Friday, April 26, 2013

পদ্য-৪

লেবেল আৰু ভেবেল - ১
লেবেল আৰু ভেবেল গধূলিখন বজাৰলৈ যায়
কিজানি কোনোবাখন দোকান হয়তো খোলাই পায়
লেবেলে বোলে কৰিম কিবা এটা
হাতত হ'লে নাই ফুটাকড়িও এটা
অসম বন্ধ বুলিয়েই জানো নোখোৱাকে থাকিব পায়?

ভেবেলে বোলে, পালোৱেই যেনিবা এখন খোলা দোকান
বাকীত খুজি ফুৰিবলৈ নাই জানো আত্ম-সন্মান
বহুত হ'ল এই হাজিৰাগিৰিৰ কাম
ঘৰৰ ল'ৰা ঘৰলৈ মুঠতে ঘূৰি যাম
খেতি বাতি কৰি খাম, কাইলৈকে চহৰৰ পৰা কৰিম প্ৰস্থান ৷

লেবেলৰ লাগিল দুখ, নেযাবি ফটকৈ এনেকৈ এৰি
কেইটাই খাইছে আজিৰ দিনত খেতি-খোলাখন কৰি
এশঘণ্টীয়া অসম বন্ধ আছে চলি
বাছো নাই চলা এই বন্ধডালকে বুলি
ভাল দিন আহিবই, চোৱা যাওকচোন দুদিনমান চিন্তা কৰি৷

হওঁতে লেবেল আৰু ভেবেল দুয়োজন এম, এ, পাছ
একেলগে জালুকবাৰীত নিয়মিত কৰিছিলে ক্লাচ
নিতৌ দেখিছিল সোণালী সপোন
নিষ্ঠাৰেই কৰিব জীৱনক আপোন
কিনো হ'ল বাৰু যদি হ'ল দুবছৰ নোখোৱা চিতল মাছ৷

ভেবেলৰ মনত পৰে সেই সোণোৱালী দিনৰ কথা
লেবেলৰ ভনীয়েকে দিছিলে চুৱেটাৰ হাতেৰে গোঠা
কম কম বুলি নহ'লযে তাইক কোৱা
এবছৰেই হ'ল তাইৰ বিয়া হৈ যোৱা
ৰৈ গ'ল অন্তৰৰ কোঠাত এটি আশা চিৰদিনলৈ হৈ গোমোঠা৷

লেবেলৰ ঘৰ চহৰত যদিও মাটি-বাৰী হ'লে নাই
পিছে আছে এগালমান তাৰ নিবনুৱা ককাই-ভাই৷
পঢ়া-শুনা কৰি সাং
আকাশত পাতি চাং
গোটেইকেইজন ওলাই যায় ইণ্টাৰভিউ দিবলৈ ব্ৰহ্মপুৱাই৷

ভনীজনীৰ বিয়াত খৰচ কৰিয়ে বাপেক হ'ল লাওলোৱা
আকাৰে ইংগিতে পুতেকহঁতক কয় পাৰিলে নিজে ঘটি খোৱা
এইবছৰতে ল'ব অৱসৰ
এৰিব চহৰ আৰু ভাড়াঘৰ
তেতিয়ালৈকে সংস্থাপন নহ'লে লেবেলৰ লাগিব যোৱাথোৱা৷

শেষত দুয়ো কৰিলে ঠিক বহুতো ভাবি-গুণি
ভেবেলৰ গাৱঁলৈকে যাবগৈ এদিন দিনবাৰ গণি
কৰিব খেতি দুয়ো বিজ্ঞানসন্মত
পলসুৱা মাটি, ফচল হ'বই উন্নত
দিহিং-পৰীয়া সপোন এটিয়ে যেন মনত কৰিছে আমনি৷

No comments:

Post a Comment