আঁচবোৰঃ
আঁচে কাহিনী কয় - কপালৰ, চকুৰ, ডিঙিৰো…
আঁচৰ সমান্তৰালত কিমান যে নৈ বয়।
ডুবাইত সাতবছৰ কটাই অহা যুৱকজন
এতিয়া চান ফ্ৰান্সিস্কোৰ পদপথৰ ভিখাৰী।
কষ্টোপাৰ্জিত এটি আঙুঠিৰে ফিৰিছিল ঘৰ।
সাতবছৰে মচ নোযোৱা গালৰ চুমাটো!
নিমিষতেই এটুকুৰা শিল হৈছিল
তাইৰ কোঁচত আৰু আঙুলিত ধৰি
যেতিয়া দুটি দেৱশিশুয়ে হাঁহিছিল।
টেছলা ফালকনৰ দুৱাৰ দুখন উঠাই
চালকজনে কৈছিলে ‘আজি বৰ সুন্দৰ দিন’!
আৰু, মই আজিকালি ইয়াত আঁচ দেখা পাওঁ
কভিদৰ পিছত মুখা পিন্ধি বা খুলি ওলাই অহা
বহুতৰে মুখত আঁচেই আঁচ।
- নীলাঞ্জনা মহন্ত