ অনায়াসে ইপাৰ সিপাৰ হ'ব পাৰিছিল৷ মাজুলীৰ পৰা মাত্ৰ অলপ দূৰৈত চিৰ-জ্যোতিষ্মান, বিনিদ্ৰ ৰজনীৰে সমগ্ৰ অঞ্চলটোকে শীতৰ সময়ত আশ্বাস যোগাই অহা তেলখাদটোৰ কাষেদিয়েই চঞ্চলা-চপলা গাভৰুৰ দৰেই পাৰহৈ গৈছিল গাভৰু দলং খনি৷ তাৰ বালিচৰত এটি পল কটাই আহিলেও হিয়া-মন জুৰ পৰি যায়, নিজকে হেৰুৱাই দূৰ দিগবলয়লৈ বৈ যোৱা ৰিব ৰিব বা-চাটিৰ লগতে উৰি গৈ মনে ইনাই বিনাই কান্দে ঘূৰি নাযাওঁ বুলি৷কেতিয়াবা চিলা উৰুৱাবলৈ বৰ হেপাহ থাকিল তাত৷
মনে ঘনে ঘনে এষাৰেই কথা কয়, এবাৰ গৈ আঁহো দেই? মানসীকন্যাৰ বুকুৱেদি জুৰাই যোৱা কেঁচাসূতাৰ আচ্ছাদনখনিত আঁচুসূতাৰ ফুলে আকৌ তিৰবিৰাই তৰা বাচিব খোজে...চিকমিকনিত ৰ'ব নোৱাৰি দুনয়নৰ সপোনেও সাৰ পাই মিচিকিয়াই ঘূৰি চায় অতীতলৈ, কিজানি সময় ৰৈ গৈছে নেকি বুলি৷ কিজানি গাভৰু দলঙৰ তলিয়েদি এতিয়াও ৰৈ বৈ গৈছে খিলখিলনিৰ ম্লান প্ৰতিধ্বনি, মাজুলীত এতিয়াও সোণোৱালী বগৰীয়ে মোক খা মোক খা কৰি আছে?
কিজানি এদিন যাম তালৈ... মোৰ কণমানিদুজনীক লৈ বাৰেবৰণীয়া চিলা উৰুৱামগৈ, বগৰী খুৱাম, ঢেকীয়া ঔ-টেঙাৰ নিভাঁজ জুতিৰে এসাজ ভাত ৰান্ধি খুৱাম, সেইখিনিতে এটা গুঁড়ৰ শাল আছিল আহোঁতে যাওঁতে কোনোবা থাকিলে তাৰো এচেলক জুতি লোৱাৰ কথা মনত পৰিছে...আৰু হয়তো বহুতো কথাই এতিয়া মনত পৰিছে, পৰিয়ে থাকিব, ধিমিক ধামাককৈ কাৰণ জ্বলি আছে মনপথাৰৰ আশাৰ আকাশবন্তিগছি...৷
হয়তো সকলোৰে শৈশৱক আৱৰ্ত কৰি ৰাখে এবুকু স্মৃতিয়ে, সময়খিনি ঘূৰাই অনাৰ দূৰ্দান্ত প্ৰয়াস কৰে৷ প্ৰিয় ঠাই একোখনৰ ঠিকনা গুপুতে চিলমোহৰ মাৰি থিতাপি লয় পৰিপূৰ্ণ বিশেষ লেফাফাটিত৷

Friday, April 26, 2013
পদ্য-৪
লেবেল আৰু ভেবেল - ১
লেবেল আৰু ভেবেল গধূলিখন বজাৰলৈ যায়
কিজানি কোনোবাখন দোকান হয়তো খোলাই পায়
লেবেলে বোলে কৰিম কিবা এটা
হাতত হ'লে নাই ফুটাকড়িও এটা
অসম বন্ধ বুলিয়েই জানো নোখোৱাকে থাকিব পায়?
