এখনি মৰমৰ তিলপিঠা
মোৰ জীৱনৰ বৰ্তমান এটাই লক্ষ্য
এখনি তিলপিঠা কিবাকে কৰাই ভক্ষ্য
আইয়ৈ পিঠাৰো থাকে বগা লনি দেহা
ভিতৰে বাহিৰে যাৰ নাই তিতা-কেহাঁ
প্ৰভূ কিমান সহিম আৰু এই পিঠাপনাৰ দুৰ্ভিক্ষ!
ঢোল বজা নাই পাহাৰৰ টিঙত, হ’ব দিয়া
পেঁপাৰ টিহিটি কি আছিল, এহ বুজাই দিয়া;
চকুমুদা কুলিত গৈ কুলিৰ সংজ্ঞা ৰ’ল
ঢেকী জীয়াই থকাৰ কাৰণ নোহোৱা হ’ল
বৰদৈচিলায়ো আইক কৈছে এইবাৰ নাযাওঁ দিয়া৷
চিঠি লিখাই লিখিছে, মই লিখিছো ইমেইল
আইয়ে বুজি পায় নকৰে ‘ব্লেকমেইল’
কৈছিলে, তিলপিঠা ওলাইছে বজাৰত
পঠাই দিমনেকি হেৰৌ এই সপ্তাহত
জিভাৰ পানী গিলি ক’লো ধৰা পৰিলে তই যাবি জেইল৷
কালি এঘৰলৈ গৈছিলো খাবলৈ এসাজ চাউল
সুধিলো চুচুক-চামাককৈ পিছে লগালো আউল
শাহুৱেকে বোলে আনিছিল দুটামান পিঠা
ঘৰত তৈয়াৰ কৰা বোলে ব-অ-ৰ মিঠা
পিছে হ’লে কি হ’ব, বিমানবন্দৰত ভূতে পাই কৰিলে ‘ফাউল’৷
নাৰিকল পালো, তিলো পালো আৰু গুঁড়ো পালো
পিছে বৰা চাউলটোহে ক’ত পাওঁ কতযে ঘূৰিলো
জেচমিন বুলি এটা ‘স্টিকি ৰাইচ’ পাই
তাকে পৰীক্ষাগাৰত বাপ্পেকে দিলো সুমুৱাই
“এইবোৰ পিঠা নে কি ঔ”, বুলিচোন গালিহে খালো!
কঁকালৰ ৰাম নাম কেতিয়াবাই সত্য যদিও
উৰাই ঘূৰাই বিহু গালো-নাচিলো, ল’লো ভিডিও
দৰ্শক নাই, কাৰণ সকলোৱে মঞ্চত
ঘৰলৈ আহি লাগি গ’লো ফটোশ্বপত
হে: হে:, “আমি বিহু পাতিলো” বুলি দিলো পঠাই বাতৰিও৷
পিছে, নহ’লযে খোৱা তিলপিঠাখনি মৰমৰ
বৰদৈচিলাজনীৱেও ঠেঁহতযেন সোমায় ৰোহঘৰ
পিঠাপনাৰ সপোন থ’লো সামৰি
ব্যস্ত জীৱনে আকৌ পেলালে পাহৰি
বহাগ আকৌ আহিব, সন্ধিয়াৰ বগলীজাকৰ সৈতে অসমীআইলৈ পঠালো হিয়াভৰা খবৰ৷
No comments:
Post a Comment