বিশ্বাসৰ বেলি
সাকাৰ হ’বলে লোৱা স্বপ্নটোয়ে মূৰ দাঙি সুধিলে,
বেলিটো উঠিলনে?
ক’লো, ইয়াতেইতো আছিল অথনি
আহিব আকৌ উঠি৷
মাৰ যোৱা বেলিটো পুনৰ নাহেহে নাহে
তমসাত বুৰি ঠেটুৱৈত ঠেৰেঙা লগা সপোনটোৰ ভয়,
জানোচা সূৰ্যোদয় আৰু নহয়?
কিদৰে বুজাওঁ?
কিদৰে বিশ্বাস দিওঁ??
যাৰ ভৰষাত ধাৰণ কৰিলোঁ সপোনক মোৰ মনোস্বপ্নগৰ্ভত
অজান দেশত মেঘৰ সতে লুকাভাকু কৰা
বেলিটোৰ খবৰনো মই কোনসতে দিওঁ!
বিশ্বাস বেলিটোৰ আন এটা নাম আছিল৷
No comments:
Post a Comment