Tuesday, May 21, 2013

কবিতা (সময় উকলিল)

সময় উকলিল
==============
এজাক গহীন সন্ধ্যা হুৰমূৰকৈ নামি আহিল
মৰআঁউসীৰ আগজাননী লৈ
ঘড়ীৰ কাঁটা দুডালে আকৌ বিদ্ৰূপ কৰি উঠিল
অথচ আজিও নহ'ল, আজিও নহ'লগৈ৷

সেই তাহানিতে ৰুই থোৱা পথাৰত
আজিও মাথো আছে সপোনৰ দুটামান বীজ
আদৰ সনা এটুপি বৰষুণৰ অভাৱত
কালনিদ্ৰাৰ পথানত সদায় বিচাৰিছিলে তাবিজ৷

দিয়া এটি দৰব শুই পৰোঁ চিৰকাললৈ
আৰু এখন জোনাক-ভৰা পৃথিবী নাই
পুনৰ মিছা সপোন দেখিবলৈ
এই নাটকত অলপো সংলাপ আৰু বাকী নাই৷

কালসন্ধ্যাতে মেলানি মাগিম
আধালিখা দিনলিপিৰ পাতবোৰ
খিলা খিলা কৈ খালি পুৰি নিম
তথাপি মৰআঁউসী নাচাওঁ-
হওক সেয়ে শেষ সপোন,
আৰু তাতে হ'ম চিৰদিনলৈ বিভোৰ
যৱনিকা পালেহিয়েই, নাট্যকাৰ যে নিৰুপায়!!

No comments:

Post a Comment