Saturday, November 22, 2025

 



পিছলৈ কি বগৈ আমি নাজানোঁ৷ প্ৰযুক্তিবিদ্যাৰ বিপ্লৱত আমাৰ প্ৰজন্মই টিভিৰ পৰা আৰম্ভ কৰি স্মাৰ্টফোনলৈ কৰা যাত্ৰা নিজচকুৰে দেখা পালোঁ৷ 

এতিয়া দেখি আছোঁ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ বিভিন্ন ক্ষেত্ৰত৷ সামাজিক মাধ্যমত আমাৰ নিজৰ কেনভাচখনত যি মন যায় তাকেই লিখিব পাৰোঁ৷ মোৰ মাতৃভাষাত ভাব প্ৰকাশ কৰিবলৈ মই আটাইতকৈ সুবিধা পাওঁকিন্তু মোৰ কেনভাচত আঁকবাক কৰা সৰল ৰেখা এদালক যেতিয়া বৰ্তমানৰ অপৈণত কৃত্ৰিম বুদ্ধিমত্তাই নমতা আলহীৰ ৰূপত আহি অনুবাদ কৰি ৰেখাদালৰ সৰলতাক ’আঁচোৰ’ বুলি কৈ সামৰেঅৰ্থ দূৰৰে কথা ভাষাটোৰ যিকণ শুৱলা ঠাঁচৰ গৰ্বৰে উপস্থাপনৰ ধৃষ্টতা কৰিছিলোঁ সেয়াই নাথাকেগৈ৷ 

কৃত্ৰিম বুদ্ধিমত্তাই নিঃসন্দেহে সময় বচায়কিন্তু সৃষ্টিশীলতা আৰু মৌলিকতাৰ ক্ষেত্ৰত অন্ততঃ সময় লাগিব৷ ভৱিষ্যতৰ কথা নাজানোঁ এতিয়াৰ কথা কৈছোঁ৷ 


ধৰি লওক আপুনি অসমীয়াত কিবা এটা লিখিবলৈ মন কৰিছে, বিষয়টো ভাবি থৈছে কিন্তু আপুনি কৰ্মসূত্ৰে আৰু অনভ্যাসৰ কবলত কেকোঁজেকোঁ হৈ মনৰ পৰা অহা কথাকেইটা লিখিবলৈ সাহসী নোহোৱাই নহয় আচলতে বানান, সাহিত্য ব্যাকৰণ সকলো দিশৰ পৰাই কিছু অপাৰগ যিটো কথা আপুনি নিজেই ভালদৰে জানে৷ গতিকে ইংৰাজীত কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিৰে সাহিত্য উৎপাদন কৰাৰ (বদ?)অভ্যাসটো এই ক্ষেত্ৰতো লগাই দিলে৷ মিনিটত আপোনাৰ লেখা সাজু! কিন্তু বিধিৰ বিপাক যে অসমীয়াত এনে মিনিটত সাজু কৰা লেখাবোৰ এতিয়াও অপৈণত৷ যিসকল লোকে মগজুৰ কচৰৎ কৰি অসমীয়াত লিখামেলা কৰি আছে তেওঁলোকৰ বাবে এনে কেঁচা সাহিত্যৰ আৰু আধা বাংলাৰ প্ৰভাৱ পৰা মিনিটতে সাজু কৰা  লেখা যে মৌলিক নহয় সেয়া চিনাক্ত কৰাটো তেনেই সহজ!


ইংৰাজী ধনী ভাষা৷ বিশ্বত শুদ্ধ ইংৰাজী কোৱা আৰু লিখা মানুহেই চাগে বেছি৷ মোৰ মাতৃভাষা অসমীয়াত লিখামেলা কৰা মানু হকম আৰু আনকি অসমৰ পৰা অহা জন্ম হৈ অসমীয়া কোৱা বহুতেই অসমীয়া বলৈ বা লিখিবলৈ লাজ কৰে৷ আৰু আজিকালি কিছুমানে লিখে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়েৰে৷ কিন্তু অমুকীৰ ভাৱকৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া সাহিত্যৰ সৃষ্টি কৰিব পৰা এতিয়াও হোৱাগৈ নাই৷ কিছু অনা-অসমীয়া কিছুমান অস্পষ্ট আৰু অদ্ভূত অসমীয়া শব্দ বহুতো ব্যাকৰণ আৰু বানানৰ খেলিমেলিৰে সৈতে কিবা এটা ’অনন্য’ লেখা  পাৰে কিন্তু তাত খাটি শুৱলা ঠাঁচৰ অভাৱ পৰিলক্ষিত হৈছে৷ গতিকে নিজৰ মনলৈ যি আহে যেনেকে আহে লিখিব লাগে বুলি ভাবোঁকৃত্ৰিম বুদ্ধিমত্তাৰ সহায় নোলোৱাকৈ৷

আৰু আমি যিমানেই authentic লিখিম কৃত্ৰিম বুদ্ধিমত্তাৰ ইঞ্জিনবোৰে সিমানেই শিকিব ভাষাটোৰ ঠাঁচ৷ আহক আমি প্ৰাকৃতিকভাৱে মগজুৰে শুদ্ধ অসমীয়া লিখোঁ য’ত নিখুঁত নহ’লেও বানান আৰু ব্যাকৰণৰ যৎপৰোনাস্তি সঠিক উপস্থাপন হয়৷ 


জয় আই অসম৷

 

I don’t know what auto translation will show here, so that is a concern. In rare social media posts I wrote in Assamese before, most were added with an automatic translated contents, which didn’t really reflect what I wanted to say. AI helps in automating processes however as far as translation from Assamese to English or vice versa goes, I do not think AI is matured enough to do so, yet, specially for Assamese content generation. Maybe in near future it will, and hope so. At present, the creativity and uniqueness along with beauty of a writeup in Assamese is not preserved in software generated version. I have seen many AI generated Assamese contents in social media are unpolished, with lots of grammatical and spelling mistakes in addition to non-Assamese verbiage added. The traditional Assamese literature has a unique pattern and style like all other native languages sounding to a person listening to mother tongue.

So those who are willing to write in Assamese but hesitated and trying to use AI tools for this purpose, hopefully will practice writing good Assamese. We need more of these authentic writeups then AI generated contents. The AI models will retrain themselves again and again based on these contents. So better we provide good quality datasets!

No comments:

Post a Comment