ভেবেলে বোলে, পালোৱেই যেনিবা এখন খোলা দোকান
বাকীত খুজি ফুৰিবলৈ নাই জানো আত্ম-সন্মান
বহুত হ'ল এই হাজিৰাগিৰিৰ কাম
ঘৰৰ ল'ৰা ঘৰলৈ মুঠতে ঘূৰি যাম
খেতি বাতি কৰি খাম, কাইলৈকে চহৰৰ পৰা কৰিম প্ৰস্থান ৷
লেবেলৰ লাগিল দুখ, নেযাবি ফটকৈ এনেকৈ এৰি
কেইটাই খাইছে আজিৰ দিনত খেতি-খোলাখন কৰি
এশঘণ্টীয়া অসম বন্ধ আছে চলি
বাছো নাই চলা এই বন্ধডালকে বুলি
ভাল দিন আহিবই, চোৱা যাওকচোন দুদিনমান চিন্তা কৰি৷
হওঁতে লেবেল আৰু ভেবেল দুয়োজন এম, এ, পাছ
একেলগে জালুকবাৰীত নিয়মিত কৰিছিলে ক্লাচ
নিতৌ দেখিছিল সোণালী সপোন
নিষ্ঠাৰেই কৰিব জীৱনক আপোন
কিনো হ'ল বাৰু যদি হ'ল দুবছৰ নোখোৱা চিতল মাছ৷
ভেবেলৰ মনত পৰে সেই সোণোৱালী দিনৰ কথা
লেবেলৰ ভনীয়েকে দিছিলে চুৱেটাৰ হাতেৰে গোঠা
কম কম বুলি নহ'লযে তাইক কোৱা
এবছৰেই হ'ল তাইৰ বিয়া হৈ যোৱা
ৰৈ গ'ল অন্তৰৰ কোঠাত এটি আশা চিৰদিনলৈ হৈ গোমোঠা৷
লেবেলৰ ঘৰ চহৰত যদিও মাটি-বাৰী হ'লে নাই
পিছে আছে এগালমান তাৰ নিবনুৱা ককাই-ভাই৷
পঢ়া-শুনা কৰি সাং
আকাশত পাতি চাং
গোটেইকেইজন ওলাই যায় ইণ্টাৰভিউ দিবলৈ ব্ৰহ্মপুৱাই৷
ভনীজনীৰ বিয়াত খৰচ কৰিয়ে বাপেক হ'ল লাওলোৱা
আকাৰে ইংগিতে পুতেকহঁতক কয় পাৰিলে নিজে ঘটি খোৱা
এইবছৰতে ল'ব অৱসৰ
এৰিব চহৰ আৰু ভাড়াঘৰ
তেতিয়ালৈকে সংস্থাপন নহ'লে লেবেলৰ লাগিব যোৱাথোৱা৷
শেষত দুয়ো কৰিলে ঠিক বহুতো ভাবি-গুণি
ভেবেলৰ গাৱঁলৈকে যাবগৈ এদিন দিনবাৰ গণি
কৰিব খেতি দুয়ো বিজ্ঞানসন্মত
পলসুৱা মাটি, ফচল হ'বই উন্নত
দিহিং-পৰীয়া সপোন এটিয়ে যেন মনত কৰিছে আমনি৷

Tuesday, April 9, 2013
বিশ্ব অভিলেখ -চুটি গল্প
বিশ্ব অভিলেখ
অৱশেষত আদাক দেখি
উঠিল গা, কেতুৰীয়ে বোলে মোকো খা! কনেঙে দিনটো গৰু চৰাই আহি ঘৰ সোমাই দেখিলে তাৰ
অইনাজনী দেখোন মন মাৰি আছে আজি৷ কি বা হ’ল! সোধাত হে উৰহী গছৰ ওৰটো ওলাল ওচৰৰ
ঘটিৰাম আৰু বাতিৰামৰ ঘৰলৈ হেনো টিভিৰ মানুহ আহিছিল৷ একেবাৰে কেমেৰালৈ! সিহঁতে যোৱা
মাহৰ পৰাই চাঁচি থকা বাঁহৰ কামিবোৰেনো কি কৰিব কোনেও নাজানিছিল কিন্তু হঠাৎ ফেচবুকত
ফটো দেখিহে মানুহে গম পালে যে সিহঁতে প্ৰায় আঢ়ৈশ বৰ্গফুটৰ বাহঁৰ বিচনী এখন সাজি
