নৱেম্বৰৰ আঠ তাৰিখে আমাৰ ইয়াত, ফ্ৰিমণ্টৰ চিনে লাউঞ্জত ৰৈ ৰৈ বিনালে চালোঁগৈ৷
মৰমৰ জুবিনদা,
আপোনাৰ নতুন চিনেমা ’ৰৈ ৰৈ বিনালে’ আজি চালোঁ দেই৷ লগেভাগে প্ৰায় দুশ মানুহে একেলগে বহি এখন অসমীয়া ছবি আমেৰিকাত চাইছোঁ আজি... হাউচফুল, গম পাইছেনে..! প্ৰথমৰ পৰাই ভাবি লৈ বহি লৈছিলোঁ, আপুনি মানুহজন আছে৷ হ’লেও.. ’মোৰ মন দুচকুত অসহায় অকলশৰে...’ৰ হাই নোটচত যেতিয়া চিৰচিনাকি প্ৰিয়কণ্ঠনদীৰ উত্তাল সুৰৰ জালে পূৰ্ণতাৰ ডেউকা মেলিলে, চকুপানী ৰখাব নোৱাৰিলোঁ...তাতে আকৌ কি দুৰ্দান্ত, অভাৱনীয় অভিনয় আপোনাৰ! আৰু সেই যে সংলাপটো— “I’m not blind, I’m an artist”…যেন বহুকথাই কৈ দিলে! শিল্পী একোজনে অন্ধ হৈ থাকিব লগীয়া হয়... কুৰাজনীতি আৰু ঠগনৰ খেলবোৰ দেখিও যেন নেদেখাৰ দৰে থাকিব লগা হয় অনেক সময়ত! অন্ধ শিল্পীৰ চৰিত্ৰৰে এক প্ৰতীকী সত্তাৰ যোগেদি সুন্দৰ চিত্ৰনাট্যৰে সৈতে কিযে অনুপম ছবি! জোন জ্বলে কিন্তু শেষ হ’ব কেনেকৈ, একো একোটি পলেৰে বুকু বিদাৰি ৰওঁ কেনেকৈ ... আগতেই ইমান দি গৈছে আমাক, শেষ বুলিলেইতো শেষ নহয় বুলি আৰু দেখোন দিয়েই আছে সদায়ে নতুন কিবা! তাৰমানে আছে আপুনি৷ কিয় নাথাকিবনো, অসমীয়াৰ মনত ঘৰ বান্ধিছেযে৷
ছবিঘৰৰ পৰা উঠি আহিব পৰা নাছিলোঁ ৰূপালী পৰ্দা এন্ধাৰ হৈ যোৱাৰ পিছতো৷ বাস্তৱলৈ ঘূৰি আহিলোঁ যদিও অনুভৱ হ’ল, আপোনাৰ ভাষাৰেই যেন ক্ৰন্দন বৰষিত... আগত সূৰুযৰ দিবাস্বপ্ন! যেনেকৈ নিশাবোৰে ৰৈ ৰৈ বিনায় কেতিয়ানো ৰাতিপুৱাব বুলি!
আমাক ছবিখন চাবলৈ সুবিধাকণ দিয়াৰ বাবে উদ্যোক্তাসকলোকে, উকা অভিধানেৰে ধন্যবাদ জনাওঁ কিদৰে ধৰিবকে পৰা নাই৷
প্ৰীতিৰ সুবাসেৰে,
এগৰাকী অসমীয়া৷

No comments:
Post a Comment