সুপ্ৰভাতম 9/26/23
=============
সাৰে থকা বুলি উমানতে চিকুটি চালোঁ
দুৰ্ঘোৰ ক্লান্তিয়ে হেঁচা বিপ্ৰলব্ধ তুমি৷
চৌদিশ আছিল নিমাওমাও
স্তব্ধ দুৱাৰ-খিৰিকি আৰু বন্ধ সময়৷
ৰূঢ় বাস্তৱত দুৰু দুৰু ৰুগ্ন হৃদয়!
নাছিলনে শান্ত সৌম্য ৰোদনৰ ভয়
ইচোন সুসময় হোৱাৰ কথা আছিল!
সৰাপাতত দুস্ত্যজ লুক্কায়িত অধ্যায়
টোপনিৰ জালত খহিল পুনৰায়
জালিকটা সমবয়স্কী হাস্নাহানা ৰাতি
বতাহত বৈৰাগী গুল্মৰ আধিপত্য
দিঠকো দায়ী, পৰিম্লান প্ৰত্যেক স্বপ্নহৰ্ম্য৷
শিকলিৰ শপত, অমজুত কৰি অজুহাত
আজি কিজানি বেলিয়ে মিচিকিয়াব, উঠা বাপু৷
No comments:
Post a Comment