উলিয়ালে ভিতৰৰ চোতালত৷ কোনোবাই গীনিজ বুকলৈ খবৰটো দিয়াত আজি ঘটিৰাম বাতিৰাম
বিশ্ববিখ্যাত হৈ পৰিল৷ অইনাৰ সেইটোৱে দুখ৷ ঘটিৰাম বাতিৰাম মেট্ৰিক ফেইল ল’ৰা আছিল
কিন্তু কনেঙ কলেজ গৰকা ল’ৰা৷ কনেঙে হে বিখ্যাত হ’ব লাগিছিল! দুদিন আগলৈকে দেখোন গীনিজবুক
ফেচবুক বুলি কোনো বুকৰে তাই নাম নলৈছিল৷ এতিয়া তাইৰ কথা হ’ল যেনেতেনে কনেঙেও কিবা
এটা অভিলেখ কৰিব লাগে৷ বহুত বুজোৱাৰ পিছত মান্তি হ’ল কনেঙ কিন্তু এটা চৰ্ততহে –
বিশ্ব অভিলেখ সি অকলে নকৰে, দুয়োটাৰে নাম হোৱা কিবা এটা কৰিব লাগিব৷ অয়নাই
ইতিমধ্যে ‘আইডিয়া’ কিছুমান গোটায়েই থৈছিল যেনে এশ মিটাৰ দীঘল তিলপিঠা তৈয়াৰ কৰা, আটাইতকৈ
ওখ টঙীঘৰ সাজি উলিওৱা, আটাইতকৈ চুটি এড়ী চাদৰ বৈ উলিওৱা, এহেজাৰ সৰিয়হ গুটিৰ ওপৰত ‘জয়
আই অসম’ বুলি লিখা ইত্যাদি৷ কিন্তু আহুকাল হ’ল এই গোটেইবোৰৰ কাৰণে বহুত সা-সঁজুলি,
ধৈৰ্য তথা ধন লাগিব কেঁচা সামগ্ৰী কিনিবলৈ! কি কৰা যায়৷ কিবা এটা সহজ হ’লে ভাল
আছিল৷ গোটেই ৰাতি ভাবি থাকিল দুয়ো৷
মাজ ৰাতি অইনাই
হঠাৎ চিঞৰ মাৰি উঠিল- “উঠচোন উঠ ঐ? পাই গ’লো পাই গ’লো”! কনেঙৰ টোপনি গৈছিল আচলতে৷
খপজপকৈ উঠিল সি৷ কিবা পালে এইজনীয়ে মাজৰাতিখন! “সোনকালে ক’ কাইলৈ বহুত কাম আছে” “থ
তোৰ কাম, মই যিটো কৰাৰ কথা ভাবিছো, তেতিয়া আমি আৰু এইবোৰ কাম কৰিব নেলাগে বুইছ৷
ভাল দিন আহিব আমাৰ৷ আমাৰ ঘৰলৈও টিভি আহিব৷ আমাৰ ফটো ল’ব৷ ফেচবুকত, বাতৰিকাকতত,
টিভিত ওলাম৷ ফৰেইনৰ পৰা পইচা পঠাব গীনিচে৷ কি ঠিক ফৰেইনলৈ মাতি নিবও পাৰে সিহঁতৰ
ফালে ইমান গুণী মানুহ নাইতো৷ আমাৰ জকাইচুক, জংঘল বুলি সকলোৱে হঁহা মুলুকতে যোৱা
কেইদিনত দেখা নাই কিমান গুণী লোক ওলাইছে৷ কম কথা নেকি?” চৰকাৰে আমাকো সম্বৰ্ধনা
জনাব চাবি৷” “আইডিয়াটোনো কি কচোন আগতে”৷ “তিলপিঠা আকৌ” “তিলপিঠা? মানে এশ মিটাৰ
দীঘল...” “নহয় অ’ ডাঙৰকৈয়েই কিবা এটা কৰিব লাগিব বুলিটো কথা নাই৷ সেইকাৰণে ওলোটাতো
কৰিম” “কিমান সৰু কৰিবি? এক ইঞ্চি?” “নহয়, এক ইঞ্চি দীঘল তিলপিঠা যিয়ে সিয়ে কৰিব
পাৰিব, পিছৰ দিনাই কোনোবাই ৰেকৰ্ডটো ভাঙি পেলাব৷ মই কি ভাবিছো জান?” “কি?” “এটা
চাউল, এটা তিল আৰু এটা চেনীৰে তিলপিঠা৷ চাউলটো গুড়ি কৰি সাৱধানেৰে তাত তিলকণ ভৰাই
