বিশ্ব অভিলেখ
অৱশেষত আদাক দেখি
উঠিল গা, কেতুৰীয়ে বোলে মোকো খা! কনেঙে দিনটো গৰু চৰাই আহি ঘৰ সোমাই দেখিলে তাৰ
অইনাজনী দেখোন মন মাৰি আছে আজি৷ কি বা হ’ল! সোধাত হে উৰহী গছৰ ওৰটো ওলাল ওচৰৰ
ঘটিৰাম আৰু বাতিৰামৰ ঘৰলৈ হেনো টিভিৰ মানুহ আহিছিল৷ একেবাৰে কেমেৰালৈ! সিহঁতে যোৱা
মাহৰ পৰাই চাঁচি থকা বাঁহৰ কামিবোৰেনো কি কৰিব কোনেও নাজানিছিল কিন্তু হঠাৎ ফেচবুকত
ফটো দেখিহে মানুহে গম পালে যে সিহঁতে প্ৰায় আঢ়ৈশ বৰ্গফুটৰ বাহঁৰ বিচনী এখন সাজি
উলিয়ালে ভিতৰৰ চোতালত৷ কোনোবাই গীনিজ বুকলৈ খবৰটো দিয়াত আজি ঘটিৰাম বাতিৰাম
বিশ্ববিখ্যাত হৈ পৰিল৷ অইনাৰ সেইটোৱে দুখ৷ ঘটিৰাম বাতিৰাম মেট্ৰিক ফেইল ল’ৰা আছিল
কিন্তু কনেঙ কলেজ গৰকা ল’ৰা৷ কনেঙে হে বিখ্যাত হ’ব লাগিছিল! দুদিন আগলৈকে দেখোন গীনিজবুক
ফেচবুক বুলি কোনো বুকৰে তাই নাম নলৈছিল৷ এতিয়া তাইৰ কথা হ’ল যেনেতেনে কনেঙেও কিবা
এটা অভিলেখ কৰিব লাগে৷ বহুত বুজোৱাৰ পিছত মান্তি হ’ল কনেঙ কিন্তু এটা চৰ্ততহে –
বিশ্ব অভিলেখ সি অকলে নকৰে, দুয়োটাৰে নাম হোৱা কিবা এটা কৰিব লাগিব৷ অয়নাই
ইতিমধ্যে ‘আইডিয়া’ কিছুমান গোটায়েই থৈছিল যেনে এশ মিটাৰ দীঘল তিলপিঠা তৈয়াৰ কৰা, আটাইতকৈ
ওখ টঙীঘৰ সাজি উলিওৱা, আটাইতকৈ চুটি এড়ী চাদৰ বৈ উলিওৱা, এহেজাৰ সৰিয়হ গুটিৰ ওপৰত ‘জয়
আই অসম’ বুলি লিখা ইত্যাদি৷ কিন্তু আহুকাল হ’ল এই গোটেইবোৰৰ কাৰণে বহুত সা-সঁজুলি,
ধৈৰ্য তথা ধন লাগিব কেঁচা সামগ্ৰী কিনিবলৈ! কি কৰা যায়৷ কিবা এটা সহজ হ’লে ভাল
আছিল৷ গোটেই ৰাতি ভাবি থাকিল দুয়ো৷
মাজ ৰাতি অইনাই
হঠাৎ চিঞৰ মাৰি উঠিল- “উঠচোন উঠ ঐ? পাই গ’লো পাই গ’লো”! কনেঙৰ টোপনি গৈছিল আচলতে৷
খপজপকৈ উঠিল সি৷ কিবা পালে এইজনীয়ে মাজৰাতিখন! “সোনকালে ক’ কাইলৈ বহুত কাম আছে” “থ
তোৰ কাম, মই যিটো কৰাৰ কথা ভাবিছো, তেতিয়া আমি আৰু এইবোৰ কাম কৰিব নেলাগে বুইছ৷
ভাল দিন আহিব আমাৰ৷ আমাৰ ঘৰলৈও টিভি আহিব৷ আমাৰ ফটো ল’ব৷ ফেচবুকত, বাতৰিকাকতত,
টিভিত ওলাম৷ ফৰেইনৰ পৰা পইচা পঠাব গীনিচে৷ কি ঠিক ফৰেইনলৈ মাতি নিবও পাৰে সিহঁতৰ
ফালে ইমান গুণী মানুহ নাইতো৷ আমাৰ জকাইচুক, জংঘল বুলি সকলোৱে হঁহা মুলুকতে যোৱা
কেইদিনত দেখা নাই কিমান গুণী লোক ওলাইছে৷ কম কথা নেকি?” চৰকাৰে আমাকো সম্বৰ্ধনা
জনাব চাবি৷” “আইডিয়াটোনো কি কচোন আগতে”৷ “তিলপিঠা আকৌ” “তিলপিঠা? মানে এশ মিটাৰ
দীঘল...” “নহয় অ’ ডাঙৰকৈয়েই কিবা এটা কৰিব লাগিব বুলিটো কথা নাই৷ সেইকাৰণে ওলোটাতো
কৰিম” “কিমান সৰু কৰিবি? এক ইঞ্চি?” “নহয়, এক ইঞ্চি দীঘল তিলপিঠা যিয়ে সিয়ে কৰিব
পাৰিব, পিছৰ দিনাই কোনোবাই ৰেকৰ্ডটো ভাঙি পেলাব৷ মই কি ভাবিছো জান?” “কি?” “এটা
চাউল, এটা তিল আৰু এটা চেনীৰে তিলপিঠা৷ চাউলটো গুড়ি কৰি সাৱধানেৰে তাত তিলকণ ভৰাই
দি কৰিম৷ মই দুদিনমান প্ৰেক্টিচ কৰি ল’ম নহয় চিন্তা নকৰিবি” কনেঙৰ চকু দুটা উজলি
উঠিল, তাৰ মানুহজনী ইমান গুণী বুলি সি ভবাই নাছিল পাই! চকুৰ আগত তাৰ ইউৰোপৰ মানচিত্ৰখন
ভাঁহি আহিল, বৃটেইনৰ প্ৰাসাদত এক বৃহৎ তিলপিঠাৰ ভোজত যেন ৰাণীয়ে বিহু বুলি নিজৰ হীৰাখচিত
আঙুঠি এটা অয়নাক পিন্ধাই দিছে!! বেৰৰ জলঙাইদি অহা পুৱাৰ ৰ’দ কাচলিকণো তাৰ কেমেৰাৰ
পোহৰ যেন লাগি চকু জলক তবক লগালেহি৷
No comments:
Post a Comment