দি কৰিম৷ মই দুদিনমান প্ৰেক্টিচ কৰি ল’ম নহয় চিন্তা নকৰিবি” কনেঙৰ চকু দুটা উজলি
উঠিল, তাৰ মানুহজনী ইমান গুণী বুলি সি ভবাই নাছিল পাই! চকুৰ আগত তাৰ ইউৰোপৰ মানচিত্ৰখন
ভাঁহি আহিল, বৃটেইনৰ প্ৰাসাদত এক বৃহৎ তিলপিঠাৰ ভোজত যেন ৰাণীয়ে বিহু বুলি নিজৰ হীৰাখচিত
আঙুঠি এটা অয়নাক পিন্ধাই দিছে!! বেৰৰ জলঙাইদি অহা পুৱাৰ ৰ’দ কাচলিকণো তাৰ কেমেৰাৰ
পোহৰ যেন লাগি চকু জলক তবক লগালেহি৷
Friday, April 5, 2013
এখনি মৰমৰ তিলপিঠা
এখনি মৰমৰ তিলপিঠা
মোৰ জীৱনৰ বৰ্তমান এটাই লক্ষ্য
এখনি তিলপিঠা কিবাকে কৰাই ভক্ষ্য
আইয়ৈ পিঠাৰো থাকে বগা লনি দেহা
ভিতৰে বাহিৰে যাৰ নাই তিতা-কেহাঁ
প্ৰভূ কিমান সহিম আৰু এই পিঠাপনাৰ দুৰ্ভিক্ষ!
ঢোল বজা নাই পাহাৰৰ টিঙত, হ’ব দিয়া
পেঁপাৰ টিহিটি কি আছিল, এহ বুজাই দিয়া;
চকুমুদা কুলিত গৈ কুলিৰ সংজ্ঞা ৰ’ল
ঢেকী জীয়াই থকাৰ কাৰণ নোহোৱা হ’ল
বৰদৈচিলায়ো আইক কৈছে এইবাৰ নাযাওঁ দিয়া৷
চিঠি লিখাই লিখিছে, মই লিখিছো ইমেইল
আইয়ে বুজি পায় নকৰে ‘ব্লেকমেইল’
কৈছিলে, তিলপিঠা ওলাইছে বজাৰত
পঠাই দিমনেকি হেৰৌ এই সপ্তাহত
জিভাৰ পানী গিলি ক’লো ধৰা পৰিলে তই যাবি জেইল৷
কালি এঘৰলৈ গৈছিলো খাবলৈ এসাজ চাউল
সুধিলো চুচুক-চামাককৈ পিছে লগালো আউল
শাহুৱেকে বোলে আনিছিল দুটামান পিঠা
ঘৰত তৈয়াৰ কৰা বোলে ব-অ-ৰ মিঠা
পিছে হ’লে কি হ’ব, বিমানবন্দৰত ভূতে পাই কৰিলে ‘ফাউল’৷
নাৰিকল পালো, তিলো পালো আৰু গুঁড়ো পালো
পিছে বৰা চাউলটোহে ক’ত পাওঁ কতযে ঘূৰিলো
জেচমিন বুলি এটা ‘স্টিকি ৰাইচ’ পাই
তাকে পৰীক্ষাগাৰত বাপ্পেকে দিলো সুমুৱাই
“এইবোৰ পিঠা নে কি ঔ”, বুলিচোন গালিহে খালো!
কঁকালৰ ৰাম নাম কেতিয়াবাই সত্য যদিও
উৰাই ঘূৰাই বিহু গালো-নাচিলো, ল’লো ভিডিও
দৰ্শক নাই, কাৰণ সকলোৱে মঞ্চত
ঘৰলৈ আহি লাগি গ’লো ফটোশ্বপত
হে: হে:, “আমি বিহু পাতিলো” বুলি দিলো পঠাই বাতৰিও৷
পিছে, নহ’লযে খোৱা তিলপিঠাখনি মৰমৰ
বৰদৈচিলাজনীৱেও ঠেঁহতযেন সোমায় ৰোহঘৰ
পিঠাপনাৰ সপোন থ’লো সামৰি
ব্যস্ত জীৱনে আকৌ পেলালে পাহৰি
বহাগ আকৌ আহিব, সন্ধিয়াৰ বগলীজাকৰ সৈতে অসমীআইলৈ পঠালো হিয়াভৰা খবৰ৷
Subscribe to:
Posts (Atom)